CHAPTER: 2


  ভৌগলিক অনুসন্ধান আৰু পাৰম্ভিক ঔপনিৱেশিক সম্প্ৰসাৰণ



১। আৱিস্কাৰ যুগ মানে কি বুজা ?

উত্তৰঃ  ১৪ শতিকাৰ পৰা ইউৰোপীয়ানসকলে  নিজ দেশৰ সীমা অতিক্ৰম কৰি বিদেশলৈ  ভ্ৰমণ বা যাত্ৰা আাৰম্ভ কৰিছিল । তেতিয়াৰ পৰা যুগে-যুগে ইউৰোপীয়ানসকলে বিদেশৰ বিভিন্ন ঠাই আৱিস্কাৰ কৰে, সেই  ঠাইবোৰত নিজৰ ঔপনিৱেশিক স্থাপন কৰি তাত বাস কৰিবলৈ লয়। ১৭ শতিকাৰ মধ্যভাগলৈ এই প্ৰচেষ্টা অব্যাহত ৰাখে । এই সময়ছোৱাকে ইতিহাসত অনুসন্ধানৰ যুগ বা আৱিস্কাৰ যুগ বুলিও জনা যায় ।

২। 3gমানে কি বুজা ?

উত্তৰঃ 3gমানে হল হল 

God – ভগৱান 

Gold- সোণ 

Glory –যশস্যা 

৩। ইছলাম ধৰ্মৰ জন্ম কেতিয়া হয় ?

উত্তৰঃ ইছলাম ধৰ্মৰ জন্ম হয় সপ্তম শতিকাৰ শেষ ভাগত অৰ্থাৎ ৬২২ চনত ।

৪। ক্ৰছেদ বা ধৰ্মযুদ্ধ মানে কি ?

উত্তৰঃ মধ্যযপগৰ শেষৰফালে খ্ৰীষ্টান ধৰ্মই গা কৰি উঠাৰ ফলত প্ৰতিখন নগৰ ৰাষ্ট্ৰতে খ্ৰীষ্টান ধৰ্মই দৃঢ়ভাবে খোপনি পুতিছিল । খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকসকলে এছিয়াৰ পিনে এই ধৰ্ন প্ৰচাৰ কৰিবলৈ মন মেলিছিল । সেয়েহে প্ৰতিৱেশী এই দুই অঞ্চলৰ দুই প্ৰধান ধৰ্মাৱলম্বী লোকৰ মাজত ধৰ্মক লৈ তীব্প বাদানুবাদ আৰু ঘৃণা ভাবৰ সৃষ্টি হৈছিল । সেইকাৰণে ইউৰোপীয় খ্ৰীষ্টানসকলে মুছলমানৰ অধীনত থকা তুৰ্কী দেশৰ পৰা ভৃ-মধ্যসাগৰ , উপসাগৰ কাষে-কাষে চিনাই উপকুললৈ বিস্তৃত ভূ-খণ্ড উদ্ধাৰৰ বাবে বহুতো আক্ৰমণ চলায় ।  ইয়াকে ইতিহাসত ক্ৰছেদ বা ধৰ্মযুদুধ  নামে জনা যায় ।

৫। ইছলাম ধৰ্মী সকলৰ মতে ক্ৰছেদ কি ?

উত্তৰঃ ইছলাম ধৰ্মী সকলৰ মতে ক্ৰছেদ হৈছে এক অনৈতিক বৰ্বৰ ঘটনা  ।

৬। দক্ষিম গোলাৰ্ধত উপস্থিত হোৱা প্ৰথমজন  সামুদ্ৰিক অভিযানকাৰীৰ নাম লিখা য

উত্তৰঃ দক্ষিণ গোলাৰ্ধত উপস্থিত হোৱা প্ৰথমজন  সামুদ্ৰিক অভিযানকাৰীৰ নাম হল 

লোপো গ’নচানভছে ।

৭। খ্ৰীষ্টফাৰ কলম্বাছ কোন ?

উত্তৰঃ খ্ৰীষ্টফাৰ কলম্বাছ ইটালীৰ জেনোৱাৰ এজন নাৱিক আছিল ।

৮। ‘’ কলম্বাছে ভাৰত নহয়, এক নতুন পৃথিৱীহে আৱিস্কাৰ কৰিছে।‘’ --- কোনে ঘোষণা কৰিছিল ?

উত্তৰঃ কলম্বাছে ভাৰত নহয়, পৃথিৱীহে আবিস্কাৰ কৰিছে কথাষাৰ ঘোষণা কৰিছিল ইটালীৰ দুঃসাহসিক অভিযানকাৰী এমৰি’গ ভেছপুছিয়ে ।

৯। কোন স্পেনীয় অভিযানকাৰীয়ে প্ৰশান্ত মহাসাগৰ আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ নুনিজ দি বালবোৱা নামৰ স্পেনীয় অভিযানকাৰীজনে প্ৰশান্ত মহাসাগৰ আৱিস্কাৰ কৰিছিল ।

১০। ইংৰাজী ক’লনী শব্দটি ক’ৰ পৰা অ্হা ?

উত্তৰঃ ইংৰাজী ক’লনী শব্দটি লেটিন শব্দ  ‘কল’নাছ’  শব্দৰ পৰা অহা ।

১১। ঔপনিৱেশিকতাবাদ মানে কি বুজা ?

