গোট - ১

জনসংখ্যা বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন


জনসংখ্যা ৰাষ্ট্ৰ গঠনৰ অন্যতম প্ৰধান উপাদান। জনসংখ্যাৰ অধিকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ। এই ক্ষেত্ৰত চীন দেশৰ স্থান শীৰ্ষত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হল ১,০২৮ নিযুত। উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ওচেনিয়া মহাদেশৰ মুঠ জনসংখ্যাতকৈ ভাৰতৰ জনসংখ্যা অধিক। এই বৃহৎ আকাৰৰ জনসংখ্যাই ভাৰতৰ সীমিত সম্পদৰাজিৰ ওপৰত চাপৰ সৃষ্টি কৰিছে আৰু বহুতো আৰ্থ - সামাজিক সমস্যাৰ সৃষ্টি কৰিছে।


Type - Boby Bora