Chapter: 2

  ভৌগলিক অনুসন্ধান আৰু পাৰম্ভিক ঔপনিৱেশিক সম্প্ৰসাৰণ


MODEL QUESTION & ANSWER

১। আৱিস্কাৰ যুগ মানে কি বুজা ?

উত্তৰঃ ১৪ শতিকাৰ পৰা ইউৰোপীয়ানসকলে নিজৰ দেশৰ সীমা অতিক্ৰম কৰি বিদেশলৈ যাত্ৰা আৰম্ভ কৰিছিল বা ভ্ৰমণ কৰিছিল । তেতিয়াৰ পৰা যুগে-যুগে ইউৰোপীয়ানসকলে বিদেশৰ বিভিন্ন ঠাই অনুসন্ধান কৰি আৱিস্কাৰ কৰে, সেই ঠাইবোৰত নিজৰঔপনিবেশ স্থাপন কৰি তাত বসবাস কৰিবলৈ লয়। ১৭ শতিকাৰ মাজভাগলৈ এই প্ৰচেষ্টা অব্যাহত বা একেৰাহে চলি আছিল । এই সময়ছোৱাকে ইতিহাসত অনুসন্ধানৰ যুগবা আৱিস্কাৰৰ যুগ বুলি কোৱা হয় । 

২। 3gমানে কি বুজা ?

উত্তৰঃ 3G মানে হল G ( God) ভগৱান, (Gold) সোণ, আৰু ( Glory) যশস্যা ।

৩। ইছলাম ধৰ্মৰ জন্ম কেতিয়া হয় ?

উত্তৰঃ ইছলাম ধৰ্মৰ জন্ম হৈছিল ৬২২ খ্ৰীঃত ।

৪। ক্ৰছেদ বা ধৰ্মযুদ্ধ মানে কি ?

উত্তৰঃ ইউৰোপীয় খ্ৰীষ্টানসকলে মুছলমানৰ অধীনত থকা বৰ্তমানৰ তুৰ্কী দেশৰ পৰা ভূ-মধ্য সাগৰৰ উপসাগৰৰ কাষে-কাষে চিনাই উপকুললৈ বিস্তৃ বা বহল ভূ-খণ্ড উদ্ধাৰৰ বাবে আক্ৰমণ চলায় । ইতিহাসত ইয়াকে ক্ৰছেদ বা ধৰ্মযুদ্ধ নামেৰে জনা যায় ।

৫। ইছলাম ধৰ্মী সকলৰ মতে ক্ৰছেদ কি ?

উত্তৰঃ  ইছলাম ধৰ্মীসকলৰ মতে ক্ৰছেদ হল এটা অনৈতিক বৰ্বৰ ঘটনা ।

৬। দক্ষিণ গোলাৰ্ধত উপস্থিত হোৱা প্ৰথমজন  সামুদ্ৰিক অভিযানকাৰীৰ নাম লিখা ।

উত্তৰঃ দক্ষিণ গোলাৰ্ধত উপস্থিত হোৱা প্ৰথমজন সামুদ্ৰিক অভিযানকাৰীৰ নাম আছিল লোপো গ'নচানভছে ।

৭। খ্ৰীষ্টফাৰ কলম্বাছ কোন ?

উত্তৰঃ  খ্ৰীষ্টফাৰ কলম্বাছ আছিল আমেৰিকা আবিস্কাৰক আৰু ইটালীৰ জেনোৱাৰ এজন নাৱিক আছিল ।

৮। ‘’ কলম্বাছে ভাৰত নহয়, এক নতুন পৃথিৱীহে আৱিস্কাৰ কৰিছে।‘’ --- কোনে ঘোষণা কৰিছিল ?

উত্তৰঃ কলম্বাছে ভাৰত নহয়, এক নতুন পৃথিৱীহে আৱিস্কাৰ কৰিছে এই কথাষাৰ ইটালিৰ দুঃসাহসী অভিযানকাৰী এমৰিগো ভেচপুচ্চিয়ে ঘোষণা কৰিছিল । 

৯। কোন স্পেনীয় অভিযানকাৰীয়ে প্ৰশান্ত মহাসাগৰ আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ ভাস্কো নুনিজ দি বালবোৱা নামৰ স্পেনীয় অভিযানকাৰীয়ে প্ৰশান্ত মহাসাগৰ আৱিস্কাৰ কৰিছিল । 

১০। ইংৰাজী ক’লনী শব্দটি ক’ৰ পৰা অ্হা ?

