অৰ্থনৈতিক ভূগোলৰ অৰ্থ আৰু পৰিসৰ

(Meaning and Scope Economic Geography)

Chapter 1

১। চমু প্ৰশ্ন উত্তৰঃ

১। ভৌগলিক পৰিৱেস কেই প্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ দুই প্ৰকাৰৰ। আৰু সেইকেইটা হ'লঃ

(১) প্ৰাকৃতিক পৰিৱেশ।

(২) সামাজিক পৰিৱেশ।

২। প্ৰাকৃতিক পৰিৱেশ কাক বোলে?

উত্তৰঃ কোনো এক অঞ্চলৰ অৱস্থান, প্ৰাকতিক গঠন যেনে পাহাৰ-পৰ্বত, নদ-নদী, সমভূমি-মালভূমি আদি মাটি আৰু মাটিৰ গঠন, জলৱায়ু, জীৱ-জন্তু আৰি স্বাভাৱিক উদ্ভিদ আদিকে প্ৰাকৃতিক পৰিৱেশ বোলে।

৩। অ-প্ৰাকৃতিক বা সামাজিক  পৰিৱেশ কাক বোলে?

উত্তৰঃ মানুহৰ ধৰ্ম, জাতি, চৰকাৰ, শিক্ষা আৰু উন্নতিৰ মানদণ্ড আদিকে অ-প্ৰাকৃতিক বা সাজমাজিক পৰিৱেশ বোলে।

৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু ছোভিয়েট ৰুছিয়ালোক সকলৰ জীৱিকাৰ প্ৰধান পথ কি?

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু ছোভিয়েট ৰুছিয়ালোক সকলৰ জীৱিকাৰ প্ৰধান পথ হ'ল কৃষিকাৰ্য্য, শিল্প আৰু ব্যৱসায়-বাণিজ্য।

৫। বিষুৱীয় অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান পথ কি?

উত্তৰঃ বিষুৱীয় অঞ্চল প্ৰধান পথ হ'লঃ সংগ্ৰহ, মৌচুমী অঞ্চলৰ আকৌ কৃষি,  ব্ৰিটিছ যুক্তৰাজ্যৰ আৰু লোকসকলৰ শিল্পআৰু বেহাবেপাৰৰ দ্বাৰা জীৱিকা আৰ্জিছে।

৬। ঔদ্যোগিক ভূগোল কাক বোলে?

উত্তৰঃ অৰ্থনৈতিক আৰু বাণিজ্যিক ভূগোলৰ জ্ঞান ভালদৰে অৰ্জন কৰিবলৈ হ'লে অৰ্থনীতিৰ জ্ঞানৰো প্ৰয়োজন হয়। যুক্তৰাজ্যত ইয়াক ঔদ্যোগিক ভূগোল বোলে।

৭। মানৱ সমাজৰ অৰ্থনৈতিক কাজ-কৰ্মবোৰক কেইভাগত ভাগ কৰিছে আৰু কি কি?

উত্তৰঃ তিনিটা ভাগত। সেইকেইটা হ'ল উৎপাদন, বিতৰণ আৰু উপভোগ। 

৮। মানৱ জীৱন সদায় কি?

উত্তৰঃ গতিশীল।

৯। অৰ্থনৈতিক ভূগোলত প্ৰদান আলোচ্য বিষয়ৱস্তু কি?

উত্তৰঃ মানুহ।

১০। অৰ্থনৈতিক ভূগোল কি?

উত্তৰঃ অৰ্থনৈতিক ভূগোল বিজ্ঞানৰ হ'ল ভূগোল বিজ্ঞানৰ এটা শাখা।

১১। প্ৰাকৃতিক বূগোল কি?

উত্তৰঃ প্ৰাকৃতিক ভূগোল স্বতন্ত্ৰ আৰু সদাবিদ্যামান।

১২। জীৱজন্তুৰ দৰে মানুহো এবিধ কি?

