অধ্য়ায়-৪ 

পলস

১। পলস কবিতাটি কোনে ৰচনা কৰিছিল ?

উত্তৰঃ পলস কবিতাটি ৰচক নৱকান্ত বৰুৱা।

২। নৱকান্ত বৰুৱাই কেইটাকৈ দশক ধৰি অসমীয়া কবিতাক নেতৃত্ব প্ৰদান কৰিছে ?

উত্তৰ ঃ নৱকান্ত বৰুৱাই প্ৰায় পাচঁটাকৈ দশক ধৰি অসমীয়া কবিতাক নেতৃত্ব প্ৰদান কৰিছে।

৩। নৱকান্ত বৰুৱা এজন কি আছিল ?

উত্তৰঃ নৱকান্ত বৰুৱা এজন সচাঁ অৰ্থত আধুনিক কবি আছিল।

৪। সময় আগবঢ়াৰ লগে লগে বিশ্বত কেতবোৰ ঐতিহাসিকভাৱে কি সংঘটিত হয় ?

উত্তৰঃ সময় আগবঢ়াৰ লগে লগে বিশ্বত কেতবোৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয়।

৫। দ্ধিতীয় দশকত হোৱা প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিল ?

উত্তৰঃ দ্ধিতীয় দশকত হোৱা প্ৰথম বিশ্বযুদ্ধ ১৯১৭ চনত হৈছিল।

৬। ভাৰতীয় সাহিত্য়ত প্ৰতীকবাদী প্ৰয়োগৰ বহুলভাবে কি হয়?

উত্তৰঃ ভাৰতীয় সাহিত্য়ত প্ৰতীকবাদী প্ৰয়োগৰ বহুলভাৱে দৃষ্টিগোচৰ হয়।

৭। আধুনিক কাব্য়জগতত নতুন মাত্ৰা দিয়া এজন বিশিষ্ট কবিৰ নাম লিখা ।

উত্তৰঃ আধুনিক কাব্য়জগতত নতুন মাত্ৰা দিয়া এজন বিশিষ্ট কবিৰ নাম হল- টি. এচ. ইলিয়ট (T.S. Eliot)।

৮। ইলিয়টৰ সৰ্বাধিক প্ৰসিদ্ধ কাব্য়খন কি ? 

উত্তৰঃ ইলিয়টৰ সৰ্বাধিক প্ৰসিদ্ধ কাব্য়খন হল ''The Waste Land''।

৯। ভাৰত ত্য়াগ আন্দোলন কিমান চনত হৈছিল ?

উত্তৰঃ ভাৰত ত্য়াগ আন্দোলন ১৯৪২ চনত হৈছিল ?

১০। জয়ন্তী আলোচনীৰ পিছত কি আলোচনী প্ৰকাশ পাইছিল?

উত্তৰঃ জয়ন্তী আলোচনীৰ পিছত ৰামধেনু নামৰ আলোচনীখন প্ৰকাশ পাইছিল।

১১। নৱকান্ত বৰুৱাৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ নৱকান্ত বৰুৱাৰ ১৯২৬ চনত জন্ম হৈছিল।

১২। নীলকান্ত বৰুৱাৰ চাৰিপুত্ৰৰ নাম কি ?

উত্তৰঃ নীলকান্ত বৰুৱাৰ চাৰিপুত্ৰৰ নাম আছিল - দেৱকান্ত, শিৱকান্ত, জীৱকান্ত আৰু নৱকান্ত।

১৩। নৱকান্ত বৰুৱাৰ কিমান চনত মহাপ্ৰয়ান ঘটে ?

উত্তৰঃ নৱকান্ত বৰুৱাক ২০০২ চনত মহাপ্ৰয়ান ঘটে।

১৪। পলস শব্দৰ অৰ্থ কি ?

উত্তৰঃ পলস শব্দৰ অৰ্থ হল নৈয়ে পেলোৱা সাৰুৱা বোকা যিয়ে ভূমিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।

১৫। পলস কবিতাটিত কেইটা স্তৱক আছে ?

উত্তৰঃ পলস কবিতাটিত সৰ্বমুঠ তিনিটা স্তৱক আছে।

১৬। ভৱিষ্য়ত প্ৰজন্মৰ বাবে কি কি সমৃদ্ধ কৰা প্ৰশংসনীয় ?

উত্তৰঃ ভৱিষ্য়ত প্ৰজন্মৰ বাবে আলিৰ কাষত গছপুলি ৰুই পথিকক ছাঁ দিয়া আৰু প্ৰকৃতিক সমৃদ্ধি কৰা প্ৰশংসনীয়।

১৭। প্ৰতীক আৰু চিত্ৰকল্পৰ দৃষ্টিৰে পলস এটি কি কবিতা ?

উত্তৰঃ প্ৰতীক আৰু চিত্ৰকল্পৰ দৃষ্টিৰে পলস এটি মলোৰম কবিতা।

১৮। প্ৰতীকৰ দৃষ্টিৰে এই কবিতাটি বিশেষ কি আছে ?

