2.6 সামৰণি (Conclusion)ঃ

   প্রথম সাতখন পৰিকল্পনাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাৰ প্ৰগতি বাস্তৱিকতে চকুত লগা আছিল উদ্যোগসমূহ স্বাধীনতা লাভৰ সময়তকৈ অধিক ভিন্নতা সম্পন্ন হৈছিল সেউজ বিপ্লৱৰ ফলস্বৰূপে খাদ্য সামগ্রী উৎপাদনত ভাৰতবৰ্ষই আত্মনিৰ্ভৰশীলতা লাভ কৰিছিল  ভূমি সংস্কাৰৰ ফলত ঘৃণনীয় জমিদাৰী ব্যৱস্থাৰ বিলোপ ঘটে। অৱশ্যে বহুতো অর্থনীতিবিদে ৰাজহুৱা খণ্ডৰ অনেক প্ৰতিষ্ঠানৰ প্ৰদৰ্শন সম্পর্কে অসন্তুষ্ট হৈছিল। অত্যধিক চৰকাৰী বিধি-ব্যৱস্থাই ব্যক্তিগত উদ্যোগৰ বিকাশত বাধাৰ সৃষ্টি কৰিছিল । আত্মনিৰ্ভৰশীলতাৰ নামত উৎপাদনকাৰীসকলক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষণাবেক্ষণ দিয়া হৈছিল আৰু এইটোৱে তেওঁলোকক উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত কৰিবলৈ প্রোৎসাহ যোগোৱা নাছিল। আমাৰ নীতিসমূহ অন্তর্মুখীভাৱে চালিত আছিল আৰু সেয়েহে আমি এটা শক্তিশালী ৰপ্তানি ক্ষেত্ৰ গঢ় দিয়াত সমৰ্থ হোৱা নাই। পৰিৱৰ্তিত গোলকীয় অর্থনৈতিক পটভূমিত আমাৰ অৰ্থনৈতিক নীতিৰ সংস্কাৰৰ প্ৰয়োজনীয়তা ব্যাপকভাৱে অনুভৱ হৈছিল আৰু আমাৰ অৰ্থব্যৱস্থাক অধিক দক্ষ কৰি তুলিবলৈ 1991 চনত নতুন অর্থনৈতিক নীতিৰ সূচনা কৰা হৈছিল। এইটোৱে পিছৰ অধ্যায়ৰ বিষয়বস্তু।

Janmoni Hazarika