জাহাংগীৰ আৰু চাহজাহানৰ অধীনত ৰাজনৈতিক সংস্কৃতি


চমু উত্তৰ লিখা ।

১। ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি কোনে কেতিয়া স্থাপন কৰিছিল  ?
উত্তৰঃ  জাহিৰুদ্দিন মহম্মদ বাবৰে ১৫২৬ চনত পানিপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোডীক পৰাজয় কৰি ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্হাপন কৰিছিল ।

২। বাবৰে কিমান চনলৈ ভাৰত শাসন  কৰিছিল ?
উত্তৰঃ বাবৰে ১৫২৬ চনৰ পৰা ১৫৩০ চনলৈ ভাৰত শাসন কৰিছিল ।

৩। কিমান বছৰ বয়সত বাবৰ ৰাজসিংহাখনত বহিছিল ?
উত্তৰঃ ১৪৯৪ খ্ৰীঃত পিতৃ ওমৰ শ্বেখৰ মৃত্যু হোৱাত ১১ বছৰ বয়সত বাবৰ ফৰগনাৰ ৰাজসিংহাখনত বহিছিল ।

৪। নতুন ৰাজ্য প্ৰতিষ্ঠা কৰি বাবৰে কি উপাধি গ্ৰহণ কৰিছিল ?
উত্তৰঃ নতুন ৰাজ্য প্ৰতিষ্ঠা কৰি বাবৰে ‘ পাদশাহ ‘  উপাধি গ্ৰহণ কৰিছিল ।

৫। কিমান চনত বাবৰে আগ্ৰা জয় কৰিছিল ?
উত্তৰঃ ১৫২৬ খৃঃৰ ১০ মেত আগ্ৰা জয় কৰিছিল ।

৬। ঘগ্ৰা যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ ঘগ্ৰা যুদ্ধ বাবৰ আৰু মহম্মদ লোডীৰ মাজত হৈছিল।

৭। কিমান খৃঃত বাবৰে মেৱাৰ দখল কৰিছিল ?
উত্তৰঃ ১৫২৭ খৃঃত খানুৱা যুদ্ধত ৰানা সংগ্ৰাম সিংহক পৰাজয় কৰি বাবৰে মেৱাৰ দখল কৰিছিল।

৮। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ ১৫৫৬ খৃঃত পানিপথৰ দ্বিতীয় যুদ্ধ মোগল সম্ৰাট আকবৰ আৰু হিন্দু ৰজা হিমুৰ মাজত হৈছিল ।

৯। আকবৰে জয় কৰা অঞ্চলসমূহ কি কি ?
উত্তৰঃ পঞ্জাৱ, গোৱালিয়ৰ, জৌনপূৰ, মালৱ, চিতোৰ, গুজৰাট, বেংগল, কাৱুল, কাশ্মীৰ, সিন্ধু, কান্দাহাৰ, আহমদনগৰ।

১০। আকবৰে এদিনত কিমান ঘন্টা কাম কৰিছিল ?
উত্তৰঃ আকবৰে এদিনত ১৬ ঘন্টা কাম কৰিছিল ।

১১। ৱাজিৰ কি ? ৱাজিৰে কি কামৰ তদাৰক কৰিছিল ?
উত্তৰঃ ৰাজ্যৰ প্ৰশাসনত সহায় কৰা এজন বিষয়া । ৰজাৰ পিছতে ৱাজিৰে স্থান লাভ কৰিছিল। তেওঁ সাধাৰণতে ৰাজহ বিভাগৰ কাম-কাজ ছোৱাচিতা কৰিছিল।

১২। মোগল সম্ৰাটৰ অধীনত প্ৰশাসনত থকা ব্যক্তিসকলৰ নাম কি ?
উত্তৰঃ ৰাজা টোডৰ মল,ৰাজা ৰঘুনাথ, দিৱান সাদুল্লাহ খান, আৰু জফৰ খাল য