উত্তৰঃ শক্তিশালী ধনী দেশে দুখীয়া, কম ক্ষমতাশীল বা সৰু ৰাষ্ট্ৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাকে ঔপনিৱেশিকতাবাদ বুলি জনা যায় ।

১২। নব্য ঔপনিৱেশিকতাবাদ মানে কি?

উত্তৰঃ ইউৰোপত ব্যাপক হাৰত উদ্যোগীকৰণ আৰম্ভ হয় । দেশসমূহ আৰু বেছি সু-সংবদ্ধ হৈ উঠিছিল আৰু কাৰখানাসমূহত উন্নত অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰিবলৈ লয় । তাৰোপৰি দেশসমূহত জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি পায় । তাকে নব্য ঔপনিৱেশিকতাবাদ বুলি জনা যায় ।

১৩। ইংলেণ্ডে আামেৰিকাত প্ৰতিষ্ঠা কৰা প্ৰথমখন ঔপনিৱেশৰ নাম কি ?

উত্তৰঃ ইংলেণ্ডে আমেৰিকাত প্ৰতিষ্ঠা কৰা প্ৰথমখন ঔপনিৱেশৰ নাম হল ভাৰ্জিনিয়াৰ জেমচটাউন ।

১৪। কোন ইউৰোপীয় দেশে প্ৰথমে দাস ব্যৱসায়ত হাত দিছিল ?

উত্তৰঃ আফ্ৰিকাই প্ৰথমে দাস ব্যৱসায়ত হাত দিছিল ।

১৫। ফ্ল’ৰিদা কোনে আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ জোৱান পনচে দি লিওন নামৰ স্পেইনৰ এজন দুঃসাহসিক অভিযানকাৰীয়ে ফ্লৰিদা আৱিস্কাৰ কৰিছিল ।


চমু প্ৰশ্নঃ

১। ছিল্ক ৰ’ড বুলিলে কি বুজা ?

উত্তৰঃ ভৌগলিক অনুসন্ধানৰ পূৰ্বত ইউৰোপীয় আৰু এছিৰীয় দেশসমূহৰ মাজত বেহা-বেপাৰ অব্যাহত আছিল । পূব-এছিয়া দেশসমূহত উৎপাদিত বিভিন্ন সামগ্ৰী বণিকসকলে ইুৰোপৰ দেশসমূহত বিক্ৰি কৰি প্ৰচুৰ ধন লাভ কৰিছিল । সাধাৰণ ইউৰোপীয় লোকসকলে এনে সামগ্ৰী অধিক পৰিমাণে বিছাৰিছিল । এই দুয়োপক্ষৰ মাজত বেহা-বেপাৰ চলাবলৈ এক দীঘলীয়া পথ নিৰ্মাণ হৈছিল । যিটো বিপদসংকুল পৰ্বত আৰু  বিশাল মৰুভূমিৰ মাজেৰে গৈছিল । পূব এছিয়াৰ পৰা মধ্য এছিয়াৰ মাজেৰে পশ্চিম- এছিয়া হৈ ইউৰোপত প্ৰবেশ কৰা এই দীঘলীয়া পথটোকে ছিল্ক ৰ’ড বুলি কোৱা হৈছিল ।

২। ‘মাৰ্কেনটেলিজিম’ মানে কি বুজা ?

উত্তৰঃ মাৰ্কেনটেলিজিম হল ইউৰোপৰ এক নতুন নীতি । এই নীতিৰ অনুসৰি এখন দেশৰ শক্তিস্থাৰিত সেএ দেশৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে । সেই সম্পদেৰে শক্তিশালী নৌ-বাহিনী আৰু জাহাজ নিৰ্মাণ কৰিব পাৰে । লগতে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে ।

৩। ভৌগলিক অনুসন্ধানত উৎসাহ যোগোৱা ইউৰোপৰ প্ৰধান চাৰিখন দেশৰ নাম কোৱা ।

উত্তৰঃ ভৌগলিক অনুসন্ধানত  উৎসাহ যোগোৱা চাৰিখন দেশৰ নাম হল

পৰ্টুগাল, স্পেইন, ফ্ৰান্স, আৰু ইংলেণ্ড ।

৪। কৰাক আৰু কাৰাভেল কি ?

উত্তৰঃ কাৰাক হল এক বিশাল বাণিজ্যিক জাহাজ । আৰু কাৰাভেল হল এক সৰু অথচ পালতৰা কৌশলী জাহাজ ।

৫। ‘পুৰণি পৃথিৱী বুলিলে কি বুজা ?

উত্তৰঃ পুৰণি পৃথিৱী বুলিলে ইউৰোপ, এছিয়া আৰু আফ্ৰিকাক বুজা যায় ।

৬। নতুন পৃথিৱী মানে কি বুজা ?

উত্তৰঃ নতুন পৃথিৱী বুলিলে আমেৰিকা আৰু অষ্ট্ৰেলিয়াক বুজা যায় ।

৭। কলম্বাছে অভিযানত চলোৱা জাহাজ তিনিখনৰ নাম কি ?

উত্তৰঃ কলম্বাছে অভিযানত চলোৱা জাহাজ তিনিখনৰ নাম হল চান্টামাৰিয়া, নিনা আৰু পিন্টা ।

৮। কলম্বাছে আমেৰিকাৰ পৰা  ইউৰোপলৈ লৈ অহা কেইবিধমান সামগ্ৰী বা ফলৰ নাম কোৱা ?

