দশম অধ্যায়

বিস্তাৰ আৰু অৱসাদৰ কাল

(খ্ৰী. ১৭০০-১৮২৬)

 বুৰঞ্জী চৰিত-পুথি, বৈষয়িক সাহিত্য আৰু আদি ৰসাত্মক কাব্যৰ প্ৰাদুৰ্ভাৱ


চমু প্ৰশ্নউওৰঃ 

১। ভক্তি ধৰ্মৰ প্ৰাধান্য দেখুৱাই ৰচনা কৰা গ্ৰন্থসমূহৰ সৃষ্টি ক'ত হৈছিল?

উওৰঃ ভক্তি ধৰ্মৰ প্ৰাধান্য দেখুৱাই ৰচনা কৰকা গ্ৰন্থসমূহৰ সৃষ্টি হৈছিল সত্ৰ সমাজত।

২। আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ অনুপ্ৰেৰণা আৰু সাহাৰ্য্য লাভ কৰা সাহিত্য কেইখনৰ নাম কি কি?

উওৰঃ আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ অনুপ্ৰেৰণা আৰু সাহাৰ্য্য লাভ কৰা সাহিত্য কেইখন হৈছে- (১) আদি ৰসাত্মক পৌৰাণিক অনুবাদ, (২) শক্তি সাহিত্য, (৩) বুৰঞ্জী সাহিত্য, (৪) ব্যৱহাৰিক সাহিত্য।

৩। কিমান শতিকাত 'কথা-গুৰুচৰিত'ৰ ৰচিত?

উওৰঃ অষ্টাদশ শতিকাত 'কথা-গুৰুচৰিত'ৰ ৰচিত।

৪। মধ্যকালীন অসমৰ লোকসকল কেইটা শ্ৰেণীত বিভক্ত আছিল আৰু কি কি?

উওৰঃ মধ্যকালীন অসমৰ লোকসকল দুটা বহল শ্ৰেণীত বিভক্ত আছিল। যেনে- এটা আৰ্য-সংস্কৃতি বা হিন্দুধৰ্মৰ অন্তৰ্ভুক্ত সমাজ আৰু আনটো আদিবাসী বা জনজাতীয় সমাজৰ ভিতৰুৱা বিভিন্ন জনগোষ্ঠী।

৫। ৰঘুনাথ মহন্ত ৰচনা কৰা পুথিকেইখনৰ নাম লিখা।

উওৰঃ ৰঘুনাথ মহন্ত ৰচনা কৰা পুথিকেইখন হৈছে- (১) 'কথা-ৰামায়ণ', (২) 'অদ্ভুত-ৰামায়ণ', আৰু (৩) 'শত্ৰুঞ্জয়'।

৬। ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কি?

উওৰঃ ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কৃষ্ণনাথ।

৭। এলেঙী সত্ৰৰ প্ৰতিষ্ঠাতা কোন?

উওৰঃ হৰেকৃষ্ণ দৈযাং এলেঙী সত্ৰৰ প্ৰতিষ্ঠাতা।

৮। ৰঘুনাথৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি?

উওৰঃ ৰঘুনাথৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম - 'কথা-ৰামায়ণ'।

৯। মূল পুৰাণখন কেইটা ভাগত বিভক্ত আৰু কি কি?

উওৰঃ মূল পুৰাণখন চাৰিটা খণ্ডত বিভক্ত, -- (১) ব্ৰহ্ম খণ্ড, (২)প্ৰকৃতি খণ্ড, (৩) কৃষ্ণজন্ম খণ্ড আৰু (৪) গণেশ খণ্ড।

১০।  কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰা গ্ৰন্থকেইখনৰ  নাম কি কি?

উওৰঃ আহোম যুগৰ শ্ৰেষ্ঠ কবিসকলৰ নাম - (১) 'ব্ৰহ্মবৈৱৰ্ত পুৰাণ', (২) 'গীতগোবিন্দ', (৩) 'শঙ্খচূড়-বধ', (৪) 'ভাস্বতী' আদি।

১১। আহোম যুগৰ শ্ৰেষ্ঠ কবি বুলি কাক ক'ব পাৰি লিখা।

উওৰঃ আহোম যুগৰ শ্ৰেষ্ঠ কবি বুলি কবিৰাজ চক্ৰৱৰ্তীক ক'ব পাৰি।

১২। ৰজা ফুলেশ্বৰীৰ আমোলত ৰাজকবি কেইজনৰ নাম কি কি?

উওৰঃ স্বৰ্গদেউ, ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰ ৰজা ফুলেশ্বৰী আমোলত বৰ কবি আছিল।

১৩। কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম কি?

উওৰঃ কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম - ৰামনাৰায়ণ চক্ৰৱৰ্তী, 'কবিৰাজ' উপাধি মাত্ৰ। 

১৪। কিমান খ্ৰীষ্টাব্দত সতী তুলসীৰ কাহিনীটোক অৱলম্বন কৰি 'শঙ্খচূড়-বধ' কাব্য ৰচনা কৰে?

