ছোটনাগপুৰ অঞ্চলঃ

    ঝাৰখণ্ড, উৰিষ্যাৰ উত্তৰ অংশ পশ্চিমবংগৰ পশ্চিমাঞ্চলজুৰি এই উদ্যোগ অঞ্চলটো বিস্তৃত হৈ আছে গুৰু ধাতৱিক শিল্প উদ্যোগৰ বাবে জনাজাত। দামোদৰ উপত্যকা কয়লা আৰু ধাতৱিক আৰু অধাতৱিক খনিজ পৰ্দাথ, ঝাৰখম্ড আৰু উৰিষ্যাৰ উত্তৰ অঞ্চলত আৱিষ্কাৰ হোৱাৰ পিচতে এই উদ্যোগ অঞ্চলত বিকাশ সম্ভৱপৰ হৈ উঠে। কয়লা, আকৰিক নে আৰু অন্যান্য খনিজ সম্পদৰ সামীপ্যই এই অঞ্চলত গুৰু উদ্যোগ স্থাপন হোৱাত সুবিধা কৰি দিয়ে। ছয়টা একত্ৰিত লো আৰু তীখা উদ্যোগ, ত্ৰুমে জামছেদপুৰ, বাৰ্ণপুৰ, কুলটি, দুৰ্গাপুৰ, বোকাৰো আৰু ৰুৰকেল্লা এই ক্ষেত্ৰত অৱস্থিত।

    দামোদৰ উপত্যকাৰ তাপ আৰু জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ দ্বাৰা শক্তিৰ বাবে থকা প্ৰয়োজনীয়তা পূৰ হৈছে। তদুপৰি চাৰিওফালে থকা ঘনবসতিপূৰ্ণ অঞ্চলবোৰো সস্তীয়া বনুৱাৰ যোগান ধৰাৰ লগতে হুগলি অঞ্চলটোৱে উদ্যোগজাত সামগ্ৰীৰ বাবে এখন বহল বজাৰৰ সুবিধা প্ৰদান কৰিছে। এই শিল্প, যান্ত্ৰিক সঁজুলি নিৰ্মাণ, সাৰ কাৰখানা, চিমেণ্ট উদ্যোগ, কাগজৰ কল, যন্ত্ৰচালিত আৰু গুৰু বৈদ্যুতিক সৰঞ্জাম উদ্যোগ ইত্যাদি। শিল্প উদ্যোগ থকা বিখ্যাত কেন্দ্ৰবোৰ হল ত্ৰুমে ৰান্সি, ধানবাদ, ছাইবাছা, সিন্দ্ৰী, হাজাৰিবাগ, জামছেদপুৰ, বোকাৰো, ৰুৰকেল্লা, দুৰ্গাপুৰ, আছানচোল আৰু ডালমিয়ানগৰ।

      বিশাখাপট্টনম - গুণ্টুৰ অঞ্চলঃ

    এই শিল্পোদ্যোগ অঞ্চল, বিশাখাপট্টনম জিলাৰ পৰা দক্ষিণলৈ কুৰনুল আৰু একাশম জিলালৈকে বিস্তৃত হৈ আছে। বিশাখাপট্টনম আৰু মছলিপট্টনম বন্দৰৰ ওপৰত আধাৰিত হৈ বিকাশ সম্পন্ন হোৱা এই অঞ্চলটোৰ পশ্চাদভূমিবোৰ, কৃষিৰ ক্ষেত্ৰত উন্নতি হোৱাৰ লগতে খনিজ সম্পদতো চহকী। এইসকলে গোদাবৰী অৱবাহিকাত অৱস্থিত হৈ থকা কয়লাক্ষেত্ৰৰ পৰা শক্তিৰ যোগান লাভ কৰে। ১৯৪১ চনত বিশাখাপট্টনমত জাহাজ নিৰ্মাণ উদ্যোগৰ প্ৰাৰম্ভণি হৈছিল। আমদানিকৃত পেট্ৰলিয়ামৰ আধাৰত গঢ়ি উঠা পেট্ৰলিয়ামৰ শোধনাগাৰে বালেমান পেট্ৰৰাসায়নিক উদ্যোগ স্থাপন আৰু শ্ৰীবৃদ্ধি হোৱাত, অৰিহণা দিয়ে। এই অঞ্চলৰ মুখ্য উদ্যোগ কিছুমান এনেধৰণৰ চেনি উদ্যোগ, বয়ন, মৰাপাট উদ্যোগ, কাগজৰ কল, সাৰ কাৰখানা, চিমেণ্ট উদ্যোগ, এলুমিনিয়াম আৰু লঘু কাৰিকৰী উদ্যোগ। গুণ্টুৰ জিলাত এটা সীহ - দস্তা গলন প্ৰত্ৰুিয়া থকা কাৰখানা, কাৰ্যক্ষম হৈ আছে। বিশাখাপট্টনমত থকা লো আৰু তীখা প্ৰকল্পই, বাইলাডিলাৰ পৰা অনা আকৰিক লো ব্যৱহাৰ কৰে। এই অঞ্চলৰ উল্লেখযোগ্য শিল্পকেন্দ্ৰবোৰ হল ত্ৰুমে বিশাখাপট্টনম, বিজয়ৱাড়া, বিজয়নগৰ, ৰাজামুগুৰি, গুণ্টুৰ, ইলুৰু আৰু কুৰ্ নুল্।

Type - Boby Bora