ক্ষেত্ৰ অধ্যয়নঃ

    ইন্দিৰা গান্ধী খালৰ অধিপত্য থকা অঞ্চলঃ ধাৰণক্ষম উন্নয়ন বৰ্ধিত কৰোতে লোৱা ব্যৱস্থাসমূহঃ

    পূৰ্বে ৰাজস্থান খাল নামে জনাজাত আৰু বৰ্তমান ইন্দিৰা গান্ধী খালটো ভাৰতৰ আটাইবোৰ ডাঙৰ খাল ব্যৱস্থাবোৰৰ ভিতৰত অন্যতম। ১৯৪৮ চনত কুঁৱৰ সাঁই নামৰ স্থপতিবিদৰ ধাৰণাপুষ্ট এই খাল প্ৰকল্পৰ যাৱতীয় কাৰ্য ১৯৫৮ চনৰ ৩১ মাৰ্চৰ পৰা আৰম্ভ হয়। শতদ্ৰু আৰু বিপাশাৰ সংগম স্থলৰ নামনি অঞ্চলৰ পঞ্জাবৰ হাৰিকা বান্ধৰ পৰা খনন কৰা এই খালটো, পাকিস্তান সীমাৰ সমান্তৰালভাৱে ৰাজস্থান থৰ মৰুভূমিলৈ পানী বোৱাই নিয়া খালটো ভাৰত - পাকিস্তান সীমান্তৰ পৰা গড়ে মুঠ ৪০ কিলোমিটাৰ দূৰত্বত আছে। নহৰতন্ত্ৰ মুঠ পৰিকল্পিত দৈৰ্ঘ্য ৯০৬০ কিলোমিটাৰ আৰু সৰ্বমুঠ ১৯.৫০ লাখ হেক্টৰ কৃষি উপযোগী অঞ্চলৰ জলসিঞ্চনৰ বাবে থকা প্ৰয়োজনীয়তা পূৰাবলৈ সক্ষম হৈছে। মুঠ কৃষি উপযোগিতা থকা অঞ্চলৰ ৭০ শতাংশ স্বাভাৱিক ঢোলৰ সহায়ক পানী বোৱাই নি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে আৰু বাকী অংশত উত্তোলন পদ্ধতিৰে পানীৰ যোগান ধৰাৰ কল্পনা কৰা হৈছে। প্ৰথম স্তৰৰ অধীনত থকা অঞ্চলবোৰ হল গংগানগৰ, হনুমানগড়, আৰু বিকানীৰ জিলাৰ উত্তৰ অঞ্চল। ইযাৰ ভূ - অৱয়ব সামান্য ওখ - চাপৰ আৰু মৃদুঢালযুক্ত আৰু কৃষিৰ ুপযোগিতা থকা অঞ্চলে ৫.৫ লাখ হেক্টৰ মাটি আগুৰি আছে। দ্বিতীয় স্তৰৰ অধীনত থকা বিকানীৰ জয়ছালমিৰ, বাৰ্মাৰ, যোধপুৰ, নাগপুৰ আৰু চুৰু জিলাত প্ৰায় ১৪. ১৫ লাখ হেক্টৰ কৃষিৰ উপযোগী মাটি আছে। এই অঞ্চলবোৰত স্থানান্তৰিত বালিয়াৰিৰে সৈতে থকা মৰুভূমি চামিল হৈ আছে আৰু গ্ৰীষ্মকালত ইয়াত তাপমাত্ৰ ৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডলৈ বৃদ্ধি পায়। পাম্পৰ সহায়েৰে উত্তোলন পদ্ধতিৰে কৰা জলসিঞ্চনত, ভূভাগৰ ঢালে ঢালে পানী ববলৈ দিয়া হয়। মুখ্য খালৰ বাওঁকাষেৰে উত্তোলন খালবোৰ আৰু সোঁকাষে বৈ থকা খালবোৰ থাকে।

    ১৯৫০ চনৰ প্ৰথম ভাগত ১ম স্তৰৰ জলসিঞ্চন কাৰ্যৰ শুভাৰম্ভ হৈ উঠে আৰু ১৯৮০ চনৰ মাজভাগৰ পৰা ২য় স্তৰৰ কাম, কৃষি উপযোগী অঞ্চল সাপেক্ষে জলসিঞ্চনৰ আওতালৈ আনে। বৃহৎ খালৰ জৰিয়তে কৰা জলসিঞ্চন কাৰ্যই শুকান ভূখণ্ডটোৰ পাৰিস্থিতিক, অৰ্থনৈতিক আৰু সামাজিক ৰূপান্তৰণ হোৱাত সহায় কৰি আছে। গোটেই অঞ্চলটোৰ, পাৰিবেশিক বাতাৱৰণত, খালবোৰে ধনাত্মক অথবা ঋণাত্মক দুয়োটাৰে প্ৰভাৱ পেলাইছে। মাটিবোৰ বহু দিনধৰি সেমেকা হবলৈ ধৰে আৰু বনানিকৰণ, ঘাঁহনি উপজোৱা আদি বিভিন্নধৰণৰ কাৰ্যপন্থাৰ বিকাশ ঘটিল অৰ্থাৎ আধিপত্য অঞ্চলৰ উন্নয়নৰ নামত ভূভাগ যথেষ্ট সেউজ হৈ পৰিল। ইয়াৰ বাবে বতাহৰ খনন কাৰ্যবোৰ ত্ৰুমে হ্ৰাস পাবলৈ ধৰে আৰু খাল পদ্ধতিত বালি জমা হোৱা কাৰ্যটো লাহে লাহে কমি গল. কিন্ত জলসিঞ্চন সঘনাই প্ৰচলিত হৈ থকাৰ বাবে আৰু অতিমাত্ৰা পানীৰ ব্যৱহাৰিতাই দুটা পাৰিবেশিক সমস্যাৰ উদ্ভৱ কৰিছে, যেনে পানী আবদ্ধ হৈ থকা আৰু মাটিৰ লৱণতা বৃদ্ধি পোৱা।

    খাল প্ৰণালীৰে কৰা জলসিঞ্চনৰ প্ৰভাৱে অঞ্চলটোৰ কৃষিভিত্তিক অৰ্থনীতিত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। অঞ্চলটোত মাটি সেমেকা কৰি নিয়ন্ত্ৰিত কৰা বাবে শস্য উৎপাদন কৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। খাল - প্ৰণালীৰে কৰা জলসিঞ্চনৰ বাবে খেতি কৰা মাটিৰ পৰিমাণ আৰু শস্যৰ গাঢ়তা বৃদ্ধি পাইছে। পৰম্পৰাগত প্ৰথাৰে উৎপাদন কাৰ্য সম্পদ কৰা কইছুমান শস্য যেনে - বুটমাহ, মগুমাহ, বজৰা আৰু জোৱাৰৰ সলনি, এতিয়া গম, কঁপাহ, বাদাম আৰু ধানজাতীয় শস্যই প্ৰধান্য পাইছে। এইবোৰ প্ৰয়োজনীয় জলসিঞ্চনৰ ফলত সম্ভৱপৰ হৈ উঠিছিল। জলসিঞ্চনৰ সুবিধা প্ৰচলন হোৱাৰ পাচত, কৃষি আৰু গৰু - মহ ভেৰা আদি বাঢ়ি গৈ আছে আৰু এনেদৰে অদূৰ ভৱিষ্যতলৈ কৃষি বিপ্লৱৰ ধাৰণক্ষমতাক ক্ষতি কৰাৰ আশংকা প্ৰকাশ কৰিছে।



Type - Boby Bora