ধাৰণক্ষম উন্নয়নঃ

    কোনো নিৰ্দিষ্ট সমাজ এখনৰ অৱস্থা আৰু সমাজখনে লাভ কৰা পৰিবৰ্তন প্ৰত্ৰুিয়াৰ অভিজ্ঞতাক বুজাবলৈ উন্নয়ন শব্দক সাধাৰণ অৰ্থত প্ৰকাশ কৰা হয়। মানৱ ইতিহাসৰ সুদীৰ্ঘ সময়ছোৱাত মানৱ সমাজ আৰু তেওঁলোকৰ চাৰিওফালে থকা জৈৱিক আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা পাৰস্পৰিক আন্তঃপ্ৰত্ৰুিয়াৰ দ্বাৰা সামাজিক অৱস্থা নিৰূপিত হয়। মানুহ আৰু পৰিবেশৰ মাজত থকা পাৰস্পৰিক প্ৰত্ৰুিয়াই দৰাচলতে সমাদৰ দ্বাৰা লালন - পালন হৈ থকা প্ৰযুক্তিৰ মান আৰু অনুষ্ঠানৰ ওপৰত নিৰ্ভৰশীল। এফালে, প্ৰযুক্তি আৰু অনুষ্ঠানসমূহে মানুহ আৰু পৰিবেশৰ মাজত থকা আন্তঃপ্ৰত্ৰুিয়াৰ গতিবেশ বৃদ্ধি হোৱাত সহায়তা কৰে আৰু তাৰ বিনিয়মত প্ৰযুক্তি প্ৰগতি আৰু ৰূপান্তৰণ আৰু অনুষ্ঠানৰ সৃষ্টিৰ গতিবেগ বঢ়াই তোলে। সেয়েহে উন্নয়নক এক বহুমুকী সংত্ৰুান্তীয় ধাৰণা বুলিব পাৰি আৰু ই অৰ্থনীতি, সমাজ আৰু পৰিৱেশৰ ধনাত্মক, অপৰিবৰ্তনীয় ৰূপান্তৰৰ তাৎপৰ্যতা প্ৰকাশ কৰে।

    উন্নয়নৰ ধাৰণা বৰ সত্ৰুিয় আৰু কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা ইয়াৰ আৰম্ভণি হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ত অৰ্থনৈতিক বৃদ্ধি আৰু উন্নয়নৰ ধাৰণা সমাৰ্থক আছিল আৰু ইয়াৰ জোখ - মাখ সময় সাপেক্ষে থকা মুঠ জাতীয় উৎপাদন আৰু জনমূৰি আয় আৰু জনমূৰি উপভোগৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছিল।কিন্ত অথনৈতিকভাৱে সমৃদ্ধিশালী দেশবোৰতো সম্পদৰ অসমান বিতৰণৰ হেতু দৰিদ্ৰতাৰ দ্ৰুত বৃদ্ধি ঘটাত এই পৰম্পৰাগত ধাৰণাটো ভূল বুলি প্ৰমাণিত হৈছিল। অসমান অৰ্থনৈতিক বৃদ্ধিৰ বিতৰণে এনে অৱস্থাৰ সৃষ্টি কৰিছিল। সেয়েহে ১৯৭০ৰ পৰা বৃদ্ধিৰ সৈতে পুনঃবিতৰণ আৰু বৃদ্ধি আৰু সমদৰ্শন আদি যোজনা উন্নয়নৰ সংজ্ঞাৰ লগত চামিল হৈ পৰিল। পুনঃবিতৰণ আৰু সমদৰ্শন আদিৰ সৈতে জড়িত থকা প্ৰশ্নবোৰৰ সমাধান কৰোতে বুজি পোৱা গৈছিল যে উন্নয়নৰ ধাৰণাক কেৱল অৰ্থনৈতিক পৰিধিতে সীমাবদ্ধ কৰি থব নোৱাৰি। উন্নয়নৰ ধাৰণাত আনকি কিছুমান সংস্কৰণ অন্তৰ্ভূক্ত হৈ থাকিল, যেনে মানুহৰ থকা - মেলা আৰু জীৱনৰ মান উন্নত কৰা, শিক্ষা আৰু সুযোগৰ মানভাৱে ব্যৱহাৰ থকা, স্বাস্থ্যৰ সা - সুবিধা থকা আৰু ৰাজনৈতিক আৰু অসামৰিক অধিকাৰ সাব্যস্ত কৰা ইত্যাদি। ১৯৮০ চনৰ পৰা, সমাজত বিস্তৃতভাৱে সামাজিক আৰু আৰ্থিক স্বচ্ছলতাক উন্নত কৰি তুলি একগোট কৰাটোকে উন্নয়নৰ নতুন ধাৰণা হিচাপে উদ্ভৱ হয়।

