কৃষি বৃত্তি

Chapter 3

১। চমু উত্তৰঃ

১। কৃষি বৃত্তি কাক বোলে?

উত্তৰঃ কৃষিকৰ্মৰ প্ৰধান বৃত্তি হিচাবে লৈ জীৱন নিৰ্বাহ কৰিলে তাক কৃষি বৃত্তি বোলে।

২। কৃষি বৃত্তি কেই ধৰমৰ আৰু কি কি?

উত্তৰঃ দুই ধৰণৰ।ত আৰু সেইকেইটা হ'লঃ (১) জীৱিকা ভিত্তিক (২) বাণিজ্যিক ভিত্তি।

৩। প্ৰাকৃতিক কাৰক বোৰক কেইটা ভাগত ভগাৱ পাৰি আৰু কি কি?

উত্তৰঃ তিনিটা ভাগত। সেইকেইটা হ'লঃ জলবায়ু, মাটি আৰু ভূ-অৱয়ব।

৪। কৃষিকাৰ্য কাৰণে কি মাটি অতি প্ৰয়োজনীয়?

উত্তৰঃ সাৰুৱা মাটি।

৫। কৃষিকাৰ্যত প্ৰভাৱ পেলোৱা অৰ্থনৈতিক কাৰকবোৰ কি কি লিখা।

উত্তৰঃ কৃষিকাৰ্যত প্ৰভাৱ পেলোৱা অৰ্থনৈতিক কাৰক বোৰ হ'লঃ বজাৰ, পৰিবহন, শ্ৰমিক, মূলধন আৰু চৰকাৰী ব্যৱস্থা।

৬। আজি কালি কৃষি কেইপ্ৰকাৰৰ কোৱা হৈছে আৰু কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ। এবিধ আত্মনিৰ্ভৰশীল আৰু আনবিধ বাণিজ্যিক।

৭। কৃষিকাৰ্যত কিহৰ প্ৰয়োজন অতি বেছি?

উত্তৰঃ মূলধনৰ।

৮। ভাৰতীয় কৃষকে কি কৃষি কাৰ্য চলাই ভাল পায়?

উত্তৰঃ ভাৰতীয় কৃষকে পুৰণি পদ্ধতিৰে কৃষি চলাই ভাল পায়।

৯। কৃষি মানুহৰ এটা কি?

উত্তৰঃ কৃষি মানুহৰ ঘাই বৃত্তি।

১০। কি খেতি স্থায়ী?

উত্তৰঃ অস্থাই বা ঝুম খেতি স্থায়ী।

১১। পাহাৰ পৰ্বতীয়া অঞ্চলবোৰত কৰা খেতিক সাধাৰণতে কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি?

উত্তৰঃ পাহাৰ পৰ্বতীয়া অঞ্চলবোৰত কৰা খেতিক সাধাৰণতে দুটা ভাগত ভগোৱা হৈছে আৰু সেইকেইটা হ'লঃ (ক) অস্থায়ী ঝুম খেতি আৰু (খ) স্থায়ী বা বেদিকা কৃষি।

১২।  ধান ঘাইকৈ কেইবিধ আৰু কি কি?

উত্তৰঃ দুবিধ আৰু সেই ধান কেইবিধ হ'লঃ (ক) ইণ্ডিকা (খ) জেপ'নিকা।

১৩। ধান খেতি কৰা পদ্ধতিত দুটা আৰু কি কি?

উত্তৰঃ ধান খেতি কৰা দুটা পদ্ধতি হ'লঃ 

(ক) সিঞ্চন আৰু।

(খ) দ্বি-ৰোপন।

১৪। ধান এবিধ কি?

উত্তৰঃ ধান এবিধ প্ৰধান খাদ্যশস্য।

১৫। পৃথিৱীত মুঠ ধান উৎপাদনৰ প্ৰায় কিমান শতাংশৰো অধিক ধান উৎপাদন হয়?

উত্তৰঃ পৃথিৱীত মুঠ ধান উৎপাদনক প্ৰায় ৯০ শতাংশৰো অধিক ধান উৎপাদন হ'য়।

১৬। কোন খন মহাদেশত ধান উৎপাদন ৯০ শতাংশৰো অধিক হ'য়?

উত্তৰঃ এছিয়া মহাদেশত।

১৭। ধান্য ভাণ্ডাৰ কাক বোলে?

উত্তৰঃ কাবেৰী নদীৰ ব-দ্বিপ অঞ্চলে ইমান ধান উৎপাদন কৰে যে ইয়াক দাক্ষিণ্যাত্যৰ ধান্য ভাণ্ডাৰ বোলা হ'য়।

১৮। কিমান চনত সমগ্ৰ পৃথিৱীত মুঠ ধান উৎপাদন আছিল কিমান নি.মে. টন।

উত্তৰঃ ১৯৮৯-৯০ চনত সমগ্ৰ পৃথিৱীত মুঠ ধান উৎপাদন আছিল ৩৩ ৩০.০ নি,মে, টন।

১৯। পৃথিৱীত খাদ্য শস্যসমূহৰ ভিৰত কি শস্য অতি প্ৰধান?

উত্তৰঃ পৃথিৱীত খাদ্য শস্যসমূহৰ ভিতৰত ঘেঁহুও শস্য অতি প্ৰধান।

২০। ঘেঁহু প্ৰথমতে কোনখন সাগৰৰ অঞ্চলত আৱিস্কৃত হয়?

উত্তৰঃ ভূমধ্য সাগৰীয় অঞ্চলত আৱিস্কৃত হৈছিল। 

২১। ইটালিট ঘেঁহুৰ পৰা কি দুবিধ খাদ্য তৈয়াৰ হয়?

উত্তৰঃ মেকাৰনি আৰু 'ভাৰ্মি'চালি।

২২। ঘেঁহু ঘাইকৈ কেইবিধ আৰু কি কি?

উত্তৰঃ দুবিধ আৰু সেইকেইবিধ হ'লঃ

১। শীতকালীন ঘেঁহু আৰু

২। বাসন্তিক ঘেঁহু।

২৩। ঘেঁহু উৎপাদন কৰা ৰাজ্যসমূহ কি কি?

উত্তৰঃ ঘেঁহু উৎপাদন কৰা ৰাজ্যসমূহ হ'লঃ উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, বিহাৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থান।

২৪। দাৰ্জিৰ্লিঙ কিহৰ বাবে পৃথিৱী বিখ্যাত?

উত্তৰঃ দাৰ্জিৰ্লিঙৰ চাহ স্বাদ আৰু গোন্ধৰ বাবে আৰু অসমৰ চাহ ৰয় আৰু ৰঙৰ বাবে পৃথিৱী বিখ্যাত।

২৫। চাহ ৰপ্তানি কৰা প্ৰধান দেশবোৰ কি কি?

উত্তৰঃ চাহ ৰপ্তানি কৰা প্ৰধান দেশবোৰ হ'ল ভাৰত, শ্ৰীলংকা আৰু ইণ্ডোনেছিয়া।

২৬। ভাৰতৰ মুট ৰপ্তানিৰ কিমান শতাংস যুক্তৰাজ্যলৈ যায়?

উত্তৰঃ ভাৰতৰ মুঠ ৰপ্তানিৰ ৬৪ শতাংশই যুক্তৰাজ্যলৈ যায়।

Type- Ishan Dev Bora 




Post ID :DABP005355