উওৰঃ ১৬৪৮ শকত (১৭২৬ খ্ৰী.) ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ প্ৰকৃতিখণ্ডত থকা দানৱৰাজ শঙ্খচূড় আৰু সতী তুলসীৰ কাহিনীটোক অৱলম্বন কৰি 'শঙ্খচূড়-বধ' কাব্য ৰচনা কৰে।

১৫। কবিৰাজ চক্ৰৱৰ্তীৰ তৃতীয় পদ পুথি কি?

উওৰঃ কবিৰাজ চক্ৰৱৰ্তীৰ তৃতীয় পদ পুথি হ'ল শকুন্তলা কাব্য।

১৬। ব্ৰহ্মবৈৱৰ্তপুৰাণৰ এজন অনুবাদকৰ নাম কি?

 উওৰঃ ব্ৰহ্মবৈৱৰ্তপুৰাণৰ এজন অনুবাদকৰ নাম- বলৰাম দ্বিজ।

১৭। কৃষ্ণজন্মখণ্ড কোনে ৰচনা কৰে?

উওৰঃ বলৰাম দ্বিজ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত কৃষ্ণজন্মখণ্ড ৰচনা কৰে।

১৮। কবিচন্দ্ৰ দ্বিজে ৰচনা কৰা পুথি দুখনৰ নাম কি কি?

উওৰঃ কবিৰাজ দ্বিজে ৰচনা কৰা পুথি দুখনৰ নাম- (১) সচিত্ৰ 'ধৰ্ম-পুৰাণ' আৰু (২) 'কামকুমাৰ হৰণ' নামৰ সংস্কৃত নাট।

১৯। কোনজন কবিয়ে আৰু কিমান শকত উক্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰে?

উওৰঃ কবিচন্দ্ৰ দ্বিজে ১৬৫৭ শকত (ইং ১৭৩৫) উক্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰে।

২০। ধৰ্ম পুৰাণখন কোনে অনুবাদ কৰিছিল?

উওৰঃ ঊনবিংশ শতাব্দীৰ আদি ভাগত তেজপুৰৰ চন্দ্ৰসেন নামে এজনৰ অনপ্ৰেৰণাত পৰশুৰাম দ্বিজেও গোটেইখন ধৰ্ম-পুৰাণ অনুবাদ কৰিছিল।

২১। পৰশুৰামে কিমান শকত 'বিষ্ণু-পুৰাণ' সম্পূৰ্ণ কৰে?

উওৰঃ পৰশুৰামে ১৭৫৮ শকত (বসুবাণ নগমহীশক বৈশাখত) 'বিষ্ণু-পুৰাণ' সম্পূৰ্ণ কৰে।

২২। বুৰঞ্জীসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ বুৰঞ্জীসমূহক দুটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- (ক) অসম বা আহোম ৰাজ্যৰ বুৰঞ্জী, (খ) আহোম ৰাজ্যৰ বহিৰ্ভূত ওচৰ-চুবুৰীয়া আন ৰাজ্য বা দেশৰ বুৰঞ্জী।

২৩। দ্বিতীয় শ্ৰেণীৰ বুৰঞ্জীবোৰ কি কি?

উওৰঃ জয়ন্তীয়া, কছাৰী, ত্ৰিপুৰী, পাটছাহ বুৰঞ্জী দ্বিতীয় শ্ৰেণীৰ বুৰঞ্জী।

২৪। ৰামচন্দ্ৰ বৰপাত্ৰৰ গ্ৰন্থত কেইটা খণ্ড আছে আৰু কি কি?

উওৰঃ ৰামচন্দ্ৰ বৰপাত্ৰৰ গ্ৰন্থত ১১টা খণ্ড আছে, - (১) জন্মখণ্ড, (২) মুক্তিখণ্ড, (৩) সাধনখণ্ড, (৪) দৰ্শনখণ্ড, (৫) মাহাত্ম্যখণ্ড, (৬) অৰ্চনাখণ্ড, (৭) স্ততিখণ্ড, (৮) পঞ্চতীৰ্থখণ্ড, (৯) পূজাখণ্ড, (১০) উৎসৱখণ্ড, (১১) জ্ঞানখণ্ড।

২৯। কিমান চনত ইয়াণ্ডাবু সন্ধিমতে মানৰ হাতৰপৰা অসম ইংৰাজৰ হাতলৈ যায়?

উওৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিমতে মানৰ হাতৰপৰা অসম ইংৰাজৰ হাতলৈ যায়।

৩০। পুৰাণত কেইটা লক্ষণ থাকিব লাগে আৰু সেইকেইটা কি কি?

উওৰঃ পুৰাণত সাধাৰণতে পাঁচটা লক্ষণ থাকিব লাগে আৰু সেইকেইটা হৈছে- (১) সৰ্গ (সৃষ্টি-প্ৰক্ৰিয়া), (২) প্ৰতিসৰ্গ (বিষদ বা পুনৰ সৃষ্টি প্ৰক্ৰিয়া), (৩) বংশ (ঋষি, মনু প্ৰজাপতি আৰু প্ৰসিদ্ধ বংশ, চন্দ্ৰবংশ, সূৰ্যবংশ) (৪)মম্বন্তৰ (মনুসকলৰ শাসনৰ কালৰ পৰিমাণ আৰু বিৱৰণ), (৫) বংশানুচৰিত (বংশানুকীৰ্তন)।



Author - Pompi Hazarika