2.4 উদ্য়োগ আৰু বাণিজ্য় (Industry and Trade)ঃ

       অৰ্থনীতিবিদসকলে দেখুৱাইছে যে এটা ভাল উদ্য়োগ খণ্ড থাকিলেহে দুখীয়া দেশসমূহে উন্নতি লাব কৰিব পাৰে। উদ্য়োগে নিয়োগৰ সৃষ্টি কৰে আৰু এনে নিয়োগ কৃষিখণ্ডৰ নিয়োগতকৈ অধিক সুস্থিৰ। ই আধুনিকীৰণ আৰু সামগ্ৰীক প্ৰগতি আগবঢ়াই নিয়ে। সেয়েহে ভাৰতবৰ্ষৰ পঞ্চবৰ্ষিক পৰিকল্পনাসমূহত উদ্য়োগৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। আগৰ আধ্য়ায়ত পাই আহিছা যে, স্বাধীনতাৰ সময়ত উদ্য়োগসমূহৰ ভিন্নতা বৰ কম আছিল আৰু ঔদ্য়োগীকৰণ প্ৰধানকৈ কপাহ আৰু মৰাপাট সীমাবদ্ধ আছিল।

    দুটা সু-পৰিকল্পিত লো আৰু তীখাৰ প্ৰকল্প আছিল। এটা জামছেদপুৰত আৰু আনটো কলিকতাত; কিন্তু  অৰ্থব্য়ৱস্থাৰ বিকাশৰ বাবে বিভিন্ন ধৰণৰ উদ্য়োগক সামৰি ঔদ্য়োগক সামৰি ঔদ্য়োগিক ভেটিৰ প্ৰসাৰ সাধন কৰাৰ দৰকাৰ।

ভাৰতবৰ্ষৰ ঔদ্য়েগিক উন্নয়নত বজাৰ আৰু ৰাষ্ট্ৰ (Market and State in Indian Industrial Development)ঃ নীতি নিৰ্ধাৰকসকলে সন্মুখীন হোৱা ডাঙৰ প্ৰশ্নটো আছিল-- ঔদ্য়োগিক উন্নয়নত চৰকাৰী  খণ্ড আৰু ব্য়ক্তিগত খণ্ডৰ ভূমিকা কি হোৱা উচিত ? স্বাধীনতাৰ সময়ত দেশখনৰ অৰ্থনৈিক উন্নয়নৰ বাবে প্ৰয়োজনীয় উদ্য়োসমূহ স্থাপনৰ বাবে বিনিয়োগ কৰিবলৈ ব্য়ক্তিগত উদ্য়োগপতিসকলৰ মূলধনৰ অভাৱ আছিল আৰু মূলধন থাকিলেও ডাঙৰ প্ৰকল্প হাতত লোৱাৰ বাবে প্ৰোৎসাহ যোগাব পৰাকৈ বজাৰ যথেষ্ট ডাঙৰ নাছিল। মূলতঃ ইয়াৰ বাবেই ঔদ্য়োগিক খণ্ডৰ উন্নতি সাধিবলৈ ৰাষ্ট্ৰই এটাডাঙৰ ভূমিকা পালন কৰিবলগীয়া হৈছিল। তদুপৰি দ্ধইতীয় পৰিকল্পনাত উল্লেখ কৰাৰ দৰে ভাৰতীয় অৰ্থব্য়ৱস্থাক সমাজবাদী পথেৰে বিকশিত কৰাৰ সিদ্ধান্তৰ বাবে গুৰুত্বপূৰ্ণ উদ্য়োসমূহ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত ৰখাত নীতি প্ৰয়োজনীয় হৈছিল। অৰ্থাৎ যিবোৰ উদ্য়োগ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ আছিল। ব্য়ক্তিগত খণ্ডৰ নীতি সমূহ ৰাজহুৱা খণ্ডৰ নীতিসমূহৰ পৰিপূৰক হোৱাটো বাঞ্ছনীয় আছিল আৰু ৰাজহুৱা খণ্ডটোৱে নেতৃত্ব বহন কৰিছিল।

