7.3 নিয়োগ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ (Participation of People in Employment) :

শ্রমিক-জনসংখ্যাৰ অনুপাত (worker-popu lation ratio) হৈছে দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা এক গুৰুত্বপূৰ্ণ নির্দেশক এই অনুপাতৰ দ্বাৰা দেশৰ মুঠ বস্তু আৰু সেৱা উৎপাদনত সক্রিয়ভাৱে অৰিহণা আগবঢ়োৱা জনসংখ্যাৰ হিচাপ পোৱা যায় যদিহে এই অনুপাতৰ সংখ্যাটো ডাঙৰ হয়তেতিয়া বুজিব লাগিব যে দেশৰ উৎপাদনত জড়িত লোকৰ সংখ্যা বেছি যদিহে এই অনুপাত মধ্যমীয়া অথবা সৰু হয়তেতিয়া বুজিব লাগিব যে দেশৰ এক বৃহৎ সংখ্যক লোক আর্থিক কাৰ্যত প্ৰত্যক্ষভাৱে জড়িত নহয়

জনসংখ্যা’ (population) শব্দটোৰ অর্থ নিশ্চয় তোমালোকে নিম্ন শ্রেণীতেই শিকি আহিছা এক নির্দিষ্ট সময়ত কোনো নির্দিষ্ট স্থানত বসবাস কৰা মানুহৰ সংখ্যাই হৈছে জনসংখ্যা যদিহে তোমালোক ভাৰতৰ শ্ৰমিক-জনসংখ্যাৰ অনুপাত জানিবলৈ ইচ্ছুকতেন্তে মুঠ জনসংখ্যাৰে মুঠ শ্ৰমিকৰ সংখ্যাটোক হৰণ কৰা আৰু 100 ৰে পূৰণ কৰা 7.1 নং তালিকাত আর্থিক কাম-কাজত বিভিন্ন স্তৰৰ লোকৰ অংশগ্ৰহণ দেখুওৱা হৈছে তালিকা মতেভাৰতত প্ৰতি 100 জন মানুহৰ মাজত 40 গৰাকীহে (39.5  পূৰ্ণসংখ্যালৈ ৰূপান্তৰ কৰিশ্রমিক নগৰ অঞ্চলত এই অনুপাত হৈছে 34, আনহাতে গাঁও অঞ্চলত এই সংখ্যা হৈছে 42 এনেধৰণৰ বৈষম্য কিয় হয়গাঁও অঞ্চলৰ মানুহৰ নিয়োগ বজাৰত অংশগ্ৰহণ কৰি উচ্চ উপাৰ্জন কৰিব পৰাকৈ সম্পদ অতি সীমিত। বেছিভাগ লোকেই স্কুল-কলেজ অথবা প্রশিক্ষণ অনুষ্ঠান আদিলৈ নাযায়। যিসকল এনেবোৰ অনুষ্ঠানলৈ যায়, তেওঁলোকেও আধৰুৱা কৈ এৰি আহি শ্রমিক বাহিনীত যোগ দিয়েহি। তাৰ বিপৰীতে, নগৰ অঞ্চলত এক বুজন সংখ্যক লোকে বিভিন্ন শিক্ষানুষ্ঠানত পঢ়িবলৈ সক্ষম হয়। নগৰৰ মানুহৰ নিয়োগৰ বাবেও বহুতো সুবিধা থাকে৷ নিজৰ অৰ্হতা আৰু কৰ্মকুশলতা (skill) অনুসৰি তেওঁলোকে উপযুক্ত কামৰ অনুসন্ধান কৰে। আর্থিক অৱস্থা দুর্বল হোৱা বাবে গাঁৱৰ মানুহে কাম নকৰি ঘৰতে বহি থাকিব নোৱাৰে।

মহিলাৰ তুলনাত পুৰুষ শ্ৰমিকৰ সংখ্যা অধিক নগৰ অঞ্চলত পুৰুষ আৰু মহিলা শ্রমিকৰ সংখ্যাৰ পার্থক্য অধিক প্রতি 100 গৰাকী নগৰীয়া মহিলাৰ মাথোন 14 গৰাকীহে আর্থিক কাম-কাজত নিয়োজিত হৈ আছে গাঁও অঞ্চলত প্ৰতি 100 গৰাকী মহিলাৰ ভিতৰত প্ৰায় 30 গৰাকীয়েই নিয়োগ বজাৰত অংশ লোৱা দেখা যায় প্রশ্ন হয়মহিলাসকলেবিশেষকৈনগৰীয়া মহিলাসকলে কিয় কাম নকৰেএনে প্ৰশ্নৰ উত্তৰত দেখা গৈছে যে উচ্চ হাৰত উপাৰ্জন কৰা পুৰুষসকলৰ পৰিয়ালত মহিলাসকলক আর্থিক কাম কৰিবলৈ নিৰুৎসাহিত কৰা হয় 

ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰে মহিলাসকলে ঘৰুৱাভাৱে দৈনন্দিন কৰি থকা কামবোৰৰ বেছি অংশই উৎপাদনশীল কাম (pro ductive work) বুলি ধৰা নহয় আর্থিক কার্যৰ এনে ঠেক সংজ্ঞাৰ বাবেই মহিলাসকলে কৰা কামবোৰ বিবেচনা কৰা নহয় ফলস্বৰূপেদেশত মহিলা শ্রমিকৰ সংখ্যা প্রকৃত সংখ্যাতকৈ কম হয় ঘৰখনত অথবা খেতি পথাৰত সক্রিয়ভাৱে অথচ উপার্জনহীন ভাৱে কৰি থকা মহিলাসকলৰ কামৰ বিষয়ে চিন্তা কৰাচোন যিহেতু তেওঁলোকে ঘৰখন সুচাৰুৰূপে ৰখাত আৰু খেতি পথাৰতো শ্ৰম দান কৰেতেনে  মহিলাসকলৰ সংখ্য়া দেশৰ মুঠ শ্ৰমিকৰ সংখ্য়াৰ সৈতে যোগ দিয়াটো উচিত বুলি নাভাবানে ?

Type Janmoni Hazarika