উত্তৰঃ ইংৰাজী ক'লনী শব্দটো লেটিন শব্দ ক'ল'নাছ' শব্দৰ পৰা অহা ।

১১। ঔপনিৱেশিকতাবাদ মানে কি বুজা ?

উত্তৰঃ যেতিয়াএটা অঞ্চলৰ মানুহে আন এটা নতুন অঞ্চললৈ আহি স্থায়ীভাৱে বাস কৰিবলৈ লয় অথচ তেওঁলোক অহা মূল ঠাই বা দেশখনৰ প্ৰতি ৰাজনৈতিক আনুগত্য পূৰ্বৰ দৰে ৰাখে, তাকে ঔপনিবেশিকতাবাদ বোলা হয় ।

১২। নব্য ঔপনিৱেশিকতাবাদ মানে কি?

উত্তৰঃ ১৯ শতিকাৰ ইউৰোপ মহাদেশত ব্যাপক হাৰত উদ্যোগীকৰণ আৰম্ভ হয়। দেশসমূহ আৰু বেছি সংবদ্ধ হৈ উঠিছিল আৰু কাৰখানাসমূহত উন্নত মানদণ্ডৰ অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰিবলৈ লয় । তদুপৰি দেশসমূহত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি হয় । এই সময়ছোৱাক নব্য ঔপনিবেশিকতাবাদ বুলি কোৱা হয় ।

১৩। ইংলেণ্ডে আামেৰিকাত প্ৰতিষ্ঠা কৰা প্ৰথমখন ঔপনিৱেশৰ নাম কি ?

উত্তৰঃ ইংলেণ্ডে আমেৰিকাত প্ৰতিষ্ঠা কৰা প্ৰথমখন ঔপনিৱেশৰ নাম হল ভৰ্জিনিয়াৰ জেমচটাউন ।

১৪। কোন ইউৰোপীয় দেশে প্ৰথমে দাস ব্যৱসায়ত হাত দিছিল ?

উত্তৰঃ আফ্ৰিকা মহাদেশে  প্ৰথমে দাস ব্যৱসায়ত হাত দিছিল । 

১৫। ফ্ল’ৰিদা কোনে আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ 


চমু প্ৰশ্নঃ

১। ছিল্ক ৰ’ড বুলিলে কি বুজা ?

উত্তৰঃ ভৌগলিক অনুসন্ধানৰ আগৰ সময়ছোৱাত দেশসমূহৰ মাজত বেহা-বেপাৰ অব্যাহত আছিল ।পূব-এছিয়াৰ দেশসমূহত বিভিন্ন সামগ্ৰী বণিকসকলে ইউৰোপৰ দেশসমূহত বিক্ৰী কৰি যথেষ্ট অৰ্থ লাভ কৰিছিল । সাধাৰণ ইউৰোপীয় লোকসমূহে এনে সামগ্ৰী অধিক পৰিমাণে বিচাৰি আছিল । পূব-এছিয়াৰ পৰা মধ্য এছিয়াৰ মাজেৰে পশ্চিম এছিয়া হৈ ইউৰোপত প্ৰৱেশ কৰা এই দীঘলীয়া পথটোকে ছিল্ক ৰোড নামেৰে জনা যায় । এই পথটো বহুতো বিপদসংকুল পৰ্বত আৰু মৰুভূমিৰ মাজেৰে গৈছিল । এই বিপদসংকুল পথটোত বণিকসকল ডকাইতৰ আক্ৰমণৰ বলি হৈছিল । তাৰোপৰি এই সামগ্ৰীসমূহ ইউৰোপীয় বণিকসকলে মধ্যভোগী আৰবীয় বণিকসকলৰ পৰা উচ্চ হাৰত বা উচ্চ দামত কিনিবলগীয়া হৈছিল ।

২। ‘মাৰ্কেনটেলিজিম’ মানে কি বুজা ?

