পাঠঃ ২১ 

শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য 

(১) মালতী দাসে ক'ত কাম কৰে ? 
উত্তৰঃ- মালতী দাসে ডিব্ৰুগড় চহৰৰ মানুহ এঘৰত মাহিলী হিচাপত কাম কৰে । 

(২) মালতীৰ কামৰ সময় কিমান ? 
উত্তৰঃ- মালতীৰ কামৰ সময় হ'ল- ৰাতিপুৱা ৬ বজাৰৰ পৰা গধূলি ৬ বজালৈ অৰ্থাৎ ১২ ঘণ্টা ।  

(৩) মালতীক মাহিলী কিমান টকা দৰমহা দিয়ে ? 
উত্তৰঃ- মালতীক মাহিলী ২০০০ টকা দৰমহা দিয়ে । 

(৪) ৰফিকউদ্দিন এজন কোন ? 
উত্তৰঃ- ৰফিকউদ্দিন এজন কাঠমিস্ত্ৰী । 

(৫) ৰফিকউদ্দিনে ক'ত কাম কৰে ? 
উত্তৰঃ- ৰফিকউদ্দিনে চহৰৰ বহুমহলীয়া ফ্লেট এটাত কাম কৰে । 

(৬) ৰফিকউদ্দিনৰ কামৰ সময় কিমান ? 
উত্তৰঃ- ৰফিকউদ্দিনৰ কামৰ সময় হ'ল- ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ অৰ্থাৎ ৭ ঘণ্টা । 

(৭) মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি ? 
উত্তৰঃ- মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হ'ল- (ইন্দিৰা গোস্বামী) । 

(৮) মামণি ৰয়ছম গোস্বামীৰ জন্ম কিমান চনত হৈছিল ? 
উত্তৰঃ- মামণি ৰয়ছম গোস্বামীৰ জন্ম ১৯৪২ চনৰ ১৪ নৱেম্বৰত হৈছিল । 

(৯) তেওঁ কিমান বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হৈছিল ? 
উত্তৰঃ- তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হৈছিল । 

(১০) প্ৰতিভা দেবীসিং পাটিলৰ জন্ম কেতিয়া হৈছিল ? 
উত্তৰঃ- প্ৰতিভা দেবীসিং পাটিলৰ জন্ম ১৯৩৪ চনৰ ১৯ ডিচেম্বৰৰ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ নাদগাওঁত । 

(১১) কিমান চনত কল্পনা চাওলাৰ জন্ম হৈছিল ? 
উত্তৰঃ- ১৯৬১ চনত হাৰিয়ানাৰ কাৰ্ণাল জিলাত কল্পনা চাওলাৰ জন্ম হৈছিল । 

(১২) কল্পনা চাওলাই কিমান চনত প্ৰথমবাৰলৈ মহাকাশচাৰী হিচাপে মহাকাশলৈ উৰা মাৰে 
উত্তৰঃ- কল্পনা চাওলাই ১৯৯৭ চনত প্ৰথমবাৰলৈ মহাকাশচাৰী হিচাপে মহাকাশলৈ উৰা মাৰে । 

(১৩) কোনে ১২ বছৰ বয়সতে এবাৰ লগৰীয়াৰ সৈতে গৈ প্ৰায় ১২,১২৩ ফুট উচ্চতাৰ শৃংগ এটাত আৰোহণ কৰিছিল ? 
উত্তৰঃ- বাচেন্দ্ৰী পালে ১২ বছৰ বয়সতে এবাৰ লগৰীয়াৰ সৈতে গৈ প্ৰায় ১২,১২৩ ফুট উচ্চতাৰ শৃংগ এটাত আৰোহণ কৰিছিল । 

(১৪) এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় মহিলা গৰাকীৰ নাম কি ? 
উত্তৰঃ- এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম হ'ল- বাচেন্দ্ৰী পাল । 

(১৫) ২০০৭ চনত দেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি ? 
উত্তৰঃ- ২০০৭ চনত দেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম হ'ল- শ্ৰীমতী প্ৰতিভা দেবীসিং পাটিল । 




Post ID : DABP004284