জনসংখ্যাৰ গঠন 

    জনসংখ্যাৰ ভূগোলত জনসংখ্যাৰ গঠনৰ বিষয়ে বহলভাবে আলোচনাৰ কৰা হয়। বয়স আৰু লিংগৰ বিশ্লেষণ, বাসস্থান, জনগোষ্ঠীয় বৈশিষ্ট্য, জনজাতি, ভাষা, ধৰ্ম, বৈবাহিক সম্বন্ধ, সাক্ষৰতা আৰু শিক্ষা বৃত্তিগত বৈশিষ্ট্য ইত্যাদি। ইয়াত আমি ভাৰতৰ গ্ৰাম্য - নগৰীয়া বৈশিষ্ট্য, ভাষা, ধৰ্ম আৰু বৃত্তিৰ আৰ্হিৰ গঠন সম্পৰ্কে আলোচনাৰ কৰিম।

  গ্ৰাম্য - নগৰীয়া গঠন

    জনসংখ্যাৰ গ্ৰাম্য - নগৰীয়া বায়স্থানৰ গঠন আৰ্থ - সামাজিক বৈশিষ্ট্যৰ অতি প্ৰয়োজনীয় সূচক। যদিহে এখন দেশৰ প্ৰায় ৭২ শতাংশ লোকেই গাঁও অঞ্চলত বাস কৰে তেন্তেই ই আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে।

    তোমালোকে জানা যে ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতত বৰ্তমান ৬,৩৮,৫৮৮ খন গাঁও আছে আৰু ইয়াৰ ভিতৰত ৫,৯৩,৭৩১ খনেই বসতিপূৰ্ণ গাঁও? গাঁও বিলাকৰ বিতৰণলৈ মন কৰিলে দেখা যায় যে ভাৰতৰ সকলো প্ৰদেশতেই সমবাৱে বিতৰণ হৈ থকা নাই। তোমালোকে নিশ্চয় মন কৰিছা য বিহাৰ আৰু ছিক্কিমত গ্ৰাম্য জনসংখ্যাৰ শতকৰা হাৰ অদিক। গোৱা, মহাৰাষ্ট্ৰ আদিত গ্ৰাম্য জনসংখ্যা পঞ্চাশ শতাংশকৈ অলপ বেছি।

    আনহাতে দাদৰ আৰু নগৰ হাভেলীৰ বাহিৰে অন্যান্য কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত গ্ৰাম্য জনসংখ্যাৰ অনুপাত তাকৰ। গাঁওবোৰৰ আকাৰৰ ক্ষেত্ৰতো যথেষ্ট পাৰ্থক্য দেখা যায়। উত্তৰ - পূব ভাৰতৰ পাহাৰীয়া ৰাজ্যবোৰ পশ্চিম ৰাজস্থান আৰু কচ্ছৰ ৰান অঞ্চলত থকা গাঁও বোৰত ২০০ লোকতকৈও কম মানুহে বাস কৰে। আনহাতে কেৰালা আৰু মহাৰাষ্ট্ৰৰ কিছুমান গাঁৱত প্ৰায় ১৭ হেজাৰ লোক বায় কৰা দেখা যায়। গ্ৰাম্য বসতিৰ বিতৰণ ভালদৰে নিৰীক্ষণ কৰিলে স্পষ্টকৈ বুজিব পাৰি যে নগৰীকৰণৰ পৰ্যায়, আন্তঃ আঞ্চলিক আৰু আন্তঃ ৰাজ্যিক আৰু গ্ৰাম্য - নগৰীয়া প্ৰব্ৰজনে গ্ৰাম্য জনসংখ্যাৰ নিয়ন্ত্ৰিত কৰে।