উত্তৰঃ ক্ৰছেদৰ ফলত ইউৰোপৰ মানুহৰ বিভিন্ন সমাজ আৰু বিভিন্ন মানুহৰ লগত যোগাযোগ কৰাৰ ফলত চিন্তাধাৰাৰ ব্যাপক পৰিবৰ্তন হৈছিল । সেই সময়ত ইউৰোপত মাৰ্কেনটেলিজিম নামৰ এটা নতুন নীতিৰ উদ্ভাৱন হৈছিল । এই নীতি অনুসৰি এখন দেশৰ শক্তিৰ স্থায়িত্ব সেই দেশৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে । সেই সম্পদেৰে দেশে শক্তিশালী নৌ-বাহিনী আৰু জাহাজ নিৰ্মাণ কৰিব পাৰে । লগতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে । 

৩। ভৌগলিক অনুসন্ধানত উৎসাহ যোগোৱা ইউৰোপৰ প্ৰধান চাৰিখন দেশৰ নাম কোৱা ।

উত্তৰঃ ভৌগলিক অনুসন্ধানত উৎসাহ যোগোৱা ইউৰোপৰ প্ৰধান চাৰিখন দেশৰ নাম হল  পৰ্তুগাল, স্পেইন, ফ্ৰান্স আৰু ইংলেণ্ড ।

৪। কৰাক আৰু কাৰাভেল কি ?

উত্তৰঃ কৰাক হল এক বিশাল বাণিজ্যিক জাহাজ আৰু কাৰাভেল হল এখন সৰু পাল-তৰা কৌশলী জাহাজ ।

৫। ‘পুৰণি পৃথিৱী বুলিলে কি বুজা ?

উত্তৰঃ ইউৰোপ, এছিয়া আৰু আফ্ৰিকা মহাদেশক পুৰণি পৃথিবী বুলি কোৱা হয় ।

৬। নতুন পৃথিৱী মানে কি বুজা ?

উত্তৰঃ অষ্ট্ৰেলিয়া আৰু আমেৰিকা মহাদেশক নতুন পৃথিবী বুলি কোৱা হয় ।

৭। কলম্বাছে অভিযানত চলোৱা জাহাজ তিনিখনৰ নাম কি ?

উত্তৰঃকলম্বাছে অভিযানত চলোৱা জাহাজ তিনিখনৰ নাম হল 

চান্টামাৰিয়া, নিনা আৰু পিন্টা ।

৮। কলম্বাছে আমেৰিকাৰ পৰা  ইউৰোপলৈ লৈ অহা কেইবিধমান সামগ্ৰী বা ফলৰ নাম কোৱা ?

উত্তৰঃ কলম্বাছে আমেৰিকাৰ পৰা ইউৰোপলৈ লৈ অহা কেইবিধমান সামগ্ৰী বা ফলৰ নাম হল আনাৰস, মিঠাআলু, ধঁপাত, সোণৰ সাধাৰঁণ অলংকাৰ, উজ্জল বৰণৰ চৰাই, বিভিন্ন ধৰণৰ ফল-মূল ইত্যাদি । 

৯।  আধুনিক যুগৰ ঔপনিবেশবাদৰ  কেতিয়া জন্ম হয় ?

উত্তৰঃ যেতিয়া ইউৰোপীয় দেশসমূহে সাগৰ পাৰ হৈ বিভিন্ন দেশত ঔপনিৱেশ স্থাপন কৰিবলৈ লয়, তেতিয়াই আধুনিক যুগত ঔপনিৱেশবাদৰ জন্ম হয় ।

১০। ১৪শ শতিকাৰ ইউৰোপত ভূ-গৰ্ভৰ পৰা আহৰণ কৰা দুবিধ খনিজ ধাতুৰ নাম লিখা ।

উত্তৰঃ  ১৪শ শতিকাত ইউৰোপত ভূ-গৰ্ভৰ পৰা আহৰণ কৰা দুবিধ খনিজ ধাতুৰ নাম হল  সোণ আৰু ৰূপ ।

১১। উদ্যান শস্য কৰিবৰ বাবে ৰোপন কৰা কেইবিধমান কৃষিৰ নাম উল্লেখ কৰা ।

 উত্তৰঃ উদ্যান শস্য কৰিবৰ বাবে ৰোপন কৰা কেইবিধমান কৃষিৰ নাম হল কপাহ, ৰবৰ, কুহিয়াৰ আৰু ধঁপাত ।

১২। বাগিছাসমূহ কেনেদৰে পৰিচালিত হৈছিল ?

