9.2 পৰিৱেশৰ-সংজ্ঞা আৰু কাৰ্যাৱলী (Environment-Definition and Functions) :
সমগ্ৰ ভূমণ্ডলীয় উত্তৰাধিকাৰ আৰু সম্পদৰ সামগ্ৰিকতাকে পৰিৱেশ বুলি কোৱা হয়। পৰস্পৰক প্ৰভাৱান্বিত কৰা আটাইবোৰ জৈৱিক আৰু অজৈৱিক (biotic and abiotic) উপাদানক ই সাঙুৰি লয়। সকলো চৰাই, জীৱ-জন্তু, গছ-গছনি, বননি, মীনক্ষেত্ৰ ইত্য়াদি জৈৱিক উপাদান আৰু বায়ু, পানী, মাটি আদি অজৈৱিক উপাদানৰ অন্তৰ্ভুক্ত। শিলাখণ্ড আৰু সূৰ্য্য়ৰ ৰশ্মি আদি সকলোবোৰ পৰিৱেশৰ অজৈৱিক উপাদানৰ উদাহৰণ। সেয়েহে পৰিৱেশৰ অধ্য়ায়নে এই জৈৱিক আৰু অজৈৱিক উপাদান সমূহৰ মাজৰ সম্বন্ধৰ অধ্য়য়নকে সূচায়।
পৰিৱেশৰ কাৰ্যাৱলী (Functions of the Environment) :
পৰিৱেশ সম্পাদন কৰা চাৰিটা মূল কাৰ্য তলত দিয়া হল ঃ (i) পৰিৱেশে সম্পদৰ যোগান ধৰে। এই সম্পদসমূহৰ ভিতৰত নবীকৰণযোগ্য় আৰু অনবীকৰণযোগ্য় উভয়বিধ সম্পদেই অন্তৰ্ভুক্ত। অৱক্ষয় বা নিঃশেষ হোৱাৰ সম্ভৱনাক নুই কৰি যিবোৰ সম্পদ ব্য়ৱহাৰ কৰিব পাৰি সেইবোৰ সম্পদ ক নবীকৰণযোগ্য় সম্পদ বোলে। অৰ্থাৎ ইয়াৰ যোগানৰ প্ৰবাহ অক্ষুণ্ণ থাকে। অৰণ্য়ৰ গছ-গছনি আৰু সাগৰৰ মাছ আদি নবীকৰণযোগ্য় সম্পদৰ উদাহৰণ। আনহাতে যিবোৰ সম্পদ উদঘাটন আৰু ব্য়ৱহাৰৰ ফলত নিঃশেষ হয় তেনেবোৰ সম্পদক অনবীকৰণযোগ্য় সম্পদ বুলি কোৱা হয়। জীৱাশ্ম ইন্ধন (Fossil Fuel) ইয়াৰ উদাহৰণ; (ii) পৰিৱেশে আৱৰ্জনা আত্মীকৰণ কৰে; (iii) পৰিৱেশে আনুবংশিক আৰু জীৱ-বৈচিত্ৰ (Genetic and biodiversity) ৰ সৃষ্টি কৰি জীৱন ধাৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে; (iv) ই নান্দনিক সেৱাও আগবঢ়ায়। নানান প্ৰাকৃতিক দৃশ্য় আমি পৰিৱেশৰ পৰা লাভ কৰোঁ।
পৰিৱেশে সম্পাদন কৰা এই কাৰ্যসমূহৰ চাহিদা ইয়াৰ বহন ক্ষমতাৰ (carring capacity) ভিতৰত থকালৈকে বিৰাহমীনভাৱে চলি থাকিব পাৰে। অৰ্থাৎ সম্পদ উদঘাটনৰ হাৰ ইয়াৰ পুনৰ সৃষ্টিৰ হাৰতকৈ বেছি হব নালাগে আৰু বৰ্জিত আবৰ্জনাসমূহ পৰিৱেশৰ আত্মীকৰণ ক্ষমতা (absorptive capacity) ৰ ভিতৰত থাকিব লাগে। অন্য়থা পৰিৱেশে ইয়াৰ তৃতীয় আৰু মুখ্য় কাৰ্য জীৱনধাৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ ব্য়ৰ্থ হব আৰু ইয়াৰ ফলত পৰিৱেশ সম্পৰ্কীয় সংকেট দেখা দিব। সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি এইটোৱে পৰিস্থিতি। উন্নয়নশীল দেশসমূহৰ বৰ্ধিত জনসংখ্য়া আৰু উন্নত দেশসমূহৰ পয়োভৰপূৰ্ণ উৎপাদন আৰু ভোগমানৰবাবে পৰিৱেশে প্ৰথম দুটা কাৰ্য সম্পদনাৰ ক্ষেত্ৰত বৃহৎ বাধাৰ সন্মুখীন হৈছে। ইয়াৰ ফলত বহুতো সম্পদ লুপ্তপ্ৰায় হৈছে আৰু বৰ্জিত আৱৰ্জনাৰ পৰিমাণ পৰিৱেশৰ বিশোষণ ক্ষমতাতকৈ (absorptive