সাহিত্য

আৰ্হি প্ৰশ্নঃ

১) সাহিত্য বুলিলে কি বুজা ? ইয়াৰ গুণাগুণ সম্পৰ্কে ব্যাখ্যা কৰা ?

উত্তৰঃ সাধাৰণতে সাহিত্য বুলিলে কিছুমান কিতাপক বুজায়। কিন্তু কিতাপ মাত্ৰেই সাহিত্য নহয়। যিখন কিতাপৰ বিষয়বস্তু আৰু লেখাৰ ধৰণে সৰ্বসাধাৰণ মানুহক আকৰ্ষণ কৰিব পাৰে সেইখনক সাহিত্য বুলিব পাৰি। ইয়াৰ গুণাগুণ হল সাহিত্য চৰ্চাই ভাষা বা জাতিক আগুৱাই নিয়াত সহায় কৰে।

২) জগতৰ ক্ৰান্তিবোৰৰ মূলতে আছিল সাহিত্য । - কথাষাৰ বিশ্লেষণ কৰা ।

উত্তৰঃ জগতৰ ক্ৰান্তিবোৰৰ মূলতে আছিল সাহিত্য।ফৰাচী ৰাজনীতিজ্ঞ, দাৰ্শনিক, বিপ্লৱী আৰু সাহিত্যিক ৰুছোৰ ছচিয়েল কণ্ট্ৰাক্ট কিতাপখনৰ মানুহে জন্মতেই স্বাধীন কিন্তু প্ৰত্যেক ক্ষেত্ৰতেই সি শিকলিৰে আবদ্ধ এই কথাশাৰীয়ে জগদ্ধিখ্যাত ফৰাচী বিপ্লৱ আৰু আমেৰিকাৰ স্বাধীনতা সংগ্ৰামত ইন্ধন যোগালে আৰু গণতন্ত্ৰৰ ভেটিও দৃঢ় কৰিলে। মহাত্মা গান্ধীৰ অহিংস উপায়ে অকল ভাৰতৰ স্বাধীনতাই অনা নাই, তেওঁৰ ভাৱধাৰাই বিশ্ব-সমাজ গঢ়াৰ বাটটোও দেখুৱাই দিছে ।

৩) সাহিত্যত কল্পনাৰ গুৰুত্ব কিমান, আলোচনা কৰা ।

উত্তৰঃ জগতৰ প্ৰত্যেক মানুহে জীৱনৰ জড়তা আঁতৰাবলৈ মনোৰঞ্জনৰ নানা সামগ্ৰীৰ ওচৰ চাপে। সাহিত্য সেইবোৰৰ ভিতৰত অন্যতম। সাহিত্যৰ কাল্পনিকতাৰো যথেষ্ট মূল্য আছে। কল্পনা নোহোৱা ঠাই স্বাৰ্থপূৰ্ণ আৰু কল্পনাশূন্যতাই মৃত্যু। কল্পনা নহলে বসন্তৰ মলয়াত আমাৰ হিয়া নাচি নুঠে। ইজনে সিজনৰ প্ৰতি দেখুওৱা মৰমো কল্পনাপ্ৰসূত। মনূষ্য মাত্ৰেই ভাই ভাই ইয়ো এটা কাল্পনিক সত্য আৰু এই সত্যটো বাহ্যিক  সত্যতকৈ বহুগুণে শ্ৰেয় আৰু বলৱান। পৃথিৱীৰ ডাঙৰ ডাঙৰ ক্ৰান্তি আৰু সংস্কাৰবোৰ প্ৰথমতে কল্পনাৰ কোমল কোলাতেই প্ৰতিপালিত হয়।

৪) বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ । - কথাষাৰ বুজাই লিখা ।

উত্তৰঃ বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ। দেশ-কাল ভেদে বেলেগ বেলেগ মানুহ থাকিলেও সকলো মানুহৰ অন্তৰত কিছুমান চিৰন্তন অনূভূতি আছে। ভালপোৱা, ঘৃণা, আনন্দ, নিৰানন্দ, ভয়, বিশ্বাস এইবোৰ মানুহৰ স্বভাৱৰ আৱশ্যকীয় অংশ। সাহিত্যই প্ৰধানকৈ মানুহৰ সাধাৰণ অনুভূতিবোৰ আৰু মানুহৰ সাধাৰণ স্বভাৱক লৈয়ে ব্যস্ত থাকে। সেই কাৰণে কোৱা হৈছে- ভাল সাহিত্য কোনো জাতীয় সীমাৰ ভিতৰত আৱদ্ধ নাথাকে, মানৱতাৰ সীমাই সাহিত্যৰ সীমা ।

৫)চমু উত্তৰ দিয়া- 

(ক) সাহিত্য শীৰ্ষক পাঠটি কৰ পৰা তুলি দিয়া হৈছে ? 

উত্তৰঃ সাহিত্য শীৰ্ষক পাঠটি উপেন্দ্ৰনাথ গোস্বামীৰ  'ভাষা আৰু সাহিত্য' গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে ।

(খ)ড উপেন্দ্ৰনাথ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ উপেন্দ্ৰনাথ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হল- ভাষা-বিজ্ঞান,ভাষা আৰু সাহিত্য ।

(গ) মই নিজেই এখন নৰক ।- কবি মিল্টনে কোনটো চৰিত্ৰৰ মুখত এই সংলাপটি আৰোপ কৰিছিল ?

উত্তৰঃ ই নিজেই এখন নৰক ।- কবি মিল্টনে 'ছেটান' চৰিত্ৰৰ মুখত এই সংলাপটি আৰোপ কৰিছিল ।

(ঘ) কোনগৰাকী সমালোচকে সাহিত্যক সমাজৰ মগজু বুলি কৈছে ?

উত্তৰঃ 

(ঙ) 'ৰাম চৰিত মানস'ৰ ৰছক কোন ?

উত্তৰঃ 'ৰাম চৰিত মানস'ৰ ৰছক হল - মহম্মদ ইকবাল ।


Type - Leena Kakati

Author - Leena Kakati