7.6 বৃদ্ধি আৰু নিয়োগৰ পৰিৱৰ্তিত সংগঠন (Growth and Changing Structure of Employment) 

    ইতিমধ্য়ে দ্ধিতীয় আৰু তৃতীয় অধ্য়ায়ত তোমালোকে পৰিকল্পনাৰ কৌশলৰ বিষয়ে বিতংকৈ অধ্য়য়ন কৰিছা। এতিয়া আমি বিকাশৰ দুটা নিৰ্দেশকৰ বিষয়ে চৰ্চা কৰিম-- নিয়োগ বৃদ্ধি আৰু মুঠ ঘৰুৱা উৎপাদন (GDP)। আমাৰ দেশৰ 50 বছৰীয়া পৰিকল্পিত উন্নয়নৰ উদ্দেশ্য় হৈছে জাতীয় উৎপাদন আৰু নিয়োগৰ বৃদ্ধিৰ যোগেদি অৰ্থ ব্য়ৱস্থাৰ সম্প্ৰসাৰণ কৰা।

    1960 চনৰ পৰা 2000 চন পৰ্যন্ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ধনাত্মক বৃদ্ধি পৰিলক্ষিত হয়। ই নিয়োগৰ বৃদ্ধিতকৈ অধিক। অৱশ্য়ে, মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰৰ তাৰতম্য় ঘটা দেখা গৈছে। উক্ত সময়ছোৱাত নিয়োগ সুস্থিৰভাৱে 2 শতাংশ বৃদ্ধি পাই আছে।

    7.3  নং সাৰণীত দেখা গৈছে যে 1990 চনৰ শেষৰ ফালে নিয়োগৰ স্থিতি আৰু অধিক শোচনীয় হৈছে। দেখা গৈছে যে নিয়োগ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কৰি গৈছে আৰু পৰিকল্পনাৰ আৰম্ভণি কালৰ সমান হৈছেগৈ। এই সময়ছোৱাত আমি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু নিয়োগ বৃদ্ধিৰ মাজত অধিক পাৰ্থক্য় দেখিবলৈ পাইছো। অৰ্থাৎ, আমি ভাৰতীয় অৰ্থব্য়ৱস্থাত নিয়োগ সৃষ্টি নকৰাকৈয়ে অধিক দ্ৰব্য় আৰু সেৱা উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। বিজ্ঞসকলে এই অৱস্থাটোক নিয়োগহীন বৃদ্ধি (Jobless Growth) আখ্য়া দিছে।

    এতিয়ালৈকে আমি ভাৰতত মুঠ ঘৰুৱা উৎপাদনৰ লগত তুলনামূলকভাৱে নিয়োগৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া ঘৰুৱা উৎপাদন আৰু নিয়োগ বৃদ্ধিৰ এই ধাৰাটোৱে বিভিন্ন শ্ৰেণীৰ শ্ৰমিকক কিদৰে প্ৰভাৱিত কৰিছে সেইটো চোৱা যাওক। ইয়াৰ দ্ধাৰা আমাৰ দেশত কি ধৰণৰ নিয়োগ সৃষ্টি হৈছে, সেইটোও আমি জানিব পাৰিম।

    আগৰ অংশত উল্লেখ কৰা দুটা নিৰ্দেশক বিভিন্ন উদ্য়োগত জনসাধাৰণৰ নিয়োগ আৰু তেওঁলোকৰ মৰ্যাদাৰ (Status) ৰ বিষয়ে চোৱা যাওক। আমি সকলোৱে জানো যে ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ; এক বুজন সংখ্য়ক লোকে গাৱঁত বাস কৰে আৰু কৃষিয়েই হৈছে তেওঁলোকৰ মুখ্য় অৱলম্বন। আনহাতে, ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ উন্নয়নৰ কৌশলৰ অন্য়তম লক্ষ্য় হৈছে কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল জনসংখ্য়াৰল হাৰ হ্ৰাস কৰা। 

    ভাৰতত ঔদ্য়োগিক ক্ষেত্ৰীয় ভিত্তিত শ্ৰমিকৰ বিভাজনৰ দিশলৈ লক্ষ্য় কৰিলে কৃষি খণ্ডৰ পৰা অ-কৃষি খণ্ডলৈ হোৱা গুৰুত্বপূৰ্ণ স্থানান্তৰকৰণ পৰিলক্ষিত হয়। (7.3 নং তালিকা চোৱা)। 1972-73 চনত 74 শতাংশ শ্ৰমিক প্ৰাথমিক খণ্ডত নিয়োজিত হৈ আছিল, 1999-2000 চনত ই 60 শতাংশলৈ হ্ৰাস পাইছে। গৌণ আৰু সেৱা খণ্ডই ভাৰতীয় শ্ৰমিকসকলৰ বাবে প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্য়তৰ ইঙ্গিত বহন কৰিছে। তালিকাখনলৈ লক্ষ্য় কৰিলে দেখিবা যে এই দুই খণ্ডত নিয়োজিত শ্ৰমিকৰ সংখ্য়া ক্ৰমে 11 ৰ পৰা 16 শতাংশ আৰু 15 ৰ পৰা 24 শতাংশলৈ বৃদ্ধি পাইছে।

    বিভিন্ন পদমৰ্যাদাত শ্ৰমিকৰ বিভাজনৰ দিশলৈ চালে দেখা যায় যে বিগত তিনিটা দশকত (1972-2000) স্ব-নিয়োজিত আৰু নিয়মিত বেতনভোগী  শ্ৰেণীৰ শ্ৰমিকসকল নৈমিত্তিক কৰ্মলৈ ধাবিত হৈছে। তথাপিও স্ব-নিয়োজন সবাতোকৈ অধিক নিয়োগৰ উৎস ৰূপেই পৰিগণিত হৈ আছে স্ব-নিয়োজিত আৰু স্থায়ী বেতনভোগী শ্ৰেণীৰ শ্ৰমিকসকলৰ সাময়িক মজুৰি শ্ৰমিকলৈ পৰিৱৰ্তনৰ এই প্ৰক্ৰিয়াটোক বিজ্ঞসকলে শ্ৰমবাহিনীৰ নৈমিত্তিকীকৰণ (Casualisation of Workforce) বুলি অভিহিত কৰিছে। এই প্ৰক্ৰিয়াটোৱে শ্ৰমিকসকলক অধিক অসুৰক্ষিত কৰিছে। কেনেকৈ ? পূৰ্বতেই উল্লেখ কৰা আহমেদাবাদৰ ঘটনাৰ অধ্য়য়নলৈ (case study) লক্ষ্য় কৰা।

Type Janmoni Hazarika