capacity) অধিক হৈ পৰিছে। বিশোষণ ক্ষমতা মানে হল পৰিৱেশৰ অৱনমন আত্মস্থ কৰাৰ সামৰ্থ্য়। ইয়াৰ ফলস্বৰূপে আজি আমি পৰিৱেশৰ সংকেটৰ দুৱাৰডলিত উপনীত হৈছোঁ। পূৰ্বৰ উন্নয়ন প্ৰক্ৰিয়াৰ ফলত নদ-নদী আৰু আন জলাশয়সমূহ প্ৰদূষিত হোৱাৰ উপৰিও শুকাই গৈছে আৰু পানী আৰ্থিক বস্তুলৈ ৰূপান্তৰিত হৈছো। ইয়াৰ উপৰিও নবীকৰণযোগ্য় আৰু অনবীকৰণযোগ্য় উভয় সম্পদৰ প্ৰগাঢ় (intensive) আৰু বিস্তৃত (extensive) উদঘাটন কাৰ্যৰ ফলত কিছুমান অতি লাগতিয়াল সম্পদ শেষ হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত আমি নতুন সম্পদ আৱিষ্কাৰৰ বাবে প্ৰযুক্তি আৰু গৱেষণাত বৃহৎ পৰিমাণৰ ব্য়য় কৰিবলৈ বাধ্য় হৈছোঁ। তদুপৰি বায়ু আৰু পানী দূষিতকৰণৰ ফলতো পৰিৱেশৰ গুণগত মান অৱনমিত হৈছো (ভাৰতবৰ্ষৰ সত্তৰ শতাংশ পানী দূষিত) যাৰ ফলত শ্বাস-প্ৰশ্বাস জনিত ৰোগ আৰু পানীৰ যোগেদি হোৱা ৰোগ বৃদ্ধি হৈছে। ফলস্বৰূপে স্বাস্থ্য়ৰ শিতানত হোৱা ব্য়য়ৰ পৰিমাণো বৃদ্ধি পাইছে। আকৌ, বিশ্ব পৰিৱেশীয় সমস্য়া, যেনে গোলকীয় উষ্ণতা আৰু অ'জন অবক্ষয়েও চৰকাৰৰ বিত্তীয় বাধ্য়বাধকতা যথেষ্ট বৃদ্ধি কৰিছে। গতিকে এইটো স্পষ্ট যে পৰিবেশৰ নেতিবাচক প্ৰভাৱসমূহৰ সুযোগ ব্য়য় (opportunity cost) যথেষ্ট বেছি।
আটাইতকৈ ডাঙৰ প্ৰশ্নটো হল-- পৰিৱেশ সমস্য়া এই শতিকাটোৰ বাবে নতুন নে ? যদি হয় কিয় ? এই প্ৰশ্নৰ উত্তৰৰ বাবে কিছু পৰিমাণে বহল ব্য়াখ্য়াৰ প্ৰয়োজন আছে। সভ্য়তাৰ আৰম্ভণিতে অথবা এই পৰিঘটনা মূলক জনসংখ্য়া বৃদ্ধিৰ পূৰ্বত আৰু দেশসমূহে উদ্য়োগীকৰণ আৰম্ভ কৰাৰ আগত পৰিৱেশমূলক সম্পদ আৰু সেৱাসমূহৰ চাহিদা ইয়াৰ যোগানৰ তুলনাত কম আছিল। এইটোৱেই সূচায় যে প্ৰদূষণৰ পৰিমাণ পৰিৱেশৰ বিশোষণ ক্ষমতাতকৈও কম আছিল আৰু সম্পদ সমূহৰ উদঘাটনৰ হাৰ ইয়াৰ পুনৰ সৃষ্টিৰ হাৰতকৈ কম আছিল। গতিকে পৰিৱেশ সম্পৰ্কীয় সমস্য়াৰ উদ্ভৱ হোৱা নাছিল। কিন্তু জনসংখ্য়া বিস্ফোৰণ আৰু বৰ্ধিত জনসংখ্য়াৰ আৱশ্যকতা পূৰণৰ বাবে ঔদ্য়োগিক বিপ্লৱৰ সূচনাৰ পিছত সকলো সলনি হল। ইয়াৰ ফলস্বৰূপে উৎপাদন আৰু ভোগৰ বাবে সম্পদৰ চাহিদা পুনৰ সৃষ্টিৰ হাৰে ঢুকি নোপোৱা হল; পৰিৱেশৰ বিশোষণ ক্ষমতাৰ ওপৰত হেঁচা অত্য়ধিকভাৱে বৃদ্ধি পালে। এই গতিধাৰা আজিও অব্য়াহত আছে। গতিকে পৰিৱেশৰ মানৰ ক্ষেত্ৰত যোগান-চাহিদা সমিলমিল ব্য়াহত হল। আমি আজি পৰিৱেশমূলক সম্পদ আৰু সেৱাৰ বৰ্ধিত চাহিদাৰ সন্মুখীন হৈছোঁ, কিন্তু মাত্ৰাধিক ব্য়ৱহাৰ আৰু অপব্য়ৱহাৰৰ বাবে ইয়াৰ যোগান সীমিত হৈছে। সেয়েহে আৱৰ্জনা সৃষ্টি আৰু প্ৰদূষণৰ দৰে পৰিৱেশ সম্পৰ্কীয় সমস্য়াসমূহ বৰ্তমান অতি সংকটজনক অৱস্থাত উপনীত হৈছে।
Type Janmoni Hazarika