উত্তৰঃ বাগান বা বাগিচাকৰণ শব্দটোৱে ব্যাপক হাৰত পৰিসৰত খাদ্য শস্য বা উদ্যান শস্যৰ খেতি কৰাকে বুজায় । এনেধৰণৰ বাগান ৫০০ ৰ পৰা ১০০০ একৰ ভূমিক সামৰি লৈ কৰা হৈছিল । এনেদৰে ব্যাপকভাৱে কৃষি কাৰ্য কৰি , সেইবোৰ বিক্ৰী কৰি লাভ উপাৰ্জন কৰাকে লাভজনক শস্য বা কেছকৰ্প নামেৰে জনা যায় । এনেধৰণৰ খেতিৰ বাবে উল্লেখযোগ্য শস্য বা গছপুলি হল কপাহ, ৰবৰ, কুঁহিয়াৰ ধঁপাত , ধান নীল প্ৰস্তুত কৰিবৰ কাৰণে নীলগুটি চাহপাত, প্লাম তেল, নাৰিকল তেল ইত্যাদি । এনেধৰণৰ বাগানৰ পৰা উৎপাদন হবলৈ এইবোৰ গছপুলিৰ খেতি অতি দক্ষতাৰে পদ্ধতিগত ভাৱে কৰাৰ দৰকাৰ । তেতিয়াহে ইয়াৰ পৰা বহু দূৰত অৱস্থিত বজাৰত এই সামগ্ৰীবোৰ বিক্ৰী কৰি লাভৱান হব পৰা যায় । কিছুমান উদ্যান শস্য চপোৱাৰ লগে-লগে সেইবোৰ উদ্যোগত বিশেষ পদ্ধতিৰে ভালদৰে সংৰক্ষণ কৰিব লাগে । যেনে-- কুঁহিয়াৰ, প্লাম তেল, ইত্যাদি । আনহাতে কিছুমান  উদ্যান শস্যৰ সংৰক্ষণত কিছু পৰিমাণে হলেও পলম কৰিব পৰা যায় ।


১৩। দাস ব্যৱসায়ত জড়িত দুটা ইউৰোপীয় কোম্পানীৰ নাম কোৱা ।

উত্তৰঃ দাস ব্যৱসায়ত জড়িত দুটা ইউৰোপীয় কোম্পানীৰ নাম হল

ক) ইংলেণ্ডৰ দা ৰয়েল আফ্ৰিকান কোম্পানী ।

খ) হলেণ্ডৰ 'West Indiesche Company ।

চমু টোকা লিখা ।

১। সমুদ্ৰ অভিযানকাৰীৰ মূল লক্ষ্যসমূহ ।

উত্তৰঃ  


২। খ্ৰীষ্টফাৰ কলম্বাচ ।

উত্তৰঃ  

৩। আফ্ৰিকীয় দাস ।

উত্তৰঃ তিনিটা প্ৰধান কাৰণত আটলান্টিক মহাসাগৰৰ দাস ব্যৱসায় গা কৰি উঠিছিল । 

প্ৰথমতে, নতুন পৃথিৱীত যথেষ্ট পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন হৈছিল । কিন্তু ইউৰোপীয় প্ৰথম অনুসন্ধানকাৰীসকলে সাগৰ পাৰ হৈ আমেৰিকাত ঔপনিবেশ স্থাপন কৰাৰ ফলত তাৰ স্থানীয় আৱাসী এম্ৰিন্দিয়ানসকলৰ মাজত হোৱা ব্যাপক ৰোগৰ বাবে অস্বাভাৱিক হাৰত মৃত্যু হয় । কাৰণ কোনোদিনে বাহিৰা মানুহৰ সংস্পৰ্শলৈ নহা এই আৱাসীসকলৰ পুৰণি পৃথিৱীৰ পৰা যোৱা ইউৰোপীয়ানসকলৰ মাজত বিভিন্ন ৰোগ, বেমাৰ আজাৰ, জ্বৰ, কাঁহ আদিৰ বীজাণু প্ৰতিৰোধ কৰাৰ বাবে স্থানীয় আমেৰিকানসকলৰ শৰীৰত প্ৰতিৰোধী ব্যৱস্থা নাছিল । তাৰ ফলত মুঠ ৪০ শতাংশ এম্ৰিন্দিয়ান জনসংখ্যা এনেকৈ হ্ৰাস পাইছিল । সেইকাৰণে প্ৰায় বিনা বাধাই ইউৰোপীয়সকলে এই ভূমি জয় কৰিবলৈ সক্ষম হৈছিল ।

