কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী 


প্ৰশ্নাৱলীঃ

১। মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজঙ্ঘাত কিয় আৰোপ কৰা হৈছে?

উত্তৰঃ মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজঙ্ঘাত আৰোপ কৰি পৰৱৰ্তী স্তৱকত ভাৰতবৰ্ষৰ অতীত বৰ্তমান স্বৰূপ দাঙি ধৰি কাঞ্চনজঙ্ঘাক এই সকলোবোৰ ঘটনাৰ সাক্ষীৰূপে দেখুওৱা হৈছে। যুগৰ পৰিৱৰ্তনে ভাৰতবৰ্ষৰ স্বৰূপ সলনি কৰিলেও, সভ্যতাৰ পথত ধাৱমান হ'লেও অতীত আৰু বৰ্তমান নিচিনাকৈ হয়তো ভৱিষ্যতেও সুৰধনী গংগা বৈ থকাৰ দৰে বৈ থাকিব।

২। কাঞ্চনজঙ্ঘাক ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষী কিয় কৰা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ দিশত সগৌৰৱে থিয় হৈ থকা 'কাঞ্চনজংঘা' হিমালয়ৰ এটি সুউচ্চ শৃংগ। অতীব সৌন্দৰ্যৰ অধিকাৰী শুভ্ৰ কাঞ্চনজংঘা ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰতিটো ঘটনাৰ সাক্ষী। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা সকলৰ জীৱন কালত ঘটা ঘটনাবোৰ সাক্ষী হিচাপে কাঞ্চনজংঘা আজিও হৈ আছে। প্ৰকৃতিৰ বৰপুত্ৰ হিমালয়ৰ সুউচ্চ কাঞ্চনজংঘাৰ কোনো আভ্যন্তৰীণ পৰিৱৰ্তন নঘটে। স্থিৰ কাঞ্চনজংঘাই যুগগৰ অগ্ৰগতিত আগবাঢ়ি যোৱা পৰিৱৰ্তনশীল সমাজখন প্ৰত্যক্ষ কৰিছে। সেয়েহে কাঞ্চনজংঘাক ভাৰততৰ অতীত আৰু বৰ্তমানৰ সাক্ষী কৰা হৈছে।

৩। 'মানুহক প্ৰকৃতিৰ অভিনয় পুতলা' বুলি কিয় কৈছে?

উত্তৰঃ 'মানুহৰ প্ৰকৃতিৰ অভিনয় পুতলা' মানুহৰ জীৱনৰ কোনো স্থায়িত্ব নাই। মানুহৰ সৃষ্ট ৰংগমঞ্চৰ দৰে মানুহৰ  জীৱনৰো স্থায়িত্ব নাই। প্ৰত্যেক মানুহ পৃথিৱীলৈ আহি নাটকৰ ভাৱৰীয়াসকলৰ দৰে নিজৰ-নিজৰ ভাও দি বিদায় লয়। নাটকৰ সূত্ৰধাৰে যিদৰে পুতলা নচুৱায় ঠিক এনেদৰে নেদেখাজনক নিৰ্দেশত আমি মানুবোৰেও পৃথিৱীত প্ৰকৃতিৰ পুতলা হৈ নিজ নিজ ভাও দিছো। পৃথিৱীৰ বুকুত মানুহৰ স্বাভাৱিক জীৱন ৰংগমঞ্চৰ পুতলাৰ দৰেই।মায়াৰ আবৃত্ত প্ৰত্যেক মানুহেই নিজৰ জীৱন ক্ষণস্থায়ী বুলি জানিও নিখুঁত অভিনয় কৰি পৃথিৱীৰ বুকুৰ পৰা মেলানি মাগে। 

৪। প্ৰাচীন আৰু নতুন ভাৰতৰ ছবি কবিয়ে কেনেদৰে কবিতাটিত দাঙি ধৰিছে?