    ভাৰতৰ নগৰীয়া জনসংখ্যা কম, মাত্ৰ ২৭.৮ শতাংশ আৰু যোৱা কেইটামান দশকত ই দ্ৰুতগতিত বৃদ্ধি হবলৈ ধৰিছে। বিশেষকৈ ১৯৩১ চনৰ পিছৰ পৰা অৰ্থনৈতিক আৰু স্বাস্থ্য সম্পৰ্কীয় সুবিধাৰ ুন্নয়নৰ কাৰমে নগৰীয়া জনসংখ্যা হাৰ যথেষ্ট বৃদ্ধি হৈছে। নগৰীয়া জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰতো সমগ্ৰ দেশতেই যথেষ্ট বৈষম্য পৰিলক্ষিত হয়।

    ভাৰতৰ প্ৰায়বোৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নগৰীয়া জনসংখ্যাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা নগৰীয়া অঞ্চলৰ আৰ্থ - সামাজিক ুন্নয়ন হোৱাৰ লগতে গ্ৰাম্য - নগৰীয়া - প্ৰব্ৰজনৰ বৰ্ধিত হাৰৰ বিষয়ে জানিব পাৰি। উত্তৰ বাৰতৰ সমবূমি অঞ্চলৰ ৰেল আৰু আলিবাটৰ দুয়োকাষে আৰু শিল্পপ্ৰধান অঞ্চল বিশেষকৈ কলকাতাৰ আশে - পাশে, মুম্বাই, বাংগালোৰ, মহীশূৰ, মাডুৰাই, কইমবাটুৰ - আহমেদাবাদ - চুৰাট, দিল্লী -কানপুৰ আৰু লুধিয়ানা - জলন্ধৰৰ কিছুমান নিৰ্দিষ্ট ঠাইলৈ এনে প্ৰব্ৰজন অধিক হোৱা দেখা যায়। মধ্য আৰু নিম্ন গংগা সমভুমি অঞ্চল, টেলেংগানা, পশ্চিম ৰাজস্থানৰ পানী যোগান ব্যৱস্থা নথকা ঠাইবোৰ, পাহাৰীয়া ভিতৰুৱা অঞ্চলবোৰ, উত্তৰ - পূব ভাৰতৰ জনজাতি অধ্যুষিত অঞ্চল, উপদ্বীপীয় অঞ্চলৰ বানপানী হোৱা ঠাইবোৰ, মধ্য প্ৰদেশৰ পূৰ্বাংশ আদিত কৃষিৰ স্থবিৰতাৰ হেতু নগৰীয়কৰণ অতি লেহেমীয়া।

 ভাষিক গঠন

       ভাৰতবৰ্ষত বিভিন্ন ভাষা - ভাষীৰ লোক বাস কৰে। গিয়াৰ্চনৰ মতে ভাৰতবৰ্ষত ১৯৭ টা ভাষা আৰু ৫৪৪ টা দোৱান আছিল। আধুনিক ভাৰতত ১৯৯১ চনৰ জৰীপ অনুসৰি ১৮ টা সংবিধান স্বীকৃত ভাষা প্ৰচলিত। ১০ টকায়ৈ কাগজৰ মুদ্ৰাত কিমানটা ভাষা পোৱা যায় চোৱাচোন। সংবিধান স্বীকৃত বাষাৰ ভিতৰত হিন্দী ভাষা - ভাষী লোকৰ সংখ্যাই অধিক লঘিষ্ঠ বাষিক গোষ্ঠীৰ লোক হল কাশ্মিৰী আৰু সংস্কৃত। কোনো নিৰ্দিষ্ট এটা ভাষা ব্যৱহাৰ কৰা অঞ্চল বাৰতবৰ্ষত পোৱাটো কঠিন কিয়নো প্ৰায় প্ৰতিটো অঞ্চলতেই একাধিক বাষা - ভাষীৰ লোক বাস কৰে।

  ধৰ্মীয় গঠন

        সৰহবাগ ভাৰতীয়ৰ সাংস্কৃতিক আকু ৰাজনৈতিক জীৱনত প্ৰভাৱ বিস্তাৰ কৰা শক্তিয়েই হল ধৰ্মীয় অনুবূতি। যিহেতু ধৰ্মই পৰিবাহিক আৰু সাম্প্ৰদায়িক জীৱনৰ প্ৰায়বোৰ ক্ষেত্ৰতেই প্ৰবাৱ বিস্তাৰ কৰে সেয়েহে ধৰ্মীয় গঠন সম্পৰ্কে অধ্যায়ন কৰাটো অতি প্ৰয়োজনীয় বিষয়।