উত্তৰঃ প্ৰতীক দৃষ্টিৰে এই কবিতাটিৰ বিশেষ মহত্ব আছে।

১৯। শুদ্ধ, নিমজ আৰু নিভাঁজ অসমীয়া ভাষাৰ কি প্ৰয়োগ হৈছে ?

উত্তৰঃ শুদ্ধ, নিমজ আৰু নিভাঁজ অসমীয়া ভাষাৰ সফল প্ৰয়োগ হৈছে।

২০। সুকুমাৰ প্ৰকাশ এই কবিতাটিত সহজে কি হৈছে ?

উত্তৰঃ সুকুমাৰ প্ৰকাশ এই কবিতাটিত সহজে উন্মোচিত কৰা হৈছে।

 অধ্য়ায়-৪

আজি আকৌ মেজাংকৰীৰ এঙাচোলা পিন্ধি

১। আজি আকৌ মেজাংকৰীৰ এঙাচোলা পিন্ধি কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ আজি আকৌ মেজাংকৰীৰ এঙাচোলা কবিতাটো অজিৎবৰুৱাই ৰচনা কৰিছিল।

২। কবিতাৰ কিহৰ দ্ধাৰা সাহিত্য় সমাজ উপকৃত হব ?

উত্তৰঃ কবিতাৰ যথোপযুক্ত বিশ্লেষণ আৰু  সমালোচনাৰ দ্ধাৰাহে সাহিত্য় সমাজ উপকৃত হব।

৩। অজিত বৰুৱাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ অজিত বৰুৱাৰ জন্ম ১৯২৬ চনৰ ১৯ আগষ্ট তাৰিখে।

৪। তেওঁৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ তেওঁৰ পিতৃৰ নাম চিত্ৰমল্ল বৰুৱা আৰু মাতৃৰ পদ্মলতা বৰুৱা আছিল।

৫। বৰুৱাদেৱে কিহৰ কিহৰ খ্য়াতি অৰ্জন কৰিছিল ?

উত্তৰঃ বৰুৱাদেৱে কবি অনুবাদক আৰু সমালোচকৰূপে খ্য়াতি অৰ্জন কৰিছিল।

৬। ইলিয়টৰ দ্ধাৰা ৰচিত প্ৰখ্য়াত কাব্য় খনৰ নাম কি ?

উত্তৰঃ ইলিয়টৰ দ্ধাৰা ৰচিত প্ৰখ্য়াত কাব্য়খনৰ নাম হল 'The Waste Land' ।

৭। কিমান চনত পদ্য় আৰু গান শৰ্ষীক কবিতাপুথিৰ বাবে ভাৰতীয় পৰিষদৰ পুৰস্কাৰ লাভ কৰে ?

উত্তৰঃ ১৯৮৮ চনত পদ্য় আৰু গান শৰ্ষীক কবিতাপুথিৰ বাবে ভাৰতীয় পৰিষদৰ পুৰস্কাৰ লাভ কৰে।

৮। ১৯৯৩ চনত কিহৰ সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৯৩ চনত ব্ৰহ্মপুত্ৰ ইত্য়াদি পদ্য়ৰ বাবে সাহিত্য় অকাডেমী বঁটা লাব কৰে।

৯। ১৯৯৯ চনত কিহৰ বাবে অসম উপত্য়কা বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৯৯ চনত জীৱনজোৰা সাহিত্য়কৰ্মৰ বাবে অসম উপত্য়াকা বঁটা লাভ কৰে ।

১০। এঙাচোলা আহোম স্বৰ্গদেউসকলৰ কি আছিল ?

উত্তৰঃ এঙাচোলা আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ চোলা।

১১। এই কবিতাটোত সৰ্বমুঠ কেইটা স্তৱক আছে ?

উত্তৰঃ এই কবিতাটোত সৰ্বমুঠ তিনিটা স্তৱক আছে।

১২। কবিয়ে পুৱা হোৱা পূৰ্বেই ৰাতিতে উঠি কুসুম মালতীৰ কি পাইছে ?

উত্তৰঃ কবিয়ে পুৱা হোৱা পূৰ্বেই ৰাতিতে উঠি কুসুম মালতীৰ তেলৰ গোন্ধ পাইছে।

১৩। কবিতাটোত থকা তিনিওটা স্তৱক পৃথক পৃথক হয়নে ?

উত্তৰঃ কবিতাটোত থকা তিনিওটা স্তৱক পৃথক পৃথক হয়।

১৪। কবিতাটোত কি কি পয়োভৰ দৃষ্টিগোচৰ হয় ?

উত্তৰঃ কবিতাটোত প্ৰতীক আৰু চিত্ৰকল্পৰ ব্য়াপক পয়োভৰ দৃষ্টিগোচৰ হয়।

১৫। চিত্ৰকল্পৰ দৃষ্টিৰে কবিতাটো কি ?

