অধ্য়ায়-৩

প্ৰকৃতি

১। প্ৰকৃতি কবিতাটো কোনো ৰচনা কৰিছিল ?

উত্তৰঃ প্ৰকৃতি কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালায়ে ৰচনা কৰিছিল।

২। চন্দ্ৰকুমাৰ আগৰৱালাৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ১৮৬৭ চনত জন্ম হৈছিল।

৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ নেতৃত্বতেই ৰমন্য়াসিক চিন্তাধাৰাই অসমীয়া সাহিত্য়ত কি কঢ়িয়াই আনে ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ নেতৃত্বতই ৰমন্য়াসিক চিন্তাধাৰাই অসমীয়া সাহিত্য়ত নতুন সৃষ্টিৰ বতৰা কঢ়িয়াই আনে।

৪। এচাম অসমপ্ৰেমী ছাত্ৰই কি গ্ৰহণ কৰিছিল ?

উত্তৰঃ এচাম অসমপ্ৰেমী ছাত্ৰই অগ্ৰণী গ্ৰহণ কৰিছিল।

৫। (Lyrical Ballad) শব্দটো কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ (Lyrical Ballad) শব্দটো ১৭৯৮ চনত প্ৰকাশিত হৈছিল। 

৬। ৰোমান্টিক শব্দটো ইংৰাজী Romance শব্দৰ অসমীয়া প্ৰতিৰূপ যাৰ মূল অৰ্থ কি ?

উত্তৰঃ ৰোমাণ্টিক শব্দটো ইংৰাজী Romance শব্দৰ অসমীয়া প্ৰতিৰূপ যাৰ মূল অৰ্থ দুঃসাহসিক।

৭। ৰোমাণ্টিক সাহিত্য় ভাৰতীয় পটভূমিত কি হৈ উঠিছে ?

উত্তৰঃ ৰোমাণ্টিক সাহিত্য় ভাৰতীয় পটভূমিত ন ৰূপত প্ৰস্ফুটি হৈ উঠিছে।

৮। ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ এই সময়ছোৱাক কি কাব্য়যুগ বুলি কোৱা হয় ?

উত্তৰঃ ১৮৮৯ চনৰ পৰা ১৮৪০ চনলৈ এই সময়ছোৱাক অসমীয়া ৰোমাণ্টিক কাব্য়যুগ বুলি কোৱা হয়।

৯। আমাৰ বেছিভাগ প্ৰয়োজন কোনে পূৰ কৰে ?

উত্তৰঃ প্ৰকৃতিয়ে আমাৰ বেছিভাগ প্ৰয়োজন পূৰ কৰে।

১০। ঈশ্বৰ বা কাল্পনিক শক্তিতকৈ কি মানুহৰ মূল্য় বেছি আছিল ?

উত্তৰঃ ঈশ্বৰ বা কাল্পনিক শক্তিতকৈ চকুৰে দেখা মানুহৰ সংখ্য়া বেছি।

১১। অতীত কি ?

উত্তৰঃ অতীত হল বৰ্তমানৰ শিপা।

১২। নাৰী সৌন্দৰ্য্য়ক এই যুগৰ কবিয়ে কি কৰি তুলিছিল ?

উত্তৰঃ নাৰী সৌন্দৰ্য্য়ক এই যুগৰ কবিয়ে আকৰ্ষণীয়কৈ ফুটাই তুলিছিল।

১৩। শাস্বত ধাৰণাক সাহিত্য় জগতত কি বুলি জনা যায় ?

উত্তৰঃ শাস্বত ধাৰণাক সাহিত্য় জগতত ৰহস্য়বাদ বুলি জনা যায়।

১৪। গোলাপক সজীৱ মানুহৰ দৰে কি বুলি সম্বোধন কৰা হৈছে?

উত্তৰঃ গোলাপক সজীৱ মানুহৰ দৰে বান্ধৈ বুলি সম্বোধন কাৰ হৈছে ।

১৫। অধ্য়ায়নৰ বাবে ছাত্ৰসকল ক'ত গৈছিল ?

উত্তৰঃ অধ্য়ায়নৰ বাবে ছাত্ৰসকল কলিকতালৈ গৈছিল।

১৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ১৮৬৭ চনত তেজপুৰ কলংপুৰ মৌজাত জন্ম হৈছিল।

১৭। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্ধিতীয় কবিতা পুথিখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্ধিতীয় কবিতা পুথিখনৰ নাম হল-বাণ বৰাগী ১৯২৩ চনত প্ৰকাশ পৰাইছিল।

১৮। ভাব বা বিষয়বস্তুৰ দৃষ্টিৰে প্ৰকৃতি এটা কি কবিতা ?

