Back

অধ্যায় ২

শিক্ষাৰ লক্ষ্যসমূহ

১। শিক্ষাৰ লক্ষ্যসমূহ কি কি?

উত্তৰঃ শিক্ষাৰ লক্ষ্য হৈছে সুচিন্তা আৰু সুপৰিকল্পনাৰ দ্বাৰা ব্যক্তিক পূৰ্বনিৰ্দ্ধাৰিত কাৰ্যত উপনীত কৰাৰ এক প্ৰক্ৰিয়া।

২। লক্ষ্যই ব্যক্তিক কি প্ৰদৰ্শন কৰে?

উত্তৰঃ লক্ষ্যই ব্যক্তিক উদ্দেশ্যপূৰ্ণভাৱে কাৰ্য সংঘটিত কৰাৰ বাট প্ৰদৰ্শন কৰে।

৩। কোনে শিক্ষাক শুদ্ধ পথত পৰিচালিত কৰে?

উত্তৰঃ লক্ষ্যয়ে শিক্ষাক শুদ্ধ পথত পৰিচালিত কৰে।

৪। কোনে শিক্ষা ব্যৱস্থা পৰিচালিত কৰে?

উত্তৰঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰবোৰে দেশ এখনৰ শিক্ষা ব্যবস্থা পৰিচালিত কৰে।

৫। প্ৰাচীন শিক্ষাৰ লক্ষ্য কি আছিল?

উত্তৰঃ প্ৰাচীন শিক্ষাৰ লক্ষ্য আছিল আধ্যাত্মিক বিকাশ সাধন কৰা।

৬। একবিংশ শতিকাত জ্ঞানৰ কি বুলি কোৱা হয়?

উত্তৰঃ একবিংশ শতিকাক জ্ঞানৰ বিস্ফোৰণৰ সময় বুলি গণ্য কৰা হয়।

৭। শিক্ষাৰ লক্ষ্যসমূহ কিহৰ লগত জড়িত?

উত্তৰঃ শিক্ষাৰ লক্ষ্যসমূহ সময় আৰু স্থানৰ লগত জড়িত।

৮। ফ্ৰান্সৰ নেপোলিয়নৰ শাসন কালত ফৰাচী শিক্ষাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ ফ্ৰান্সৰ নেপোলিয়নৰ শাসন কালত ফৰাচী শিক্ষাৰ মূল উদ্দেশ্যম হ'ল খ্ৰীষ্টধৰ্মৰ নৈতিক মূল্যবোধ শিকোৱা ৰাষ্ট্ৰৰ মূৰব্বীৰ প্ৰতি আনুগত্য প্ৰকাশ আৰু বিশ্ববিদ্যালয় আইন-কানুন মানি চলিবলৈ শিকোৱা।

৯। বৃটিছ দেশত শিক্ষাৰ প্ৰধান স্বাৰ্থ কি আছিল?

উত্তৰঃ এইখন দেশত বৃটিছ শিক্ষা প্ৰধানতঃ ৰাজনৈতিক স্বাৰ্থত প্ৰয়োগ কৰা হৈছিল।

১০। শিক্ষাৰ লক্ষ্যসমূহ কিহৰ লগত জড়িত?

উত্তৰঃ শিক্ষাৰ লক্ষ্যসমূহ স্থান, শিক্ষাবিদ, সময় আৰু সমাজৰ লগত জড়িত।

১১। ব্যক্তিকেন্দ্ৰীক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক কোন?

উত্তৰঃ ব্যক্তিকেন্দ্ৰীক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক ছাৰ পাৰ্চী নান।

১২। ব্যক্তিকেন্দ্ৰীক লক্ষ্য কাক বোলে?

উত্তৰঃ ব্যক্তিৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক আৱেগিক আদি সকলো দিশৰ সৰ্বাংগীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ যি লক্ষ্য স্থিৰ কৰা তাকে ব্যক্তিকেন্দ্ৰীক লক্ষ্য বোলা হয়।

১৩। গান্ধীজীৰ মতে প্ৰকৃত শিক্ষা কেনেকুৱা হ'ব লাগে?

উত্তৰঃ গান্ধীজীৰ মতে প্ৰকৃত শিক্ষা এক প্ৰকাৰৰ নিবনুৱাৰ বিপক্ষে বীমা কৰাৰ নিচিনা হ'ব লাগে।

১৪। কিহে মৌখিকতাৰ গুৰুত্ব হ্ৰাস কৰে?

