পোহৰ, ছাঁ আৰু প্ৰতিফলন 

আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ৰং-বিৰঙৰ বহুতো বস্তু আমি দেখিছোঁ। স্কুললৈ যোৱাৰ পথত আমি বিভিন্ন ধৰণৰ বস্তুযেনে- বাছ, সৰু গাড়ী, বাইচাইকেল, গছ-গছনি, জীৱ-জন্তু আৰু মাজে-সময়ে ফুল আদি দেখা পাওঁ। এই বস্তুবোৰ আমি কেনেকৈ দেখা পাওঁ ভাবি চাইছানে?

 একেখন ঠাইতে ৰাতি যেতিয়া সম্পূৰ্ণ অন্ধকাৰ হৈ থাকে তেতিয়া তুমি কি দেখিবা? ধৰা তুমি সম্পূৰ্ণ অন্ধকাৰ কোঠা এটালৈ সোমাই গৈছা। কোঠাটোৰ ভিতৰত তকা বস্তুবোৰ দেখা পাবানে? 

  কিন্তু, কোঠাটোৰ ভিতৰত যদি এডাল মমবাতি বা এটা টৰ্চ লাইট জ্বলাই দিয়া, তেতিয়া কোঠাটোৰ ভিতৰৰ বস্তুবোৰ দেখা পাবা, নহয়নে বাৰু? পোহৰৰ অবিহনে বস্তুবোৰ দেখা পোৱা নাযায়। পোহৰে আমাক বস্তুবোৰ দেখা পোৱাত সহায় কৰে। 

  টৰ্চৰ বাল্বটো এনে এটা বস্তু যে নিজে পোহৰ বিলাই দিব পাৰে। সূৰ্যটোও তেনে এক পৰিচিত বস্তু নিজে পোহৰ দিব পাৰে। দিনৰ ভাগত ইয়াৰ পোহৰৰ বাবে আমি বস্তুবোৰ দেখিবলৈ সক্ষম হওঁ। সূৰ্যৰ দৰে নিজে পোহৰ দিব পৰা বা পোহৰ বিলাই দিব পৰা বস্তুবোৰক দীপ্তিমান (luminous) বস্তু বোলে। 

  এখন চকী, এখন চিত্ৰ বা এজোৰ জোতা আদি বস্তুবোৰৰ সম্পূৰ্কে তোমালোকে কি ভাবা? য়েতিয়া দীপ্তিমান বস্তুবোৰৰ (যেনে- সূৰ্য, টৰ্চ বা ইলেক্ট্ৰিক বাল্ব) পৰা পোহৰ আহি এই বস্তুবোৰত পৰে আৰু সেইবোৰৰ পৰা পোহৰ আহি আমাৰ চকুত সোমায় তেতিয়াই আমি বস্তুবোৰ দেখা পাওঁ।  

১১.১ স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তুঃ 

  মনত পেলোৱাচোন, ৪নং অধ্য়ায়ত আমি স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তুবোৰ বিধে বিধে ভাগ কৰিছিলোঁ। কোনো এটা বস্তুৰ মাজেৰে যদি আমি একো দেখা নাপাওঁ তেন্তে ই অস্বচ্ছ বস্তু। যদি বস্তু এটাৰ মাজেৰে সম্পূৰ্ণভাৱে, আংশিকভাৱে পাৰ হ'বলৈ দিয়ে বা একেবাৰেই পাৰ হ'বলৈ নিদিয়ে। 

১১.২ ছাঁ প্ৰকৃততে কি? 

