নৱম অধ্যায় 

বৈষ্ণৱ সাহিত্যঃ শঙ্কৰোত্তৰ কাল

চৰিত সাহিত্য আৰু গদ্যৰ উদ্ভৱ


চমু প্ৰশ্নউওৰঃ 

১। ভট্টদেৱৰ প্ৰকৃত নাম কি?

উওৰঃ ভট্টদেৱৰ প্ৰকৃত নাম বৈকুন্ঠনাথ ভট্টাচাৰ্য।

২। ভট্টদেৱৰ পিতৃৰ নাম কি?

উওৰঃ ভট্টদেৱৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী।

৩। ভট্টদেৱৰ জন্ম স্থান ক'ত?

উওৰঃ ভট্টদেৱৰ জন্ম স্থান কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত।

৪। ভট্টদেৱৰ কিমান খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰে?

উওৰঃ ১৫৬০ শক ইং ১৬৩৮ খ্ৰীষ্টাব্দমানত ইহলীলা সম্বৰণ কৰে।

৫। ভট্টদেৱৰ সুপ্ৰসিদ্ধ গ্ৰন্থকেইখনৰ নাম লিখা।

উওৰঃ ভট্টদেৱৰ সুপ্ৰসিদ্ধ গ্ৰন্থকেইখন হৈছে- (১) কথা গীতা, (২) কথা-ভাগৱত আৰু (৩) কথা ৰত্নাৱলী।

৬। ভট্টদেৱৰ কীৰ্তিস্তম্ভ কি?

উওৰঃ ভট্টদেৱৰ কীৰ্তিস্তম্ভ হ'ল 'কথা-ভাগৱত', 'কথা-গীতা আৰু 'কথা-ৰত্নাৱলী'।

৭। 'কথা-ভাগৱত' সম্পূৰ্ণ কৰোতে কিমান বছৰ লাগিছিল?

উওৰঃ 'কথা-ভাগৱত' সম্পূৰ্ণ কৰোতে ভট্টদেৱৰ চাৰি বছৰমান লাগিছিল।

৮। গোপাল আতাৰ  কিমান খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰে?

উওৰঃ  ১৬৪০ খ্ৰীষ্টাব্দত গোপাল আতাৰ জন্ম হয় উজনিৰ গড়গাঁৱৰ ওচৰত।

৯। আচাৰ্য ৰচনা কৰা তিনিখন ভাগৱতৰ নাম লিখা।

উওৰঃ আচাৰ্য ৰচনা কৰা তিনিখন ভাগৱতৰ নাম- (১) কথাসূত্ৰ, (২) সাত্বত-তন্ত্ৰ আৰু (৩) গীতসাৰ।

১০। বিদ্যা পঞ্চাননৰ পিতৃ নাম কি?

উওৰঃ বিদ্যা পঞ্চাননৰ পিতৃ নাম- কণ্ঠাভৰণ দ্বিজ।

১১। হৰি ভাৰতী নাতিয়েক কোন?

উওৰঃ হৰি ভাৰতী নাতিয়েক হ'ল ৰামমিশ্ৰ।

১২। কালাপচন্দ্ৰৰ পুতেকৰ নাম কি?

উওৰঃ কালাপচন্দ্ৰৰ পুতেকৰ নাম হৰি ভাৰতী।

১৩। 'কিৰাত-পৰ্ব' কাৰ আদেশত, কিমান খ্ৰীষ্টাব্দত আৰু কোনে ৰচনা কৰে?

উওৰঃ কবিশেখৰ কোচবেহাৰৰ বীৰনাৰায়ণৰ আদেশত ১৫২৭ শকত (১৫০৫ খ্ৰীষ্টাব্দত) মহাভাৰতৰ 'কিৰাত- পৰ্ব' ৰচনা কৰে।

১৪। অনিৰুদ্ধ কিমান শকত (খ্ৰীষ্টাব্দত) জন্ম লাভ কৰিছিল?

উওৰঃ অনিৰুদ্ধৰ জন্ম ১৪৭৫ শকত, নাৰায়ণপুৰ অঞ্চলৰ বালিকুছিত।

১৫। বিষ্ণু ভাৰতীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।

উওৰঃ বিষ্ণু ভাৰতীয়ে ৰচনা কৰা দুখন পুথিৰ নাম - (১) 'ধ্ৰুৱ চৰিত্ৰ' আৰু (২) 'ভাগৱত-ৰত্ন' ।

১৬। গোপালচৰণ দ্বিজে ৰচনা কৰা পুথিকেইখনৰ নাম লিখা।

উওৰঃ গোপালচৰণ দ্বিজে ৰচনা কৰা পুথিকেইখনৰ নাম - (১) ভাগৱত তৃতীয় স্কন্ধ, (২) সপ্তম স্কন্ধ, (৩) অষ্টম স্কন্ধ, (৪) শঙ্কৰদেৱৰ ভক্তি-ৰত্নাকৰৰ ভাঙনি, (৫) হৰি বংশৰ কিছু অংশ।

১৭। ৰত্নাকৰ মিশ্ৰৰ গ্ৰন্থ এখনৰ নাম কি?

