5.1 সূচনা (Introduction) : 

 মানৱ জাতিৰ বিকাশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা এক উপাদানৰ বিষয়ে ভাবাচোন। বোধহয় এইটো হ’ব কথোপকথন, গীতমাত আৰু বিতং বক্তৃতাৰ জৰিয়তে আহৰণ কৰা জ্ঞানক সাঁচি ৰখা আৰু প্ৰেৰণ কৰিব পৰা মানুহৰ ক্ষমতা। কিন্তু মানুহে অচিৰেই বুজি পাইছিল যে দক্ষভাৱে কাৰ্য সম্পাদন কৰিবলৈ আমাক যথেষ্ট পৰিমাণৰ নিপুণতা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন । আমি জানো যে এজন শিক্ষিত ব্যক্তিৰ শ্ৰম নিপুণতা অশিক্ষিত ব্যক্তি এজনৰ তুলনাত বেছি; সেয়েহে তেওঁ বেছি আয় উপাৰ্জন কৰিবলৈ সক্ষম আৰু অৰ্থনৈতিক বৃদ্ধিত তেওঁৰ অৱদানো বেছি। শিক্ষা আহৰণ কৰিব খোজাৰ এইটোৱে কাৰণ নহয় যে ই মানুহক বেছি উপাৰ্জন কৰিব পৰা ক্ষমতা প্ৰদান কৰে; ইয়াৰ আন গুৰুত্বপূৰ্ণ লাভালাভো আছে। শিক্ষাই এজন ব্যক্তিক উচ্চতৰ সামাজিক অৱস্থান আৰু গৰ্ব দিয়ে; জীৱনত নির্বাচন কৰাৰ ক্ষমতা প্রদান কৰে, সমাজত হোৱা পৰিৱৰ্তনবোৰ বুজি পাবলৈ জ্ঞান দিয়ে আৰু ই উদ্ভাৱনী শক্তি বৃদ্ধি কৰে। তদুপৰি শিক্ষিত শ্ৰমিকৰ প্ৰাচুৰ্যই নতুন কৌশল প্ৰয়োগ সহজসাধ্য কৰে। শিক্ষাই অর্থনৈতিক উন্নয়ন প্ৰক্ৰিয়া দ্ৰুততৰ কৰে কাৰণে অর্থনীতিবিদসকলে শিক্ষাৰ সম্প্ৰসাৰণত গুৰুত্ব প্ৰদান কৰি আহিছে। 


 Janmoni Hazarika