   এতিয়া মাটিৰ পৰা কিছু ওপৰত সূৰ্যৰ ৰশ্মিৰ সমুখত অস্বচ্ছ বস্তুবোৰ এটা এটাকৈ দাঙি ধৰা। মাটিত দি দেখা পাইছা? তোমালোকে জানা যে প্ৰতিটো বস্তুৱে মাটিৰ ওপৰত সৃষ্টি কৰা আন্ধকাৰ অংশবোৰ ইহঁতৰ ছাঁৰ বাবে সৃষ্টি হৈছে। তেতিয়াবা তোমালোকে এই ছাঁটো চাই বস্তুটো চিনাক্ত কৰিব পাৰা। 

মাটিত এখিলা কাগজ পাৰি লোৱা। পৰিচিত অস্বচ্ছ বস্তু এটা এনে উচ্চতাত দাঙি ধৰা যাতে ইয়াৰ ছাঁটো কাগজখিলাৰ ওপৰত পৰে। এই অৱস্থাত তোমাৰ বন্ধু এজনক ছাঁটোৰ চাৰিওকাষ অংকন কৰিবলৈ কোৱা। একেদৰে অন্য় বস্তুবোৰৰ ছাঁৰ চাৰিওকাষ অংকন কৰা। 

  এতিয়া অন্য় কেইজনমান বন্ধুক ছাঁবোৰৰ এই অংকিত চিত্ৰবোৰৰ চাৰিসীমা চাই বস্তুটো চিনাক্ত কৰিবলৈ কোৱা। কিমানটা বস্তু তেওঁলোকে সঠিকভাৱে চিনাক্ত কৰিব পাৰিলে? 

  অন্ধকাৰ কোঠাত বা ৰাতি যেতিয়া পোহক নাথাকে তোমাৰলোকে তোমালোকৰ ছাঁবোৰ দেখা পোৱানে? কোনো বস্তু নথকা কোঠা এটাৰ ভিতৰত যদি মাত্ৰ পোহৰৰ উৎস এটা থাকে তেনে অৱস্থাত তোমাৰলোকে ছাঁ দেখা পোৱানে? দেখা গ'ল যে ছাঁ এটা দেখা পাবলৈ আমাক এটা অস্বচ্ছ বস্তু আৰু পোহৰৰ উৎসৰ প্ৰয়োজন হয়। আৰু কিবা বস্তুৰ প্ৰয়োজন হয় নেকি?

  এই ক্ৰিয়াকলাপটো তোমালোক আন্ধাৰত কৰিব লাগিব। সন্ধিয়া সময়ত তোমাৰ বন্ধু কেইজনমানৰ সৈতে এডোখৰ মুকলি স্থানলৈ যোৱা। লগত এটা টৰ্চ লাইট আৰু এখন ডাঙৰ কাৰ্ডব'ৰ্ড লোৱা। টৰ্চ লাইটটো মাটিৰ নিচেই কাষত এনেদৰে ধৰা যাতে ইয়াৰ পৰা ওলোৱা পোহৰ ওপৰৰ ফালে গতি কৰে বন্ধুৰ মুখত পৰেগৈ। এতিয়া তোমাৰ হাতত এটা পোহৰৰ উৎস আছে য'ৰ পৰা পোহৰ আহি এটা অস্বচ্ছ বস্তুত পৰিছে। বন্ধুজনৰ পাচফালে কোনো গছ-গছনি, ঘৰ বা অন্য় বস্তু নাথাকে তেন্তে বন্ধুজনৰ মূৰৰ ছাঁ দেখা পাবানে? এই কথাবোৰে এইটো নুবুজায় যে ঠাইখনত ছাঁ সৃষ্টি হোৱা নাই। মুঠৰ ওপৰত, টৰ্চৰ পৰা ওলোৱা পোহৰ বন্ধুজনৰ শৰীৰৰ মাজেৰে পাৰ হৈ যাব পৰা নাই। 

 এতিয়া, আন এজন বন্ধুক কাৰ্ডব'ৰ্ডখন পূৰ্বৰ বন্ধুজনৰ পাছফালে দাঙি ধৰিবলৈ কোৱা। এতিয়া বাৰু কাৰ্ডব'খনত বন্ধুৰ ছাঁটো দেখা ফাইছানে? এইদৰে, কোনো পৰ্দাতহে ছাঁ দেখা পোৱা যায়। তোমালোকে দৈনন্দিন জীৱনত পৰ্যৱেক্ষণ কৰা ছাঁবোৰৰ সৃষ্টিত মাটি, কোঠাৰ বেৰ, আট্ৰলিকা বা আন তেনেবোৰ পৃষ্ঠই পৰ্দা হিচাপে কাম কৰে। 

