নগৰৰ পাৰ্শ্বৱৰ্তী অস্বাস্থ্যকৰ বস্তি অঞ্চলৰ সমস্যাঃ

    এই পাঠ্যপুথিখনৰ আদিভাগৰ অধ্যায়ত, তোমালোকে ভৌগোলিক লোকবসতিত চহৰ বা ৰাষ্ট্ৰ কেন্দ্ৰ আদিৰ সংজ্ঞা দিয়া হৈছে। এই সংজ্ঞাটোৱে গ্ৰাম্য শব্দক ইয়াৰ পৰা পৃথক বুলি পৰিচয় কৰাইছে। তোমালোকে আকৌ মানৱ ভূগোলৰ মৌলিক বিষয়বস্ত নামৰ পাঠ্যপুথিখনতো পঢ়িবলৈ নিশ্চয় পাইছা যে এই ধাৰণাক দেশভেদে বিভিন্ন ধৰণে ব্যাখ্যা কৰা হয়।

    গ্ৰাম্য আৰু পৌৰ বসতি উভয়ৰে প্ৰাকাৰ্যৰ ক্ষেত্ৰত বিভিন্নতা থাকে আৰু কেতিয়াবা ইটোৱে সিটোৰ পৰিপূৰক হিচাপেও থাকে। ইয়াৰ বাহিৰেও গ্ৰাম্য, আৰু পৌৰ অঞ্চলবোৰ সাংস্কৃতি, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰযুক্তি আদিৰ ক্ষেত্ৰতো পৃথক। ভাৰতত গ্ৰাম্য অঞ্চলত থকা লোকবসতিৰ আধিপত্যতা বেছি আৰু গাওঁবোৰক মহাত্মা গান্ধীয়ে গণতন্ত্ৰৰ আদৰ্শ বুলি মন্তব্য কৰিছিল অথচ দেশৰ ভালেসংখ্যক গাঁৱত এতিয়াও প্ৰাথমিক কাৰ্যকলাপবোৰেই বেছিকৈ চলি আছে। বেছিভাগ গাঁও, পৌৰ কেন্দ্ৰবোৰৰ পশ্চাৎভূমি হিচাপে থাকে।

    ইয়াৰ দ্বাৰা ধাৰণা কৰিব পাৰি যে নগৰৰ পৌৰ কেন্দ্ৰবোৰত একেধৰণৰ কাম - কাজ কোৰেৰে, গ্ৰাম্য অঞ্চলবোৰতকৈ বিপৰীতমুখী কৰ্মৰে পৃথক হৈ আছে। আনহাতে ভাৰতৰ পৌৰ কেন্দ্ৰবোৰ আৰ্থ - সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অন্যান্য় উন্নয়নমুখী কাৰ্যৰ সূচক হিচাপে থাকি আন অঞ্চলবোৰতকৈ পৃথকধৰ্মী হৈ ৰয়। মুঠতে ফাৰ্মগৃহ আৰু উচ্চ আয় সম্পন্ন কোলবসতিৰে বিকাশৰ ঊৰ্ধ্বতম স্তৰত থকা পৌৰ বুনিয়াদৰ ৰচনাৰে ৰচিত যেনে - বহল ৰাস্তাৰে বাট - পথত বিজুলীবাতি, পানী আৰু স্বাস্থ্য় সম্পৰ্কীয় সা - সুবিধা থকা সুন্দৰ ঘাঁহনীৰে সেউজীয়া উদ্যান, খেলপথাৰ আৰু সুৰক্ষাৰ বন্দৱস্ত থকা আৰু একান্ত ব্যক্তিগত সা - সুবিধা থকা ইত্যাদি। এয়া নগৰৰ উচ্চতম সা - সুবিধাৰ সৈতে থকা জনবসতিপূৰ্ণ অঞ্চল। আনহাতে চৰম অৱস্থাপন্ন হৈ থকা কিছুসংখ্যক লোক বস্তিৰ বাসিন্দা বা জুপুৰী ঘৰৰ থূপ একোটাৰে দুৰ্দশাগ্ৰস্ত অৱস্থাত আছে। এনেবোৰ বাসিন্দা গাওঁ অঞ্চলৰ পৰা চহৰলৈ কাম বিচাৰি অহাসকলৰ ভিতৰতে একোজন আৰু তেওঁলোকৰ ভাল ভাড়া দি কোনো সুবন্দবস্ত থকা গৃহত বাস কৰিব পৰা ন্যূনতম ক্ষমতাখিনিও নাই। সেয়েহে লেতেৰা পৰিৱেশ তথা বস্তি অঞ্চল অধিকাৰ কৰি থাকিবলৈ লয়।