উত্তৰঃ কলম্বাছে আমেৰিকাৰ পৰা ইউৰোপলৈ লৈ অহা কেইবিধমান সামগ্ৰী বা ফলৰ নাম হল আনাৰস, মিঠাআলু, ধপাত, উজ্জল বৰণৰ চৰা্ই, আৰু সোণৰ সাধাৰণ অলংকাৰ আদি ।

৯।  আধুনিক যুগৰ ঔপনিবেশবাদৰ  কেতিয়া জন্ম হয় ?

উত্তৰঃ আধুনিক যুগৰ ঐপনিবেশবাদৰ জন্ম হয় ১৪শ শতিকাৰ পিছত ।

১০। ১৪শ শতিকাৰ ইউৰোপত ভূ-গৰ্ভৰ পৰা আহৰণ কৰা দুবিধ খনিজ ধাতুৰ নাম লিখা ।

উত্তৰঃ ১৪শ শতিকাত ভূ-গৰ্ভৰ পৰা আহৰণ কৰা দুবিধ খনিজ ধাতুৰ নাম হল সোণ আৰু ৰুপ ।

১১। উদ্যান শস্য কৰিবৰ বাবে ৰোপন কৰা কেইবিধমান কৃষিৰ নাম উল্লেখ কৰা ।

 উত্তৰঃ কপাহ, ৰবৰ, কুহিয়াৰ, নীল।

১২। বাগিছাসমূহ কেনেদৰে পৰিচালিত হৈছিল ?

উত্তৰঃ বাগিচাসমূহ চোৱা-চিতা কৰিবৰ বাবে তিনিশ্ৰেণীৰ মানুহ ৰখা হৈছিল । বাগিছাৰ গৰাকীসকল আছিল ইউৰোপীয় ধনী সম্ভ্ৰান্ত লোক । বাগিচাসমূহৰ কাম-কাজ চোৱাৰ বাবে এক শ্ৰেণীৰ নিৰীক্ষক আছিল । আৰু তেওঁলোকৰ অধীনত দাসসকল আছিল ।আৰু দাসসকলে বাগিচাসমূহ চোৱা-চিতা কৰিছিল ।

১৩। দাস ব্যৱসায়ত জড়িত দুটা ইউৰোপীয় কোম্পানীৰ নাম কোৱা ।

উত্তৰঃ ডাটছ ইষ্ট ইণ্ডিয়া, আৰু  নেদাৰলেণ্ড ইষ্ট ইণ্ডিজ ।

চমু টোকা লিখা ।

১। সমুদ্ৰ অভিযানকাৰীৰ মূল লক্ষ্যসমূহ ।

উত্তৰঃ সমুদ্ৰ অভিযানকাৰী মূল লক্ষ্য বুলি কবলৈ হলে  এজন দুঃসাহসী অনুসন্ধানকাৰীয়ে প্ৰধানকৈ ধন,( সোণ, ৰুপ, আৰু মছলা) শক্তি, আৰু সন্মান বৃদ্ধি, বাণিজ্যিক সা-সুবিধা বৃদ্ধি, আৰু এক বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অভিযানত নামি পৰিছিল । আৰু ইউৰোপীয় দেশসমূহৰ মাজত ঔপনিৱেশ স্থাপন আৰু বাণিজ্যৰ বাবে তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল । সাগৰীয় যাত্ৰাত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ আৱিস্কাৰে অভিযানকাৰীসকলক গভীৰ সাগৰৰ ভিতৰলৈ নিৰ্ভূলভাৱে যাব পৰাৰ ব্যৱস্থা উদ্ভাৱন কৰিছিল ।


২। খ্ৰীষ্টফাৰ কলম্বাচ ।

উত্তৰঃ খ্ৰীষ্টফাৰ কলম্বাছ ইটালীৰ জেনোৱাৰ এজন নাবিক আছিল । তেওঁ আমেৰিকা আৱিস্কাৰ কৰিছিল । তেওঁ আমেৰিকা অভিযানত চলোৱা জাহাজ তিনিখনৰ নাম হল চান্টামাৰিয়া, নিনা আৰু পিন্টা । 

৩। আফ্ৰিকীয় দাস ।

উত্তৰঃ তিনিটা প্ৰধান কাৰণত আটলান্টিক মহাসাগৰৰ দাস ব্যৱসায় গা কৰি উঠিছিল । প্ৰথমতে, নতুন পৃথিবীত যথেষ্ট পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন হৈছিল । ইউৰোপীয় অনুসন্ধানকাৰীসকলে সাগৰ পাৰ হৈ আমেৰিকাত ঔপনিৱেশ স্থাপন কৰাৰ ফলশ্ৰতিত তাৰ স্থানীয় আৱাসী এম্ৰিন্দিয়ান সকলৰ মাজত হোৱা ব্যাপক ৰোগৰ বাবে অস্বাভাৱিক হাৰত মৃত্যু হয় । কাৰণ কোনোদিনে বাহিৰা মানুহৰ সংস্পৰ্শলৈ নহা এই আৱাসীসকলৰ পুৰণি পৃথিৱাৰ পৰা যোৱা ইউৰোপীয়ানসকলৰ মাজত বিভিন্ন ৰোগ, আনকি সাধাৰম জ্বৰ, চৰ্দি, বীজাণু ৰোধ কৰিব পৰা ক্ষমতা স্থানীয় ামেৰিকানসকলৰ শৰীৰত প্ৰতিৰোধী ব্যৱস্থা নাছিল ।