১৩। দিৱান ৱা ৱাজিৰৰ পিছত স্থান লাভ কৰা বিষয়াজনৰ নাম কি ?
উত্তৰঃ মিৰ বক্সী

১৪। মিৰ বক্সীৰ কাম কি আছিল ?
উত্তৰঃ তেওঁ মনচবদাৰসকলৰ সৰ্ম্পূণ তথ্য ৰাখিব লাগিছিল । বঙুতো মনচবদাৰে তেওঁৰ নিৰ্দেশত কাম কৰিছিল । যদিও মিৰ বক্সীজনে ৰজাৰ ব্যক্তিগত বাহিনীৰ সাধাৰণ তত্বাৱধায়ক আছিল প্ৰকৃততে সমমগ্ৰ মোগল সামৰিক বাহিনীৰ সেনাধ্যক্ষ হিচাবে কাম কৰিছিল ।

১৫। খান- ই-সামান কি?
উত্তৰঃ খান-ই-সামান ৰাজপৰিয়ালৰ মন্ত্ৰী আছিল আৰু তেওঁ ৰাজপৰিয়াল আৰু ৰাজ অট্টালিকাৰ কামৰ তদাৰক কৰিছিল ।

১৬। সুদুৰ-উচ-সুদুৰ কি ? আৰু তেওঁ কি কি কামছিল আৰু তেওঁ ৰাজ্যৰ ধৰ্মীয় আৰু শিক্ষা সম্পৰ্কীয় কাম-কাজৰ তদাৰক কৰিছিল ।

১৭। কাজী-উল-কাজাত কি ?
উত্তৰঃ কাজী-উল-কাজাত ৰাজ্যৰ প্ৰধান বিচাৰ বিভাগীয় বিষয়া আছিল ।

১৮। ডাক বিভাগৰ তত্বাৱধায়ক বিষয়াজনক কি বুলি কোৱা হৈছিল ?
উত্তৰঃ ডাক বিভাগৰ তত্বাৱধায়ক বিষয়াজনক দাৰোগা-ই-ডাক বুলি কোৱা হৈছিল ।

১৯। আকবৰৰ ৰাজত্বকালত কেইখন প্ৰদেশ আছিল?
উত্তৰঃ ১৫ খন প্ৰদেশ.

২০। জাহাংগীৰ আৰু ঔৰংজেৱৰ সময়ত প্ৰদেশৰ সংখ্যা কিমানখন আছিল ।
উত্তৰঃ ১৭ আৰু ২১ খন।

২১। প্ৰতিখন প্ৰদেশত এজনকৈ গভৰ্ণৰৰ অধীনত ৰখা হৈছিল আৰু গভৰ্ণৰসকলক কি নামেৰে জনা গৈছিল ।
উত্তৰঃ নিজাম, চুবেদাৰ, নয়িক বা চিপাহচালা।

২২। প্ৰাদেশিক শাসনৰ এজন গুৰুত্বপূৰ্ণ বিষয়াৰ নাম লিখা .
উত্তৰঃ দিৱান।

২৩। বক্সী কি?আৰু তেওঁৰ কাম কি আছিল ।
উত্তৰঃ প্ৰাদেশিকশাসনৰ এজন গুৰুত্বৰ্পূণ বিষয়া আছিল বক্সী। তেএঁৰ কাম আছিল প্ৰদেশৰ সৈনিক নিয়োগ, সংগঠল কৰা াৰু তদাৰক কৰা তেওঁৰ দায়িত্ব আছিল।

২৪। বক্সীক কাৰ পৰামৰ্শ মতে ৰজাই নিয়োগ কৰিছিল ।
উত্তৰঃ বক্সীক কেন্দ্ৰীয় সামৰিক বাহিনীৰ মুখ্য বিযয়া মিৰ বক্সীৰ পৰামৰ্শমতে ৰজাই বক্সীক নিয়োগ কৰিছিল ।

২৫। মোগল শাসনৰ সময়ছোৱাত নবিচ কেইপ্ৰকাৰৰ আছিল? আৰু তেওংলোকৰ কাম কি আছিল?
উত্তৰঃ মোগল শাসনৰ সময়ছোৱাত নৱিচ চাৰিপ্ৰকাৰৰ আছিল যেনে- ১। ৱাকা-ই-নৱিচ, 
২। সাৱানিহ-নিগাৰ, 
৩।খফিয়া-নৱিচ আৰু 
৪।হাৰকৰ। 

