🎵Song: মই নৈ পৰীয়া (Moi Noi Poriya)🎵

▶ কণ্ঠশিল্পী- ৰক্তিম চেতিয়া পাত্ৰ আৰু প্ৰিন্সী প্ৰিয়া নাথ

▶ Lyrical & GFX- Hirak J Dutta 

▶ কথা/সুৰ- ভূগু (সুনমইনা)

▶ সংগীত- জোন জোনাক 

▶ lyrics 

মই নৈ পৰীয়া 

মোৰসোন মৰমি ঐ

মই আনৰ ঘৰ হালোৱা 

মতা মহ ঐ ৰখীয়া

নেপাঁও নো পেতে ভৰাই ভাত

মই ঘাটমাউৰা 

মোৰসোণ মৰমি ঐ

মৰম চেনেহ দুখীয়া 

মৰম চেনেহ দুখীয়া ঐ 

কোনে বাৰু লগাব এষাৰি মৰমৰ মাত 

তোমাৰনো অবিহনে 

মৰম ঐ 

কোনে নো আনি দিব 

নদীৰনো পানীটুকী 

কোনেনো ৰান্ধি দিব 

কোনেনো ৰান্ধি দিব ভাত 

নৰিয়াতে পৰিলে 

মৰম ঐ 

আহিবনে কাষলে 

শিতানতে বহিলৈ 

লগাবলৈ এষাৰি 

লগাবলৈ এষাৰি মাত 

নৈ কাযৰীয়া মোৰধন চেনাই ঐ 

মাটিনো তাকৰিয়া

মাটিনো তাকৰিয়া 

ছমাহলৈ নোজোৰে ভাত

এৰো এৰো বুলি 

মোৰধন চেনাই ঐ 

এৰিব মই পৰা নাই 

এৰিব মই পৰা নাই 

চেনাইৰনো মৰমসনা মাত 

নৈৰ নো ঐ ঘাটিলৈ 

চেনাই ঐ 

যাবলৈে মই এৰিলো

নৈ গৰা ঐ খহিবৰ 

নৈ গৰা ঐ খহিবৰ পৰা

তোমালোকৰ ঘৰলৈ 

চেনাই ঐ 

যাবলৈ মই এৰিলো

তুমি মৰম নিদিয়াৰ ন

তুমি মৰম নিদিয়াৰ পৰা 

সৰুতে জানানে 

মোৰসোণ মৰমি ঐ 

পাৰ কৰিছিলো ল'ৰালি 

উমলি ঐ ল'ৰালি 

মৰমৰে সাগৰত খেলি 

এতিয়া কিয়নো মোৰসোণ মৰমি ঐ 

পাহৰিব খোজিছা 

পাহৰিব খোজিছা

দুখীয়া ঐ মিছলা বুলি 

মোৰেনো দুখে দেখি 

মৰম ঐ 

পানীত হাঁহ ঐ নছৰে 

বামতে ঐ নছৰে

বামতে ঐ নছৰে  গুঁই 

দুখৰে ঐ দিনতে 

মৰম ঐ ফটাকৈ ঐ চুৰীয়া 

হৰিণালৈ পাতিছো 

হৰিণালৈ পাতিছো জাল 

নালাগে পিন্ধিব 

মোৰধন চেনাই ঐ 

ফাটকৈ ঐ চুৰীয়া 

দুখৰে ঐ দিনৰে

নালাগে ঐ পাতিব 

হৰিণালৈ এবুলি জাল 

বৰে নৈয়ে দাতিত 

মোৰধন চেনাই ঐ 

হাবি বনে কাতি 

হাবি বনে কাতি 

দুয়োখনে খেতি কৰি খাম 

আাকাশৰে শুৱনী 

চেনাই ঐ 

জোন, বেলি, তৰাঁ

নদীৰে ঐ শুৱনি 

নদীৰে ঐ শুৱনি গৰা

আবেলি ঐ পৰতে

চেনাই ঐ 

আহিবানে নিজান নদীৰ ঘাটলৈ 

পাতিমে ঐ মনৰে 

পাতিমে ঐ মনৰে কথা