উত্তৰঃ চিত্ৰকল্পৰ দৃষ্টিৰে কবিতাটো বৰ মনোগ্ৰাহী।

 অধ্য়ায়-৪

ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত

১। ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ সূৰ্যাস্ত কবিতাটোৰ ৰচক নীলমণি ফুকন।

২। নীলমণি ফুকনৰ অজস্ৰ যুগমীয়া কবিতাৰ মাজত অন্য়তম কবিতা কোনটো ?

উত্তৰঃ নীলমণি ফুকনৰ অজস্ৰ যুগমীয়া কবিতাৰ মাজত অন্য়তম কবিতা হল- ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত।

৩। কিমান চনত নীলমণি ফুকনৰ জন্ম লাভ কৰিছিল ?

উত্তৰঃ ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে নীলমণি ফুকনে জন্ম লাভ কৰিছিল।

৪। ফুকনদেৱৰ নিজৰ আত্মজীৱনীমূলক গ্ৰন্থ খনৰ নাম কি ?

উত্তৰঃ ফুকনদেৱৰ নিজৰ আত্মজীৱনীমূলক গ্ৰন্থ খনৰ নাম 'পাতি সোণাৰুৰ ফুল'ত।

৫। ফুকনদেৱে আত্মজীৱনীমূলক গ্ৰন্থখনত কিহৰ বিষয়ে লিখিছে ?

উত্তৰঃ ফুকনদেৱে আত্মজীৱনীমূলক গ্ৰন্থখনত নিজ জন্মস্থান দেৰগাঁৱৰ বিষয়ে লিখিছে।

৬। তেওঁ যথেষ্ট সংখ্য়ক কাব্য়পুথিয়ে অসমীয়া সাহিত্য়ৰ ভড়াল কি কৰিছে ?

উত্তৰঃ তেওঁ যথেষ্ট সংখ্য়ক কাব্য়পুথিয়ে অসমীয়া সাহিত্য়ৰ ভড়াল মেটমৰা কৰিছে।

৭। সমালোচতক মতে প্ৰথমৰ পৰা ষষ্ঠ সংকলনলৈ এই সময়ছোৱাক কি বুলি কব পাৰি ?

উত্তৰঃ সমালোচকৰ মতে প্ৰথমৰ পৰা ষষ্ঠ সংকলনলৈ এই সময়ছোৱাক পৰিক্ৰমাক প্ৰথম স্তৰ বুলিব পাৰি।

৮। নীলমণি ফুকনৰ কবিতাত কি কি বৰ্ণনা নাথাকে ?

উত্তৰঃ নীলমণি ফুকনৰ কবিতাত উচ্চলতা আৰু ওজস্বী বৰ্ণনা নাথাকে।

৯। এই যুগৰ শেহতীয়া কবিসকলৰ ভিতৰত উল্লেখযোগ্য় কবিজন কোন ?

উত্তৰঃ এই যুগৰ শেহতীয়া কবিসকলৰ ভিতৰত উল্লেখযোগ্য় কবিজন হল নীলমণি ফুকন।

১০। নীলমণি ফুকন কবি হোৱাৰ উপৰিও আৰু কি কি আছিল ?

উত্তৰঃ নীলমণি ফুকন কবি হোৱাৰ উপৰিও তেওঁ সমালোচক আৰু শিল্পৰসিকো আছিল।

১১। নীলমণি ফুকন আধুনিক অসমীয়া কাব্য়জগতৰ কি বুলি নিসন্দেহে কব পাৰি ?

উত্তৰঃ নীলমণি ফুকন আধুনিক অসমীয়া কাব্য়জগতৰ এক উজ্বল স্তম্ভ বুলি নিসন্দেহে কব পাৰি।

১২। 'ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত' কবিতাটো কোনখন শীৰ্ষক কাব্য়গ্ৰন্থখনত সংকলিত হৈছে ?

উত্তৰঃ ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত কবিতাটো 'গোলাপ জামুৰ লগ্ন' শীৰ্ষক কাব্য়গ্ৰন্থখনত  সংকলিত হৈছে ।

১৩। ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ কিহৰ প্ৰতীক ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ স্বাভীমানৰ প্ৰতীক।

১৪। এন্ধাৰৰ সৈতে কি নামি আহে ?

উত্তৰঃ এন্ধাৰৰ সৈতে নামি আহে বিশাল শূন্য়।

১৫। সূৰ্যাস্ত হলেহে কি নামে আৰু কিহৰ সৈতে ঘোৰ শূন্য়তা নামি আহে ?

উত্তৰঃ সূৰ্যাস্ত হলেহে অন্ধকাৰ নামে আৰু অন্ধকাৰৰ সৈতে ঘোৰ শূন্য়তা নামি আহে।

১৬। ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত কবিতাটিক সন্দেহাতীতভাৱে কি বুলি কব পাৰি ?

উত্তৰঃ ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত কবিতাটিক সন্দেহাতীতভাৱে যুগমীয়া সৃষ্টি বুলি কব পাৰি।

Type Janmoni Hazarika 




Post ID : DABP004840