7.4 স্ব-নিয়োজিত আৰু ভাৰাতীয়া শ্রমিক (Self Employed and Hired Workers):

    শ্রমিক-জনসংখ্যা অনুপাতৰ দ্বাৰা দেশত শ্ৰমিকসকলৰ সামাজিক মর্যাদা অথবা কৰ্মস্থানৰ পৰিৱেশৰ বিষয়ে কিবা জানিব পাৰিনেকোনো এটা প্ৰতিষ্ঠানত শ্রমিক সকলে কেনে মর্যাদাৰে কাম কৰে সেইটো জানিলে এটা দিশ উন্মোচিত হয় দেশ এখনৰ নিয়োগৰ গুণাগুণ লগতে কোনো এজন শ্ৰমিকৰ নিজৰ কৰ্মপ্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও জানিব পৰা যায়

    নির্মাণ উদ্যোগৰ তিনিজন শ্রমিকলৈ লক্ষ্য কৰোঁহক এজন চিমেণ্টৰ দোকানীএজন নির্মাণ কার্যত জড়িত কর্মী আৰু তৃতীয়জন এটা কোম্পানীৰ নিৰ্মাণ বিষয়ক অভিযন্তা যিহেতুতেওঁলোকৰ কৰ্মমর্যাদা পৃথক পৃথকসেই বাবে তেওঁলোকৰ পদবীৰ নামো পৃথক যিসকল শ্রমিক কোনো উদ্যোগ বা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বা এনে প্রতিষ্ঠান চলায়সেইসকলক স্ব-নিয়োজিত শ্রমিক বুলি কোৱা হয় ওপৰৰ উদাহৰণটোত উল্লেখ কৰা চিমেণ্টৰ দোকানীজন স্ব-নিয়োজিত ভাৰতৰ শ্রমিকসকলৰ আধাতকৈও বেছি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত নির্মাণ কার্যত কাম কৰা লোকসকল নৈমিত্তিক শ্রমিক (casual wage labourer) ভাৰতৰ শ্ৰমিকসকলৰ 33 শতাংশই এই শ্ৰেণীৰ অন্তৰ্ভুক্ত এনে শ্রমিকসকলে সাময়িকভাৱে আনৰ মালিকানাধীন প্রতিষ্ঠানত কাম কৰে আৰু তাৰ বাবে পাৰিশ্ৰমিক বা মজুৰি পায় 

    ওপৰত উল্লেখ কৰা নিৰ্মাণ কোম্পানীৰ অভিযন্তা গৰাকীৰ দৰে কৰ্মীৰ সংখ্যা হৈছে ভাৰতৰ মুঠ শ্ৰমিকৰ 15 শতাংশ যেতিয়া কোনো শ্রমিকে যিকোনো উদ্যোগ বা প্রতিষ্ঠানত নিয়মিত ৰূপত নিযুক্তি আৰু দৰমহা বা মজুৰি পায়তেনে শ্রমিকক নিয়মীয়া বেতনভোগী কর্মী (regular salaried employers) বোলা হয়

    7.1 নং সাৰণীলৈ চোৱা  ইয়াতদেখুওৱাৰ দৰে পুৰুষ আৰু মহিলা উভয় কৰ্মীয়েই 50 শতাংশতকৈও অধিক লোকৰ জীৱিকাৰ প্ৰধান উৎস হৈছে স্ব-নিয়োজন ইয়াৰ পিছতেই সাময়িক মজুৰি প্ৰাপ্ত নিয়োজন ক্ষেত্ৰখন আছে (31 শতাংশ পুৰুষ, 37 শতাংশ মহিলা) নিয়মীয়া দৰমহা পোৱা কামৰ ক্ষেত্ৰত মহিলাসকলৰ তুলনাত পুৰুষৰ সংখ্যা অধিক। পুৰুষ শ্ৰমিকসকলৰ 18 শতাংশৰ বিপৰীতে মহিলা শ্রমিকসকলৰ ৪ শতাংশহে এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। এনে কামত পুৰুষৰ সংখ্যা বেছি হোৱাৰ অন্যতম কাৰণ হব পাৰে ইয়াৰ বাবে প্ৰয়োজনীয় কৰ্ম কুশলতা। নিয়মিত দৰমহা থকা কামবোৰত বিচৰা ধৰণে কর্মকুশলতা আৰু উচ্চ পৰ্যায়ৰ শিক্ষা নথকা বাবে মহিলাসকলৰ অধিকাংশই এনে কামত নিয়োজিত নহয়।

    7.2 নম্বৰ সাৰণীত দেখুওৱাৰ দৰে গাঁও আৰু নগৰৰ ভিত্তিত শ্রমিকৰ বিভাজন কৰিলে পোৱা যায় যে নগৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চলত স্ব নিয়োজিত আৰু নৈমিত্তিক শ্রমিকৰ সংখ্যা অধিক। নগৰত স্ব-নিয়োজিত আৰু নিয়মীয়া বেতনভোগী লোকৰ সংখ্যা অধিক। গাঁওবোৰত নিজা মাটিত স্বাধীনভাৱে খেতি কৰা লোকৰ সংখ্যা অধিক হোৱা বাবে স্ব-নিয়োজিত শ্রমিকৰ অংশ ডাঙৰ হোৱা দেখা যায়। নগৰ অঞ্চলত কামৰ প্ৰকৃতি ভিন্ন ধৰণৰ। এইটো নিশ্চিত যে প্রত্যেকেই বিভিন্ন ধৰণৰ কাৰখানা, দোকান আৰু অফিচ চলাব নোৱাৰে। তদুপৰি নগৰ অঞ্চলৰ প্ৰতিষ্ঠানসমূহত নিয়মীয়া ভিত্তিত শ্ৰমিকৰ প্ৰয়োজন।

Type Janmoni Hazarika