7.7 ভাৰতীয় শ্ৰমিক বাহিনীৰ অনানুষ্ঠানিকীকৰণ ( (Informalition of Indian workforce) :

    আগৰ আলোচনাত আমি পালোঁ যে ভাৰতত নৈমিত্তিক শ্ৰমিকৰ সংখ্য়া বাঢ়িব লাগিছে। ভাৰতৰ স্বৰাজোত্তৰ কালত গ্ৰহণ কৰা উন্নয়নৰ পৰিকল্পনাৰ অন্য়তম প্ৰধান উদ্দেশ্য় হৈছে জনসাধাৰণক এক মৰ্যাদাপূৰ্ণ জীৱনধাৰণৰ উপায় প্ৰধান কৰা। অনুমান কৰা হৈছিল যে ভাৰতত গ্ৰহণ কৰা কৌশলে উন্নত দেশসমূহৰ দৰে ঔদ্য়োগীকৰণৰ কৃষি খণ্ডৰ উদ্বৃত্ত শ্ৰমিকসকলক উদ্য়োগ খণ্ডলৈ স্থানান্তৰিত কৰিব আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হব। কিন্তু, পূৰ্বৱৰ্তী আলোচনাত আমি দেখিলোঁ যে পৰিকল্পিত উন্নয়নৰ 55 বছৰৰ পিছতো তিনি পঞ্চমাংশ ভাৰতীয় শ্ৰমিকে কৃষিকেই জীৱিকাৰ প্ৰধান অৱলম্বন ৰূপে গ্ৰহণ কৰি আছে। অৰ্থনীতিবিদসকলৰ মতে বিগত সময়ছোৱাত নিয়োগৰ গুণাগুণ হ্ৰাস পাইছে। 10-20 বছৰৰ অধিক কাম কৰি থকাৰ পিছতো বহুতেই প্ৰসূতিকালীন সুবিধা, ভৱিষ্য়নিধি, পাৰিতোষিক (Gratuity) অথবা অৱসৰকালীন ভাট্ৰা কিয় পোৱা নাই ? ৰাজহুৱা খণ্ডত চাকৰি কৰা শ্ৰমিকতকৈ ব্য়ক্তিগত খণ্ডৰ চাকৰি কৰাসকলে একে ধৰণৰ কামৰ বাবে কিয় কমকৈ দৰমহা পায় ?

    তোমালোকে দেখিবা যে ভাৰতৰ শ্ৰমিকসকলৰ এক ক্ষুদ্ৰ অংশইহে নিয়মিতভাৱে উপাৰ্জন কৰে। চৰকাৰে শ্ৰমিক আইনৰ (Labour Laws) জৰিয়তে এওঁলোকক বিভিন্ন ধৰণে সুৰক্ষা দিছে। এই অংশটোৱে শ্ৰমিক সংঘ (Trade unions) গঢ়ি তুলি অধিক দৰমহা আৰু অন্য়ান্য় সামাজিক সুৰক্ষাৰ (Social Security) বাবে নিয়োগকৰ্তাৰ লগত দৰাদৰি (Bargaining) কৰে। এওঁলোক কোন ?

    এইটো প্ৰশ্নৰ উত্তৰৰ বাবে আমি শ্ৰমিকসকলক দুটা ভাগত ভাগ কৰিব পাৰো। আনুষ্ঠানিক খণ্ডৰ (Forman Sector) শ্ৰমিক আৰু অনানুষ্ঠানিক খণ্ডৰ (Informal sector) শ্ৰমিক। এওঁলোকক ক্ৰমে সংগঠিত (Organised) আৰু অসংগঠিত (Unorganised) খণ্ডৰ শ্ৰমিক বুলিও কোৱা হয়। চৰকাৰী (ৰাজহুৱা) খণ্ডৰ সকলোবোৰ আৰু বেচৰকাৰী (ব্য়ক্তিগত) খণ্ডত 10 জন বা ততোধিক শ্ৰমিক মকৰল কৰা প্ৰতিষ্ঠানক আনুষ্ঠানিক খণ্ড বোলা হয়। এইবোৰত কাম কৰাসকলক আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক বোলা হয়। ইয়াৰ বাহিৰে আনবোৰ খণ্ড আৰু শ্ৰমিকক ক্ৰমে অনানুষ্ঠানিক খণ্ড আৰু অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিক বুলি কোৱা হয়। গতিকে, অনানুষ্ঠানিক খণ্ডত নিযুত-নিযুত কৃষক, কৃষি বনুৱা, ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ আৰু সেইবোৰত কৰ্মৰত শ্ৰমিকসকলক পোৱা যায়। ভাৰাতীয়া শ্ৰমিককো নিযুক্তি নিদিয়া ব্য়ক্তিসকলো এই শ্ৰেণীৰেই অন্তৰ্ভুক্ত।

