4.2 কোনবোৰ লোক দৰিদ্ৰ ? (Who are the poor) : 


    তোমালোকে দেখিছা যে নগৰ আৰু গাওঁ উভয়তে স্থানীয় অঞ্চল তথা নিকটৱৰ্তী এলেকাসমূহত আমাৰ মাজতে কিছু সংখ্য়ক দুখীয়া আৰু কিছু সংখ্য়ক ধনী ব্য়ক্তি আছে। এই সন্দৰ্ভত তোমালোকে অমু আৰু সুধাৰ কাহিনীটো পঢ়িব পাৰা। (4.1 নং কক্ষ চোৱা)। তেওঁলোকৰ জীৱন কাহিনী হৈছে এই চৰম বৈপৰীত্য়ৰ স্পষ্ট উদাহৰণ। এই দুই চৰম অৱস্থাৰ মাজতো বিভিন্ন স্তৰৰ মানুহ আছে। 


    ফেৰিৱালা, মুচী, মালিনী, পেলনীয়া সামগ্ৰী বুটলি ফুৰা মানুহ, ঠেলাৱালা, মগনীয়া ইত্য়াদি হৈছে সাধাৰণতে চহৰ অঞ্চলত দেখা পোৱা এনে দুখীয়া আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীভুক্ত লোকৰ উদাহৰণ। এওঁলোক অতি সামান্য় পৰিমাপণৰ পৰিসম্পদৰ গৰাকী। খেৰ, বাহঁ বা কাঠেৰে সজা চাল আৰু বোকা মাটিৰে প্ৰস্তুত কৰা বেৰৰ কেঁচা জুপুৰিত এওঁলোকে বাস কৰে। এইসকলৰ মাজৰে দৰিদ্ৰতমসকলৰ আনকি এনেকুৱা নিম্নতম বাসস্থানৰ সুবিধাও নাই। গ্ৰামাঞঅচলত দুখীয়াসকলৰ বেছিভাগেই ভূমিহীন; নিজস্ব কোনো কৃষিভূমি এওঁলোকৰ নাই। আনকি যিসকলৰ নামমাত্ৰ ভূমি আছে সেয়াও হৈছে কেৱল শুকান নাইবা পতিত মাটি। বহুতে আনকি দিনে দুসাঁজ খাবলৈও নাপায়। অনাহাৰ আৰু ক্ষুধাই হৈছে দৰিদ্ৰতম পৰিয়ালবোৰৰ প্ৰধান বৈশিষ্ট্য়। দৰিদ্ৰসকলৰ মৌলিক শিক্ষা আৰু কৰ্মকুশলতাৰ অভাৱ। ফলত তেওঁলোকে সীমিত পৰিসতহে অৰ্থনৈতিক সুবিধা লাভ কৰিবলৈ পায়। তেওঁলোকৰ নিয়োগো অস্থিৰ (unstable) হয়।


    দুখীয়াসকলৰ মাজত পুষ্টিহীনতা উদ্ধেগজনক ভাৱে বেছি। ৰুগীয়া স্বাস্থ্য়, অক্ষমতা নাইবা গুৰুতৰ অসুস্থাই এইসকল লোকক শাৰীৰিকভাৱে দুৰ্বল কৰে।  তেওঁলোকে সঘনাই উচ্চ হাৰত সুতত ঋণদাতাৰ পৰা ধন ধাৰলৈ লব লগীয়া হয় আৰু ইয়ে এওঁলোকক দীৰ্ঘদিনীয়া ঋণগ্ৰস্ততালৈ  ঠেলি দিয়ে। দুখীয়াসকল অতিশয় দুৰ্বল। নিয়োগকৰ্তাৰ পৰা পাবলগীয়া বিধিগত মজুৰি আদায় কৰিবলৈ তেওঁলোক অসমৰ্থ আৰু সেই বাবে এওঁলোক সততে শোষণৰ বলি হয়। প্ৰায়ভাগ দুখীয়া পৰিয়ালতে বিজুলি শক্তিৰ সুবিধা নাই। খৰি আৰু গোবৰৰ শুকান পিঠাই হৈছে তেওঁলোকৰ ৰন্ধন কাৰ্যত ব্য়ৱহৃত প্ৰধান ইন্ধন। বৃহৎ সংখ্য়ক দুখীয়া লোকৰ আনকি নিৰাপদ বিশুদ্ধ সুবিধাকণো নাই। লাভজনক কৰ্মসংস্থাত নিয়োগ, শিক্ষা তথা পৰিয়ালৰ গণ্ডীৰ ভিতৰত যিকোনো বিষয়ৰ সিদ্ধান্তত অংশগ্ৰহণৰ ক্ষেত্ৰত তীব্ৰ লিংগ-বৈষম্য়ৰ যথেষ্ট প্ৰমাণ পোৱা যায়। গৰ্ভাৱস্থাত দুখীয়া মহিলাসকলে প্ৰয়োজনতকৈ যথেষ্ট কম যত্ন পায়। গতিকে তেওঁলোকৰ কেঁচুৱা স্বাস্থ্য়ৱান হোৱা বা জীয়াই থকা সম্ভাৱনা কম।


    ব্য়ক্তিৰ জীৱিকাৰ উপায় আৰু তেওঁলোকে আহৰণ কৰা পৰিসম্পদৰ পৰিমাণৰ ওপৰত ভিত্তি কৰিয়েই অৰ্থনীতিবিদসকলে দুখীয়া লোকক চিনাক্ত কৰে। তেওঁলোকৰ মতে গ্ৰমীণ দুখীয়া লোকসকলে প্ৰধানকৈ ভূমিহীন কৃষিশ্ৰমিক, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, বিভিন্ন অনা-কৃষি কাৰ্যত নিয়োজিত ভূমিহীন শ্ৰমিক, দিন মজুৰ আৰু ক্ষুদ্ৰ কৃষিভূমিত ৰায়তী কৃষক ৰূপে কাম কৰে।


    চহৰ অঞ্চলৰ দুখীয়াসকল হৈছে মূলতঃ চহৰলৈ প্ৰব্ৰজিত গ্ৰাম্য় দুখীয়াসকল। বিভিন্ন ধৰণৰ অনিয়াসীমা কামত নিয়োজিত শ্ৰমিকসকল, ৰাস্তাৰ দাঁতিত সামগ্ৰী বিক্ৰী কৰি স্ব-নিয়োজনেৰে জীৱন নিৰ্বাহ কৰাসকল আৰু অন্য়ান্য় বিভিন্ন কাৰ্যত নিয়োজিত-সকল এনে বিধৰ দুখীয়া।




janmoni Hazarika