ফাকুৱা


১। ফাকুৱা কেতিয়া উদযাপন কৰা হয়?

উত্তৰঃ ফাকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত উদযাপন কৰা হয়।


২। ফাকুৱা কিহৰ উৎসৱ?

উত্তৰঃ ফাকুৱা ৰংৰ উৎসৱ।


৩। ফাকুৱাক কিকি নামেৰে জনা যায়?

উত্তৰঃ ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ বুলি জনা যায়।


৪। হিন্দুসকলৰ কাক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।

উত্তৰঃ হিন্দুসকলৰ ভগৱান শ্ৰী কৃষ্ণ আৰু বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।


৫। পৌৰাণিক আখ্যানত এই দিনটোক ক দিন বুলি উল্লেখ কৰিছে।

উত্তৰঃ পৌৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে।


৬। ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা কি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে।

উত্তৰঃ ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে।


৭। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ কিমান দিনৰ বাবে পালন কৰে।

উত্তৰঃ উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে।


৮। কোন ঠাইত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়।

উত্তৰঃ বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়।


৯। দৌল উত্‍সৱৰ প্ৰথম দিনটোক কি বোলা হয়?

উত্তৰঃ দৌল উত্‍সৱৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ বোলা হয়।


১০। দৌল উত্‍সৱৰ দ্বিতীয় দিনটোক কি বোলা হয়?

উত্তৰঃ দৌল উত্‍সৱৰ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ বোলা হয়।



Type- Pallab Jyoti Bora