জনসংখ্যাৰ বৃদ্ধি

    কোনো এখন ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সলনি হোৱা মানুহৰ সংখ্যাই হল জনসংখ্যাৰ বৃদ্ধি। জনসংখ্যাৰ বৃদ্ধিৰ হাৰ শতাংশ হিচাপত প্ৰকাশ কৰা হয়। জনসংখ্যা বৃদ্ধিৰ দুটা উপাদান আছে, যেনে প্ৰাকৃতিক আৰু প্ৰৰোচিত জন্ম আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য উলিয়াই প্ৰাকৃতিক বৃদ্ধিৰ হাৰ গণনা কৰা হয়। আনহাতে প্ৰৰোচিত বৃদ্ধিৰ হাৰ উলিয়াবলৈ এটা নিৰ্দিষ্ট অঞ্চললৈ কৰা আপ্ৰব্ৰজন আৰু উৎপ্ৰব্ৰজনৰ পাৰ্থক্য উলিয়াই হ্ৰাস - বৃদ্ধি গণনা কৰা হয়। এই অধ্যায়ত আমি ভাৰতৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ বিষয়ে আলোচনা কৰিম।

    বিগত কেইবাটাও দশক আৰু প্ৰতিটো বছৰতেই ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ত্ৰুমশ বাঢ়ি গৈছে। ভাৰতৰ বৰ্তমান বছৰেকীয়া বৃদ্ধিৰ হাৰ ২.৪ শতাংশ। এই হাৰত বৃদ্ধি হৈ থাকিলে অহা ৩৬ বছৰৰ মূৰত ভাৰতৰ জনসংখ্যা দুগুণ হৈ চীন দেশৰ জনসংখ্যাতকৈ অধিক হোৱাৰ আশংকা কৰা হৈছে।

    যোৱা শতিকাত ভাৰতৰ জনসংখ্যাৰ বৃদ্ধি প্ৰাকৃতিক আৰু প্ৰৰোচিত বা প্ৰব্ৰজন এই দুয়োটা উপাদানৰ ফলতেই হৈছে. বিগত শতিকাটোত চাৰিটা সুনিৰ্দিষ্ট পৰ্যায়ত জনসংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। 

    পৰ্যায়-১ঃ ১৯০১ - ১৯২১ চনলৈ জনসংখ্যা বৃদ্ধিৰ স্থবিৰতাৰ দশক বুলিব পাৰি। কিয়নো জনসংখ্যাৰ বৃদ্ধি নগণ্য, আনকি ১৯১১ - ২১ চনত বৃদ্ধি আছিল ঋণাত্মক। জন্ম আৰু মৃত্যুৰ হাৰ উভয়েই অধিক আচিল আৰু সেয়েহে বৃদ্ধিৰ হাৰ নিচেই তাকৰ আচিল। অনুন্নত স্বাস্থ্য সেৱা, দুৰ্বল স্বাস্থ্য, মানুহৰ শিক্ষাৰ অভাৱ, মৌলিক প্ৰয়োজনীয় আৰু খাদ্য - দ্ৰব্যৰ অনিয়মীয়া আৰু অসমান বিতৰণ ব্যৱস্থা আদিৰ কাৰণে জন্মৰ হাৰ মৃত্যুৰ হাৰ অধিক আছিল।

    পৰ্যায়-২ঃ ১৯২১ - ১৯৫১ চনলৈ জনসংখ্যা বৃদ্ধিৰ হাৰ ত্ৰুমে বাঢ়িবলৈ ধৰে। স্বাস্থ্য সেৱাৰ উন্নতি অনাময় ব্যৱস্থাৰ উন্নয়ন আদিয়ে মৃত্যুৰ হাৰ হ্ৰাস কৰে। একে সময়তে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়ন হোৱাত জনসংখ্যাৰ বিতৰণ ব্যৱস্থাত যথেষ্ট প্ৰভাৱ পৰে। জন্মৰ হাৰ আগৰ পৰ্যায়তকৈ অধিক হয়। ১৯২০ দশকৰ বৃহৎ অৰ্থনৈতিক মন্দাৱস্থা আৰু দ্বিতীয় বিশ্ব মহাযুদ্ধৰ প্ৰভাৱ এই সময়ছোৱাত বিশেষভাৱে পৰিলক্ষিত হৈছিল।

    পৰ্যায়-৩ঃ ১৯৫১ - ১৯৮১ এই কালছোৱা ভাৰতৰ জনসংখ্যাৰ বিস্ফোৰণৰ কাল হিচাপে আখ্যা দিয়া হয়, কিয়নো এই সময়ত জনসংখ্যাৰ জন্মৰ হাৰ যথেষ্ট বৃদ্ধি হয় আৰু মৃত্যুৰ হাৰ একেবাৰে কমি যায়। স্বাধীনতা পিছত দেশৰ অৰ্তনৈতিক পৰিকল্পনাৰ সফল ৰূপায়নৰ বাবে জীৱন - ধাৰণৰ মান উন্নত হয় আৰু উন্নত স্বাস্থ্য সেৱাৰ বাবে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বছৰি ২.২ শতাংশ হয়। তদুপৰি, আন্তজাৰ্তিক অনুপ্ৰৱেশ বিশেষকৈ বাংলাদেশ, তিব্বত, নেপাল আদি দেশৰ পৰা বৈধ - অবৈধ লোক ভাৰতত প্ৰৱেশ কৰে। আনকি পাকিস্তানৰ পৰাও বৃহৎ অনুপ্ৰৱেশ ঘটি জনসংখ্যা দ্ৰুত বৃদ্ধিত অৰিহণা যোগায়।

    পৰ্যায়-৪ঃ ১৯৮১ চনৰ পৰা বৰ্তমানলৈ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক যদিও ত্ৰুমে লেহেমীয়া হোৱা দেখা যায়। জন্মৰ হাৰ ত্ৰুমে হ্ৰাস পাবলৈ ধৰে। বিবাহৰ গড় বয়স বাঢ়ি যায়, শিক্ষিতৰ হাৰ ত্ৰুমশ বৃদ্ধি হবলৈ ধৰে, বিশেষকৈ মহিলাৰ শিক্ষিতৰ হাৰ ভাৰতত চকুতলগাকৈ বৃদ্ধি হয়।

    ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ এতিয়াও যথেষ্ট বেছি। বিশ্ব উন্নয়ন খতিয়ানৰ প্ৰাককলন অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা ২০২৫ চনত ১.৩৫০ নিযুত হবগৈ।

    ওপৰোক্ত ব্যাখ্যা দেশখনৰ গড় জনসংখ্যা বৃদ্ধিৰ আধাৰত আগবঢ়োৱা হৈছে যদিও ভাৰতৰ জনসংখ্যা বৃদ্ধিত আঞ্চলিক বৈষম্য বাৰুকৈয়েই পৰিলক্ষিত হয়।

    Type- Boby Bora