Chapter 1 

বিশ্ব অধ্যয়ন

আৰ্হি প্ৰশ্ন ঃ

১) পুথিৰ প্ৰধান কি ? এই পুথিৰ ৰচক কোন ? এই পুথি অধ্যয়নৰ উপকাৰিতা সম্পৰ্কে লিখা ।

উত্তৰঃ পুথিৰ প্ৰধান বিশ্ব । এই পুথিৰ ৰচক ঈশ্বৰ । এই পুথি অধ্যয়ন কৰি সকলো প্ৰকাৰৰ জ্ঞান লাভ কৰিব পৰা যায় ।

২) বিশ্ব পুথিত সকলো কথা কেনেদৰে দেখুওৱা হৈছে ?

উত্তৰঃ একোখন নাটৰ ৰূপত ।

৩) ঈশ্বৰে ৰচা বিশ্ব যে সাৰময় পুথি, সেই কথা কেনেদৰে বুজিব পাৰি ?

উত্তৰঃ ৰচকৰ বিদ্যা-বুদ্ধি অনুসাৰে পুথি সাৰুৱা বা জাবৰুৱা হয় । ঈশ্বৰ বিদ্যা-বুদ্ধিৰ আদি আৰু অন্ত, তেওঁ বিদ্যাময়, বুদ্ধিময় আৰু জ্ঞানময় । এতেকে তেওঁ ৰচা বিশ্ব যে সাৰময় পুথি, তাক এনেয়ে বুজিব পাৰি ।

৪) বিশ্ব পুথিত কেইবিধৰ পাঠ পোৱা যায় ? প্ৰত্যেক বিধৰ আলোচনা আগবঢ়োৱা ।

উত্তৰঃ বিশ্ব পুথিত দুইবিধ পাঠ পোৱা যায় । পৃথিৱীত জীৱন ধৰিবলৈ যিখিনি জ্ঞানৰ প্ৰয়োজন হয়, তাক বিশ্বৰ উজু পাঠ পঢ়িয়ে লাভ কৰিব পাৰি । বিশ্ব পুথিত আটাইবিলাক পাঠ উজু নহয় , তাত কিছুমান টান পাঠো থাকে ।

৫) কেনে শিক্ষাৰ মৰ্ম সময়ে সময়ে পৰিৱৰ্তন হয় ? এই সম্পৰ্কে লেখকে কি মত আগবঢ়াইছে লিখা ।

উত্তৰঃ মানুহৰ মুখৰ পৰা বা মানুহৰ ৰচিত পুথিৰ পৰা যি শিক্ষা পোৱা যায়, তাৰ মৰ্ম সময়ে সময়ে পৰিৱৰ্তন হয় । যি কথা মানুহে এক সময়ত গধুৰ জ্ঞান গৰ্ভ বুলি বিশ্বাস কৰে, সেই কথাও কালত গৈ মিছা বা অমূলক হয় ।

৬) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ।

(ক) বিশ্ব পাঠ বিজ্ঞান পাঠৰ অন্তৰ্গত ।

উত্তৰঃ বিশ্বৰ নানা ভাগ আছে, তাৰ একোটা ভাগেই একোবিধ বিজ্ঞান হৈছে। বিশ্ব-পুথি মানুহে ৰচা পুথিৰ নিচিনা নহয় । মানুহে পুথি ৰচিলে তাত কথাবিলাক বিৱৰি ব্যাখ্যা কৰে, কিন্তু বিশ্ব পুথিত সকলো কথা আদিৰ পৰা অন্তলৈ অভিনয় কৰি দেখুৱাইছে । আচল মতে বিশ্ব এটা নাট মন্দিৰ, তাত উৰণ, বুৰণ, গজন, ভ্ৰমণ কেইও জাতি জীৱই নানা বিধ ভাও দি নিজ নিজ তত্ত্ব বিদিত কৰিছে । বিশ্বৰ প্ৰত্যেক বস্তুই একোটা নায়ক আৰু তাৰ জীৱনটো একোখন নাট । নায়কে তাৰ জীৱনৰ পাতনিৰ পৰা সামৰণিলৈকে সকলো বৃত্তান্ত অভিনয় কৰি দেখুৱায় । এই অভিনয় মন দি চালে বিজ্ঞান শিক্ষাৰ ফল পোৱা যায় ।

(খ) ৰচকৰ বিদ্যা-বুদ্ধি অনুসাৰে পুথি সাৰুৱা বা জাবৰুৱা হয় ।

উত্তৰঃ ৰচকৰ বিদ্যা-বুদ্ধি অনুসাৰে পুথি সাৰুৱা বা জাৱৰুৱা হয় । ঈশ্বৰ বিদ্যা-বুদ্ধিৰ আদি আৰু অন্ত, তেওঁ বিদ্যাময়, বুদ্ধিময় আৰু জ্ঞানময় । এতেকে তেওঁ ৰচা বিশ্ব যে সাৰময় পুথি, তাক এনেয়ে বুজিব পাৰি । এই বিৰাট পুথি পাঠ কৰিলে সকলো জ্ঞানৰ সাৰ পোৱা যায় । নীতি শিক্ষাৰ নিমিত্তে চাণক্য, বিধি শিক্ষাৰ নিমিত্তে মনু বা ধৰ্ম শিক্ষাৰ নিমিত্তে পতঞ্জলি চৰ্চা কৰিবৰ কোনো সকাম নাই । পুৰুষাৰ্থ কৰিলে নীতিৰ নেতা, বিধিৰ বিধাতা আৰু জ্ঞানৰ সমষ্টি বিশ্বকৰ্তাৰ কাৰ্যৰ পৰা সকলো শিক্ষা লাভ কৰিব পাৰি ।

(গ) যি কথা মানুহে এক সময়ত গধুৰ জ্ঞান-গৰ্ভ বুলি বিশ্বাস কৰে, সেই কথাও কালত গৈ মিছা বা অমূলক হয় ।

উত্তৰঃ যি কথা মানুহে এক সময়ত গধুৰ জ্ঞান-গৰ্ভ বুলি বিশ্বাস কৰে, সেই কথাও কালত গৈ মিছা বা অমূলক হয় । আগৰ দিনত চট্ফটাই ফুৰিলে মানুহে ভাল নুবুলিছিল, চট্ফটীয়াক পাতল বুলি নিন্দা কৰিছিল । কিন্তু আজিকালি শিক্ষিত তৰপৰ ভিতৰত চট্ফটীয়া মানুহৰ বৰ আদৰ, তেনে মানুহক উৎসাহী আৰু কামিলা বুলি প্ৰশংসা কৰে । আগৰ দিনত আন মানুহৰ ঘৰলৈ গলে চাল-বাৰ কেনিও নাচাই থিৰ হৈ বহি থকা নিয়ম আছিল, কিন্তু আজি কালি তেনে নিয়ম কোনোও নবখানে ।


Type- Leena Kakati

Author- Leena Kakati