ৰচনাধৰ্মী প্ৰশ্নঃ

১। ১৪ শতিকাৰ ভৌগলিক  অনুসন্ধানৰ মুখ্য কাৰকসমূহ আলোচনা কৰা ।

উত্তৰঃ ১৪ শতিকাৰ পৰা ইউৰোপীয়ানসকলে নিজ দেশৰ সীমা অতিক্ৰমি বিদেশলৈ যাত্ৰা আৰম্ভ কৰিছিল । তেতিয়াৰ পৰা যুগে-যুগে ইউৰোপীয়ানসকলে বিদেশৰ বিভিন্ন ঠাই অনুসন্ধান কৰি তাত বাস কৰিবলৈ লয় ষ। ১৭ শতিকাৰ মাজভাগলৈ এই ব্যৱস্থা আছিল । এই সময়ছোৱাকে ইতিহাসত অনুসন্ধানৰ যুগ বা আৱিস্কাৰ যুগ নামে জনা যায় । এই ভৌগলিক অনুসন্ধানসমূহে ইউৰোপীয় সমাজৰ নতুন-নতুন স্থান সম্বন্ধে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে আৰু সেই দেশসমূহৰ লগত সম্বন্ধ আৰু বাণিজ্যিক সম্পৰ্ক যথেষ্ট উন্নত কৰে ।ভৌগলিক অনুসন্ধনৰ এটা মূল উদ্দেশ্য আছিল ধন অৰ্জন কৰা অৰ্থাৎঅৰ্থনৈতিক । ভৌগলিক অনুসন্ধনৰ পূৰ্বৰ সময়ছোৱাত দেশসমূহৰ মাজত বেহা-বেপাৰ অব্যাহত আছিল । পূব-এছিয়া দেশসমূহত উৎপাদিত সামগ্ৰী বণিকসকলে ইউৰোপৰ দেশসমূহত বিক্ৰী কৰি প্ৰচুৰ লাভ কৰিছিল । সাধৰণ ইউৰোপীয় লোকসকলে এনে সামগ্ৰী অধিক পৰিমাণে বিছাৰিছিল । কিন্ত পূৱ এছিয়াৰ পৰা মধ্য এছিয়াৰ মাজেৰে পশ্চিম এছিয়া হৈ ইউৰোপত প্ৰৱেশ কৰা এই দীঘলীয়া পথটোক বহুতো বিপদসংকুল পৰ্বত আৰু বিশাল মৰুভূমিৰ মাজেৰে গৈছিল ।এই বিপদসংকুল পথটিত সঘনে বণিকসকল ডকাইতৰ আক্ৰমমৰ বলি হৈছিল । তদুপৰি এই সামগ্ৰীসমূহ ইউৰোপীয় বণিকসকলে মধ্যভোগী আৰৱীয় বণিকৰ পৰা উচ্চ হাৰত কিনিবলগীয়া হৈছিল । সেয়েহে বণিকসকলে এছিয়াৰ পূবৰ দেশসমূহৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰিছিল ।


২। ১৪-১৫ শতিকাত সমুদ্ৰ অভিযানত অংশগ্ৰহণকাৰী অভিযানকাৰীসকলৰ ব্ষয়ে চমুকৈ লিখা ।

উত্তৰঃ ১৫ শতিকাৰ দ্বিতীয় ভাগত নতুন নতুন ভৌগোলিক আৱিস্কাৰে এক বিশেয গতি লাভ কৰিছিল । পৰ্তুগীজ অনুসন্ধানকাৰী লোপো গনচানভচে ইউকুৱেটৰ অতিক্ৰম কৰি আফ্ৰিকাৰ সাগৰীয় দাতিকাষৰীয়া অঞ্চলসমূহত অনুসন্ধান চলায় ।

তেোঁ উত্তৰ গোলাৰ্ধ অতিক্ৰমি দক্ষিণ গোলাৰ্ধত উপস্থিত হোৱা প্ৰথমজন সামুদ্ৰিক অনুসন্ধানকাৰী । ইয়াৰ পিছত বাৰ্থলমেউ ডিয়াজ নামৰ আন এজন অনুসন্ধানকাৰী য়ে সুদুৰ আফ্ৰিকাৰ ধেনুভিৰীয়া অংশটিত উপস্থিত হৈছিল আৰু ইয়াৰ নাম দিছিল কেপ অৱ ষ্ট্ৰম । 

খ্ৰীষ্ট্ফাৰ কলম্বাছ ঃ খ্ৰীষ্টফাৰ কলম্বাছ ইটালীৰ জেনোৱাৰ এজন নাবিক আছিল । তেওঁ আমেৰিকা নামৰ এখন নতুন পৃথিৱী আৱিস্কাৰ কৰিছিল । তেওঁ আমেৰিকা আৱিস্কাৰ কৰিবলৈ যাওতে লগত তিনিখন জাহাজ আৰু ৮৮ জন নাৱিকক লগত লৈ গৈছিল ।  তেওঁ আমেৰিকা আৱিস্কাৰ কৰিবলৈ যাওতে লগত লৈ যোৱা তিনিখন জাহাজৰ নাম হল চান্টামাৰিয়া, নিনা আৰু পিন্টা ।আৰু জাহাজত এবছৰৰ বাবে ৰচদ-পাতি লৈ গৈছিল । তাৰোপৰি তেওং স্পেইনৰ শাসক কুৱলিয়চ  খানলৈ এখন অভিনন্দন পত্ৰও লগত লৈ গৈছিল । 