দ্বিতীয়তে, ইউৰোপীয়ানসকলে বহুতো আন্তজাৰ্তিক আৰু গৃহযুদ্ধত লিপ্ত হৈছিল যদিও আৰু বহু সংখ্যালঘু সম্প্ৰদায়ক বিভিন্ন নিৰ্যাতন কৰিলেওঁ তেওঁলোকে এজনে আনজনক দাস হিচাপে ব্যৱহাৰ কৰা নাছিল । কিন্তু ইংলেণ্ডৰ গৃহযুদ্ধ বা আয়াৰলেণ্ডৰ যুদ্ধত জয়েৰে কিছুমান যুদ্ধবন্দীক আমেৰিকালৈ জোৰ-জবৰদস্তি শ্ৰমিক হিচাপে পঠাই দিছিল যদিও তেওঁলোক আছিল মুক্ত নাগৰিক আৰু সমগ্ৰ জীৱন বন্দী হিচাপে ৰাখিব নোৱাৰিছিল ।  তদুপৰি তেওঁলোকৰ সংখ্যা আছিল তেনেই কম । তথাপিও নতুন পৃথিৱীত ঔপনিৱেশ পতাৰ কিছু দশকলৈ ইংলেণ্ড ফ্ৰান্স, হলেণ্ড আদি দেশৰ পৰা নিৰ্দিষ্ট সময়ৰ বাবে কিছুসংখ্যক চুক্তিবদ্ধ শ্ৰমিক ইয়ালৈ কৰ্ম সংস্থাপনৰ বাবে আহিছিল । আনকি কেৰিবিয়ান দীপপুঞ্জসমূহ ইউৰোপৰ পৰা প্ৰব্ৰজিত শ্ৰমিকেৰে ভৰি পৰিছিল । কিন্তু ১৬৫০ চনৰ পৰা হঠাতে এইদৰে ইউৰোপৰ পৰা শ্ৰমিক নহা হল । কাৰণ চুক্তিবদ্ধ শ্ৰমিকসকলৰ সময়সীমা উকলি যোৱাৰ পিছত তেওঁলোক ঘৰলৈ গৈ কৰ্মক্ষেত্ৰত কৰিব লগা কঠোৰ পৰিশ্ৰম , বেয়া খাদ্য আৰু আৱাসস্থল , অনুপযোগী কৰ্মস্থলীৰ পৰিৱেশ তথা স্থানীয় লোকৰ মাজত উচ্চ হাৰত মৃত্যু হোৱাৰ বাতৰি প্ৰচাৰ হোৱাত কোনো লোক বাহিৰলৈ ইচ্ছা নকৰা হল ।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ১৪ শতিকাৰ ভৌগলিক  অনুসন্ধানৰ মুখ্য কাৰকসমূহ আলোচনা কৰা ।