    প্ৰথমজনে সামৰিক বাহিনীৰ সৈতে নিয়োজিত হৈছিল আৰু দাৰোগা-ডাক-চকীৰ যোগেদি ৰজালৈ বাতৰি প্ৰেৰণ কৰিছিল । ৱাকা –ই-নৱিচজনে ৰজালৈ প্ৰতি সপ্তাহত বাতৰি দিব লাগিছিল । সাৱানিহ-নিগাৰজনে প্ৰতি প্ৰষেকত বাতৰি পঠাব লাগিছিল । খাফিয়া নৱিচজনে প্ৰদেশৰ চুবেদাৰজনকে ধৰি , বহুতো প্ৰাদেশিক বিষয়াৰ কাৰ্যকলাপৰ বিষয়ে গোপনে খবৰ দিব লাগিছিল।

২৬। চৰকাৰৰ পৰ্যায়ত থকা  এজন বিখ্যাত বিষয়াৰ নাম কি?
উত্তৰঃ কটোৱাল।

২৭। ভূমি আৰু ভূমি ৰাজহৰ মাজত হোৱা বিবাদত সহায় কৰা বিষয়াজনৰ নাম কি ?
উত্তৰঃ বটিকচি।

২৮। পৰগনা প্ৰশাসনৰ কাৰ্যবাহী বিষয়াজনৰ নাম কি ?
উত্তৰঃ চিকদাৰ।

২৯। দহশলা পদ্ধতি কোনে প্ৰবৰ্তন কৰিছিল ?
উত্তৰঃ ৰাজা টোডৰ মল।

৩০। আকবৰৰ প্ৰথমজন বিত্ত মন্ত্ৰীৰ নাম কি ?
উত্তৰঃ আবদুল মজিদ খান।

৩১। ৰাজহ নিৰূ পনৰ বাবে মাটিবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি ?
উত্তৰঃ চাৰিটা ভাগত ভগাব পাৰি যেনে- ১। পোলজ, ২। প্ৰাউটি, ৩। চচৰ, আৰু ৪। বনজাৰ বা চন মাটি ।

৩২। মহাভাৰতৰ প্ৰাৰ্চীয়াল নাম কি ?
উত্তৰঃ ৰেজমনামা।

৩৩। ৰেজমনামা শব্দৰ অৰ্থ কি?
উত্তৰ- ৰেজম মানে হল যুদ্ধ আৰু নামা মানে হল কাহিনী বা সাধুকথা ।
৩৪। ৰামায়নত কিমানটা শ্লোক আৰু শ্লোকৰ আখৰ আছিল ?
উত্তৰঃ ১৫,০০০ শ্লোক আৰু প্ৰতিটো শ্লোকত ৬৫ টা আখৰ আছিল ।

৩৫। আৱুল ফজলে কোনখন আৰৱী গ্ৰন্থ প্ৰাৰ্চী ভষালৈ অনুবাদ কৰিছিল ?
উত্তৰঃ কলিলা ৱা ডিমনা ।

৩৬। হুমায়ুন নামা গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰঃ গুলৱদন ৱেগম ।

৩৭। ৱাৱৰৰ সময়ৰ তিনিজন ৱিখ্যাত সাহিতেযিকৰ নাম লিখা ।
উত্তৰঃ চেখ জৈনুদ্দিন, মোল্লা চিহাৱ আৰু গুলৱদন ৱেগম ।

৩৮। আকবৰৰ আত্মজীৱনীখনৰ নাম কি ?
উত্তৰঃ আকবৰ নামা ।

৩৯। গুলবদন বেগম কোন আছিল ?
উত্তৰঃ মোগলৰ প্ৰথমজন সম্ৰাট বাবৰৰ কন্যা আৰু এগৰাকী মহান পণ্ডিত।

