অঙ্কীয়া নাটৰ ৰস-বিচাৰ


প্ৰশ্নাৱলীঃ

১। ৰস বুলিলে কি বুজা? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ ৰস হৈছে কাব্যৰ মূল। কাব্যৰ যিটো গুণে কাব্যখনক বিশেষ বৈশিষ্ট প্ৰদান কৰে সেই গুণটোৱে হল ৰস। ৰস আঠ প্ৰকাৰৰ। সেইবোৰ হল- শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ, বীভৎস আৰু শান্ত।

২। লেখকৰ মতে অংকীয়া নাটত কি ৰস প্ৰকাশ পাইছে- আলোচনা কৰা।

উত্তৰঃ লেখকৰ মতে অংকীয়া নাটত নবিধ ৰসৰ প্ৰকাশ পাইছে। এই ৰসসমূহ নিস্পত্তি হয়। যি ভাবৰ পৰা ৰস নিস্পত্তি হয় সেই ভাৱবোৰ হল- বতি, হাস্য, শোক, উৎসাহ, ভয়, বিস্ময়, ক্ৰোধ, জুগুপ্সা আৰু শম। এই ভাৱ বোৰৰ ভেটিত ৰসৰ বিছাৰ কৰাত অসুবিধা হয়।

    মূল কথা হল অংকীয়া নাটৰ উদ্দেশ্য আৰু চৰিত্ৰ। এই দুটা দিশ বাদ দিলে অৱশ্যো বেলেগ ভাৱ বা প্ৰাধান্য স্বীকাৰ কৰিব লাগিব।

৩।'পাঁচ প্ৰকাৰ ভক্তিৰস' কি কি ? বহলাই আলোচনা কৰা।

উত্তৰঃ 'পাঁচ প্ৰকাৰ ভক্তিৰস' হল - শান্ত ভক্তিৰস, বাৎসল্য ভক্তিৰস, দাস্য ভক্তিৰস, সখ্য ভক্তিৰস, শৃঙ্গাৰাত্মক ভক্তিৰস।

(১)কৃষ্ণক সৰ্ব-ঐশ্বৰ্যশালী নিত্যবস্তুৰুপে অনুভৱ কৰি ভক্তই বিষয়-বাসনা পৰিত্যাগপূৰ্বক ঐকান্তিক নিষ্ঠাৰে তেওঁৰ চৰণত আত্মসমৰ্পণ কৰি নিৰ্মল তৰঙ্গচয়হীন অন্তৰত যি প্ৰশান্তি আৰু আনন্দ উপভোগ কৰে সেয়ে শান্ত ভক্তিৰস।

(২)ভগৱান কৃষ্ণ প্ৰভু, ভক্ত, ভৃত্য, ভগৱান মহামহিমান্বিত, ভক্ত দীন। ইয়াত স্থায়ী ভাৱ, সেৱা নামৰ ৰতি। কৃষ্ণৰ মহিমা, কৰুণা আৰু ভক্তবৎসলতাই ভক্তমনক আকৰ্ষণ কৰে আৰু তেওঁক সেৱা কৰি ভক্তই কৃতাৰ্থ আৰু অলৌকিক আনন্দ অনুভৱ কৰে। এই দাসৰুপ ভক্ত আৰু স্বামীৰুপ কৃষ্ণক অৱলম্বন বিভাবৰূপে লৈ নাট বা কাব্য ৰচিত হলে সেয়ে দাস্যভাবাত্মক ভক্তিৰস সৃষ্টি কৰিব।

(৩)ভক্ত আৰু ভগৱানৰ পাৰস্পৰিক বিশ্বাসময় সমপ্ৰাণতাৰ সম্পৰ্কৰ ভেটিত সখ্যভাব প্ৰতিষ্ঠিত। শান্তৰ কৃষ্ণনিষ্ঠা, দাস্যৰ সেৱাৰ উপৰি সখ্যভাবত থাকে সমপ্ৰাণতা। দাম, সুদাম, বলৰাম আদি সমনীয়া বন্ধু আৰু গৰখীয়াসকলৰ পাৰস্পৰিক প্ৰীতি আৰু বন্ধুভাবাপন্ন কাৰ্যৰ ভেটিত যি নাট বা কাব্য ৰচিত হয় তাতে সখ্যাত্মক ভক্তিৰস সৃষ্টি হয়। ভক্ত আৰু ভগৱানৰ সম্পৰ্ক ইয়াত সখ্যভাবাত্মক, ইয়াত কেৱল ভক্তইহে যে ভগৱানক সেৱা কৰে এনে নহয়, ভগৱানেও ভক্তক সমভাৱে সেৱা কৰে। কৃষ্ণৰ ঐশ্বৰ্য মহিমা সম্পৰ্কে সাধাৰণতে সখ্য- ভক্তিৰসত আপ্লত ভক্ত সচেতন নাথাকে। মাধৱদেৱৰ ভোজন-বিহাৰ, কোটোৰা-খেলা আদি নাটত সখ্য-ভক্তিৰসৰ অভিব্যক্তি দেখা যায়। তেৰাৰ বৰগীতৰ এটা অংশও এই সখ্য-ভক্তিৰসপ্ৰধান।

(৪)কৃষ্ণ সন্তান, ভক্ত মাতা বা পিতা- এই সম্পৰ্কৰ ভেটিত নাটৰ কথা-বস্তু নিৰ্মাণ হলে সেই নাটক বাৎসল্য-ভক্তিৰস নাট আখ্যা দিয়া যায়। ইয়াত মাতা-পিতাৰ লালন-পালন আৰু চেনেহ-মমতাৰ লগতে তাড়ন-ভৎসনাও চিত্ৰিত হয়। ইয়া স্থায়ী ভাব বৎসলতা ৰতি। 

(৫)কৃষ্ণৰ ৰুপ-লাৱণ্য দৰ্শন কৰি নিজৰ ইন্দ্ৰিয়বৃত্তি চৰিতাৰ্থ কৰিবৰ ঐকান্তিক বাসনা হলে, নাইবা কৃষ্ণৰ ৰুপ-গুণাদিৰ দ্বাৰা আকৃষ্ট হয় বিবাহসূত্ৰে তেওঁক স্বামীলাভৰ ইচ্ছা জন্মিলে, নাইবা নিজৰ শৰীৰ-মন সকলো কৃষ্ণত অৰ্পণ কৰি কৃষ্ণপ্ৰীতি সাধনাৰ একান্ত বশৱৰ্তী হৈ কৃষ্ণক প্ৰেমাষ্পদৰুপে দৃষ্টি কৰিলে যি ভাব বা ভক্ত হৃদয়ত উদ্ভৱ হয় আৰু প্ৰেমাষ্পদ কৃষ্ণয়ো তদনুৰুপ যি প্ৰতিদান দিয়ে আৰু সেই চিত্ৰ যেতিয়া কাব্য-নাটত ৰুপায়িত হয়, দৰ্শকৰ চিত্তত তেতিয়া শৃঙ্গাৰাত্মক ভক্তিৰসৰ সঞ্চাৰ হয়।

৪। 'কৃষ্ণৰতি' বুলিলে কি বুজা?

উত্তৰঃ বৈষ্ণৱৰ আটাইতকৈ প্ৰিয় বস্তু ভগৱান কৃষ্ণ। গতিকে সেই কৃষ্ণৰ প্ৰতি থকা আসক্তি বা ৰতিয়েই হল- কৃষ্ণৰতি।


Type- Pompi Hazarika

Answer - Leena Kakati