7.5 ব্য়ৱসায় প্ৰতিষ্ঠান, কাৰখানা আৰু কাৰ্যালয়ত..... (Employment in Firms, Factories and Offices) :

    দেশ এখনৰ আৰ্থিক উন্নয়ন চলি থকা সময়ত কৃষি আৰু অন্য়ান্য় ক্ষেত্ৰৰ শ্ৰমিকসকলৰ উদ্য়োগ আৰু সেৱা খণ্ডলৈ প্ৰব্ৰজন ঘটে। এই প্ৰক্ৰিয়াত শ্ৰমিকসকলৰ গাঁৱৰ পৰা নগৰলৈ প্ৰব্ৰজন ঘটে। পৰিণাম স্বৰূপে অৱশেষত উদ্য়োগ খণ্ডতো শ্ৰমিকৰ সংখ্য়া হ্ৰাস পায় আৰু সেৱা খণ্ডৰ দ্ৰুত সম্প্ৰসাৰণ হয়। উদ্য়োগখণ্ডত শ্ৰমিকসকলৰ বিতৰণৰ দিশলৈ লক্ষ্য় কৰি এই পৰিৱৰ্তনৰ কথাটো বুজি পাব পাৰি। সাধাৰণতে মুঠ ৪ টা ঔদ্য়োগিক ভাগত সকলো আৰ্থিক কাম-কাজ ভগোৱা হয়। সেইবোৰ হৈছে- (1) কৃষি (2) খনি আৰু শিল খনন (3) প্ৰস্তুতকৰণ (4) বিদ্য়ুৎ, গেছ আৰু পানী যোগান (5) নিৰ্মাণ (6) ব্য়ৱসায়  (7) পৰিবহণ আৰু সংৰক্ষণ (8) সেৱা। এই আটাইবোৰকে সৰলীকৃত কৰি পুনৰ তিনিটা বহল ভাগত ভগোৱা হৈছে-- (ক) প্ৰাথমিক খণ্ড (Primary Sector), য'ত (1) আৰু (2) অন্তৰ্ভুক্ত, (খ) গৌণ  খণ্ড (Secondary Sector), য'ত (3), (4) আৰু (5) অন্তৰ্ভুক্ত; (গ) সেৱাখণ্ড (Service), য'ত (6), (7) আৰু (8) অন্তৰ্ভুক্ত। 7.2 নং তালিকাত ভাৰতত 1999-2000 চনৰ বিভিন্ন খণ্ডত কৰ্মৰত জনসংখ্য়াৰ তথ্য় দেখুওৱা হৈছে। ভাৰতৰ বৃদাংশ শ্ৰমিকৰ বাবে প্ৰাথমিক খণ্ডই হল নিয়োগৰ প্ৰধান উৎস। গৌণ খণ্ডই কেৱলমাত্ৰ 16 শতাংশ শ্ৰমিককহে নিয়োগৰ সুবিধা আগবঢ়ায়। প্ৰায় 24 শতাংশ শ্ৰমিক সেৱা খণ্ডত নিয়োজিত। 7.2 নং তালিকাত দেখুওৱা মতে চাৰি ভাগৰ তিনি ভাগতকৈ অধিক গাঁও অঞ্চলৰ শ্ৰমিক কৃষি, খনি আৰু শিলখনন ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰশীল। প্ৰায় 10 শতাংশ গ্ৰামীণ শ্ৰমিক প্ৰস্তুতকৰণ, নিৰ্মাণ আৰু অন্য়ান্য় খণ্ডসমূহত নিয়োজিত। দেশৰ গাঁও অঞ্চলৰ প্ৰায় 13 শতাংশ শ্ৰমিকক সেৱাখণ্ডই নিযুক্তি আগবঢ়ায়। নগৰ অঞ্চলত মানুহ প্ৰধানকৈ সেৱাখণ্ডত নিয়োজিত আৰু এই কৃষি আৰু খনি নিয়োগৰ প্ৰধান উৎস নহয়। প্ৰায় 60 শতাংশ নগৰীয়া শ্ৰমিকৰ নিয়োগৰ উৎস হৈছে সেৱাখণ্ড। গৌণ খণ্ডই এই শ্ৰমিকসকলৰ প্ৰায় 30 শতাংশক কৰ্মসংস্থানৰ সুবিধা দিছে।

    যদিও প্ৰাথমিক খণ্ডত পুৰুষ-মহিলা উভয়েই নিয়োজিত হৈ আছে, তথাপিও দেখা গৈছে এই খণ্ডত মহিলা শ্ৰমিকৰ সংখ্য়া অত্য়ন্ত বেছি। মহিলা শ্ৰমিকসকলৰ তিনি-চতুৰ্থাংশতকৈও অধিক এই খণ্ডত নিয়োজিত, আনহাতে পুৰুষ শ্ৰমিকসকলৰ আধাহে এই খণ্ডত আছে। পুৰুষসকলে প্ৰকৃততে গৌণ আৰু সেৱা উভয় খণ্ডতেই নিয়োগৰ সুবিধা পায়।

Type Janmoni Hazarika