উত্তৰঃ ১৪শতিকাৰ ভৌগলিক অনুসন্ধানৰ এৰা প্ৰধান উদ্দেশ্যে আছিল ধন বা অৰ্থনৈতিক কাৰ্য অৰ্জন কৰা । ভৌগলিক অনুসন্ধানৰ আগৰ সময়ছোৱাত দেশসমূহৰ মাজত বেহা-বেপাৰ ব্যৱস্থা অব্যাহত আছিল । পূব এছিয়াৰ দেশসমূহত উৎপন্ন হোৱা বিভিন্ন সামগ্ৰী বণিকসকলে ইউৰোপৰ দেশসমূহত বিক্ৰী কৰি প্ৰচুৰ লাভ কৰিছিল । সাধাৰণ ইউৰোপীয় লোকসমূহে এনে সামগ্ৰীসমূহ অধিক পৰিমাণে বিচাৰি আছিল । কিন্তু পূব এছিয়াৰ পৰা মধ্য এছিয়াৰ মাজেৰে  পষ্চিম এছিয়া হৈ ইউৰোপত প্ৰৱেশ কৰা এই দীঘলীয়া পথটো বিপদসংকুল পৰ্বত আৰু বিশাল মৰুভূমিৰ  মাজেৰে গৈছিল । এই বিপদসংকুল পথটিত সঘনে বণিকসকল ডকাইতৰ আক্ৰমণৰ বলি হৈছিল । তাৰোপৰি এই সামগ্ৰীসমূহ ইউৰোপীয় বণিকসকলে মধ্যভোগী আৰবীয় বণিকসকলৰ পৰা উচ্চ হাৰত কিনিবলগীয়া হৈছিল । সেইকাৰণে বণিকসকলে এছিয়াৰ পূবৰ দেশসমূহৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিবৰ কাৰণে ক্ষিপ্ৰ, কম খৰচী, আৰু সহজে যাব পৰা বিকল্প পথৰ সন্ধান কৰিবলৈ লয় । ক্ৰছেদ বা ধৰ্মযুদ্ধৰ পিছত এই ব্যৱসায় সম্পূৰ্ণ বন্ধ হৈ পৰাত ইউৰোপীয়সকলে তেতিয়াও এই সামগ্ৰীসমূহৰ প্ৰয়োজন অনুভৱ কৰিছিল আৰু ইয়াৰ বাবে যিকোনো মূল্য দিবলৈ সাজু আছিল । আনহাতে ক্ৰছেদৰ ফলত ইউৰোপীয় আৰু মুছলমানসকলে পৰস্পৰক অধিক বুজিবলৈ সক্ষম হৈছিল । য়েইকাৰণে সমসাময়িকভাৱে সকলো ইউৰোপীয় বণিক আৰু বিশেষভাৱে ইটালিৰ বণিকসকলে প্ৰত্যক্ষভাৱে প্ৰাচ্যৰ মূল্য দেশসমূহলৈ গৈ ব্যৱসায় কৰি সীমাহীন লাভৰ সম্ভাৱনা দেখিছিল । তাৰ ফলত ভৌগলিক আৱিস্কাৰৰ এটা স্পৃহাভাৱ মনত জাগি উঠিছিল ।


২। ১৪-১৫ শতিকাত সমুদ্ৰ অভিযানত অংশগ্ৰহণকাৰী অভিযানকাৰীসকলৰ ব্ষয়ে চমুকৈ লিখা ।

উত্তৰঃ 


৩। কলম্বাছৰ আমেৰিকা অভিযানৰ বিৰয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ 

৪। ভূ-গৰ্ভৰ খনন বুলিলে কি বুজা ?   ইউৰোপীয় দেশসমূহে বিজিত অঞ্চলত ভূ-গৰ্ভৰ খননৰ বাবে কি ব্যৱস্থা লৈছিল ?

উত্তৰঃ 

৫। ১৬-১৭ শতিকাৰ ইউৰোপত দাস ব্যৱসায় গা কৰি উঠাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা ।

উত্তৰঃ ১৬-১৭ শতিকাৰ ইউৰোপত দাস ব্যৱসায়গা-কৰি উঠাৰ প্ৰধান কাৰণসমূহ হল 

ক) প্ৰথমে নতুন পৃথিৱীত যথেষ্ট পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন  হৈছিল। কিন্তু ইউৰোপীয় প্ৰথম অনুসন্ধানকাৰীসকলে সাগৰ পাৰ হৈ  আহি আমেৰিকা মহাদেশত ঔপনিৱেশ স্থাপন কৰাৰ ফলতে তাৰ স্থানীয় আৱাসী এম্ৰিন্দিয়ানসকলৰ মাজত হোৱা ব্যাপক ৰোগৰ কাৰণে অস্বাভাৱিক হাৰত মৃত্যু হয় । কাৰণ কোনোদিনে বাহিৰা বা বেলেগ মানুহৰ সংস্পৰ্শলৈ নহা এই আবাসীসকলৰ শৰীৰত প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা নাছিল । তাৰ ফলত মুঠ ৩০ শতাংশএম্ৰিন্দিয়ান জনসংখ্যা এনেদৰে হ্ৰাস পাই গৈছিল । সেইকাৰণে বিনা বাধাই ইউৰোপীয়সকলে এই ভূমি জয় কৰিবলৈ সক্ষম হৈছিল ।

