জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক বৈষম্য

    ১৯৯১ - ২০০১ দশকটোত ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰত বৃদ্দিৰ হাৰৰ চানেকি স্পষ্ট ৰূপত দেখা যায়। কেৰালা, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, পণ্ডিচেৰী আৰু গোৱাত জনংখ্যাৰ বৃদ্ধিৰ হাৰ কম। এই অঞ্চলবোৰত দশকটোত বৃদ্ধিৰ হাৰ শতকৰা ২০ জনতকৈ অদিক নহয়। কেৰালা ৰাজ্যত বৃদ্ধিৰ হাৰ নিম্নতম( ৯.৪%)।

    দেশখনৰ উত্তৰ পশ্চিম, উত্তৰ আৰু উত্তৰ মধ্য অঞ্চলৰ নিৰবিচ্ছিন্ন এটা বলয়ত আনকি দক্ষিণ ভাৰতৰ দেশসমূহতকৈ বৃদ্ধিৰ হাৰ অধিক। এই বলয়টোৰ অন্তৰ্গত দেশবোৰ হল গুজৰাট, মহাৰাষ্ট্ৰ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, উত্তৰাঞ্চল, মধ্যপ্ৰদেশ, ছিকিম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড অসম আৰু ত্ৰিপুৰা। গড় হিচাপে এই ্ঞ্চলৰ বৃদ্ধিৰ হাৰ ২০ - ২৫ শতাংশ।

    ভাৰতৰ জনসংখ্যাৰ এটা গুৰুত্বপূৰ্ণ দিশ হল ইয়াৰ কিশোৰ অভাৱনীয় বৃদ্ধিৰ হাৰ অৰ্থাৎ ১০ - ১৯ বছৰৰ লৰা - ছোৱালী ২০০১ চনৰ পিয়ল অনুসৰি ২২ শতাংশ, ইয়াৰ ভিতৰত লৰা ৫৩ শতাংশ আৰু ছোৱালী ৪৭ শতাংশ। এই বয়সৰ লৰা - ছোৱালী অধিক সম্ভাৱনাপূৰ্ণ বুলি ভবা হয় যদিও উপযুক্ত পথ নিৰ্দেশনাৰ অবাৱত অতি হননীয় হব পাৰে। সমাজে এইচাম লৰা - ছোৱালীৰ কাৰণে যথেষ্ট কৰণীয় আছে, কিয়নো এইচামৰ ভিতৰত কম বয়সত বিবাহ, নিৰক্ষৰতা বিদ্যালয়লৈ যোৱা বাদ দিয়া, পুষ্টিহীনতা, কম বয়সতেই গৰ্ভধাৰণ কৰি মৃত্যুমুখত পৰা, এইডছ/HIV সংত্ৰুমণ শাৰীৰিক আৰু মানসিক অত্যধিক চাপৰ ফলত হব পৰা ৰোগ, মাদক দ্ৰব্য সেৱণৰ প্ৰতি আসক্তি, যুৱ অপৰাধ, কাজিয়া - পেচাল আদিৰ দৰে বিভিন্ন ব্যাধিয়ে সহজতে আকৃষ্ট কৰে আৰু সমাজলৈ অমানিশা অনাৰ সম্ভাৱনা প্ৰকট হৈ উঠে।

     এনেকুৱা বিষয়বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বাৰত চৰকাৰে বিভিন্ন শিক্ষা সম্বন্ধীয় আঁচনি যুগুত কৰি এইচাম কিশোৰ - কিশোৰীক সঠিক পথৰ নিৰ্দেশনাৰ আঁচনি কাৰ্যক্ষম কৰিছে। ৰাষ্ট্ৰীয় যুৱ নীতি ইয়াৰ উদাহৰণ। এই নীতিৰ জৰিয়তে ভাৰত চৰকাৰে কিশোৰ - কিশোৰী আৰু যৱক - যুৱতাক মেধাৰ ভিত্তিত বিভিন্ন প্ৰশিক্ষণ দি সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ ব্যৱস্থা কৰিছে।

    ২০০৩ চনত কাৰ্যকৰী কৰা ৰাষ্ট্ৰীয় যুৱ নীতিয়ে যুৱক - যুৱতীসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ যোগেদি কল্যাণকামী ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ ধনাত্মক সহযোগ কামনা কৰিছে। মহিলা আৰু কিশোৰীৰ সবলীকৰণৰ বিশেষ ব্যৱস্থাৰ যোগেদি পুৰুষ - মহিলাৰ মৰ্যাদা সমপৰ্যায়ৰ কৰাৰ প্ৰয়াস কৰিছে। যুৱক - যুৱতীসকলৰ সৰ্বাংগীন উন্নয়নৰ হকে খেলা - ধূলা, আমোদ - প্ৰমোদ, স্বাস্থ্য আদিৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শেহতীয়া আৱিষ্কাৰ আৰু কৌশলৰ সতে পৰিচয় কৰি দি বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষৰ হকে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কাৰ্ষব্যৱস্থা লৈছে।

    ওপৰত আলোচনাৰ পৰা স্পষ্ট হৈছে য স্থান আৰু কালভেদে জনসংক্যাৰ বৃদ্ধিৰ তাৰতম্য হৈছে আৰু বৰ্ধিত জনসংখ্যাই কিছুমান বিশেষ সামাজিক সমস্যাৰ সৃষ্টি কৰিছে। জনসংখ্যাৰ বৃদ্ধিৰ আৰ্হিৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিবলৈ হলে জনসংখ্যাৰ গঠন সম্পৰ্কে জ্ঞান আহৰণ কৰিব লাগিব। 

    Type- Boby Bora