5.4 মানৱ মূলধন আৰু মানৱ উন্নয়ন (Human Capital and Human Development) :

    এই দুয়োটা ধাৰণা আপাততঃ সদৃশ যেন লাগিলেও সিহঁতৰ মাজত স্পষ্ট পার্থক্য আছে। মানৱ মূলধনে শিক্ষা আৰু স্বাস্থ্যক শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধিৰ উপায় বুলি বিবেচনা কৰে। মানৱ উন্নয়নৰ ধাৰণাটোৰ ভিত্তি হ’ল শিক্ষা আৰু স্বাস্থ্য মানৱ কল্যাণৰ বাবে অপৰিহাৰ্য, কিয়নো মানুহে যেতিয়া লিখিব পঢ়িব জনাৰ লগতে সুস্বাস্থ্য আৰু দীর্ঘায়ু লভিব পাৰে, তেতিয়া তেওঁলোকে মূল্য আৰোপিত কৰা অন্যান্য পছন্দসমূহ কৰিবলৈ সমৰ্থ হয়।

    মানৱ মূলধনে মানুহক এটা লক্ষ্যত উপনীত হোৱাৰ উপায় বুলি বিবেচনা কৰে আৰু এই লক্ষ্য হ’ল উৎপাদনশীলতা বৃদ্ধি ৷ এনে অৰ্থত, শিক্ষা আৰু স্বাস্থ্যত কৰা যিকোনো বিনিয়োগেই অনা উৎপাদনমূলক হ’ব যদিহে ই দ্ৰব্য আৰু সেৱাৰ পৰিমাণ বৃদ্ধি নকৰে৷ মানৱ উন্নয়নৰ পৰিপ্ৰেক্ষিতত মানুহৰ লক্ষ্য মানুহ নিজেই। শিক্ষা আৰু স্বাস্থ্যত কৰা বিনিয়োগে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তেহে মানৱ কল্যাণ সাধিত হ'ব। সেয়েহে, বুনিয়াদী শিক্ষা আৰু প্ৰাথমিক স্বাস্থ্যই শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি কৰক বা নকৰক, ইহঁত অপৰিহাৰ্য। এনে দৃষ্টিত প্ৰত্যেক ব্যক্তিৰে বুনিয়াদী শিক্ষা আৰু প্ৰাথমিক স্বাস্থ্য যতনৰ অধিকাৰ আছে। অর্থাৎ সকলো ব্যক্তিৰে শিক্ষিত আৰু সুস্বাস্থ্যৱান জীৱনৰ গৰাকী হোৱাৰ অধিকাৰ আছে।


Janmoni Hazarika