উত্তৰঃ  'কাঞ্চনজঙ্ঘা বুৰঞ্জী' কবিতাটিৰ কবিয়ে প্ৰাচীন আৰু নতুন ভাতৰত ছবি সুন্দৰভাৱে অংকণ কৰিছে। প্ৰথমতে কবিয়ে 'মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰ শিৰ' বুলি ভাৰতবৰ্ষৰ প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ বৰ্ণনা কৰিছে। তাৰ পিছতেই কবিয়েই মহাদেৱৰ জটাৰ সৌন্দৰ্যৰ লগত শুভ্ৰ বৰফেৰে আবৃত কাঞ্চনজংঘাৰ সৌন্দৰ্যক তুলনা কৰি ভাৰতবৰ্ষৰ উপাস্যদেৱতা মহাদেৱৰ ছবিখন কবিতাৰ মাজলৈ টানি আনিলে। কবিগৰাকী মহাদেৱৰ জঁটা, সুৰধ্বনী গংগা আদি শব্দ ব্যৱহাৰ কৰি প্ৰাচীন ভাৰতৰ ৰজা মহাৰজা সকলৰ কথা পৰোক্ষভাৱে দাঙি ধৰিছে। ভগীৰথে সূৰ্যবংশ ৰক্ষাৰ বাবে কিদৰে গংগাক সন্তুষ্ট কৰি মৰ্ত্যলৈ নমাই আনোতে গংগাৰ দৰ্পচূৰ্ণকাৰী জঁটাধাৰ মহাদেৱে গংগাক জটাৰ ভিতৰত বন্দী কৰি ৰাখিছিল, আকৌ ভগীৰথৰ অনুৰোধ ৰক্ষা কৰি সৰধ্বনী গংগাক, বৈ যাবলৈ দিছিল, এই কথাটো কবিতাটোত পৰোক্ষভাৱে চিত্ৰিত হৈ পৰিছে। কবিগৰাকীয়ে কাঞ্চনজঙ্ঘাৰ আশে পাশে থকা প্ৰাকৃতিক সৌন্দৰ্যৰ সুন্দৰ বৰ্ণনা দি সমগ্ৰ বিশ্বই কাঞ্চনজংগাৰ সৌন্দৰ্য স্বীকাৰ কৰি লোৱা বুলি দোহাৰে।

চমু প্ৰশ্নৰ উত্তৰ দিয়া

১/ 'জয়মতী' কথাছবি কিমান চনত নিৰ্মাণ কৰা হৈছিল ?   (২০১২)

উত্তৰঃ 'জয়মতী' কথাছবি ১৯৩৫ চনত নিৰ্মাণ কৰা হৈছিল।

২/ 'ইন্দ্ৰমালতী' কথাছবিৰ নিৰ্মাতা কোন ?  (২০১২)

উত্তৰঃ 'ইন্দ্ৰমালতী' কথাছবিৰ নিৰ্মাতা 'জ্যোতিপ্ৰসাদ আগৰৱালা'।

৩/ প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ? এইখন কোনে নিৰ্মাণ কৰিছিল ?  (২০১৬)

উত্তৰঃ প্ৰথম অসমীয়া কথাছবিখনৰ নাম হল জয়মতী। এইখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।

৪/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা ঠাইখনৰ নাম কি ?  (২০১৭)

উত্তৰঃ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছা।

৫/ জ্যোতিপ্ৰসাদ আৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?  (২০১৮)

উত্তৰঃ লুইতৰ পাৰৰ অগ্নিসুৰ।

৬/ জ্য়োতিপ্ৰসাদ আৰৱালাৰ জন্ম কিমান চনত হৈছিল ?   (২০১৮)

উত্তৰঃ ১৯০৩ চনত ।

৭/ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰঃ ৰূপালীম আৰু লভিতা।

৮/ 'প্ৰকৃতিৰ অভিনয় মানপী পুতলা' --- ইয়াত কবিয়ে মানুহক 'প্ৰকৃতিৰ অভিনয় পুতলা' বোলাৰ কাৰণ কি ?   (২০০৭, ২০১৩, ২০১৫)

