তিৱা সকল


প্ৰশ্নাৱলীঃ

১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক?

উত্তৰঃ ভাষিক দিশৰ পৰা তিৱাসকল বড়ো থালৰ লোক।


২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণৰ ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?

উত্তৰঃ তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণৰ ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হৈছে- খ্ৰাম (ঢোল) বাৰ, খ্ৰামখুজুৰা, খ্ৰামপান্থাই, দুম্দিং,দগৰ্, পাতিঢোল, ৱাফাং খ্ৰাম, থক্থৰৰক, পাংশী (বাঁহী),  থোৰাং, মহৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি।


৩। তিৱা সমাজত 'জেলা' বুলি কাক কোৱা হয়?

উত্তৰঃ তিৱা সমাজত খেলৰ প্ৰসাশনিক আৰু সামাজিক মূৰব্বীজনক ভৈয়ামত 'জেলা' বুলি কোৱা হয়। 


৪। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা?

উত্তৰঃ অঞ্চল ভেদে তিৱাসকলৰ উৎসৱ বিভিন্ন হয়। পাহাৰত বাস কৰা তিৱা সকলৰ উৎসৱ সমূহ হল ৱানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাণ্ঠি, লাংখন্, মাই পথালা, মাই ৰাৱা, খাপলাং ৰাৱানে ফুজা, পান্থাইচ্যৱা। আনহাতে ভৈয়াম অঞ্চলত বাস কৰা লোকে জোনবিল মেলা, বৰত্, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু, আৰু কাতি বিহু।


৫। ফুলগুৰিৰৰ ধেঁৱা কি?

উত্তৰঃ ফুলগুৰিৰৰ ধেঁৱা হৈছে বলাইৰাম সেনাপতি দ্বাৰা ৰচিত এখন গীতি-আলেখ্য।


৬। চমুটোকা লিখাঃ 

ক) ইন্দ্ৰচিং দেউৰী

খ) বলাইৰাম সেনাপতি।

ক) ইন্দ্ৰচিং দেউৰীঃ তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি হল ইন্দ্ৰচিং দেউৰী। তেওঁ ৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত ১৯৩২ চনত। মালচিং পোমা আৰু মামা আম্চিৰ তেওঁ আছিল তৃতীয় পুত্ৰ। ১৯৪৯ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্চীৰ সংস্পৰ্শলৈ আহি  পিছলৈ পাৰ্টীত যোগদান কৰি সক্ৰিয়ভাৱে কাম কৰিছিল। এই পাৰ্টী সংস্পৰ্শলৈ আহিয়ে তেওঁ অনুভৱ কৰিছিল তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা। তিৱা সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰায় শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজক আধুনিক সমাজৰ লগত পৰিচয় কৰাই ১৯৬০ চনত থাৰাখুঞ্জী গাঁৱত তিৱাচা মিচন নামেৰে এক সামাজিক অনুষ্ঠান জন্ম দিয়ে। এই অনুষ্ঠানৰ জৰিয়তে তিৱা সমাজৰ কুটীৰ শিল্প আগবঢ়ায় নিয়ে। ১৯৬৭ চনত লালুং দৰবাৰ নামে আন এটা সংগঠন ইন্দ্ৰচিংৰ নেতৃত্বত জন্ম দিয়ে।

ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া পোন প্ৰথম বাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত ১৯৭৬ চনত সাধাৰণ সদস্য হিচাবে মনোনীত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ উপাধ্যক্ষ হিচাবে নিযুক্ত হৈছিল। ১৯৮১ চনত আমৰি সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত মনোনীত হয়। তেখেেত তিৱা সাহিত্য সংস্কৃতি-ভঁৰালকো চহকী কৰি থৈ গৈছে। তেওঁৰ বহু তিৱা কবিতা, গীত, বিভিন্ন আলোচনীত প্ৰকাশ পাইছে। তিৱা সকলৰ জাতীয় সংগীত তিৱা তচিমা এওঁৱে সুৰ দিছিল। তেওঁৰ একাধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক,  লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল। তেওঁক পাহাৰৰ তিৱা সকলে ফা পৰৈ ( জাতিৰ পিতাৰ) বুলি সম্বোধন কৰিছিল। তেখেত মৃত্যু হৈছিল ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে।

খ) বলাইৰাম সেনাপতিঃ অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক, সংস্কৃতি সাধক বলাইৰাম সেনাপতি জন্ম হয় ১৯৩১ চনৰ  ৩ মাৰ্চত, নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত।তেখেতৰ পিতাক বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ।হাইস্কুল শিক্ষাও সমাপ্ত নকৰা সেনাপতিয়ে ১৯৫৩ চনৰ পৰা দহ বছৰ কাল মাধ্যমিক স্কুলৰ শিক্ষকতা কৰিছিল। তেখত অসমীয়া সাহিত্য-সংস্কৃতি এগৰাকী সুপ্ৰতিষ্ঠিত লেখক।তেখেতে ৰামধেনুত মিকিৰ পাহাৰত কি ঘটিছে প্ৰৱন্ধটো প্ৰকাশ কৰাত চাকৰি শেষ হৈছিল। ১৯৫৪ চনত মুকুল নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে। ৰামধেনুত লিখা তিৱাসকলৰ ৰাতিসেৱা প্ৰৱন্ধৰ জৰিয়তে সমাজৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছিল। ২০০০ চনত তিৱা সভাৰ আসনো অলংকৃত কৰিছিল। সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হল অতীতৰ সন্ধানত।তেখেতৰ মৃত্যু হৈছিল ২০১৪ চনৰ ১১ মেত।