    কোনোধৰণৰ সুবিধা নথকা বিধ্বস্ত অৱস্থাৰ ঘৰবোৰৰ সৈতে অস্বাস্থ্যকৰ পৰিবেশ, বতাহ ভালদৰে চলাচল কৰিব নোৱাৰা, মৌলিক সুবিধাবোৰৰ অবাৱ থকা যেনে - খোৱা পানী, বিজুলী আৰু স্থানাগাৰৰ সুবিধা নথকা আদি অঞ্চলবোৰেই বস্তি অঞ্চল। এই অঞ্চলবোৰৰ বাট - পথ অতি ঠেক আৰু জনপূৰ্ণ এলেকা হোৱা বাবে, বিভিন্ন দুৰ্যোগৰ প্ৰৱণতা থাকে। তদুপৰি বস্তিবাসিন্দাসকলে খুব কম টকা - পইচাৰ বিনিময়ত কাম -কাজ কৰে, যত চাকৰিৰ ভৰসাও সিমান নাথাকে। স্বাভাৱিকতে তেওঁলোকৰ পুষ্টিহীনতাত ভোগে আৰু বিভিন্ন বেমাৰ - আজাৰৰ কবলত পৰোতেও বেছি সময় নালাগে। তেওঁলোকে লৰা - ছোৱালীক প্ৰয়োজনীয় শিক্ষা দিবলৈও অপৰাগ হয়। দৰিদ্ৰতাই তেওঁলোকে ড্ৰাগছ আৰু মাদকদ্ৰব্য সেৱন কৰাবলৈ বাধ্য কৰে, ফলত নানা তৰহৰ পাপকাৰ্য আৰুঅসামাজিক কৰ্মত লিপ্ত হবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ নকৰে।

    এই বস্তিটোৰ আশে - পাশে, দুই তিনিমহলীয়া অস্থায়ীধৰণৰ আবাসগৃহ কিছুমান আছে, যাৰ ওপৰ মহলাবোৰলৈ উঠোতে মামৰে ধৰা চিৰিবোৰ ব্যৱহাৰ কৰি আছে। এনে ঘৰবোৰৰ একোটা কোঠা, একোটা পৰিয়াল ভাড়া কৰি থাকে, কেতিয়াবা বাৰ - চৈধ্যজনীয়া পৰিয়াল একোটাইও এনে একোটা কোঠা দখল কৰি থাকে।

    ধাৰবিৰ বাসিন্দাসকলে কিন্ত বহুতো প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তত কৰে। গছ-গছনীৰ ছাঁ নথকা, অনবৰতে সূৰ্যৰ পোহৰ পৰা আৰু জাৱৰ - জোঁথৰেৰে ভৰি থকা, দুৰ্গন্ধময় পানীৰ ডোঙা বান্ধি থকা, কাউৰী আৰু নিগনিৰ উপদ্ৰৱ থকা এই ঠাইটুকুৰাৰ পৰা ভাৰতৰ কিছুমান মূল্যৱান আটকধুনীয়া প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তত হৈ আছে। ইয়াত বসবাস কৰি থকাসকলে চীনামাটিৰ বাচন - বৰ্তন, কাপ - প্লেট, ধুনীয়া এমব্ৰইডাৰী কাৰ্য, জড়িত কৰা কাম, চামৰাৰ বস্ত বনোৱা, নতুন ডিজাইনৰ কাপোৰ বনোৱা, ধাতু কাটি মিহি কৰি কৰা কামবোৰ, ধুনীয়া গহনা - গাঁঠনিৰ কাম, কাঠত কাটি নক্সা বনোৱা কাম আৰু ফাৰ্নিচাৰ আদিও প্ৰস্তত কৰি থাকে, যিবোৰ ভাৰতৰ বাহিৰেও বিদেশৰ ধনি পৰিয়ালবোৰে ব্যৱহাৰ কৰি আছে।

    ধাৰবি সাগৰৰ পাচত অৱস্থিত আৰু ইয়াত কেৱল জাবৰ - জোঁথৰেৰে দম খাই আছিল। কিন্ত তাতো কিছুমান অনুসূচীত জাতি আৰু দুখীয়া মুছলমান লোকে বসবাস কৰিবলৈ লৈ দৃশ্যপটৰ সলনি কৰে। সুন্দৰ নিৰ্মাণকাৰ্য যদিও, গেলা - পচা আৱৰ্জনাৰ এক সংমিশ্ৰণ ভূমি।



Type - Boby Bora