নুনিজ দি বালবোৱাঃ নুনিজ দি বালবোৱা হল এজন দুঃসাহসিক স্পেনীয় অভিযানকাৰী। তেওং মধ্য আমেৰিকাৰ স্থানীয় আৱাসীৰ পৰা পশ্চিম দিশেৰে অৱস্থিত এখন বিশাল সাগৰৰ কথা শুনিছিল । আৰু তেওঁ সেই পথটোৱে গৈ পানামা অতিক্ৰম কৰি শেষত এখন। বিশাল মহাসাগৰ আৱিস্কাৰ কৰিছিল । আৰু সেই সাগৰখনেই হৈছে প্ৰশান্ত মহাসাগৰ ।


৩। কলম্বাছৰ আমেৰিকা অভিযানৰ বিৰয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ খ্ৰীষ্টফাৰ কলম্বাছ ইটালীয় জেনোৱাৰ এজন নাৱিক আছিল । যিয়ে এক নতুন পৃথিৱী আৱিস্কাৰ কৰিছিল । ১৪ শতিকাৰ পৰা ইউৰোপীয় দেশসমূহৰ মাজত ভৌগলিক অনুসন্ধানৰ যুগ আৰম্ভ হৈছিল ।  আৰু ১৫ শতিকাৰদ্বিতীয় শতিকাৰ পৰা নতুন নতুন ভৌগলিক আৱিস্কাৰে এক বিশেষ গতি লাভ কৰিছিল । ইউৰোপীয় ভৌগলিক অনুসন্ধানকাৰীসকলে নজনা, নেদেখা বহুতো নতুন নতুন দেশ আৱিস্কাৰ কৰিছিল । এই নতুন নতুন দেশ আৱিস্কাৰ আৰু অনুসন্ধানৰ ফলত পৃছিৱীৰ মানচিত্ৰখন নতুনকৈ অকা হৈছিল । আৰু মানুহৰ পৃথিৱীৰ সম্পৰ্কে এক নতুন অধ্যয়ৰ সূচনা হৈছিল । এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণভাৱে ইউৰোপীয় অনুসন্ধানকাৰীসকলৰ ভূমিকা স্পষ্ট আছিল । তাৰে ভিতৰত খ্ৰীষ্টফাৰ কলম্বাছ আছিল এজন সুদক্ষ অনুসন্ধানকাৰী । যিয়ে আমেৰিকা নামেৰে এক নতুন পৃথিৱী আৱিস্কাৰ কৰিছিল । খ্ৰীষ্টফাৰ কলম্বাছৰ অভিযানৰ মূল লক্ষ্য আছিল ভাৰত বা চীনদেশৰ এক সামুদ্ৰিক অভিযান চলোৱা । সেই উদ্দেশ্য তেওঁ পৰ্টুগালৰ ৰজা আৰু স্পেইনৰ ৰজা-ৰাণীৰ পৰা সহায় তথা আৰ্থিক সাহাৰ্য্য বিচাৰিছিল । পৰ্টুগালৰ ৰজাই কোনো সহাৰি নিদিলে যদিও স্পেইনৰ ৰজা-ৰাণীয়ে সহায়ৰ বাবে আগবাঢ়ি আহিছিল । ফলত খ্ৰীষ্টফাৰ কলম্বাছে ১৪৯২ চনৰ ৩ আগষ্টত চান্টামাৰিয়া, নিনা, আৰু পিন্টা নামৰ তিনিখন সামুদ্ৰিক জাহাজ লৈ ৮৮ জন নাৱিকক লগত লৈ আৰু এবছৰৰ বাবে ৰছদ-পাতি লৈ এক অভিযান আৰম্ভ কৰে । ইয়াৰোপৰি স্পেইনৰ  সম্ৰাটে নিজ দেশৰ কুৱলিয়ন খানলৈ লিখা এখন অভিনন্দন পত্ৰও লগত লৈ গৈছিল । একেৰৈহে দুমাহ ধৰি সাগৰ যাত্ৰা কৰাৰ পিছতো তেওঁলোকে কোনো ভূ-খণ্ড দেখা নাছিল । আৰু ইয়াৰ ফলত খ্ৰীষ্টফাৰ কলম্বাছৰ সহযাত্ৰীসকল দুৰ্বল, অসুস্থ, নিৰাশ আৰু বিদ্ৰোহী হৈ ঘৰলৈ উভতি আহিবলৈ ব্যগ হৈ উঠিছিল । তেনে সময়তে তেোংলোকে চৰাই আৰু ভূমি দেখি খ্ৰীষ্টফাৰ কলম্বাছৰ সৈতে ভগৱানক ধন্যবাদ জনাই সেই অজান দ্বীপটোত নামিছিল ।  