  বস্তুবোৰৰ আকৃতি সম্বন্ধে ইয়াৰ ছাঁটোৱে কিছু তথ্য় যোগান দিলে। কেতিয়াবা অৱশ্য়ে, ছাঁয়ে বস্তুৰ আকৃতি সম্বন্ধে ভুল ধাৰণাও দিব পাৰে। চিত্ৰ ১১.৪ত দেখুওৱাৰ দৰে তোমাৰ হাতৰ সহায়ত কিছুমান ছাঁ সৃষ্টি কৰি সেইবোৰ কিছুমান জন্তুৰ ছবি বুলি বিশ্বাস জন্মাব পাৰা। বাঃ কি আমোদজনক!

  ৰ'দৰ দিন এটাত তোমালোকৰ বিদ্য়ালয়ৰ সমুখৰমুকলি ঠাইত চকী এখন ৰাখাচোন। চকীখনৰ ছাঁ দেখি কি ধাৰণা কৰিব পাৰা? 

  এই চাঁটোৱে চকীখনৰ আকৃতিৰ এক শুদ্ধ ছবি দিছেনে? চকীখন ইফালে সিফালে সামান্য় ঘূৰালে, চকীখনৰ ছাঁৰ আকৃতিৰ কেনে ধৰণৰ পৰিৱৰ্তন হয়?  

  এখন সৰু টোকা বহী লোৱা আৰু ইয়াৰ ছাঁটো লক্ষ্য় কৰা। এইবোৰ আয়তকাৰ সৰু বাকচ এটা লোৱা আৰু ইয়াৰ ছাঁটো লক্ষ্য় কৰা। দুয়োটা ছাঁৰ আকৃতি একে যেন লাগেনে? 

  বিভিন্ন ৰঙৰ কেইপাহমান ফুল বা আন বস্তু লোৱা আৰু সেইবোৰৰ ছাঁ লক্ষ্য় কৰা। ধৰা, এপাহ ৰঙা গোলাপ আৰু এপাহ হালধীয়া গোলাপ। বস্তুবোৰ বেলেগ বেলেগ ৰঙৰ হোৱা বাবে ছাঁবোৰ ৰঙো বেলেগ হৈছে নেকি? 

  দীঘল বাকচ এটা লোৱা আৰু ইয়াৰ ছাঁটো মাটিত লক্ষ্য় কৰা। যদি বাকচটো কিছু ঘূৰাই দিয়া, তেতিয়া ইয়াৰ ছাঁৰ আকাৰৰ পৰিৱৰ্তন দেখা পাব পাৰা। বাকচটোৰ ছাঁটো কেতিয়া আঠাইতকৈ ছুটি হ'ব, বাকচটোৰ দীঘল ফালটো নে চুটি ফালটো সূৰ্যৰ ফালে মুখ কৰি থাকোঁতে? 

           এই দীঘল বাকচটো লৈ এটা সৰল কেমেৰা সাজোঁ আহা। 

১১.৩ পিনহ'ল কেমেৰা

   কেমেৰাটো তৈয়াৰ কৰিবলৈ কিছুমান জটিল সামগ্ৰী লাগিবই, নহয়নে? আচলতে নালৈগে, যদিহে আমি এটা সৰল পিনহ'লে কেমেৰা সাজিবলৈ ইচ্ছা কৰোঁ। 

