Lyrics: Bikash Nath
Singer/Composition: Jyotideep Borah
Music: Himangshu Borah (HB)
Mix & Mastering: Koustav Saikia
Flute: Himangshu Borah


▣ VIDEO CREDITS ▣

GFX: Bhaskar Dhapu
Special Thanks✦ Asutosh AK, Bhaskar Mounash, Amrit Ranjan


Post ID : DABP003190
কঁহুৱা

উশাহৰে গহনত
তুমি মোৰ, তুমি মোৰ
হেৰুৱাব নোখোজা
এটি সুৰ, এটি সুৰ...
পলে অনুপলে
ৰ'দালিৰে ভাঁজতে
তুমি পুৱাৰ সেউজীয়া 
মৰমৰে ভাষা, এধানি তৃষা
তুমি শাৰদী সন্ধিয়া...

তোমাৰেই পৰশতে
মনবিৰিণা নাচি উঠে
তোমাৰেই আঁচলতে 
গধূলি শেৱালী সৰে
আবেলি আহিবা বৈ
পাহাৰী জুৰিটি হৈ
শৰতৰ নীলিমাতে
ফুলিবা কঁহুৱা হৈ
ঐয়াঙে দৈয়াঙে
আহিনৰে সাঁজতে
তুমি সপোন হালধীয়া
জোনোৱালী নিশা, 
সোণালী আশা 
তুমি শাৰদী কঁহুৱা

উশাহৰে গহনত
তুমি মোৰ তুমি মোৰ
হেৰুৱাব নোখোজা
এটি সুৰ এটি সুৰ...