ৰাজপথ

আৰ্হি প্ৰশ্নঃ

১) ৰাজপথ নামৰ কবিতাটোত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে ? ৰাজপথৰ বুকুৰ ওপৰেদি কেনেধৰণৰ যান-বাহন চলে ?

উত্তৰঃ ৰাজপথ নামৰ কবিতাটোত কবিয়ে দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী কুৰী শতিকাৰ চল্লিশৰ দশকৰ আধুনিক যুগৰ সময়খিনিৰ বাস্তৱ চিত্ৰ অংকণ কৰিছে। ৰাজপথৰ বুকুৰ ওপৰেদি বহুতো ট্ৰাম, বাছ, টেস্কি, ৰিস্কাবোৰ চলি থাকে।

২) ৰাজপথৰ প্ৰশান্ত অৱস্থাৰ সুবিধা লৈ কেনেধৰণৰ প্ৰেমৰ ছবি কবিয়ে অংকন কৰিছে - চমুকৈ লিখা ।

উত্তৰঃ সময় সলনি হোৱাৰ লগে লগে পুৰণি প্ৰেমৰ আত্মীয়তা আৰু ভাৱধাৰাৰ পৰিৱৰ্তন হৈছে। প্ৰেম বাস্তৱিক হৈ পৰিছে। পৰিৱেশ পৰিস্থিতিৰ দ্ৰুত পৰিবৰ্তন, মহাযুদ্ধৰ প্ৰভাৱ ইয়াৰ অন্যতম কাৰণ। আধুনিক সভ্যতাত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰৰ বহু উভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে। পৌৰাণিক প্ৰেমৰ লগত ইয়াৰ আকাশ পাতাল পাৰ্থক্য থাকে। আন্ধাৰৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি জীৱিকাৰ সন্ধানত ভদ্ৰ নাৰীয়ে বনিতাৰ ৰূপ লৈ দৈহিক প্ৰেম সুখ প্ৰদান কৰে। কলেজীয়া ছোৱালীৰ প্ৰেম মেহগানী পালেঙত বিৰহ কাতৰ হৈ পৰে। আধুনিক সভ্যতাই প্ৰেমৰ আত্মিক মাদকতাময় ৰূপৰ পৰিৱৰ্তে জটিল আৰু দৈহিক প্ৰেমৰ স্বৰূপ গঢ়ি তুলিছে। ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটিত এই স্বৰূপ স্পষ্ট হৈছে।

৩) ৰাজপথৰ দুয়োকাষে কবিয়ে কি লক্ষ্য কৰিছে ? তাৰ ভিতৰুৱা ৰুপ কেনেকুৱা ?

উত্তৰঃ ৰাজপথৰ দুয়োকাষে দুটা শ্ৰেণী দেখিব পোৱা গৈছে। লোকসকলে ৰাস্তাৰ কাষত ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি বিলাসী জীৱণ যাপন কৰাত ব্যস্ত হৈ পৰিছে। সিহঁতৰ অট্টালিকাৰ পৰা গান ভাহি আহিছে। সিহঁতে দামি পালেঙত আলসুৱা দেহা এৰি ধন সম্পত্তিৰ মাজত বিলাসীতাক বিছাৰিছে। আনহাতে ৰাস্তাৰ কাষৰ ফুটপাথত ভিক্ষা পাত্ৰ লৈ শুই আছে।

৪) ৰাজপথৰ তলত কবিয়ে দেখা চিত্ৰখনত কি অংকিত হৈছে ?

উত্তৰঃ ৰাজপথৰ তলত প্ৰেমৰ নগ্ন স্বৰুপ  প্ৰকাশিত হৈছে। কবিয়ে দেখিছে যে আধুনিকতাই ধনী আৰু দুখীয়া দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনী শ্ৰেণীটোৱে ভাল জীৱন যাপন কৰিছে আৰু আনহাতে নিশা আন্ধাৰৰ সুযোগ লৈ ব্যাকুল প্ৰেমিক প্ৰেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত ভদ্ৰ বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিচলা পৰিয়ালৰ ছোৱালীসকলে। দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি নিজৰ দেহা ভদ্ৰতাৰ মুখা পিন্ধা লোকক অৰ্পি দিছে ।

৫) কবিয়ে কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্থলী হিচাপে প্ৰকাশ কৰিছে ?