উওৰঃ ৰত্নাকৰ মিশ্ৰৰ গ্ৰন্থ এখনৰ নাম হৈছে- 'গীতা-কীৰ্তন'।

১৮। হূদয়ানন্দ বা অনন্ত কায়স্থৰ পিতৃৰ নাম কি?

উওৰঃ হূদয়ানন্দ বা অনন্ত কায়স্থৰ পিতৃৰ নাম- যদুগিৰি।

১৯। হূদয়ানন্দ বা অনন্তই ৰচনা কৰা পুথি কেইখনৰ নাম কি?

উওৰঃ হূদয়ানন্দ বা অনন্তই ৰচনা কৰা পুথি কেইখনৰ নাম- (১) 'শ্ৰীৰামকীৰ্তন' আৰু (২) 'প্ৰেমলতা'।

২০। পুৰুষোত্তম ঠাকুৰৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হয়?

উওৰঃ পুৰুষোত্তম ঠাকুৰৰ ১৬১৮ খ্ৰীষ্টাব্দত মৃত্যু হয়।

২১। কিমান খ্ৰীষ্টাব্দত বিষ্ণুপুৰ সত্ৰ কোনে ধ্বংস কৰে?

উওৰঃ ১৬৩৫ খ্ৰীষ্টাব্দত বিষ্ণুপুৰ সত্ৰ মুছলমানে ধ্বংস কৰে।

২২। দ্বিজ ভূষণে ৰচনা কৰা দুখন অঙ্কীয়া নাটৰ নাম লিখা।

উওৰঃ দ্বিজ ভূষণে ৰচনা কৰা দুখন অঙ্কীয়া নাটৰ নাম- (১) 'অজামিল উপাখ্যান' আৰু (২) 'স্যমন্ত-হৰণ' ।

২৩। দৈত্যাৰি ঠাকুৰে ৰচনা কৰা দুখন নাটৰ নাম লিখা।

উওৰঃ দৈত্যাৰি ঠাকুৰে ৰচনা কৰা নাট হৈছে- 'শঙ্কৰদেৱ-মাধৱদেৱ চৰিত' আৰু 'নৃসিংহ-যাত্ৰা' আৰু 'স্যমন্ত-হৰণ' নামৰ দুখন নাট।

২৪। চতুৰ্ভূজ ঠাকুৰৰ মৃত্যু কিমান খ্ৰীষ্টাব্দত হয়?

উওৰঃ চতুৰ্ভূজ ঠাকুৰৰ মৃত্যু হয় ১৬৪৮ খ্ৰীষ্টাব্দত।

২৯। কৃষ্ণ ভাৰতীয়ে গদ্যত ৰচনা কৰা পুথিখনৰ নাম লিখা।

উওৰঃ কৃষ্ণ ভাৰতীয়ে ৰচনা কৰা পুথিখন হৈছে- 'সন্ত-নিৰ্ণয়'।

৩০। ৰামানন্দৰ পিতৃৰ নাম কি?

উওৰঃ ৰামানন্দৰ পিতৃ শ্ৰীৰাম আতা ভৱানীপুৰীয়া গোপাল আতাৰ শিষ্য আঁহতগুৰি সত্ৰৰ আদিজনা গুৰু।

৩১। খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ উল্লেখযোগ্য গীতৰচকসকলৰ নাম লিখা।

উওৰঃ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ উল্লেখযোগ্য গীতৰচকসকলৰ নাম-  ৰামচৰণ ঠাকুৰ , দৈত্যাৰি ঠাকুৰ, গোপাল আতা, আঁহতগুৰিৰ শ্ৰীৰাম আতা আৰু ৰমানন্দ দ্বিজ, দিহিঙৰ বৰযদুমণি আৰু তেওঁৰ পুত্ৰ সনাতনদেৱ, মাযামৰীয়া অনিৰুদ্ধ, গুৰুনাতি চতুৰ্ভূজ ঠাকুৰ, পুৰুষোত্তম ঠাকুৰ আদি।

৩২। বুৰঞ্জী শব্দটো আহোম শব্দটো কি?

উওৰঃ বুৰঞ্জী শব্দটো আহোম শব্দটো হৈছে- মূৰ্খৰ জ্ঞানৰ ভড়াল।



Author - Pompi Hazarika