জনসংখ্যাৰ ঘনত্ব

        প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত কিমানজন মানুহ বাস কৰে সেয়েই হল জনসংখ্যাৰ ঘনত্ব। ভূমিৰ পৰিপ্ৰেক্ষিতত জনসংখ্যাৰ স্থানিক বিতৰণ বুজাত ই সহায় কৰে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ৩১৩ জন। জনবসতিৰ ঘনত্বৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান তৃতীয়। প্ৰতি বৰ্গ কিলোমিটাৰত ৮৪৯ জন ঘনত্বৰে বাংলাদেশৰ স্থান শীৰ্ষত আৰু দ্বিতীয় স্থান লাভ কৰিছে জাপানে ( ৩৩৪)। যোৱা পঞ্চাশ বছৰত ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰায় ২০০ জন বাঢ়িছে। কিয়নো ১৯৫১ চনত প্ৰতি বৰ্গ কিলোমিটাৰত জনবসতিৰ ঘনত্ব আছিল ২০০১ চনত হয়গৈ ৩১৩ জন।

        পৰিশিষ্ট (I) দিয়া তথ্যৰ পৰা এইটো স্পষ্ট যে বিভিন্ন প্ৰদেশৰ জনসংখ্যাৰ ঘনত্বৰ যথেষ্ট পাৰ্থক্য আছে। অৰুণাচল প্ৰদেশৰ জনবসতিৰ ঘনত্ব হল প্ৰতি বৰ্গ কিলোমিটাৰত ১৩ জন। আনহাতে কেন্দ্ৰীয়শাসিত ৰাষ্ট্ৰীয় ৰাজধানী। দিল্লীৰ ঘনত্ব হল ৯,৩৪০ জন। উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ ( ৯০৩),, বিহাৰ ( ৮৮০) আৰু উত্তৰপ্ৰদেশৰ ( ৬৯০) জনসংখ্যাৰ ঘনত্ব অধিক।আনহাতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালা ( ৮১৯) আৰু তামিলনাডুৰ (৪৮০) জনসংখ্যাৰ ঘনত্ব অধিক। মধ্যমীয়া ঘনত্বৰ দেশবোৰ হল অসম, গুতৰাট, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড আৰু উৰিষ্যা। হিমালয়ৰ পাদদেশত অৱস্থিত পাহাৰীয়া ৰাজ্যবোৰৰ ঘনত্ব পাতলীয়া। আন্দামান আৰু নিকোবৰৰ বাদে অন্যান্য সকলো কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব অধিক।

    ওপৰত উল্লেখ কৰা জনসংখ্যাৰ সাধাৰণ ঘনত্বই মানুহ আৰু মাটিৰ সম্পৰ্কৰ কথা সুচায়। কিন্ত ত্ৰিয়াত্মক থনত্ব আৰু কৃষিজ ঘনত্ব ভাৰতবৰ্ষৰ দৰে কৃষি প্ৰধান দেশৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। কাৰণ ভূমি - মানুহৰ অনুপাতে কৃষি উপযোগী ভূমিৰ ওপৰত জনসংখ্যাৰ চাপৰ মাত্ৰাৰ বিষয়ে সূচায়। 

  Type - Boby Bora  



Post ID : DABP004074