বহাগ বিহুৰ পৰম্পৰা 

আৰ্হি প্ৰশ্নঃ

১) বিহুক অসমৰ জাতীয় উৎসৱ বুলি কিয় কোৱা হয়- প্ৰবন্ধটোৰ আধাৰত আলোচনা কৰা ।

উত্তৰঃ নতুন বছৰৰ আৰম্ভণিতে খেতি-বাতিৰ সূচনা কৰিবৰ সময়ত পুৰণিকলীয়া কৃষিজীৱী মানুহে কিছুমান আচাৰ পালন কৰা আৰ্হি বহুত দেশত লক্ষ্য কৰিব পাৰি। এই আচাৰৰ ভিতৰত নৃত্য-গীত, পূজা-পাতল আদি অপৰিহাৰ্য ক্ৰিয়া। এই ফালৰ পৰা চাবলৈ গলে অসমৰ বহাগ বিহুৰ পৰম্পৰা প্ৰাচীন। অসমৰ জনজাতীয় লোকসকলেও বিহু নাইবা এই ধৰণৰ আচাৰ পালন কৰে ।

২) বিহু শব্দৰ উৎপত্তি কৰ পৰা হৈছে ? বিহুৰ উৎপত্তি সম্পৰ্কে প্ৰচলিত মতবাদসমূহ আলোচনা কৰা ।

উত্তৰঃ বিহু শব্দৰ উৎপত্তি হৈছিল সংস্কৃত বিষুৱণ শব্দৰ পৰা। অৰ্থৱবেদ আৰু ঐতৰেয় ব্ৰাক্ষণ আদি পুৰণি শাস্ত্ৰত পায় যে বিষুৱণ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্য বীজ গজাত সহায় কৰে ।

৩) বিহু এক ধৰ্মীয় অনুষ্ঠান - বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কব পাৰিনে নোৱাৰি যুক্তিসহ লিখা ।

উত্তৰঃ বিহুৱেও প্ৰাচীন ভাৰতৰ বিষুৱণ দিনৰ পূজা-পাতলৰ সোঁৱৰণ ৰক্ষা কৰিছে। বিহু উৎসৱত অৱশ্যে কেইবাটাও উপাদান লগ লাগিছে। ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে, আনহাতে, অনাৰ্য অথবা প্ৰাক্-আৰ্য প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে । স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতো পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ এক প্ৰাচীন ব্যৱস্থা, বিশেষকৈ কৃষি অৱলম্বন কৰা লোকৰ মাজত। বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি সি এই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ কথাকে মনলৈ আনে। বৰ্তমান সময়ত আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰো- ঘৰ-বাৰী শুচি কৰা, নিকা বা ন কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, দেৱতা বা গোসাইক পূজা-পাতল দিয়া, নৃত্য আৰু গীত- এই আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই। আটাইবিলাকৰ উদ্দেশ্য হল ৰাইজ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা । এইফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান ।

৪) ভাৰতৰ আন আন ঠাইত প্ৰচলিত বিহুৰ সমধৰ্মী কেইটামান উৎসৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ভাৰতৰ আন আন ঠাইত প্ৰচলিত বিহুৰ সমধৰ্মী কেইটামান উৎসৰ নাম - দক্ষিণ ভাৰতৰ আয়াৰসকলে নৱবৰ্ষৰ উৎসৱক বিষু বোলে । সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো বিষু উৎসৱ (মেলা) আছে ।

৫) অৰ্থব বেদ কি ?

উত্তৰঃ চতুৰ্বেদৰ চতুৰ্থখন হৈছে অথৰ্ব বেদ ।

৬)দক্ষিণ ভাৰতৰ আয়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বুলি কয়।

উত্তৰঃ দক্ষিণ ভাৰতৰ আয়াৰসকলে নৱবৰ্ষৰ উৎসৱক বিষু বোলে ।

৭) লাইহাৰাওৱা নৃত্য কত প্ৰচলিত ?

উত্তৰঃ  লাইহাৰাওৱা নৃত্য মণিপুৰত প্ৰচলিত।

৮) বিহুক জাতীয় উৎসৱৰৃপে কোনে স্বীকৃতি দিছিল ?

উত্তৰঃ বলীনাৰায়ন বৰাই বিহুক জাতীয় উৎসৱৰৃপে কোনে স্বীকৃতি দিছিল ।

৯) বলীনাৰায়ন বৰাই বিহুক জাতীয় উৎসৱৰৃপে কোনখন আলোচনীত অভিহিত কৰিছিল ?

উত্তৰঃ বলীনাৰায়ন বৰাই বিহুক জাতীয় উৎসৱৰৃপে 'আসাম বন্ধু' আলোচনীত অভিহিত কৰিছিল।

১০) কোনখন অসমীয়া উপন্যাসত প্ৰথমে বিহুৰ নৃত্য-গীত সম্পৰ্কে বহল আলোচনা পোৱা যায় ?

উত্তৰঃ 'মিৰিজীয়ৰী' উপন্যাসত প্ৰথমে বিহুৰ নৃত্য-গীত সম্পৰ্কে বহল আলোচনা পোৱা যায় ।

১১) বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ নামৰ পুস্তিকাখন কোনে লিখিছিল ?

উত্তৰঃ বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ নামৰ পুস্তিকাখন  গণেশ চন্দ্ৰ হাজৰিকাই লিখিছিল ।

১২) কোন চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে মঞ্চত বিহু উদযাপিত হয় ?

উত্তৰঃ  ১৯৩১ চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে মঞ্চত বিহু উদযাপিত হয় ।


Type- Leena Kakati

Author- Leena Kakati