উত্তৰঃ জীৱজন্তুৰ দৰে মানুহো এবিধ তেজ- মঙহৰ জীৱ।

১৩। ভূ-অৰ্থনীতি কাক বোলে?

উত্তৰঃ সাধাৰণতে অৰ্থনৈতিক আৰু বাণিজ্যিক ভূগোল হিচাবে জনাজাত। আমেৰিকাত ইয়াক ভূ-অৰ্থনীতিবোলে।

১৪। অৰ্থনৈতিক ভূগোল সদায় এটা কি বিষয়?

উত্তৰঃ গতিশীল বিষয়।

১৫। মানুহ নাতাকিলে মানৱ ভূগোল বা অৰ্থনৈতিক ভূগোলৰ অস্তিত্ব থাকিবনে?

উত্তৰঃ নাথাকে।

১৬। পুৰণা বা প্ৰাথমিক আঞ্চলিক পদ্ধতিটো ব্যৱহাৰ কৰাৰ উপৰিও বৰ্তমান উলিওৱা আন পদ্ধতি বা পন্থাবোৰ কি কি?

উত্তৰঃ পুৰণা বা প্ৰাথমিক আঞ্চলিক পদ্ধতিটো ব্যৱহাৰ কৰাৰ উপৰিও বৰ্তমান উলিওৱা আন পদ্ধতি বা পন্থাবোৰ বোৰ হ'ল- প্ৰণানীবদ্ধ পন্থা, বস্তুভিত্তিক পন্থা, তান্ত্ৰিক পন্থা, নৈতিক পন্থা, দেশীয় পন্থা, আৰ্ন্তজাতিক পন্থা আদি।

১৭। কি অধ্যয়ণ কৰা এটা প্ৰাচীন আৰু প্ৰধান পদ্ধতি?

উত্তৰঃ অৰ্থনৈতিক ভূগোল।

১৮। আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ভূগোল বিজ্ঞান অধ্যয়ণ বুলিলে কি বুজা?

উত্তৰঃ কেতিয়াবা কেইবাখনো দেশৰ সমষ্টিক এটা গোট বা খণ্ড হিচাবে বিবেচনা কৰি, অৰ্থনৈতিক অধ্যয়ন চলালে তাক আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ভূগোল অধ্যয়ণ বোলা হয়।

 ১৯। বাণিজ্য চলাবলৈ কি লাগিব?

উত্তৰঃ বাণিজ্য চলাবলৈ পৰিবহন ব্যৱস্থা লাগিব।

২০। প্ৰণালীবদ্ধ পন্থাটোক কি বোলে' বহলাই লিখা?

উত্তৰঃ প্ৰণালীবদ্ধ পন্থাটোক বস্তু পন্থা বুলি কোৱা হয়। কাৰণ এই পদ্ধতিত বস্তুবিলাক এটা ক্ৰমত সজাই লোৱা হয় আৰু এটা-এটাকৈ আলোচনা কৰা হয়। উদাহৰণস্বৰূপে পৃথিৱীতহোৱা শস্যবোৰৰ বিষয়ে আলোচনা কৰিব লাগিলে প্ৰথমে তাক খাদ্য শস্য, পণ্যদ্ৰব্য, আৰ্জিত শস্য, ৰোপন খেতি আদি ভাগত ভগায় লোৱা হয়। তাৰ পিছত এটা এটাকৈ আলোচনা কৰা হয়। খাদ্য শস্য ল'লে- প্ৰথমে ধান, গম, যৱ, বজ্ৰা, মাকৈ আদি প্ৰথমে আলোচনা কৰা হয়। ইয়াপ পিছত ডাইল জাতীয় শস্যবোৰ আলোচনা কৰা হয়। অৰ্থাৎ শস্য়বোৰক এটা এটাকৈ একাদিক্ৰমে আলোচনা কৰা হয় কাৰণে ইয়াক বস্তু পন্থা বুলিও জনা যায়।

Type- Ishan Dev Bora




Post ID :DABP005356