ভাৰতবৰ্ষৰ পটভূমিৰ পৰিকল্পনা আৰু ধাৰণক্ষম বিকাশ

        তোমালোকে নিশ্চয় পৰিকল্পনা শব্দটোৰ কোনো নতুনত্ব বিচাৰি নোপোৱা কাৰণ দৈনন্দিন ব্যৱহাৰিক জীৱনৰ এটা অংশ হিচাপে তোমালোকে লগতে সাঙোৰ খাই থকা পাবা। পৰীক্ষা দিবলৈ যাওঁতে অথবা কোনো পাৰ্বত্য নিবাস স্থানলৈ যোৱাৰ প্ৰস্ততি চলাওঁতে নিশ্চয় তোমালোকে পৰিকল্পনা কৰি লোৱা। মানুহে যিকোনো এটা লক্ষ্যবস্তত উপনীত হবলৈ হলে কিছুমান চিন্তা - প্ৰত্ৰুিয়াৰে কাৰ্যত্ৰুমণিকা বিধিবদ্ধ কৰে আৰু সংহতিপূৰ্ণ কাৰ্য ৰূপায়ণ কৰাৰ প্ৰচেষ্টা চলায়। ইয়াকে আমি পৰিকল্পনা কৰা বুলি কওঁ। এই শব্দটোৰ ভাবাৰ্থ যথেষ্ট বিশাল আৰু সেইবাবে এই অধ্যায়ত অৰ্থনৈতিক বিকাশ প্ৰত্ৰুিয়াৰ প্ৰসংগক আমি শব্দটোৰ ব্যৱহাৰ কৰিবলৈ লৈছো। ইয়াৰ বাদে কিছুমান লৌকিক, জধে - মধে থকা পদ্ধতি যেনে উৎকৰ্য সাধন আৰু পুনৰ গঠন কৰা আদিবোৰতকৈ, ই পৃথক। সাধাৰণ অৰ্থত পৰিকল্পনাই দুটা কথাকে সূচায়। যেনে - খণ্ড অনুসৰি থকা পৰিকল্পনা আৰু আঞ্চলিক পৰিকল্পনা। খণ্ড পৰিকল্পনাত বিভিন্ন অৰ্থনৈতিক খণ্ড যেনে কৃষি, জলসিঞ্চন, নিৰ্মাণ শিল্প, শক্তি পৰিবহণ, যোগাযোগ, সামাজিক বুনিয়াদৰ গঠন আৰু বৃত্তি ইত্যাদিৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি, সংহতিপূৰ্ণ আঁচনি বিধিবদ্ধ কৰি ৰূপায়ণ কৰা হয়।

    যিকোনো দেশতে, সমতাপূৰ্ণ অৰ্থনৈতিক বিকাশ থকা দেখিবলৈ পোৱা নাযায়। কেতবোৰ অঞ্চল অধিক উন্নত আৰু কিছুমান ঠাই একেবাৰে পিচ পৰি আছে।

    স্থান অনুযায়ী থকা এই বৈষম্যৰ বাবে পৰিকল্পনাকৰ্তাসকলে স্থানিক পটভূমিৰ আগত ৰাখি নক্সা আঁকিবলৈ, বৈষম্য দূৰ কৰা প্ৰয়োজনীয়তাৰ কথা সূচাবলৈ ধৰে। এনে পৰিকল্পনাক আঞ্চলিক পৰিকল্পনা বুলি কব পাৰি।



Type - Boby Bora