  এনে দুটা বাকচ লোৱা যাতে দুয়োটাৰ মাজত কোনো খালী ঠাই নথকাকৈ এটা আনটোৰ ভিতৰত ঠেলি সুমুৱাই দিব পৰা যায়। প্ৰতিটো বাকচৰ এটা মূৰ কাটি এৰুৱাই লোৱায ডাঙৰ বাকচটোৰ আনটো ফাৱৰ মাজত এটা সৰু ছিদ্ৰ কৰা। সৰু বাকচটোৰ আনখন মুখত সোঁ মাজত ৫ চে.মি.-৬ চে.মি. বাহু দৈৰ্ঘ্য়ৰ বৰ্গাকাৰ অংশ এটা কাটি লোৱা। এই কটা অংশত এখন ঈষৎ স্বচ্ছ কাগজ অথবা ট্ৰেচিং পেপাৰ লগাই লোৱা [চিত্ৰ ১১.৫ (খ)] এতিয়া সৰু বাকচটো ডাঙৰ বাকচটোৰ ভিতৰলৈ ঠেলি এনেদৰে সুমুৱাই দিয়া যাতে ট্ৰেচিং পেপাৰ লগোৱা মূৰটো ভিতৰত সোমাই থাকে [চিত্ৰ-১১.৫(গ)]। এতিয়া তোমালোকৰ পিনহ'ল কেমেৰাটো ব্য়ৱহাৰৰ বাবে সাজু হৈ উঠিল।  

  পিনহ'ল কেমেৰাটো দাঙি ধৰি সৰু বাকচটোৰ খোলা মুখেৰে চোৱা। তোমাৰ মূৰ আৰু পিনহ'ল  কোমেৰাটো ঢাকিবলৈ এখন ক'লা কাপোৰ লোৱা। এতিয়া পিনহ'ল কেৰেমাটোৰ দূৰৰ গছ-গছনি বা ঘৰৰ নিচিনা বস্তু চাবলৈ চেষ্টা। এটা কথা নিশ্চিত কৰিবা যাতে তুমি চাব বিচৰা বস্তুবোৰত ৰ'দ পৰি উজ্জ্বল হৈ থাকে। ট্ৰেচিং পেপাৰত ভিতৰত অলপ অগা-পিছা কৰি থাকা। 

    এই পিনহ'ল কেমেৰাৰ প্ৰতিবিম্বিবোৰ বস্তুবোৰৰ ছাঁতকৈ বেলেগ নেকি? 

   সূৰ্যৰ উজ্জ্বল পোহৰত ৰাস্তাইদি গৈ থকা গাড়ী-মটৰ বা মানুহৰ ফালে তোমাৰ পিনহ'ল কেমেৰাৰে চোৱাচোন। 

  কেমেৰাত দেখা ছবিবোৰৰ ৰং প্ৰকৃত বস্তুবোৰৰ দৰে ৰঙীননে? প্ৰতিবিম্ববোৰ থিয়নে ওলোটা? আচৰিত!  

  এই বাৰ আমি পিনহ'ল কেমেৰাটোৰে সূৰ্যৰ প্ৰতিবিম্ব সৃষ্টি কৰোঁ আহা। ইয়াৰ বাবে আমাক অলপ বেলেগ দৰণৰ সঁজুলি এটা লাগিব। মাজত সৰু ছিদ্ৰ থকা এখন ডাঙৰ কাৰ্ডব'ৰ্ড মাত্ৰ আমাক লাগিব। কাৰ্ডব'ৰ্ডখন সূৰ্যৰ ফালে দাঙি ধৰি ইয়াৰ ছাঁটো মুকলি ঠাইত পৰিবলৈ দিয়া। কাৰ্ডব'ৰ্ডখনৰ ছাঁ মাজৰ অংশত সূৰ্যৰ এটা ঘূৰণীয়া প্ৰতিবিম্ব দেখা পাইছানে? 