উত্তৰঃ মানুহ প্ৰকৃতিৰ অভিনয় পুতলা, মানুহৰ জীৱৰ কোনো স্থায়িত্ব নাই। মানুহৰ সৃষ্ট ৰংগমঞ্চৰ দৰে মানুহৰ জীৱনৰো স্থায়িত্ব নাই। প্ৰত্যেক মানুহ পৃথিৱীলৈ আহি নাটকৰ ভাৱৰীয়াসকলৰ দৰে নিজৰ-নিজৰ ভাও দি বিদায় লয়। নাটকত সূত্ৰধাৰে যিদৰে পুতলা নচুৱায় ঠিক একেদৰে নেদেখাজনৰ নিৰ্দেশত আমি মানুহবোৰেও পৃথিৱীত প্ৰকৃতিৰ পুতলা হৈ নিজ নিজ ভাও দিছো। পৃথিৱীৰ বুকুত মানুহৰ স্বাভাৱিক জীৱন ৰংগমঞ্চৰ পুতলাৰ দৰেই। মায়াৰ আবৃত প্ৰত্যেক মানুহেই নিজৰ জীৱন ক্ষণস্থায়ী বুলি জানিও নিখুঁত অভিনয় কৰি পৃথিৱীৰ বুকুৰ পৰা মেলানি মাগে।

৯/ ভাৰতবৰ্ষ 

                দেখি শুনি            জাগে মোৰ

                            বিষাদতো হৰ্ষ।

--- কবিতাফাকিৰ তাৎপৰ্য ফহিয়াই দেখুওৱা।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'কাঞ্চনজংঘাৰ বুৰঞ্জী' শীৰ্ষক কবিতাৰ অন্তগৰ্ত উক্ত কবিতাফাকিৰ যোগেদি কবিয়ে কাঞ্চনজংঘা পৰ্বত শিখৰৰ অপৰূপ ৰূপ বৰ্ণনাৰ লগতে ভাৰতবৰ্ষৰ অতীত-বৰ্তমানৰ স্বৰূপো দাঙি ধৰিছে। সময়ৰ পৰিৱৰ্তনৰ লগে-লগে ভাৰতবৰ্ষলৈ অহা পৰিৱৰ্তন আৰু নতুনে পুৰণি তথা পুৰণিৰ বুকুত পুনৰ নতুনৰ জন্ম হোৱাৰ প্ৰসংগকেই কবিয়ে ইয়াত প্ৰকাশ কৰিছে। সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱা ভাৰতীয় মানুহৰ সংঘাটময় বৈচিত্ৰপূৰ্ণ জীৱনবোৰ দেখি কবিৰ দুখৰ মাজেৰে হাঁহিও উঠিছে। এয়ে কবিতাফাকিৰ তাৎপৰ্য।

১০/ কঠিন শব্দৰ অৰ্থ

    তুষাৰ ঃ- বৰফ।

    অভ্ৰভেদী ঃ- আকাশলংঘা।

    শৈলজা ঃ- পৰ্বতত জন্ম হোৱা, পাৰ্বতী।

    পয়োধৰা ঃ- মেঘ, ডাৱৰ, স্তন।

    পিযুষ ঃ- মধু, মৌ।

    সলিলা ঃ- নদী।

    সুৰধনী ঃ- কলকল শব্দৰে প্ৰবাহিত নদীৰ জলধাৰা, যত সংগীতৰ সুৰ অনুৰণিত হয়।

    অম্বনৃ ঃ- সম্পূৰ্ণ দেহ জুৰি অৰ্থাৎ সমগ্ৰ কাঞ্চনজংঘা জুৰি।

    ৰঞ্জন ঃ- ৰং লগোৱা কাৰ্য, আনন্দ দান।

    দ্যুতি ঃ- উজ্জ্বলতা।

    কিন্নৰী ঃ- স্বৰ্গত নৃত্য কৰা অপ্সৰী।

    আলোক বোধন ঃ- পোহৰক আহ্বান জনোৱা।

    কুটজ ঃ- দৰবত লগা এবিধসৰু ফুল ধৰা গছ, গিৰিমল্লিকা ফুল আৰু তাৰ গছ।

    কুসুম ঃ- ফুল।

    সমীৰণছন্দা ঃ- মৃদু বতাহ।

    শৈলবালা ঃ- পৰ্বত-কন্যা, পাৰ্বতী।

    কস্তুৰীগন্ধা ঃ- গান্ধকলাই, মৃগনাভি, কস্তুৰী পহুৰ নাভিৰ পৰা উৎপন্ন হোৱা এবিধ সুগন্ধী     বস্তু, সুন্দৰ গোন্ধ

    মানপী ঃ- মানৱতা, মানৱত্ব, মানুহৰ গুণ, ধৰ্ম।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


 Answered By Himashri kakati