আৰু খ্ৰীষ্টফাৰ কলম্বাছে দ্বীপটোৰ নাম দিছিল চানভাৰ্ডৰ । বৰ্তমান এই দ্বীপটো ৱাটলিং নামেৰে জনাজাত আৰু ই বৰ্তমান দক্ষিণ আমেৰিকাৰ কেৰেবিয়ান দেশ বাহামাৰ অৰ্ন্তগত । কলম্বছে এি দীপটো ভাৰত বা চীনৰ কোনো এক অংশ বুলিয়ে বিশ্বাস কৰিছিল ।পৰৱৰ্তী সময়ত এই দ্বীপটোৰ কাষতে থকা কিউবা আৰু হাইটি নামৰ দ্বীপকেইটাতো পদাৰ্পণ কৰিছিল ।এই দ্বীপত থকা আচহুৱা বৰণ আৰু আকৃতিৰ মানুহখিনিক তওঁ ভাৰতীয় বুলি আখ্যা দিছিল আৰু ভাৱিছিল । কিন্ত ইয়াত তেওঁ ভাৰতৰ পৰা আৰবৰ বেপাৰীসকলে ইউৰোপীয়ানসকলক বিক্ৰী কৰা মুকুতা বা ছিলৰ কোনো সন্ধান পোৱা নাছিল । পৰৱৰ্তী সময়ত ১৪৯৩ চনৰ ১৫ মাৰ্চত কলম্বাছ স্পেইনলৈ ঘুৰি আহিছিল । কলম্বাছে স্পেইনৰত আহিয়েই স্পেইনৰ ৰজা নতুন ঠাইৰ পৰা লৈ অহা আৰু ইউৰোপৰ মানুহে কোনোদিনে নেদেখা সোণৰ সাধাৰণ অলংকাৰ, উজ্জল বৰণৰ চৰাই, অদ্ভূত আকৃতিৰ ভাৰতীয় আৰু বিভিন্ন ধৰণৰ ফল-মূল উপহাৰ দিয়ে । ইয়াৰ পিছত কলম্বাছে আৰু এই অঞ্চললৈ তিনিবাৰ আহিছিল আৰু চানডমিনক ত্ৰিনিডেল আৰু সাৰ্টিনিকুই আৱিস্কাৰ কৰে । কলম্বাছৰ অন্তিম সামুদ্ৰিক অভিযানত বৰ্তমান নিকা হোৱা অস্তাৰিকা আৰু বানামা নামেৰে জনাজাত অঞ্চলটো আৱিস্কাৰ কৰে । কলম্বাছে ঘৰলৈ অহা সময়ত সমাজে কেতিযাও নজনা-নেদেখা আনাৰস, মিঠাআলু আৰু ধপাত লগত লৈ আহিছিল । কিন্ত তেওঁ বিছৰা ছিল্ক বামছলা কতো পোৱা নাছিল । পৰৱৰ্তী সময়ত ১৫০৬ চনত খ্ৰীষ্টখাৰ কলম্বাছৰ মৃত্যু হয় । তেওঁ মৃত্যু সময়লৈ এটা কথা বুজা নাছিল যে  তেওঁ যি নতুন ভৃ-খণ্ড আৱিস্কাৰ কৰিছিল সেয়া ভাৰত বা চীনৰ ভূ-খণ্ড নাছিল । সেই ভূ-খণ্ডখিনি এখন নতুন মহাদেশহে আছিল ।পৰৱৰ্তীসময়ত তথা কলম্বাছৰ মৃত্যু পিছত ইটালীয় দঃসাহসিক অভিযানকাৰী  এমেৰিগ ভেছপুছিয়ে কলম্বাছৰ প্ৰাপ্ত তথ্যবোৰ পঢ়ি অনুপ্ৰাণিত হৈ আছিল । তেওঁ বুজি উঠিছিল যে কলম্বাছে এছিয়া বা ভাৰত আৱিস্কাৰ কৰা নাই, তেওঁ এখন নতুন পৃথিৱীহে আৱিস্কাৰ কৰিছে । সেই সময়ত পৃথিৱীৰ নতুন মানচিত্ৰ অংকন কৰিছিল জাৰ্মানৰ এজন মানচিত্ৰকাৰে । ১৫০৭ চনত এই জাৰ্মান মানচিত্ৰ অংকনকাৰীজনে এমেৰিগ ভেছপুছিৰ সন্মান ৰক্ষাৰ অৰ্থত এই নতুন পৃথিৱীখনৰ নাম দিছিল আমেৰিকা । যাৰ লেটিন নাম আছিল ( আমেৰিকাচ) । এনেকৈয়ে খ্ৰীষ্টফাৰ কলম্বাছৰ আমেৰিকা অভিযানৰ কাহিনী অন্ত পৰিছিল ।

৪। ভূ-গৰ্ভৰ খনন বুলিলে কি বুজা ?   ইউৰোপীয় দেশসমূহে বিজিত অঞ্চলত ভূ-গৰ্ভৰ খননৰ বাবে কি ব্যৱস্থা লৈছিল ?

