5.2 মানৱ মূলধন কি ? (What is Human Capita?) :

    এখন দেশে ভূমিৰ দৰে ভৌতিক সম্পদক কাৰখানাৰ দৰে মূলধনলৈ যেনেকৈ ৰূপান্তৰিত কৰিব পাৰে, ঠিক তেনেকৈ ছাত্র বা ছাত্ৰীৰ দৰে মানৱ সম্পদক ডাক্তৰ বা ইঞ্জিনীয়াৰৰ দৰে মানৱ মূলধনলৈ পৰিৱৰ্তন কৰিব পাৰে। প্ৰথমতে, সমাজত পর্যাপ্ত পৰিমাণে পাৰদৰ্শী ব্যক্তিৰ ৰূপত মানৱ মূলধন লাগে যিয়ে অধ্যাপক বা অন্য পদাধিকাৰী হিচাপে নিজকে শিক্ষিত আৰু প্ৰশিক্ষিত কৰি গঢ়ি তুলিছে৷ আন কথাত ক’বলৈ হ'লে অন্য মানৱ মূলধন (যেনে ডাক্তৰ, ইঞ্জিনীয়াৰ .........) উৎপাদন কৰিবলৈ আমাক ভাল মানৱ মূলধনৰ প্ৰয়োজন৷ এইটোৱে বুজায় যে মানৱ সম্পদৰ পৰা আৰু বেছি মানৱ মূলধন তৈয়াৰ কৰিবলৈ হ'লে মানৱ মূলধন গঠনৰ বাবে আমাক বিনিয়োগৰ প্ৰয়োজন।

    তলৰ প্ৰশ্নকেইটি উপস্থাপনৰ জৰিয়তে মানৱ মূলধননো কি তাক আৰু ভালকৈ বুজা যাওক: 

i) মানৱ মূলধনৰ উৎসসমূহ কি কি?

ii) এখন দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ লগত মানৱ মূলধনৰ সম্পৰ্ক আছে নে

iii) মানৱ মূলধন গঠনৰ সৈতে মানুহৰ সৰ্বদিশৰ উন্নয়নযাক আজিকালি মানৱ উন্নয়ন বুলি কোৱা হয়তাৰ সম্পৰ্ক আছেনে?

iv) ভাৰতত মানৱ মূলধন গঠনত চৰকাৰে কি ভূমিকা গ্ৰহণ কৰিব পাৰে?

Janmoni Hazarika