  সূৰ্য গ্ৰহণৰ সময়ত তোমালোকৰ থকা ঠাইৰ পৰা সূৰ্যৰ এনে পিনহ'ল প্ৰতিবিম্ব চাব পাৰা। গ্ৰহণ আৰম্ভ হোৱাৰ আগতে পিনহ'ল আৰু পৰ্দাৰ দূৰত্ব এনেদৰে মিলাই ল'ব লাগে যাতে পৰিষ্কাৰ প্ৰতিবিম্ব পোৱা যায়। এতিয়া গ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে সূৰ্য়ৰ প্ৰতিবিম্বটো চোৱা। গ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে তোমাৰলোকে সূৰ্যৰ প্ৰতিবিম্বৰ এটা অংশ ক্ৰমান্বয়ে আন্ধাৰ হৈ যোৱা দেখিবলৈ পাবা। কেতিয়াও সূৰ্যলৈ পোনে পোনে নাচাবা।ই তোমাৰ চকুৰ বাবে অত্য়ন্ত ক্ষতিকীৰক হ'ব পাৰে। 

  প্ৰকৃতিতো এটা বহস্য়জনক পিনহ'ল কেমেৰা আছে। কেতিয়াবা অসংখ্য় পাত থকা গছ-গছনিৰ তলেৰে আমি পাৰ হৈ গ'লে ইয়াৰ তলত সূৰ্যৰ সৰু সৰু পোহৰৰ চমক দেখা পাওঁ। এই ঘূৰণীয়া প্ৰতিবিম্ববোৰ বাস্তাৱিকতে সূৰ্যৰ  পিনহ'ল প্ৰতিবিম্ববোৰ বাস্তাৱিকতে সূৰ্যৰ পিনহ'ল প্ৰতিবিম্ব। গছৰ পাতবিলাকৰ মাজৰ ফাঁকবিলাক বিভিন্ন ধৰণৰ অনিয়মিত আকৃতিৰ (নিৰ্দিষ্ট আকৃতিৰ নহয়), কিন্তু আমি সূৰ্যৰ ঘূৰণীয়া প্ৰতিবিম্বহে দেখা পাওঁ। ইয়াৰ পাছবোৰ সূৰ্য গ্ৰহণৰ সূৰ্যৰ প্ৰতিবিম্ব এনেদৰে ঘচৰ তলত চাবলৈ চেষ্টা কৰিবা। সেয়া বৰ আমোদজনক হ'ব!  

  প্ৰজ্ঞানেও এই কথাটো ভাবিছিল। পিনহ'ল কেমেৰাৰে আমি ৰাস্তাৰে গৈ থকা মানুহৰ ওলোটা প্ৰতিবিম্ব দেখিছিলোঁ। সূৰ্যৰ প্ৰতিবিম্ব কেনেকুৱা হ'ব বাৰু? সেইবোৰো আমি ওলোটাকৈ বা কিবা আন ধৰণৰ দেখো নেকি? 

   প্ৰহেলিকাই আকৌ অন্য় ধৰণে ভাবিছিল। নিশ্চিতভাৱে বস্তু আমাৰ দৃষ্টিগোচৰ হোৱা ছাঁৰ গঠন আৰু পিনহ'ল প্ৰতিবিম্ব আদ কাৰ্যবহোৰ তেতিয়াহে সম্ভৱ হয়, যদিহে পোহৰে পোন পথৰে গতি কৰে।

  এটা চুঙা বা এডাল দীঘল ৰবৰৰ নলী লোৱা। কোঠাটোৰ এটা মূৰত টেবুলৰ ওপৰত মম এডাল জ্বলাই লোৱা। এতিয়া কোঠাটোৰ আনটো মূৰত থিয় হৈ নলীডালৰ মাজেৰে মমৰ শিখাটো চোৱা [চিত্ৰ ১১.৭ (ক)]। মমডাল দেখা পাইছানে? নলীডাল সোঁফালে বা বাওঁফালে অলপ বেঁকা কৰি লৈ পুনৰ মমডাল চোৱাচোন। এইবাৰ মমডাল দেখা পাইছানে? 