উত্তৰঃ বৃত্তিমূলক শিক্ষাই মৌখিকতাৰ গুৰুত্ব হ্ৰাস কৰে।

১৫। প্ৰকৃতাৰ্থত বৃত্তিমূলক শিক্ষায়ে কি কি প্ৰকাৰে ব্যক্তিৰ জীৱনৰ কাৰণে কম উৎসাহিত কৰে?

উত্তৰঃ প্ৰকৃতাৰ্থত বৃত্তিমূলক শিক্ষা ব্যক্তিক কৃত্ৰিম, যান্ত্ৰিক আৰু নিৰস পৰিৱেশ প্ৰদান কৰে যিয়ে ব্যক্তিক জীৱনৰ কাৰণে কম উৎসাহিত কৰে।

১৬। উদাৰনৈতিক শব্দৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ উদাৰনৈতিক শব্দৰ ইংৰাজী প্ৰতিশব্দ হ'ল-Liberal.

১৭। Liberal শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ 'Liberal' শব্দটো 'Liber' শব্দৰ পৰা উৎপত্তি হৈছে।

১৮। 'Liber' শব্দৰ অৰ্থ কি?

উত্তৰঃ Liber শব্দৰ অৰ্থ হৈছে "Free" অৰ্থাৎ  "মুক্ত"।

১৯। কি শিক্ষাৰ ধাৰণাটো পুৰণি গ্ৰীক সকলৰ সমাজৰ লগত জড়িত? 

উত্তৰঃ উদাৰনৈতিক শিক্ষাৰ ধাৰণাটো সেয়া পুৰণি গ্ৰীক সমাজৰ লগত জড়িত।

২০। পুৰণি গ্ৰীক সমাজত  প্ৰধানত কেইপ্ৰকাৰৰ নাগৰিক আছিল আৰু কি কি?

উত্তৰঃ পুৰণি গ্ৰীক সমাজত প্ৰধানত দুইপ্ৰকাৰৰ নাগৰিক আছিল- মুক্ত নাগৰিক আৰু শ্ৰমিক শ্ৰেণী।

 ২১। কোনটো শ্ৰেণীৰ লোক শিক্ষাৰ পৰা সম্পৃৰ্ণ ৰূপে বঞ্চিত হৈছিল?

উত্তৰঃ শ্ৰমিক শ্ৰেণীৰ লোকসকল শিক্ষাৰ পৰা সম্পূৰ্ণ ৰূপে বঞ্চিত হৈছিল।

২২। সমাজৰ মুক্ত নাগৰিকে কি জ্ঞান আহৰণ কৰিছিল আৰু তাক কি বোলা হৈছিল?
উত্তৰঃ
সমাজৰ মুক্ত নাগৰিকসকলে বৌদ্ধিক, সাংস্কৃতিক আৰু সৌন্দৰ্যবোধক জ্ঞান আহৰণ কৰিছিল আৰু তাক উদাৰনৈতিক শিক্ষা বুলি জনা গৈছিল।

২৩। উদাৰনৈতিক শিক্ষাই  আমাৰ  জীৱনত কি কি দিশসমূহৰ প্ৰয়োজন পূৰ্ণ কৰে?

উত্তৰঃ উদাৰনৈতিক শিক্ষাই আমাৰ জীৱনৰ সাংস্কৃতিক, শৈক্ষিক আৰু সৌন্দৰ্যবোধ সম্পৰ্কীয় দিশসমূহৰ প্ৰয়োজন পূৰ্ণ কৰে।

২৪। ভাৰতীয় দাৰ্শনিকে কি লক্ষ্যক সমৰ্থন কৰে?

উত্তৰঃ উদাৰনৈতিক শিক্ষাৰ লক্ষ্যই ব্যক্তিক জ্ঞান পিপাসু কৰে এই কথা ভাৰতীয় দাৰ্শনিক সকলে সমৰ্থন কৰে।

২৫। উদাৰনৈতিক শিক্ষাৰ লক্ষ্যৰ সবলতা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উদাৰনৈতিক শিক্ষাৰ লক্ষ্যৰ সবলতা তিনিপ্ৰকাৰৰ আৰু সেই তিনিটা হ'ল- ১। আধ্যাত্মিক বিকাশ, ২। ব্যক্তিক সমৰ্থবান কৰি তোলে, ৩। সামাজিক দায়ৱদ্ধতা বৃদ্ধি।


Type_Bhabesh Bora.





Post ID :DABP004882