পাঠ - ৬ 

জিয়াউদ্দিন বাৰানীঃ আদৰ্শ পলিটী 

১) জিয়াউদ্দিন বাৰানী জন্ম কত হৈছিল ? 

উত্তৰ: দিল্লীৰ সমীপুৰ বুলন্দচহৰৰ বাৰণ নামে ঠাইত জন্ম হৈচিল।


২) জিয়াউদ্দিন বাৰানী জন্ম কিমান চনত হৈছিল ?

উত্তৰ: জিয়াউদ্দিন বাৰানী জন্ম খ্ৰীষ্টাব্দ ১২৮৩ চনত হৈছিল।


৩) তেওঁৰ লেখাসমুহত কি নামেৰে পৰিচয় দিছিল ? 

উত্তৰ: তেওঁৰ লেখাসমুহত জিয়া বাৰানী  নামেৰে পৰিচয় দিছিল।


৪) তেওঁ কোনেকুৱা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ?

উত্তৰ:  তেওঁ অভিজাত পৰিয়ালত  জন্মগ্ৰহণ কৰিছিল।


৫) জীয়াউদ্দিন বাৰানীয়ে ৰচনা কৰা প্ৰথম খন গ্ৰন্থ নাম কি ?

উত্তৰ: জীয়াউদ্দিন বাৰানীয়ে ৰচনা কৰা প্ৰথম খন গ্ৰন্থ নাম হ'ল 'তাৰিখ-ই-ফিৰোজশাহী'।


৬) বাৰাণীয়ে ৰচনা কৰা আনখন গ্ৰন্থৰ নাম কি ?

উত্তৰ: বাৰাণীয়ে ৰচনা কৰা আনখন গ্ৰন্থৰ নাম হ'ল 'ফটৱা-ই-জাহানদাৰী'।


৭) এই খন গ্ৰন্থক আৰু কি বুলি কোৱা হয় ? 

উত্তৰ: এই খন গ্ৰন্থক  প্ৰথম খন গ্ৰন্থৰ সহায়ক বুলি কোৱা হয়।


৮) এইখন গ্ৰন্থক কোন কোন গ্ৰন্থৰ লগত তুলনা কৰা হৈছে ?

উত্তৰ:  এইখন গ্ৰন্থক মেকিয়াভেলিৰ 'প্ৰিন্স' আৰি কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ' সৈতে তুলনা কৰা হৈছে।


৯) ব্যক্তিগতভাৱে তেওঁ কেনেধৰণৰ লোক আছিল ?

উত্তৰ:  ব্যক্তিগতভাৱে তেওঁ এগৰাকী অতি গোড়া মুছলমান লোক আছিল।


১০) জিয়াউদ্দিন বাৰনী চুলতানী সাম্ৰাজ্যৰ আটাইতকৈ কি ব্যক্তি আছিল ?

উত্তৰ:  জিয়াউদ্দিন বাৰনী চুলতানী সাম্ৰাজ্যৰ আটাইতকৈ  প্ৰভাৱশালী চিন্তাবিদ ব্যক্তি আছিল।


১১) ৰজা পূথিৱীৰ কি ?

উত্তৰ: ৰজা হৈছে পূথিবীৰ ভগৱানৰ ছাঁ, ভগৱানৰ দূত বা প্ৰতিনিধি ।


১২)  ৰজাৰ গাত কি থাকে ?

উত্তৰ: ৰজাৰ গাত ঈশ্বৰৰ সকলো গুণ থাকে ।


১৩) চুলটান এজনৰ কি থাকিব লাগে ?

উত্তৰ: চুলটান এজনৰ ঈশ্বৰৰ দৰে সদগুণ থাকিব লাগে ।


১৪) তেওঁৰ জন্ম কত হ'ব লাগে ?

উত্তৰ: তেওঁৰ জন্ম  হ'ব লাগে জ্ঞানী বংশত ।


১৫) চুলতান এগৰাকীৰ কি থাকিব লাগে ?

উত্তৰ: চুলতান এগৰাকীৰ প্ৰচুৰ ইচ্চাশক্তি থাকিব লাগে ।


১৬) বাৰানীয়ে মুঠতে ৰজাক ৰাষ্ট্ৰনীতি সম্পৰ্কত কেইটা হিদায়ত বা পৰামৰ্শ আগবঢ়াইচে লিখা ?

উত্তৰ: বাৰানীয়ে মুঠতে ৰজাক ৰাষ্ট্ৰনীতি সম্পৰ্কত ২৪ টা হিদায়ত বা পৰামৰ্শ আগবঢ়াইচে ।


১৭) ৰজা এজন কেতিয়া আদৰ্শ হ'ব পাৰে ?

উত্তৰ: ৰজা এজন তেতিয়াহে আদৰ্শ হ'ব পাৰে যেতিয়া তেওঁ প্ৰজাৰ মাজত সুখ-শান্তি প্ৰতিষ্ঠা কৰিব পাৰে।


১৮) বাৰানীৰ মতে, আদৰ্শ ৰাষ্ট্ৰ মুলতঃ কেইটা উপাদানেৰে গঠিত ?

উত্তৰ: বাৰানীৰ মতে, আদৰ্শ ৰাষ্ট্ৰ মুলতঃ চাৰিটা উপাদানেৰে গঠিত।


১৯) আইন কি ?

উত্তৰ: আইন হৈছে ৰাষ্ট্ৰনীতি প্ৰথমটো গুৰুত্বপূৰ্ণ উপাদান।


২০) ৰাষ্ট্ৰ এখনৰ আন এটা প্ৰযোজনীয় বস্তু কি ?

উত্তৰ: ৰাষ্ট্ৰ এখনৰ আন এটা প্ৰযোজনীয় উপাদান হ'ল আৰ্মি বা সৈন্যবাহিনি ।






Type by- Pinku moni bora .