৪০। তুজুক-ই-বাবৰী গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰঃ বাবৰ ।

বহলাই আলোচনা কৰা ।
১। মোগল শাসনৰ প্ৰতিষ্ঠাৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ মোগলৰ শাসন অতিশয় কেন্দ্ৰীভূত শাসন  আছিল। সকলো ক্ষমতা ৰজাৰ হাতত ন্যস্ত থকা বাবে তেওঁ প্ৰজাৰ ওচৰত দায়বদ্ধ । তেওঁ ভগবানৰ পৰা সকলো কৰ্তৃত্ব আৰু ক্ষমতা লাভ কৰা বুলি দাবী কৰিছিল । কোনোৱে তেওংৰ কৰ্তৃত্বৰ বিৰুদ্দে মাত মাতিব নোৱাৰিছিল । ৰজা ৰাজ্যৰ অকল মৃৰব্বীয়ে নহয়, তেওঁ সামৰিক আৰু ন্যায় বিভাগৰ মুৰব্বীও । তাৰোপৰি তেৱেই আছিল আইন প্ৰণেতা আৰু প্ৰধান কাৰ্যবাহী বিষয়া । কিন্তু সকলো বিষয়ৰ শেয় বা চূড়ান্ত সিৰ্দ্ধান্ত ৰজাৰ হাতত ন্যস্ত আছিল সংক্ষেপে কবলৈ গলে ৰজাই সৰ্ব্বোচ ক্ষমতা ভোগ কৰিছিল আৰু তেওঁৰ ক্ষমতাৰ ওপৰত কোনো বাধা নাছিল । যদিও তেওঁ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল, তেওঁলোক অত্যাচাৰী নাছিল । তেওঁলোকে সদায় প্ৰজাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল আৰু প্ৰয়োজনীয় শাসনৰ আশ্ৰয় লোৱা নাছিল । ইয়াৰ ফলত তেওঁলোকে প্ৰজাৰ পৰা সন্মান আৰু প্ৰশংসা লাভ কৰিছিল। সেয়ে মোগল সম্ৰাটসকলক প্ৰজাহিতৈষী স্বেচ্ছাচাৰী  বুলি কোৱা হৈছিল তেওঁলোক প্ৰজাহিতৈষী কাৰণ তেওঁলোকে সদায় প্ৰজাৰ স্বাৰ্থ আৰু মংগলৰ কথাহে মনত ৰাখিছিল আনহাতে তেওঁলোক স্বেচ্চাচাৰী কাৰণ শাসন ব্যৱস্থাত তেোঁলোকে ৰাজ্যত অসীম ক্ষমতা উপভোগ কৰিছিল । আকবৰে কৈছিল যে সকলোৰে অত্যাচাৰী শাসন অনৈতিক, বিশেষকৈ সাৰ্বভৌমজনৰ যিজন প্ৰজাৰ অভিভৱক । ৰজাৰ এনে আৰ্দশ শিৰোধাৰ্য কৰি আকবৰে ৰাজপদৰ কৰ্তব্য সমাপন কৰিছিল । আবুল ফজলে আকবৰৰ দৈনিক সময়সূচীৰ ব্যাখ্যা দিছে। আকবৰে ৰাতিপূৱা সোনকালে বিচনাৰ পৰা উঠে আৰু প্ৰজাৰ দৰ্শন দিয়ে । তেওঁ সাধাৰণ মানুহৰ অভাৱ-অভিযোগ মনোযোগেৰে শুনে। তেওঁ চাৰিঘন্টাতকৈ বেছি সময় ৰাজসভা অনুষ্ঠিত কৰে ।প্ৰজাসাধাৰণক তেওঁলোকৰ আবেদন দাখিল কৰিবলৈ অনুমতি দিয়ে আৰু সম্ৰাটে ঠাইতে তেওঁলোকৰ আবেদনৰ মীমাংসা কৰে । সম্ৰাটে তাৰ পিছত সেনাবাহিনী, মনচবদাৰসকলক পৰিদৰ্শন কৰি পিছবেলা উভতি আহে । দুপৰীয়াৰ পিছত ৰজাই দিৱান-ই-আমত তেওঁৰ সম্পৰ্ণত বহে । ইয়াতে তেওঁৰ ব্যৱসায় আলোচনা কৰে। নিযুক্তি দিয়ে আৰু মনচবদাৰসকলৰ পদোন্নতি আৰু জাগিৰ দানৰ সিদ্ধাৰ্ন্ত লয়। বিদেশী ৰাজপুত আৰু দৰ্শনাৰ্থী সকলৰ দৰবাৰত সাক্ষাৎ কৰে । কেতিয়াবা যুদ্ধ বন্দী আৰু পৰাজিত শত্ৰ বা বিদ্ৰোহীক সম্ৰাটৰ ওচৰত হাজিৰ কৰোৱা হয় । গধুলি আৰু প্ৰায়ে ৰাতি ৰজাই দিয়ান-ই-খাচত মন্ত্ৰী আৰু পৰিষদবোৰৰ সভা অনুষ্ঠিত কৰে আৰু ইয়াতে আভ্যন্তৰীণ আৰু বৈদেশীক নীতিৰ সৈতে জড়িত বিশেষ বিষয়বোৰ আলোচনা কৰা হয়। নিশা পলমকৈ অতি বিশ্বাসী মন্ত্ৰীসকলক লৈ দৌলতখানাত  এখন সভা অনুষ্ঠিত কৰা হয়।