খ) দ্বিতীয়তে, ইউৰোপীয়ানসকলে বহুতো আন্তজাৰ্তিক আৰু গৃহযুদ্ধত লিপ্ত হৈছিল যদিও আৰু বহুত সংখ্যালঘু সম্প্ৰদায়ক বিভিন্ন নিৰ্যাতন কৰিলেওঁ তেওঁলোকে এজনে আনজনক দাস হিচাপে ব্যৱহাৰ কৰা নাছিল । কিন্তু ইংলেণ্ডৰ গৃহযুদ্ধ বা আয়াৰলেণ্ডৰ  যুদ্ধত জয়েৰে কিছুমান যুদ্ধবন্দীক আমেৰিকালৈ জোৰ-জবৰদস্তি শ্ৰমিক হিচাপে পঠাইছিল যদিও তেওঁলোক আছিল মুক্ত নাগৰিক আৰু সমগ্ৰ জীৱন বন্দী হিচাপে ৰাখিব নোৱাৰিছিল । তাৰোপৰি তেওঁলোৰ সংখ্যা আছিল অতি কম । তথাপিও নতুন পৃথিৱীত ঔপনিৱেশ পতাৰ কিছু দশকলৈ ইংলেণ্ড, ফ্ৰান্স আৰু হসেণ্ড আদি দেশৰ পৰা নিৰ্দিষ্ট সময়ৰ কাৰণে ভালেমান চুক্তিবদ্ধ হৈ থকা শ্ৰমিক ইয়ালৈ কৰ্ম সংস্থাপনৰ বাবে আহিছিল । কিন্তু ১৬৫০ চনৰ পৰা হঠাতে এনেদৰে ইউৰোপ মহাদেশৰ পৰা শ্ৰমিক নহা হল । চুক্তিবদ্ধ শ্ৰমিকসকলৰ সময়সীমা উকলি যোৱাৰ পিছত তেওঁলোক ঘৰলৈ উভতি গৈ কৰ্মক্ষেত্ৰত কৰিব লগা কঠোৰ পৰিশ্ৰম, বেয়া খাদ্য আৰু আৱাসস্থল, অনুপযোগী কৰ্মস্থলীৰ পৰিৱেশ তথা স্থানীয় লোকসকলৰ মাজত উচ্চ হাৰত মৃত্যু হোৱাৰ বাতৰি প্ৰচাপ হোৱাত কোনো লোক ইয়াত আহিবলৈ ইচ্ছা নকৰা হল ।

গ) তৃতীয়তে, আফ্ৰিকা মহাদেশত কেইবা শতিকা আগৰে পৰা দাস ব্যৱসায়ৰ বহুত প্ৰচলন আছিল । ইয়াত এই ব্যৱসায়ৰ সু-সংগঠিত ৰজাৰ, মধ্যভোগী শ্ৰেণী আৰু দাসসকলক এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ স্থানান্তৰিত কৰিব লাগে এই বিষয়ত বহুতো অভিজ্ঞ লোক আছিল । তাৰোপৰি আটলান্টিক দাস ব্যৱসায় সূচনা হোৱাৰ বহু আগৰে পৰা আফ্ৰিকাৰ দেশসমূহৰ মাজত আৰু পশ্চিম এছিয়াৰ লগত দাস ব্যৱসায় প্ৰচলিত আছিল । সেইকাৰণে ইউৰোপীয়ানসকলে যেতিয়া আফ্ৰিকাৰ পশ্চিম উপকুলত উপস্থিত হৈছিল, তেতিয়া দাস কিনিবৰ কাৰণে তেওঁলোকে মাত্ৰ আফ্ৰিকীয় আৰু আৰৱৰ ব্যৱসায়ীসকলক মহিলা দাসৰহে অধিক প্ৰয়োজন হৈছিল । কাৰণ তেওঁলোকে এই মহিলাসকলক বিভিন্ন ধৰণৰ কৃষিকাৰ্যত নিয়োজিত কৰাৰ উপৰিও নিজৰ সন্তান জন্ম দিয়াত ব্যৱহাৰ কৰিছিল ।                                                                                                                                                                                                                                                                                                                                



Type: Apurba Kakati