বিষয়- অংকুৰণ (অসমীয়া)

পাঠ নং- ১

অসম আমাৰ ৰূপহী

১। 'অসম আমাৰ ৰূপহী' গীতটি শুদ্ধ উচ্চাৰণেৰে পড়া/গাবলৈ চেষ্টা কৰা আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-

ক) 'অসম আমাৰ ৰূপহী' গীতটিত ড° ভূপেন হাজৰিকাই 'সূৰ্য উঠা দেশ' বুলি কোনখন দেশৰ কথা কৈছে?

উত্তৰঃ অসম আমাৰ ৰূপহী গীতটিত ড° ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি অসম দেশক কৈছে।

খ) 'লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ'- লৌহিত্য মানে কবিয়ে কি বুজাইছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰক বুজাইছে।

গ) "ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে," ইয়াত 'আই' বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ কবিয়ে ইয়াক আই বুলি নিজৰ জন্মভূমিক কৈছে।

ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?

উত্তৰঃ পাহাৰ-ভৈয়ামৰ মিলন ৰামধেনুৰ দৰে ভাষাৰ মৰম বোৰে গঢ়ে।

ঙ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?

উত্তৰঃ শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়?

২) তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা-

বিনন্দীয়াঃ- অতিশয় শুৱনি

সেতুঃ- দলং

লৌহিত্যঃ- ব্ৰহ্মপুত্ৰৰ আন এটা নাম

প্ৰণিপাতঃ- প্ৰনাম

সমাবেশঃ- বহুত লোক একে ঠাইত গোট খোৱা কাৰ্য

লখিমীঃ- লক্ষ্মী দেৱী

৩) সমাৰ্থক শব্দ লিখা-

সূৰ্য- বেলি, ৰবি, ভাস্কৰ

পদুম- কমল, পদ্ম, উৎপল, পঙ্কজ।

ঘৰ- আবাস, গৃহ, আলয়, ভৱন।

আকাশ- গগন, শূন্য, নীলিমা।

বায়ু- বতাহ, সমীৰণ, পৱন, সমীৰ।

পৃথিৱী- মেদিনী, বসুমতী, ধৰিত্ৰী, ধৰা।

৪) উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰা-

(ক) উদাহৰণঃ- ৰূপহ - ৰূপহী, কাঁহ - কাঁহী

কপাহ- কপাহী    চেনেহ- চেনেহী    বাঁহ- বাঁহী।

(খ) উদাহৰণঃ- ৰস - ৰসাল, নোম - নোমাল

জীপ- জীপাল    তেজ- তেজাল    কোব- কোবাল।

(গ) উদাহৰণঃ- সোণ - সোণালী, ৰং - ৰঙালী

ৰূপ- ৰূপালী    জোন- জোনালী    ভোগ- ভোগালী।

(ঘ) উদাহৰণঃ- বিনন্দ - নিনন্দীয়া, চহৰ - চহৰীয়া

দুখ- দুখীয়া    নিয়ম- নিয়মীয়া    নগৰ- নগৰীয়া।

৫) তলত দিয়া শব্দহোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা-

ৰূপহী, জয়াল, লখীমি, ৰামধেনু

ৰূপহীঃ- আমাৰ অসমখন ৰূপহী

জয়ালঃ- জঙ্ঘলখন বৰ জয়াল

লখিমীঃ- মাঘ মাহত লখিমী আদৰা হয়।

ৰামধেনুঃ- ৰামধেনুৰ ৭ টা ৰং আছে।

৬) ব'হাগ আৰু মাঘ বিহুত তোমালোকে কি কি কৰা সেই সম্পৰ্কে চাৰিটাকৈ বাক্য লিখা-

ব’হাগ বিহু

মাঘ বিহু

ক) লাও বেঙেনা আদি খাবলৈ দিওঁ।

ক) ভোজ ভাত খোৱা হয়।

খ) গৰুক গা ধুৱাওঁ।

খ) মেজি জ্বলোৱা হয়।

গ) বহাগ বিহুত আমি ৰং ধেমালী কৰোঁ।

গ) ভেলাঘৰ সজোৱা হয়।

ঘ) হুচৰি আৰু বিহুগীত গাওঁ।

ঘ) পিঠা পনা লাৰু আদি খোৱা হয়।


৭) পাঠত থকাৰ বাহিৰেও তোমালোকৰ অঞ্চলত প্ৰচলিত যিকোনো এটা উৎসৱৰ বিষয়ে পাঁচ শাৰী বাক্য লিখা। (অভিভাৱকৰ সহায় ল'বা)

১।

২।

৩।

৪।

৫।


Type Himanku Bora