২। জাগিৰ প্ৰথাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ মধ্যযুগৰ ভাৰতত বলবৎ থকা ইছলামিক ইকটা বা কৃষি দাস অনুষ্ঠানৰ পৰা মোগল জাগীৰ সৃষ্টি হৈছে। তুৰ্কী শাসকসকলক পৰাজয় কৰি ভিন ভিন আকাৰৰ অঞ্চল লাভ কৰিছিল । কিছুমান অঞ্চল এখন প্ৰদেশৰ সমানে ডাহৰ আছিন আৰু এইবোৰ ডাঙৰীয়া আৰু সেনাপতিসকলে শাসন কৰিছিল। এইবোৰ ইকটাদাৰে অঞ্চলটোৰ শান্তি শৃংখলা ৰক্ষা কৰিব লাগিছিল আৰু নিজৰ অঞ্চলৰ কৰ আদায় কৰিব পাৰিছিল। কবৰ দ্বাৰা সকলো খৰচ সম্পন্ন কৰি ৰাহি ধন কেন্দ্ৰীয় পুঁজিত জমা দিব লাগিছিল । কাৰ্যত ইকটাদাৰসকলে শাসকক সন্তষ্ট কৰাৰ বাবে কৃষি দাস ৰাখিব লাগিছিল । কিল্ত বাস্তৱ ক্ষেত্ৰত বংশানুক্ৰমিক ভাৱে ধাৰণা কৰি অহা আৰু ৰাজনৈতিক অস্থিৰতাই এটা বংশৰ পৰা আন এটা বংশই সেই অঞ্চলবোৰ  দখল কৰাৰ সুবিধা ভোগ কৰিছিল । লোডীসকলৰ অধীনত আৰু শূৰসকলৰ অধীনত আফগান ডাঙৰীয়া সকলে কৃষি দাস নিয়োগ কৰিছিল ।যিসকল স্থানীয় বাসিন্দা আছিল তেওঁলোকে স্থানীয় সম্পদ ব্যৱহাৰ কৰিছিল আৰু স্থানীয় পৰিচয় দিব লাগিছিল । আকবৰে দিল্লীৰ সিংহাখনত অধিষ্ঠিত হোৱাৰ পিছতে এই নীতিৰ সংস্কাৰ সাধন কৰিছিল। ইকটাৰ নীতিৰ জৰিয়তে মোগলৰ জাগিৰ কৰ সংগ্ৰহৰ অধিকাৰৰ পৰা ৰাজনৈতিক আৰু প্ৰশাসনিক দায়িত্ব পৃথক কৰিছিল ।


Author: Ali rani kakati