উত্তৰঃ মানুহে আৰম্ভণিৰে পৰা পৃথিৱীৰ উপৰিভাগত থকা শিল, বোকা, মাটি, জুইত পুৰি কঠিন কৰি পাত্ৰকে ধৰি বিভিন্ন সা-সঁজুলি আৰু সামগ্ৰী আৰু পিছলৈ বিভিন্ন ধাতুৰ সা-সঁজুলি আৰু সামগ্ৰাৰ নিৰ্মাণত ব্যৱহাৰ কৰিছিল । লাহে-লাহে ভূ-গৰ্ভত থকা এনে ধাতু পোৱা ঠাইত মানুহে কিছুমান সৰু-সৰু গঁাত খান্দি আহৰণ কৰে । মধ্যযুগৰ ইউৰোপত এনেদৰে ভূ-গৰ্ভৰ পৰা খনিজ ধাতু আহৰণৰ বাবে গঢ় লৈ উঠা কাৰখানাবোৰ কাৰিকৰী ভাৱে যথেষ্ট আগবাঢ়ি গল । এনেদৰে ভূ-গৰ্ভৰ পৰা খনিজ ধাতু উদ্ভাৱন কৰি থকাকে ভূ-গৰ্ভৰ খনন বুলি কোৱা হয় ।

১৪ শতিকাৰ ইউৰোপত ক্ৰমে লোহা আৰু তামৰ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ বৰ্মধৰী পোছাক, আৰু ঘঁোৰাৰ গাদী আৰু খুড়াত লগাব পৰা সজুলিৰ প্ৰয়োজন যথেষ্ট বৃদ্ধি পাবলৈ ধৰে । ফলত তেওঁলোকে ভূ-গৰ্ভৰ খনিত থকা বিভিন্ন খনিজ দ্ৰব্য লোহা, তাম, সোণ, ৰুপ, হীৰা, কয়লা, খনিজতেল, আদি আহৰণৰ বাবে তৎপৰ হয় । উল্লেখ কৰা হয় যে প্ৰাকৃতিক অৱস্থা পোৱা এই খনিজ দ্ৰব্যবোৰ মানুহে নিজ ইচ্ছা মতে বঢ়া-টুটা কৰিব নোৱাৰে ।

এই সময়ছোৱাত ইউৰোপীয়সকলে পূৰ্বতে সাগৰৰ যিটো পাৰত নেদেখা-নজনা বহুভূমি, দেশ আৱিস্কাৰ হোৱাৰ লগে-লগে স্বাভাৱিকতে সেই অঞ্চলৰ প্ৰাকৃতিক আৰু খনিজ সম্পদ আহৰণৰ বাবে উঠি-পৰি লাগিল । প্ৰথম অৱস্থাত নিজ-নিজ দেশৰপ পৰা অতিৰিক্ত মানুহখিনি গৈ তাত খনি বা কৃষিপাম প্ৰতিষ্ঠা কৰি উৎপাদন আৰম্ভ কৰিছিল যদিও পিছলৈ দাসসকলক এই কামত ব্যৱহাৰ কৰিবলৈ লয়।

স্থানীয় আৱাসীসকলে প্ৰধনকৈ ৰুপৰ খনি থকা অঞ্চলসমূহতে শিবিৰ পাতিছিল। স্থানীয় আৱাসীসকলৰ পৰা পোৱা খবৰ অনুসৰি ইউপোপীয় লোকসকলে বিভিন্ন দেশৰ ৰুপৰ খনিৰ সন্ধানত বলিভিয়া, মেক্সিকো, আদি অঞ্চলটো অভিযান চলাই যথেষ্ট সফলতা লাভ কৰিছিল ।বলিভিয়াৰ বিখ্যাত পৰকো নামৰ খনিটোৰ পৰা যথেষ্ট ৰুপ আহৰণ কৰা হৈছিল । ঠিক সেইদৰে পৰ্তুগালেও উত্তৰ আৰু দক্ষিণঁ আমেৰিকা, আফ্ৰিকা, আৰু এছিয়া মহাদেশৰ বিভিন্ন ঠাইত ভূ-গৰ্ভৰ খনন কৰি ইয়াৰ পৰা বিভিন্ন খনিজ দ্ৰব্য আহৰণ কৰিছিল। ১৮ শতিকাত ইঅউৰোপীয় লোকস কলে ঔপনিৱেশ ব্ৰাজিলৰ পৰা যথেষ্ট সোণ আহৰ কৰিছিল । এইদৰে ইউৰোপৰ সকলো দেশে ঔপনিৱেশ পতা ঠাইসমূহত খনিজ সম্পদৰ সন্ধান কৰিছিল । আৰু ভূ-গৰ্ভৰ বুকু ফালি এইবোৰ উদ্ধাৰ কৰিবলৈ খনিবোৰত বহু শ্ৰমিকক কাম কৰিবলৈ বাধ্য কৰিছিল । ইয়াৰ বিপৰীতে নতুন পৃথিৱীৰ পৰা পোৱা বিভিন্ন খনিজ সম্পদে বিশেষকৈ সোণ আৰু ৰুপে ইউৰোপৰ, প্ৰধানকৈ স্পেইন, আৰু পৰ্তুগালৰ মানুহৰ মাজত যথেষেট আৰ্থিক সমৃদ্ছি আনি দিছিল । তেওঁলোকে এনেদৰে লাভ কৰা ধনেৰে অধিক মাত্ৰাত প্ৰাচ্যৰ পৰা অহা বিলাসী সামগ্ৰী ক্ৰয় কৰি লাহ-বিলাহৰ জীৱন কটাবলৈ ধৰে ।