উত্তৰঃ ভাব বা বিষয়বস্তুৰ দৃষ্টিৰে প্ৰকৃতি এটা অনুপম কবিতা ।

১৯। কবিয়ে কিহৰ জৰিয়তে কবিতাটি মনোৰম কি তুলিছে ?

উত্তৰঃ কবিয়ে কাব্য়ছন্দৰ জৰিয়তে কবিতাটি মনোৰম কৰি তুলিছে।

২০। কবিতাৰ ইতিহাসত নিসন্দেহে প্ৰকৃতি কবিতাটোৱে কি লাভ কৰিবলৈ সক্ষম হৈছিল ?

উত্তৰঃ কবিতাৰ ইতিহাসত নিসন্দেহে প্ৰকৃতি কবিতাটোৱে উপযুক্ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

 অধ্য়ায়-৩
অন্তিম জ্য়োতি 

১। অন্তিম জ্য়োতি কবিতা কোনে ৰচনা কৰিছিল ?

উত্তৰঃ অন্তিম জ্য়োতি কবিতাটো ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰিছিল।

২। ৰঘুনাথ চৌধাৰীয়ে কি কবি ৰূপে খ্য়াতি লাভ কৰিছে ?

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে বিহগী কবি ৰূপে খ্য়াতি লাভ কৰিছে।

৩। ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি ?

উত্তৰঃ ৰঘুনাথৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী আছিল ।

৪। মানৱীয় প্ৰেমৰ কাৰুণ্য়ভৰা ৰূপ কবিতাটিৰ কিহেৰে বিৰাজমান ?

উত্তৰঃ মানৱীয় প্ৰেমৰ কাৰুণ্য়ভৰা ৰূপ কবিতাটিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিৰাজমান।

৫।ৰঘুমাথ চৌধাৰীৰদেৱৰ দুটা কবিতাৰ নাম লিখা।

উত্তৰঃ ৰঘুনাথ চৌধাৰীদেৱৰ দুটা কবিতাৰ নাম হল-কেতেকী আৰু সাদৰী।

৬। প্ৰথম স্তৱকটোত কবিয়ে নিজকে কি বুলি কৈছে ?

উত্তৰঃ প্ৰথম স্তৱকটোত কবিয়ে নিজকে মৰমৰ ভিখাৰী বুলি কৈছে।

৭। দ্ধিতীয় স্তৱকটোত কবিয়ে কিহৰ ৰূপত ফুটাই তুলিছে ?

উত্তৰঃ দ্ধিতীয় স্তৱকটোত কবিয়ে নিজৰ অনুভৱ আকৌ মৰ্মস্পৰ্শী ৰূপত ফুটাই তুলিছে।

৮। কোনটো স্তৱকত কবিৰ অকৃত্ৰিম প্ৰেমৰ কৰুণ পৰিণাম অত্য়ন্ত মৰ্মস্পশী হৈ উঠিছে ? 

উত্তৰঃ তৃতীয় স্তৱকটোত কবিৰ অকৃত্ৰিম প্ৰেমৰ কৰুণ পৰিণাম অত্য়ন্ত মৰ্মস্পশী হৈ উঠিছে।

৯। ব্য়থাৰ গভীৰ দহন আৰু ব্য়ৰ্থতাৰ গ্লানিয়ে কবিক কি কৰিছিল ?

উত্তৰঃ ব্য়থাৰ গভীৰ দহন আৰু ব্য়ৰ্থতাৰ গ্লানিয়ে কবিক দুখৰ সাগৰত বুৰাই পেলাইছিল।

১০। অন্তিম জ্য়োতি কবিতাটিৰ পঞ্চম তথা শেষ স্তৱকটোত কিহৰ বিষয়ে স্পষ্ট হৈ পৰিছে ?

উত্তৰঃ অন্তিম জ্য়োতি কবিতাটিৰ পঞ্চম তথা শেষ স্তৱকটোত পৰলৌকিক মহামিলনৰ ইংগিত স্পষ্ট হৈ পৰিছে।

১১। কিহে কবিতাটিক সুন্দৰতৰ কৰি তুলিছে ?