উত্তৰঃ কবি ভৱানন্দ দত্ত ডাঙৰিয়াই কবিতাটিৰ শেষভাগত গৃহহীনসকলৰ আশ্ৰয়স্থলী হিচাপে ৰাজপথৰ কথা প্ৰকাশ কৰিছে। 

৬) ৰাজপথ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰুপ কেনেদৰে প্ৰকাশিত হৈছে- বুজাই লিখা ।

উত্তৰঃ ৰাজপথ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰুপ  প্ৰকাশিত হৈছে। কবিয়ে দেখিছে যে আধুনিকতাই ধনী আৰু দুখীয়া দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনী শ্ৰেণীটোৱে ভাল জীৱন যাপন কৰিছে আৰু আনহাতে নিশা আন্ধাৰৰ সুযোগ লৈ ব্যাকুল প্ৰেমিক প্ৰেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত ভদ্ৰ বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিচলা পৰিয়ালৰ ছোৱালীসকলে। দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি নিজৰ দেহা ভদ্ৰতাৰ মুখা পিন্ধা লোকক অৰ্পি দিছে ।

৭) সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন ৰাজপথ নামৰ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা ।

উত্তৰঃ  'ৰাজপথ' নামৰ এই কবিটাতিত আধুনিকটাই ধনী আৰু দুখীয়াৰ জীৱন ধাৰণৰ মাজত থকা বৈষম্যৰ চিত্ৰ দাঙি ধৰিছে । ধনতান্ত্ৰিক সমাজ গঢ়িবলৈ গৈ কবিয়ে দেখুৱাইছে যে অভিজাত লোকসকলে ৰাস্তাৰ কাষত ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি বিলাসী জীৱণ যাপন কৰাত ব্যস্ত হৈ পৰিছে। সিহঁতৰ অট্টালিকাৰ পৰা গান ভাহি আহিছে। সিহঁতে দামি পালেঙত আলসুৱা দেহা এৰি ধন সম্পত্তিৰ মাজত বিলাসীতাক বিছাৰিছে। আনহাতে ৰাস্তাৰ কাষৰ ফুটপাথত ভিক্ষা পাত্ৰ লৈ শুই আছে।

৮) ব্যাখ্যা কৰা ঃ

(ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ

        সমাজৰ চকুত ধূলি দিয়া

       জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ

        চৰণাঘাত লভিছা কতহ্ল 

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্তৰ দ্বাৰা ৰচিত ৰাজপথ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে ।

    ইয়াত জীৱিকাৰ সন্ধানত থকা ভদ্ৰ-বনিতাক ৰাজপথত লগ পোৱাৰ কথা কবিয়ে কৈছে । বাস্তৱত নিজৰ পেট পোহিবলৈ মানুহে নকৰা কাম নাই। এই নিষ্টুৰ জীৱনত নিজৰ পেট পুহিবলৈ পোহৰত দেখা দিয়া ভদ্ৰ মহিলায়ো ৰাতি বনিতাৰ ৰূপ ধৰে। আনক সুখ দি তেওঁলোকে পেট প্ৰবৰ্তাই জীয়াই থাকিবলৈ অৰ্থ গোটাই । বনিতাৰ পদূলিত ৰাতি ৰাজপথত পোৱা যায় বুলি কবিয়ে উল্লেখ কৰিছে। ৰাজপথত দেখা বিভিন্ন ৰূপ কবিয়ে উল্লেখ কৰিছে।


(খ) পাচঁ তলাৰ ওপৰত শুনা যায় ৰেডিঅৰ গান

        অৰ্গেনত ৰবীন্দ্ৰ সংগীত

       ডবল-তলিচা পৰা মেহগনি পালেঙত

        বিৰহ-কাতৰা কলেজ গাৰ্লৰ

        অলসায়িত দেহা ।

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্তৰ দ্বাৰা ৰচিত ৰাজপথ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে ।

    ইয়াৰ মাজত কবিয়ে বৃত্তবান লোকৰ কৰ্মৰ আভাস দিবলৈ চেষ্টা কৰিছে। ৰাজপথৰ একাষে বিত্তবান লোকৰ বাসস্তান। ধনতান্ত্ৰীক এই সমাজত তেখেতসকলে অট্টালিকা নিৰ্মাণ কৰিছে। সংগীতপ্ৰিয় লোকসকলৰ কোঠালিত ৰেডিঅৰ গান বাজি উঠিছে। তেওঁলোকৰ কোঠাত এখন নহয় দুখনকৈ তলিচা পৰা থাকে। এহাতে গৃহহীনলোকে ৰাজপথকে নিজৰ ঘৰ মানি লয় আৰু তাতে নিশা কটায়। এয়া এখন সমাজৰ দুখন দুখন বেলেগ ছবি। ইয়াৰ যোগেদি কবিয়ে বিত্তশালী লোকৰ অট্টালিকাৰ অন্তেষপুৰৰ বৰ্ণনা দিছে।


(গ) আৰু তাৰ তলতেই ফুটপাথত

        ( ধন্য তোমাৰ দয়া )

       শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা

       মৃতপ্ৰায় কংকালৰ শাৰী;

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্তৰ দ্বাৰা ৰচিত ৰাজপথ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে ।

    বিত্তবানৰ অট্টালিকাৰ তলতেই ফুটপাথত ভীক্ষা খোজা লোকৰ শুই পৰা মৃতপ্ৰায় কংকালৰ শাৰী থাকে। এয়া সৰ্বহাৰাৰ ছবি। এইখন সমাজৰে দুখন ছবি। এনে ৰূপত কবি দত্তই ভগৱানক কাকোতি কৰিছে । ভগৱানৰ দয়াই এওঁলোকক ৰক্ষা কৰিব পৰা নাই।


Type-  Leena Kakati

Author- Leena Kakati