বাংগালোৰ - চেন্নাই উদ্যোগ অঞ্চলঃ

    স্বাধীনতাৰ পিচৰে পৰা এই ঔদ্যোগিক অঞ্চলৰ বিকাশ দ্ৰুতভাৱে হৈছিল। ১৯৬০ চন মানলৈ উদ্যোগবোৰৰ সীমাবদ্ধতা যদিও বাংগালোৰ, চালেম আৰু মাদুৰাই জিলাত আছিল পিচলৈ ভিল্লুপুৰমক বাদ দি তামিলনাডুৰ প্ৰায় আটাইকেইখন জিলালৈ উদ্যোগবোৰ বিস্তাৰিত হবলৈ ধৰে। যদিও কয়লাক্ষেত্ৰৰ পৰা এই অঞ্চল ভালেমান নিলগত  অৱস্থিত হৈ আছে, ১৯৩২ চনত নিৰ্মিত হোৱা পাইকাৰা  জলবিদ্যুৎ প্ৰকল্পই মূল আধাৰ হিচাপে থাকি উদ্যোগবোৰক উন্নতি সভাত সহায়তা কৰে। কপাহৰ খেতিৰ পয়োভৰ ইয়াত বহু পৰিমাণে বেছি বুলি কব পাৰি, যাৰ বাবে কপাহী বয়ন শিল্পই প্ৰথমাৱস্থাৰ পৰা ভালধৰণে শিপাবলৈ ধৰে। কপাহ কলঘৰৰ সৈতে সামঞ্জস্য ৰাখি তাঁতশাল শিল্পবোৰো খৰতকীয়াকৈ বিকশিত হবলৈ ধৰে। বাংগালোৰত বহুতো গুৰু কাৰিকৰী উদ্যোগ কেন্দ্ৰীভূত হৈ আছে। উৰাছাহাজ নিৰ্মাণ যন্ত্ৰপাতিৰ সঁজুলি, দুৰভাষ যন্ত্ৰ আৰু ভাৰত ইলেকট্ৰনিকছ আদি এনে কিছুমান বিখ্যাত উদ্যোগ। তদুপৰি ইয়াত থকা আন উদ্যোগৰ ভিতৰত বয়ন উদ্যোগ, ৰেলগাড়ী দবা নিৰ্মাণ ডিজেল ইঞ্জিন নিৰ্মাণ, ৰেডিঅশিল্পপ, লঘু কাৰিকৰী সামগ্ৰীৰ প্ৰস্ততকৰণ, ৰবৰ শিল্প, দৰব প্ৰস্ততকৰণ, নিদাগ তীখা, এলুমিনিয়াম শিল্প, চেনিকল, চিমেণ্ট কাৰখানা, চিচা কাৰখানা, কাগজৰ কল, ৰাসায়নিক শিল্প, বোলছবি নিৰ্মাণ শিল্প, চিগাৰেট কাৰখানা, জুইলাৰ বাকচৰ কাৰখানা, ছামৰা উদ্যোগ আদিৰেই প্ৰধান। ইয়াৰ বাহিৰেও নতুনকৈ স্থাপন হোৱা কেইটামান শিল্পৰ মাজত চেন্নাইৰ পেট্ৰলিয়াম শোধনাগাৰ, চালেমৰ লো - তীখা প্ৰকল্প আৰু সাৰকাৰখানাৰ কথা উল্লেখ কৰিব পৰা যায়।

    গুজৰাট উদ্যোগ অঞ্চলঃ

    গুজৰাট উদ্যোগ ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ বুলি কলে আহমেদাবাদ আৰু বৰোদাৰ মধ্যৱৰ্তী অংশৰ কথাকে বুজায়, যদিও দক্ষিণলৈ থকা ভালছাদ আৰু চুৰাট আৰু পশ্চিমদিশে থকা জামনগৰলৈ এই অঞ্চল বিস্তৃত হৈ আছে। দৰাচলতে ১৮৬০ চনতে স্থাপন হোৱা কপাহী বয়ন উদ্যোগে এই অঞ্চলত উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। মুম্বাইত কপাহী বয়ন শিল্পৰ ভগ্নপ্ৰায় অৱস্থা হলত গুজৰাটৰ এই অঞ্চল বিখ্যাত বয়ন শিল্প অঞ্চল হিচাপে পৰিগণিত হল। এই অঞ্চল, কাপহ উৎপাদন হোৱা ঠাইতে অৱস্থিত আৰু কেঁচামাল আৰু বজাৰ দুয়োবিধে সুবিধাজনকভাৱে থকা কাৰণে, অঞ্চলটোৰ প্ৰাধান্য বৃদ্ধি পাইছে। তদুপৰি তৈলক্ষেত্ৰৰ আৱিষ্কাৰৰ ফলস্বৰূপে অংকলেশ্বৰ বৰোদা আৰু জামনগৰত পেট্ৰৰাসায়নিক শিল্প স্থাপনত সহায়ক হয়। কয়ালিত থকা পেট্ৰলিয়াম শোধনাগাৰটোৰ বাবে ভালেসংখ্যক পেট্ৰৰাসায়নিক উদ্যোগে কেঁচামালৰ যোগান পাই আছে। বৰ্তমান উদ্যোগিক জগতৰ কিছু পৰিবৰ্তন হৈ বৈচিত্ৰ্যপূৰ্ণ হৈ পৰিছে। বয়ন উদ্যোগ আৰু পেট্ৰৰাসায়নিক উদ্যোগৰ বাদেও ইয়াত অন্যান্য বহুতো উদ্যোগ অৱস্থিত। যেনেঃ গুৰু আৰু মৌলিক ৰাসায়নিক উদ্যোগ, মটৰ গাড়ী নিৰ্মাণ শিল্প, ট্ৰেক্টৰ, ডিজেল ইঞ্জিন, বয়ন উদ্যোগৰ যন্ত্ৰপাতি, কাৰিকৰী সামগ্ৰী, ঔষধ সম্পৰ্কীয় উদ্যোগ, ৰং, কীটনাশক দ্ৰব্য, চেনিকল, দুগ্ধজাত সামগ্ৰী আৰু খাদ্য প্ৰত্ৰুিয়াকৰণ উদ্যোগ ইত্যাদি। অললপতে জামনগৰত এক বৃহত্তৰ পেট্ৰলিয়ামৰ শোধনাগাৰ স্থাপন কৰা হয়। এই অঞ্চলত থকা উল্লেখযোদ্য উদ্যোগ কেন্দ্ৰবোৰ হল ত্ৰুমে আহমেদাবাদ বৰোদা ভাৰুছ, কয়ালি, আনন্দ, খেৰা, সুৰেন্দ্ৰনগৰ, ৰাজকোট, চুৰাট, ভালছাদ আৰু জামনগৰ।



Type - Boby Bora