  এই ক্ৰিয়াকলাপটোৰ পৰা তোমালোকে কি বুলি পালা? ইয়াৰ পৰা এটা ধাৰণা হয় যে পোহৰ সদায় সৰল ৰেখাত গতি কৰে। নহয়নে বাৰু? সেইবাবেই যেতিয়া কোনো অস্বচ্ছ বস্তুৱে পোহৰৰ সমুখত বাধা দিয়ে তেতিয়াই ছাঁ সৃষ্টি হয়। 

১১.৪ দাপোণ আৰু প্ৰতিফলন

  আমি সকলোৱে ঘৰত দাপোণ ব্য়ৱহাৰ কৰোঁ। তোমালোকে দাপোণৰ ফালে চাওঁতে নিজৰ মুখখন ইয়াত দেখা পোৱা। দাপোণত যি দেখিছা সেয়া তোমাৰ মুখৰ প্ৰতিফলন (Reflection)। দাপোণৰ সমুখত থকা অন্য়ান্য় বস্তুৰো আমি আমি প্ৰতিফলন ঘটা দেখা পাওঁ। কেতিয়াবা আমি পুখুৰী বা হ্ৰদৰ পানীত গছ, ঘৰ আৰু অন্য়ান্য় বস্তুৰ প্ৰতিফলন ঘটা দেখা পাওঁ। 

  এই ক্ৰিয়াকলাপটো তোমালোকে আন্ধাৰত নাইবা আন্ধাৰ কক্ষত সম্পাদন কক্ষত সম্পাদন কৰিব লাগিব। তোমাৰ বন্ধু একজক হাতেৰে দাপোণ এখন ধৰি কোঠাৰ চকু এটাত থিয় হৈ ৰ'বলৈ কোৱা। হাতত এটা টৰ্চ লাইট লৈ অন্য় এটা চুকত তুমি থিয় হোৱা । টৰ্চৰ কাচ তোমাৰ হাতৰ আঙুলিৰে ঢাকি ধৰি চুইচটো আন্ কৰা। হাৰত আঙুলিবোৰৰ সাজত অলপ ফাঁক কৰি ৰাখা, যাতে সেই ফালেদি পোহৰ সৰকি আহিব পাৰে। এতিয়া টৰ্চৰ এটা পোহৰ তোমাৰ বন্ধুৱে ধৰি থকা দাপোণখনত পেলাবলৈ চেষ্টা কৰা। দাপোণখনৰ পৰা অন্য় দিশত পোহৰৰ পটি এটা দেখা পাইছানে? এতিয়া টৰ্চটোৰ দিশ এনেদৰে ঠিক কৰা যাতে পোহৰৰ পটিটো গৈ কোঠাত থিয় হৈ থকা তোমাৰ অন্য় এজন বন্ধুৰ গাত পৰেগৈ।

 এই ক্ৰিয়াকলাপটোৰ পৰা এটা ধাৰণা পাব পাৰি দে দাপোণ এখনে ইয়াৰ ওপৰত পৰা পোহৰৰ দিশ সলনি কৰে। 

  ইয়াত এটা ক্ৰিয়াকলাপ দিয়া হৈছে, য'ত পোহৰ সৰল ৰেখাত গতি কৰা আৰু দাপোণত ইয়াৰ প্ৰতিফলন ঘটাটো দেখুওৱা হৈছে। 

 এখন ডাঙৰ থাৰ্মকলৰ এমুৰে এখন ফনি স্থাপন কৰা আৰু আনটো মূৰৰ ফালে এখন দাপোণ চিত্ৰ ১১.৯ত দেখুওৱাৰ দৰে লগাই লোৱা। ফণি আৰু দাপোণখনৰ মাজত এখন ক'লা কাগজ পাৰি লোৱা। এতিয়া ফণিখনৰ মাজেৰে বেলিৰ পোহৰ নাইবা টৰ্চৰ পোহৰৰ কিৰণ এটা পাৰ হ'বলৈ দিয়া। 

   কি দেখা পাইছা? চিত্ৰ ১১.৯ত দেখুওৱাৰ দৰে এটি আকৃতি বা নক্সা দেখা পাইছানে? 

  এই ক্ৰিয়াকলাপটোৱে পোহৰে কেনেদৰে গতি কৰে আৰু দাপোণত কেনেদৰে ইয়াৰ প্ৰতিফলন ঘটে সেই সম্বন্ধে আমাক এটা ধাৰণা দিয়ে।



Class 6 Science 

Type: Dimi Bora