ভূ-গৰ্ভ খনন কৰি খনিজ সম্পদ আহৰণৰ লগে-লগে ইউৰোপীয় ঔপনিৱেশকাৰীসকলে নতুনকৈ আৱিস্কৃত অঞ্চলসমূহত ডাঙৰ-ডাঙৰ বাগান খুলি অতিৰিক্ত আৰু নতুন পৃথিৱাত পোৱা, কিন্ত বিশ্বৰ আন ঠাইত নোপোৱা খাদ্য-শস্যৰ উৎপাদন কৰিবলৈ লয় ।

৫। ১৬-১৭ শতিকাৰ ইউৰোপত দাস ব্যৱসায় গা কৰি উঠাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা ।

উত্তৰঃ তিনিটা প্ৰধান কাৰণত আটলান্টিক মহাসাগৰৰ দাস ব্যৱসায় গা কৰি উঠ্ছিল । প্ৰথমতে,  নতুন পৃথিৱীত যথেষ্ট পৰিমানৰ শ্ৰমিকৰ প্ৰয়োজন হৈছিল । কিন্ত ইউৰোপীয় প্ৰথম অনুসন্ধানকাৰীসকলে সাগৰ পাৰ হৈ আমেৰিকাত ঔপনিৱেশ স্থাপন কৰাৰ ফলস্বৰুপে তাৰ স্থানীয় আৱাসীসকলৰ মাজত হোৱা ব্যাপক ৰোগৰ বাবে অস্বাভাৱিক হাৰত মৃত্যু হয় । কাৰণ কোনোদিনে বাহিৰা মানুহৰ সংস্পৰ্শলৈ নহা অই আৱাসীসকলৰ পুৰণি পৃথিৱীৰ পৰা যোৱা ইউৰোপীয়ানসকলৰ মাজত বিভিন্ন ৰোগ, আনকি সাধাৰণ জ্বৰ,-হাঁচিৰ বীজাণু প্ৰতিৰোধ কৰাৰ বাবে স্থানীয় আমেৰিকানসকলৰ শৰীৰত প্ৰতিৰোঈ ব্যৱস্থা নাছিল । ফলত মুঠ ৪০% এম্ৰিন্দিয়ান জনসংখ্য এনেদৰে হ্ৰাস পাইছিল । সেয়েহে প্ৰায় বিনা বাধাই ইউৰোপীয়সকলে এই ভূমি জয় কৰিবলৈ সক্ষম হৈছিল । কিন্ত ইয়াত শ্ৰমিক পৰ্যাপ্ত পোৱা নগৈছিল বাবে ঔপনিৱেশকাৰীসকলে ভবাধৰণে লাভ কৰিব পৰা নাছিল । আনহাতে নতুনকৈ আৱিস্কৃত ধঁপাত বা কুহিয়াৰ খেতিৰ বাবে বহুতো শ্ৰমিকৰ প্ৰয়োজন হৈছিল ।

দ্বিতীয়তে, ইউৰোপীয়ানসকলে বহুতো আন্মৰ্জাতিক আৰু গৃহযুদ্ধত লিপ্ত হৈছিল যদিও আৰু বহু সংখ্যালঘু সম্প্ৰদায়ক বিভিন্ন নিৰ্যাতন কৰিলেও তেওঁলোকে এজনে আনজনক দাস হিচাপে ব্যৱহাৰ কৰা নাছিল । কিন্ত ইংলেণ্ডৰ গৃহযুদ্ধ বা আয়াৰলেণ্ডৰ যুদ্ধত জয়েৰে কিছুমান যুদ্ধবন্দীক আমেৰিকালৈ জোৰ-জবৰদস্তি শ্ৰমিক হিচাপে পখিব নোৱাৰিছিল ।

তৃতীয়তে, ইউইৰোপীয়ানসকল যেতিয়া আফ্ৰিকাৰ পশ্চিম উপকূলত উপস্থিত হৈছিল, তেতিয়া দাস কিনিবৰ বাবে তেোংলোকে মাত্ৰ আফ্ৰিকীয় আৰু আৰৱ ব্যৱসায়ীসকলতকৈ অধিক ধন দিয়াৰহে প্ৰয়োজন আছিল । ইউৰোপীয় ব্যৱসায়ীসকলক পুৰুষ দাসৰ আবশ্যক বেছি আছিল । আনহাতে আফ্ৰিকীয় আৰু আৰৱৰ ব্যৱসায়ীসকলক মহিলা দাসৰ প্ৰয়োজন বেছি আছিল । কাৰণ তেওঁলোকে এই মহিলাসকলক বিভিন্ন প্ৰকাৰৰ কৃষিকৰ্মত নিয়োজিত কৰাৰ উপৰিও নিজৰ সন্তান জন্ম দিয়াত ব্যৱহাৰ কৰিছিল ।

ইউৰোপীয় ঔপনিৱেশকাৰীসকলে স্থানীয় শ্ৰমিক আৰু দাসৰ দ্বাৰা কৃষি আৰু ঔদ্যোগিক পামবোৰ চলাইছিলযদিো যথেষ্ট পৰিমানে চেনি, কফি, আদি উৎপাদন হোৱা নত্ন পৃথিৱীত শ্ৰমিকৰ অভাৱ হোৱাত ইয়াৰ মালিকপক্ষ যথেষ্ট অসুবিধাত পৰিছিল ।


Author: Ali Rani Kakati