উত্তৰঃ কাব্য়ছন্দৰ মসৃন প্ৰয়োগে কবিতাটিক সুন্দৰতৰ কৰি তুলিছে।

 অধ্য়ায়-৩

মনোৰম

১। মনোৰম কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ মনোৰম কবিতাটোৰ ৰচক দেৱকান্ত বৰুৱা।

২। বিশাল প্ৰতিভাশালী কবি দেৱকান্ত বৰুৱাৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ বিশাল প্ৰতিভাশালী কবি দেৱকান্ত বৰুৱাৰ ১৯১৪ চনত জন্ম হৈছিল।

৩। তেওঁৰ প্ৰতিটো কবিতাত উচ্ছল আৱেগৰ কিহৰ বিদ্য়মান ?

উত্তৰঃ তেওঁৰ প্ৰতিটো কবিতাত উচ্ছল আৱেগৰ সুমিষ্ট ৰস বিদ্য়মান।

৪। দেৱকান্ত বৰুৱাৰ পিতৃ-মাতৃৰ নাম কি ?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ পিতৃৰ নাম নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম স্বৰ্ণলতা ।

৫। কিমান চনত দেৱকান্ত বৰুৱাৰ পৰলোকপ্ৰাপ্তি ঘটে ?

উত্তৰঃ ১৯৯৬ চনত দেৱকান্ত বৰুৱাৰ পৰলোকপ্ৰাপ্তি ঘটে।

৬। দেৱকান্ত বৰুৱাক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ দেৱকান্ত বৰুৱাক যুগসন্ধিৰ কবি বুলিও কোৱা হৈছিল।

৭। কবি দেৱকান্ত বৰুৱাৰ স্বভাৱজাত কাব্য়বৈশিষ্টৰ সাৰ্থক প্ৰকাশ কি ?

উত্তৰঃ কবি দেৱকান্ত বৰুৱাক স্বভাৱজাত কাব্য়বৈশিষ্টৰ সাৰ্থক প্ৰকাশ হল 'মনোৰম' ।

৮। কবিতাটিত মুঠ কেইটা স্তৱক আছে ?

উত্তৰঃ কবিতাটিৰ মুঠ পাচঁটা স্তৱক আছে।

৯। কবিৰ সৌন্দৰ্য্য়পিপাসা আৰু বৰ্ণনাৰ মাধুৰ্য্য়ই স্তৱকটিক কি কৰি তুলিছে ?

উত্তৰঃ কবিৰ সৌন্দৰ্য্য়পিপাসা আৰু বৰ্ণনাৰ মাধুৰ্য্য়ই স্তৱকটিক কাব্য়সুষমা আকৰ্ষণীয় কৰি তুলিছে।

১০। কপৌৰ মন ৰাইজই কৰা উৰুঙা মাতৰ দৰে নায়িকাৰ কন্ঠও কেনেকুৱা ?

উত্তৰঃ কপৌৰ মন ৰাইজই কৰা উৰুঙা মাতৰ দৰে নায়িকাৰ কন্ঠও সুমধুৰ।

১১। নাৰী সৌন্দৰ্য্য়ৰ প্ৰকৃত ৰূপ কবিয়ে কি কৰিছে ?

উত্তৰঃ নাৰী সৌন্দৰ্য্য়ৰ প্ৰকৃত ৰূপ কবিয়ে নিসংকোচে চিত্ৰিত কৰিছে।

১২। অন্তিম দুটি শাৰীত কবিয়ে নিজৰ সৈতে কাক উন্মোচিত কৰিছে ?

উত্তৰঃ অন্তিম দুটি শাৰীত কবিয়ে নিজৰ সৈতে নায়িকাৰ সম্বন্ধ উন্মোচিত কৰিছে।

১৩। উৎকৃষ্ট চিত্ৰকল্পৰ উপস্থিতিয়ে কবিতাটিৰ কি কি কৰি তুলিছে ?

উত্তৰঃ উৎকৃষ্ট চিত্ৰকল্পৰ উপস্থিতিয়ে কবিতাটিৰ ৰসাস্বাদ্য় আৰু মনোগ্ৰাহী।

১৪। চিত্ৰকল্পৰ দৃষ্টিৰেও মনোৰমা এটি উত্তম কবিতা বুলি কেনেদৰে ক'ব পাৰি ?

উত্তৰঃ চিত্ৰকল্পৰ দৃষ্টিৰেও মনোৰমা এটি উত্তম কবিতা বুলি নিসন্দেহে কব পাৰি।

Type Janmoni hazarika




Post ID : DABP004841