হুগ্ লি উদ্যোগ অঞ্চলঃ

    হুগ্ লি নদীৰ দুয়োপাৰে এই অঞ্চলটো উত্তৰে বান্সাবেৰিয়াৰ পৰা দক্ষিণে বিৰলানগৰলৈ প্ৰায় ১০০ কিলোমিটাৰ ব্যাপি আছে। পশ্চিমৰ মেদনিপুৰতো উন্নতি সাধন হৈছে। কলকাতা - হাওৰা, এই অঞ্চলৰ প্ৰাণকেন্দ্ৰ। অঞ্চলটোৰ বিকাশত অৱদান যোগোৱা কাৰকবোৰ ত্ৰুমে ঐতিহাসিক, ভৌগোলিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বুলিব পাৰি। হুগলি নদীবন্দৰ মুকলি হৈ বিকাশ হোৱাত সহায় কৰিছিল। সেই সময়ত কলকাতা দেশৰ ভিতৰতে আগশাৰী উদ্যোগ কেন্দ্ৰ হৈ উঠিছিল। পিছলৈ ৰেলপথ আৰু মটৰৰ ৰাস্তাৰে, কলকাতাৰ ভিৰতৰুৱা অঞ্চলবোৰৰ সৈতে সংলগ্ন হৈছিল। চাহ খেতি আৰু পূৰ্বে কৰা নীলৰ কৃষিক আকৌ নতুনভাৱে সজাই - পৰাই তোলা হল। ইয়াৰ লগতে মৰাপাটৰ উদ্যোগবোৰো ভালদৰে  গঢ়ি উঠে। বিহাৰ, উত্তৰপ্ৰদেশৰ পূব অংশ আৰু উৰিষ্যাৰ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা অহা শ্ৰমিকসকলৰ বাবে। উদ্যোগৰ যথেষ্ট উন্নতি সাধন হৈছিল। বৃটিছৰ ৰাজত্বকালত বৃটিছসকলে তেতিয়া কলকাতাক ৰাজধানী হিচাপে পাবলৈ উৎসাহিত হৈছিল। ১৮৫৫ চনত ৰিছৰাত প্ৰথম মৰাপাট কলঘৰ স্থাপন হোৱাত উদ্যোগৰ পৃথিৱীত এক সুচনা হৈছিল।

    হাওৰা আৰু ভাটাপাৰাত মৰাপাট উদ্যোগবোৰ বেছিকৈ ঘনীভূত হৈ আছে। ১৯৪৭ চনৰ দেশ বিভাজনে ঔদ্যোগিক অঞ্চলটোত এক প্ৰতিত্ৰুিয়াৰ সৃষ্টি কৰিছিল। এই অঞ্চলত মৰাপাট, কাগজৰ কল, কাৰিকৰী উদ্যোগ, বয়নশিল্পৰ যন্ত্ৰপাতি বৈদ্যুতিক, ৰাসায়নিক, ঔষধিযুক্ত দ্ৰব্য, সাৰ আদিৰ লগতে কপাহী বয়ন শিল্পও গঢ়ি উঠে। তদুপৰি পেট্ৰৰাসায়নিক উদ্যোগবোৰেও এক বিশেষ ভূমিকা পালন কৰে। এই অঞ্চলত থকা উল্লেখনীয় উদ্যোগৰ ভিতৰত কনননগৰত থকা হিন্দুস্থান মটৰছ লিমিটেদ আৰু চিত্তৰঞ্জনৰ ডিজেল ইঞ্জিনৰ কাৰখানাৰ প্ৰাধান্য বেছি। ইয়াৰ বাহিৰেও হালদিয়াত এটা তেল শোধনাগাৰ স্থাপন হোৱাৰ ফলত শোধনাগাৰৰ উপজাত দ্ৰব্যৰ পৰা অন্যান্য বহুতো সৰু - সুৰা শিল্পোদ্যোগৰ বিকাশ ঘটিবলৈ সুবিধাজনক হৈ পৰিল। অন্যান্য উল্লেখযোগ্য শিল্পকেন্দ্ৰ যেনে কলকাতা, হাওৰা, হালদিয়া, শ্ৰীৰামপুৰ, ৰিছৰা, শিৱপুৰ, নাইহাটি, কাকিনাৰা, শ্যামনগৰ, তিতাগড়, চদেপুৰ, বাঝবাঝ বিৰলানগৰ, বাঁছবেৰিয়া, বেলগুড়িয়া, ত্ৰিবেণী, হুগলি, বেলুক আদি। তথাপি আন অঞ্চলবোৰৰ পৰিপ্ৰেক্ষিতত চাবলৈ হলে এই অঞ্চলৰ উদ্যোগ মন্থৰ গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আনকি মৰাপাট উদ্যোগটো এতিয়া এক ৰুগ্নপ্ৰায় অৱস্থাপন্ন হৈছে।



Type - Boby Bora