    ১৬৫০ চনৰ শএষৰ ভাগত পৃথিৱীৰ পশ্চিমীয়া দেশবোৰত পাৰিবেশিক সমাস্যাবোৰৰ প্ৰতি সজাগতাৰ, সামূহিক জাগৰণ হোৱাত, ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো আৰম্ভ হোৱা যেন লাগে। ইয়াৰ প্ৰতিফলনস্বৰূপে উদ্যোগৰ বিকাশৰ বাবে পৰিবেশৰ ওপৰত হোৱা অনাকাংক্ষিত প্ৰভাৱৰ প্ৰতি মানুহক জড়িত কৰিলে। ১৯৬৮ চনৰ প্ৰকাশ পোৱা এহাৰালিচৰ গ্ৰন্থ ' The population Bomb' and মিভৌজৰ দ্বাৰা ৰচিত ' The Limits to Growth' আৰু ১৯৭২ চনত প্ৰকাশ পোৱা আন গ্ৰন্থ কিছুমানে, জনমানসত আৰু বিশেষকৈ পৰিৱেশ বিজ্ঞানীসকলৰ মনত আসন্ন দুৰ্যোগ আৰু সংশয় ভাবৰ সৃষ্টি কৰে। এনেদৰে এক বহল শিৰোনামা ধাৰণক্ষম উন্নয়ন শব্দটোৰ আৰলত উন্নয়নৰ নতুন নক্সাযুক্ত চিত্পটৰ আৱিৰ্ভাৱ ঘটে। 

    পৰিবেশিক সমস্য়াৰাজিৰ ওপৰত পৃথিৱীৰব্যাপি সৃষ্টি হোৱা মতৰ প্ৰতি সঁহাৰি জনাই, সংযুক্ত ৰাষ্ট্ৰই, নৰৱেৰ প্ৰধান মন্ত্ৰী গ্ৰো হাৰলেম, ব্ৰুণ্টলেণ্ডৰ অধিনায়কত্বত, বিশ্ব পৰিৱেশ আৰু উন্নয়ন শিৰোনামাৰে এখন আয়োগৰ গঠন কৰে। ১৯৮৭ চনত আয়োগে আমাৰ উমৈহতীয়া ভৱিষ্যৎ শিৰোনামাৰে এখন প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনখনক ব্ৰুণ্টলেণ্ডৰ প্ৰতিবেদন বুলিও জানিব পাৰি। প্ৰতিবেদনখনে ধাৰণক্ষম উন্নয়নৰ সংজ্ঞা এনেধৰণে দিয়ে- আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজন পূৰণ কোনো প্ৰকাৰে বাধাগ্ৰস্ত নোহোৱা পৰিসৰত বৰ্তমানৰ অভাৱ পূৰণ সীমাবদ্ধ ৰখা পৰ্য়ায়ৰ উন্নয়নে ধাৰণক্ষম উন্নয়ন। 

    ধাৰণক্ষম উন্নয়নে পাৰিপাৰ্শ্বিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাবোৰৰ বিকাশৰ সপক্ষে বৰ্তমানৰ প্ৰতি যত্ন লয় আৰু এই সম্পদবোৰক, ভৱিষ্যতৰ প্ৰজন্মই ব্যৱহাৰ কৰিব পৰাকৈ সংৰক্ষণ কৰাটোক সমৰ্থন কৰে। অৰ্থাৎ মানৱ প্ৰজন্মৰ উমৈহতীয়া ভৱিষ্যতৰ উন্নয়ন সম্পৰ্কে যথোচিত কৰ্মপন্থা অবিৰতভাৱে গ্ৰহণ কৰি যোৱা হয়।



Type - Boby Bora