    যিসকল শ্ৰমিকে অনানুষ্ঠানিক খণ্ডত নিযুক্তি পাইছে, তেওঁলোকে সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিব পাৰিছে। অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিক সকলকতকৈ তেওঁলোকে বেছিকৈ উপাৰ্জন কৰিব পাৰে। উন্নয়নৰ পৰিকল্পনাত আশা কৰা হয় যে অৰ্থনৈতিক বৃদ্ধিৰ লগে লগে অধিক সংখ্য়ক শ্ৰমিক আনুষ্ঠানিক শ্ৰমিকত পৰিণত হয় আৰু অনানুষ্ঠানিক শ্ৰমিকৰ অনুপাত ক্ৰমান্বয়ে হ্ৰাস পায়। কিন্তু, ভাৰতৰ ক্ষেত্ৰত কি ঘটিছে ? 7.4 নং সাৰণীলৈ চালে ভাৰতৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকৰ বিভাজনৰ আভাস পোৱা যাব।

    পূৰ্বৰ 7.2 দফাটোত আমি পাইছোঁ যে ভাৰতত প্ৰায় 400 নিযুত শ্ৰমিক আছে। এতিয়া 7.4 নং সাৰণীলৈ চোৱা। দেখিবা যে আনুষ্ঠানিক খণ্ডত মাথোন 28 নিযুতমান শ্ৰমিকহে আছে। ভাৰতৰ আনুষ্ঠানিক খণ্ডত মুঠ শ্ৰমিকৰ শতকৰা হিচাপ উলিয়াব পাৰিবানে ? প্ৰায় 7 শতাংশ (28/400 x 100)। বাকী 93 শতাংশই অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিক। মুঠ প্ৰায় 28 নিযুত আনুষ্ঠানিক শ্ৰমিকৰ মাথোন 4.8 নিযুতহে মহিলা শ্ৰমিক, অৰ্থাৎ 17 শতাংশ (4.8/28 x 100)। আনহাতে, অনানুষ্ঠানিক খণ্ডত, মুঠ শ্ৰমিকৰ 69 শতাংশ পুৰুষ শ্ৰমিক।

    1970 চনৰ শেষভাগৰ পৰা ভাৰতকে ধৰি বহু উন্নয়নশীল দেশত (Developing country) অনানুষ্ঠানিক খণ্ডৰ প্ৰতিষ্ঠান আৰু শ্ৰমিকসকলৰ প্ৰতি মনযোগ দিবলৈ ধৰা হৈছে। কিয়নো আনুষ্ঠানিক খণ্ডত শ্ৰমিকৰ সংখ্য়া বঢ়া নাই। অনানুষ্ঠানিক খণ্ডৰ প্ৰতিষ্ঠান বা শ্ৰমিক কাৰোৱেই নিয়মিত উপাৰ্জন নাই; তেওঁলোকে চৰকাৰৰ পৰা কোনো সুৰক্ষা নাপায় আৰু কোনো বিনিময়ো নাই। এই খণ্ডত কোনো ক্ষতিপূৰণ নিদিয়াকৈয়ে শ্ৰমিকক কামৰ পৰা বৰ্খাস্ত কৰা হয়। অনানুষ্ঠানিক খণ্ডৰ প্ৰযুক্তি আওপুৰণি। ই বিলাকত কোনো ধৰণৰ হিচাপো ৰখা নহয়। এই খণ্ডৰ শ্ৰমিকসকল বস্তি অঞ্চলত বেদখলকাৰী হৈ বাস কৰে। শেহতীয়াকৈ, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ (ILO) নিৰ্দেশ ক্ৰমে ভাৰত চৰকাৰে অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ ব্য়ৱস্থাৰ লগতে সমগ্ৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে।

Type Janmoni Hazarika