    দেশৰ ধৰ্মীয় সম্প্ৰদায়ৰ বিতৰণৰ আৰ্হিৰ মন কৰিলে দেখা যায় যে কিছুমান ৰাজ্য আৰু বিশেষ অঞ্চলত হিন্দু ধৰ্মীয় লোকৰ আধিপত্য অদিক আৰু আন কিছুমান অঞ্চলত সেই ধৰ্মৰ লোক নগণ্য।

    ভাৰতৰ বহুতো ৰাজ্যত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা অধিক। কিন্ত কিছুমান অঞ্চলত হিন্দু ধৰ্মীয় লোকৰ সংখ্যা তাকৰ। তেনে অঞ্চলবোৰ হল- ভাৰত বাংলাদেশ সীমান্ত অঞ্চল। ভাৰত - পাকিস্তান সীমান্ত অ়্চল, জন্মু আৰু কাশ্মীৰৰ উত্তৰ - পূব বাৰতৰ পাহাৰীয়া ৰাজ্যকেইখন, দাক্ষিণাত্য মানভূমি আৰু গংগা সমভূমিৰ কিছুমান বিশেষ অঞ্চল।

    ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক প্ৰধানকৈ জন্মু আৰু কাশ্মীৰ, পশ্চিমবংগ আৰু কেৰালাৰ কেইখনমান নিৰ্দিষ্ট জিলা, উত্তৰপ্ৰদেশৰ কেইবাখনো জিলা দিল্লীৰ আশে - পাশে আৰু লাক্ষাদ্বীপত ইছলাম ধৰ্মীয় লোকৰ জনসংখ্যা অধিক। কাশ্মীৰ উপত্যকা আৰু লাক্ষাদ্বীপত মুছনমানসকল সংখ্যগুৰু।

    ভাৰতবৰ্ষত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল সাধাৰণতে গ্ৰাম্য অ়্চলত সিঁচৰিত হৈ আছে। খ্ৰীষ্টিয়ান লোকসকলৰ বসতিপ্ৰধান অঞ্লবোৰ হল গোৱা, কেৰালা, ছোটনাগপুৰ মালভূমি আৰু উত্তৰ - পূব ভাৰতৰ পাহাৰীয়া ৰাজ্যবোৰ যেনে মেঘালয়, অৰুমাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু অসমৰ পাহাৰীয়া জিলা দুখনৰ কিচুমান বিশেষ অঞ্চল।

    জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ সংখ্যা নিচেই কম। ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ একাংশ নগৰীয়া কেন্দ্ৰৰ ঠাই বিশেষে জৈনসকলৰ বসতি দেখা যায়। আনহাতে বৌদ্ধ ধৰ্মাৱলম্বী লোকসলকৰ অধিকাংশিই মহাৰাষ্ট্ৰত বাস কৰে। তদুপৰি ছিকিম, অৰুমাচল প্ৰদেশ আৰু জন্মু আৰু কাশ্মীৰৰ লাডাখ অঞ্চলৰ বৌদ্ধ ধৰ্মীয় লোক সিঁচৰিত হৈ আছে। কিছুসংখ্যক বৌদ্ধধৰ্মৰ অমুগামী লোক ত্ৰিপুৰা আৰু হিমাচল প্ৰদেশৰ লাহুল আৰু স্পিতি অঞ্চলত বসবাস কৰা দেখা যায়।

    অন্যন্য ধৰ্মীয় সম্প্ৰদায়ৰ ভিতৰত প্ৰাচীন জড় উপাসক, জনজাতীয় আৰু অন্যান্য আদিম বিশ্বাসী লোক অন্তৰ্ভূক্ত কৰা হয়। এই ধাৰমাত বিশ্বাসী লোকৰ সংখ্যা তেনেই কম আৰু ভাৰতৰ প্ৰায় সকলো ঠাইতেই পোৱা যায়।

Type- Boby Bora