ঔদ্য়োগিক নীতি প্ৰস্তাৱ, 1956 (Industrial Policy Resolutions)ঃ

গুৰুত্বপূৰ্ণ উদ্য়োগসমূহত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ৰখাৰ উদ্দেশ্য়ৰ লগত সংগতি ৰাখি 1956 চনৰ ঔদ্য়োগিক নীতি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এই প্ৰস্তাৱ দ্ধিতীয় পঞ্চবাৰ্ষিক পৰিৰল্পনাৰ ভেটি ৰচনা কৰিছিল --যিখন পৰিকল্পনাই আকৌ এখন সমাজবাদী আৰ্হিৰ সমাজৰ ভেটি ৰচনাৰ প্ৰচেষ্টা চলাইছিল। এই প্ৰস্তাৱে উদ্য়োগসমূহক চিনিটা ভাগত বিভক্ত কৰিছিল। সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ অধীনস্থ উদ্য়ৈাগসমূহক প্ৰথম ভাগত ধৰা হৈছিল। যিবোৰ উদ্য়ােগৰ ক্ষেত্ৰত নতুন গোট আৰম্ভ কৰাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ হাতত আছিল আৰু চৰকাৰী খণ্ডৰ প্ৰচেষ্টাত ব্য়ক্তিগত খণ্ডই পৰিপূৰক হিচাপে কাম কৰিব পাৰিছিল, সেইবোৰ উদ্য়োগত দ্ধিতীয় খণ্ডৰ অন্তৰ্ভূক্ত কৰা হৈছিল। বাকী সকলোবোৰ উদ্য়োগক তৃতীয় ভাগত ভাগ কৰা হৈছিল আৰু ইহঁত ব্য়ক্তিগত খণ্ডৰ অন্তৰ্ভূক্ত আছিল। উদ্য়ােগসমূহৰ ভিতৰত এটা অংশ ব্য়ক্তিগত খণ্ডৰ অধীনস্থ আছিল যদিও এই খণ্ডটো লাইচেন্স ব্য়ৱস্থাৰ জৰিয়তে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত ৰখা   নিয়ন্ত্ৰণত ৰখা হৈছিল  চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে কোনো নতুন উদ্যোগ গঢ়ি উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। এই নীতি পিছপৰা অঞ্চলসমূহত উদ্যোগৰ বিকাশৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অর্থনৈতিকভাৱে পিছপৰা অঞ্চলত স্থাপন কৰিবলৈ যোৱা উদ্যোগৰ বাবে অনুজ্ঞাপত্ৰ পোৱাটো সহজ হৈছিল । তদুপৰি এনে গোটসমূহক কৰ ৰেহাইনিম্নহাৰত বিজুলী যোগান আদিৰ সুবিধাও দিয়া হৈছিল। আঞ্চলিক সমতা বৃদ্ধি কৰাটো এই নীতি উদ্দেশ্য আছিল। আনকি চলি কা উদ্যোগেও উৎপাদন বৃদ্ধি বা উৎপাদিত সামগ্ৰীৰ ভিন্নকৰণৰ বাবে (নতুন বিধৰ সামগ্রী উৎপাদন কৰিবলৈ) অনুজ্ঞাপত্ৰ ল’ব লাগিছিল। এটা অৰ্থব্যৱস্থাৰ বাবে প্ৰয়োজনতকৈ অধিক পৰিমাণৰ সামগ্রী উৎপাদন নোহোৱাটো নিশ্চিত কৰিবলৈ এনে ব্যৱস্থা লোৱা হৈছিল। অৰ্থব্যৱস্থাৰ বাবে অধিক পৰিমাণৰ সামগ্ৰীৰ প্ৰয়োজন হৈছে বুলি চৰকাৰ পতিয়ন গ'লেহে উৎপাদন বৃদ্ধিৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল।

ক্ষুদ্র উদ্যোগ (Small Scale Industry) : 1955 চনত গাঁও আৰু ক্ষুদ্র উদ্যোগ সম্পৰ্কীয় সমিতিয়ে [কার্ভে (Karve) সমিতি নামে জনাজাত] গ্রাম্য উন্নয়নৰ অগ্ৰগতিৰ বাবে ক্ষুদ্র উদ্যোগৰ ব্যৱহাৰৰ সম্ভাৱনা লক্ষ্য কৰিছিল। গোট এটাৰ পৰিসম্পদৰ বাবে অনুমতি প্রাপ্ত সর্বোচ্চ বিনিয়োগৰ প্ৰসংগত ক্ষুদ্র উদ্যোগৰ সংজ্ঞা আগবঢ়োৱা সময়ৰ লগে লগে এই উচ্চ সীমাৰো পৰিৱৰ্তন ঘটিছে। যি উদ্যোগ গোটে সর্বোচ্চ পাঁচ লাখ টকা পর্যন্ত বিনিয়োগ কৰিছিল, 1950 চনত তাকে ক্ষুদ্র উদ্যোগ বোলা হৈছিল। বর্তমান সময়ত অনুমতিপ্রাপ্ত সর্বোচ্চ বিনিয়োগৰ পৰিমাণ এক কোটি টকা।

    এইটো বিশ্বাস কৰা হৈছিল যে ক্ষুদ্র উদ্যোগসমূহ অধিক শ্রম-নিবিড়; অর্থাৎ বৃহৎ উদ্যোগসমূহৰ তুলনাত ইহঁতে অধিক শ্ৰম ব্যৱহাৰ কৰে আৰু সেয়েহে অধিক নিয়োগ সৃষ্টি কৰে। কিন্তু এই উদ্যোগসমূহে বৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে। এইটো জল্জল পট্‌পট্ যে, ক্ষুদ্র উদ্যোগসমূহৰ উন্নয়নৰ বাবে এইবোৰক বৃহৎ প্রতিষ্ঠানসমূহৰ পৰা ৰক্ষা কৰিব লাগিব। এই উদ্দেশ্যে বহুবিধ সামগ্ৰীৰ উৎপাদন ক্ষুদ্র উদ্যোগৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছিল। এনে সংৰক্ষণ নীতিৰ ভিত্তি আছিল এই গোটসমূহৰ সামগ্ৰী উৎপাদনৰ যোগ্য়তা। এনে উদ্য়োগসমূহ আবকাৰী শুক্ল আৰু বেংকৰ সুদৰ হাৰ আদিৰ ক্ষেত্ৰত ৰেহাইও দিয়া হৈছিল।

Janmoni Hazarika