জনসংখ্যাঃ
মুঠ জনসংখ্যাৰ দিশৰ পৰা চাবলৈ হলে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান ১৪ তম। ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যা ২৬,৬৫৫,৫২৪। অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৩৯ শতাংশ আৱৰি থকাৰ বিপৰীতে ৰাজ্যখনৰ জনসংখ্যা হল ২.৫৯ শতাংশ। উত্তৰ - পূব ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ সকলো অসমৰ জনসংখ্যাৰ বিতৰণ সমান নহয়। অসমৰ বেছখিনি লোকেই ব্ৰক্ষপুত্ৰ আৰু বৰাক উপত্যকা জিলাকেইখনত বসবাস কৰে। ৰাজ্যৰ গোটেইকেখন জিলাৰ ভিতৰত সৰ্বাধিক জনবসতিৰ জিলা হল কামৰূপ মহানগৰ। আনহাতে ডিমা হাচাও জিলাৰ জনসংখ্যা আটাইতকৈ কম। অসমৰ পাহাৰীয়া অঞ্চলত জনবসতি কম হোৱাৰ প্ৰধান কাৰণসমূহ হল অনুন্নত যাতায়াত, ওখোৰা - মোখোৰা বন্ধুৰতা, থিয় ঢাল, দ খাত আৰু তুলনামূলকভাৱে কম উৰ্বৰতাৰ মাটি। এইখিনিতে উল্লেখ কৰিব পাৰি যে ব্ৰক্ষপুত্ৰ আৰু বৰাক উপত্যকাই ৰাজ্যৰ মুঠ মাটিকালি শতকৰা ৭২ ভাগ আৰু ৯ ভাগ আৱৰি থকা বিপৰীতে এই উপত্যকা দুখনত ত্ৰুমান্বয়ে ৰাজ্যৰ মুঠ জনসংখ্যাৰ শতকৰা ৮৫ ভাগ আৰু ১১.১০ ভাগ লোকে বসবাস কৰে।
ভাৰতৰ দৰে অসমৰ জনসংখ্যাও অতীজৰে পৰা এই অঞ্চললৈ হৈ থকা নানাধৰণৰ জাতি - উপজাতিৰ প্ৰব্ৰজন আৰু সংমিশ্ৰণৰ ফলশ্ৰুতি। থূলমূলকৈ অসমৰ বৰ্তমানৰ জনসংখ্যা তলত দিয়া চাৰিবিধ জাতি - প্ৰজাতিৰ পৰাই উদ্ভৱ হোৱা বুলি ভবা হৈছে।
১/ প্ৰায় অষ্ট্ৰেলীয়
২/ মংগোলীয়
৩/ আৰ্য - মংগোলীয়
৪/ আৰ্য - মংগোলীয় - দ্ৰাবিড়
প্ৰখ্যাত ভূগোলবিদ ড০ মহম্মদ তাহেৰে অসমৰ জনসংখ্যাৰ মাজৰ পৰা তিনিটা প্ৰধান গোষ্ঠী চিনাক্ত কৰিছে। সেইকেইটা হল -
১/ অষ্ট্ৰীয় - এচিয়াটিক গোষ্ঠী
২/ চীন - তিব্বতীয়
৩/ ইণ্ডো - ইউৰোপীয়
অসমৰ জনসংখ্যাক কেইবাটাও দিশৰ পৰা বগীকৰণ কৰিব পাৰি। ইয়াৰ ভিতৰত ধৰ্ম, জাতি আৰু ভাষাই হল প্ৰধান। ধৰ্মীয় দিশৰ পৰা চাবলৈ হলে আমাৰ ৰাজ্যত মুঠতে ৬টা প্ৰধান ধৰ্মাৱলীম্বীৰ লোককে ধৰি বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে। এই প্ৰধান ধৰ্মকেইটা হল হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, ০.০৯ শতাংশ জৈন, ০.০৮ শতাংশ শিখ আৰু অৱশিষ্ট ১.৩ শতাংশ লোক জড়োপাসক অথবা নাস্তিক ভাবধাৰাৰ অনুগাী।
অসমত অসমীয়াই প্ৰধান ভাষা যদিও আৰু বহুতো বেলেগ বেলেগ ভাষা আৰু উপ - ভাষা যেনে - বাঙালী, হিন্দী, বড়ো, কাৰ্বি, ৰাভা, মিচিং, নেপালী, মণিপুৰী, ডিমাচা, কুকি, মাৰ আদি প্ৰচলিত।
২০০ চনৰ লোকপিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যাৰ শতকৰা ১১.২৩ ভাগ অমুসূচিত জনজাতি আৰু শতকৰা ৬.৭৬ ভাগ অনুসূচিত জাতিৰ লোক। অসমৰ জনজাতীয় লোকসকলৰ ভিতৰত বড়ো, মিচিং, কাৰ্বি, ৰাভা, টিৱা, ডিমাচা, কুকি, মাৰ আদিয়েই প্ৰধান।
১৯৯১ - ২০০১ চনত অসমৰ জনসংখ্যাৰ দশকীয় বৃদ্ধিৰ হাৰ আছিল ১৮.৬৬ শতাংশ। ১৯০১ চনৰ পৰা ১৯৫১ চনলৈকে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ উঠা - নমা পৰিলক্ষিত হয়। আৰু ১৯৫১-৯১ চনলৈকে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি হৈ সৰ্বভাৰতীয় হাৰতকৈও বেছি হয়গৈ। পিচে ১৯৯১-২০০১ চনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বভাৰতীয় হাৰতকৈ কম হৈছে।
অসমৰ ২০০১ চনৰ জনবসতিৰ ঘনত্ব ১৯৯১ চনতকৈ প্ৰতি বৰ্গ কিলোমিটাৰত কিছু পৰিমাণে বৃদ্ধি পাইছে। ৰাজ্যৰ জনবসতিৰ ঘনত্ব ২০০১ চনৰ লোকপিয়লমতে প্ৰতিবৰ্গ কিলোমিটাৰত ৩৪০ জন যিটো সৰ্বভাৰতীয় হাৰতকৈ বেছি। ৬০৪ জন প্ৰতি বৰ্গ কিলোমিটাৰ হাৰেৰে নগাঁও জিলাৰ জনবসতিৰ ঘনত্ব অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি। আনহাতে পাহাৰীয়া জিলা ডিমা হাচাওত বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ প্ৰভাৱে বৰ্তমানো জনসংখ্যাৰ ঘনত্ব কম অসমৰ ভিতৰতে আটাইতকৈ কম হৈ থকাত সহায় কৰিছে।
Type - Boby Bora