উপত্যকা অঞ্চলঃ অসমৰ অঞ্চলটো অসমৰ মাজেদি বৈ যোৱা ব্ৰক্ষপুত্ৰ নদী আৰু দক্ষিণেদি বৈ যোৱা বৰাক নদী - এই দুখন গঠন কৰা সমভূমি অঞ্চল। এই অঞ্চল দুটা হল - 

    (ক) ব্ৰক্ষপুত্ৰ উপত্যকা

    (খ) বৰাক উপত্যকা

    (ক) ব্ৰক্ষপুত্ৰ উপত্যকাঃ অসম ৰাজ্যত পূবা - পশ্চিমাকৈ বিস্তৃত হৈ থকা এই উপত্যকা এক ঠেক আৰু দীঘলীয়া সমভূমি অঞ্চল। ইয়াৰ প্ৰস্থ গড়ে ৭০ কিলোমিটাৰ, দৈৰ্ঘ্য ৭২০ কিলোমিটাৰ আৰু আয়তন ৫৬,৪৮০ বৰ্গ কিলোমিটাৰ। পশ্চিম দিশৰ বাহিৰে বাকী তিনিওদিশে এই উপত্যকাক ভূটান আৰু অৰুণাচল বিমালয়, পাটকাই পৰ্বত, নাগাপাহাৰ, বৰাইল পাহাৰ, মেঘালয় - কাৰ্বি মালভূমিয়ে আগুৰি আছে। ৰাজ্যৰ সোঁমাজেদি পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা ভাৰতৰ অন্যতম প্ৰধান নদী ব্ৰক্ষপুত্ৰ নদীয়ে এই উপত্যকা সৃষ্টি কৰিছে। উজনি অসমৰ ফালে এই উপত্যকা বহল - গড়ে প্ৰায় ১০০ কিলোমিটাৰ, কিন্ত মধ্যভাগৰ কাৰ্বি পাহাৰৰ কাষত ইয়াৰ প্ৰস্থ যথেষ্ট কম - প্ৰায় ৫০ কিলোমিটাৰমানহে। পশ্চিমলৈ এই উপত্যকা আকৌ বহল হয় যদিও গুৱাহাটীৰ ওচৰে - পাঁজৰে মেঘালয় মালভূমিৰ বিক্ষিপ্ত টিলাসমূহৰ অৱস্থিতিৰ বাবে উপত্যকাটো পুনৰ ঠেক হৈ পশ্চিমলৈ আকৌ বহল হৈ গৈছে।

    ভূবিজ্ঞানীসকলৰ মতে ভূ আন্দোলনৰ ফলত টেথিছ সাগৰৰ পৰা হিমালয় পৰ্বতমালা উত্থিত হোৱাৰ সময়ত উত্তৰৰ পৰ্বতমালা আৰু দক্ষিণৰ মালভূমিৰ মাজত এটি অগ্ৰখাট বা অগ্ৰণমনৰ উৎপত্তি হৈছিল। কালত্ৰুমত উত্তৰ আৰু দক্ষিণৰ উচ্চভূমিসমূহৰ পৰা বৈ অহা নদী - উপনদীসমূহৰ অৱক্ষেপ জমা হৈ গংগা উপত্যকা লগতে উত্তৰ - পূবৰ এই ব্ৰক্ষপুত্ৰ উপত্যকাৰো সৃষ্টি হয়।

    ব্ৰক্ষপুত্ৰ উপত্যকাৰ ঢাল পূবৰ শদিয়াৰ পৰা দক্ষিণ - পশ্চিম আৰু পশ্চিমলৈ। পূবৰ ফালে ইয়াৰ উচ্চতা ১২০ মিটাৰ। পশ্চিমলৈ ইয়াৰ ঢাল অতি মৃদু, গড়ে প্ৰতি কিলোমিটাৰত মাত্ৰ ১৩ ছেণ্টিমিটাৰ। সেয়েহে এই উপত্যকা অঞ্চলত ব্ৰক্ষপুত্ৰৰ গতি অতি মন্থৰ, অঁকোৱা - পঁকোৱা, গুম্ফিত আৰু ইয়াত অনেক বালিচৰ আৰু নদী - দ্বীপও আছে। ব্ৰক্ষপুত্ৰৰ নদী - দ্বীপ মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপসমূহৰ মাজেৰে এটা।

    ব্ৰক্ষপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ মাজত থকা ভূ - প্ৰাকৃতিক বৈষম্যসমূহ মন কৰিবলগীয়া। ব্ৰক্ষপুত্ৰৰ উত্তৰপাৰটো হল বহল আৰু উত্তৰে হিমালয় পাদভূমি অতি থিয় ঢালেৰে নাম আহিছে। আনহাতে দক্ষিণপাৰ উত্তৰপাৰতকৈ ঠেক আৰু ইয়াৰ দক্ষিণ দিশৰ পৰিসীমাও তুলনামূলকভাৱে ভঙা - ছিঙা। ব্ৰক্ষপুত্ৰৰ উত্তৰ পাৰত হিমালয়ৰ পাদদেশত ভাৱৰ অঞ্চল অৱস্থিত। এই অঞ্চলটো ঠেক। হিমালয়ৰ পৰা বৈ অহা ব্ৰক্ষপুত্ৰৰ অসংখ্য উপনদীয়ে হঠাতে পৰ্বতৰ পৰা এক ঢাল নথকা সমতলভূমিত প্ৰৱেশ কৰাৰ সময়ত শক্তিহীন হৈ লগত লৈ অহা শিল - বালি আদি জমা কৰি এই অঞ্চলটোৰ সৃষ্টি কৰিছে। অঞ্চলটো সছিদ্ৰ হোৱাৰ বাবে ইয়াৰ নদীবোৰ সাধাৰণতে ভূগৰ্ভস্থ সোঁত ৰূপে বৈ যায়।এই ভূগৰ্ভস্থ পানীবোৰ দক্ষিণলৈ কিছুদূৰ যোৱাৰ পিচত পুনৰ ভূপৃষ্ঠৰ যি অঞ্চলত ওপৰলৈ ওলাই আহে সেই অঞ্চলক তৰাই বোলা হয়। এই অঞ্চল সেমেকা, ডাঠ হাবি - বননিৰে পূৰ্ণ আৰু বনৰীয়া জীৱ - জন্তৰ বাসস্থান। তৰাই অঞ্চলৰ দক্ষিণে সমান্তৰালভাৱে পুৰণি পলসেৰে গঠিত তুলনামূলকভাৱে যি ওখ অঞ্চল আছে তাক বসবাসৰ ুপযোগী উচ্চ অঞ্চলৰ বুলি কোৱা হয়। ইয়াত জনবসতি ঘন আৰু উত্তৰ পাৰৰ বেছিভাগ নগৰেই এই অঞ্চলত অৱস্থিত। ইয়াৰে দক্ষিণতে ব্ৰক্ষপুত্ৰ প্লাৱনবূমি যত বহুতো বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়। ব্ৰক্ষপুত্ৰৰ দক্ষিণপাৰত অৰুণাচল, নাগালেণ্ড, কাৰ্বি মালভূমি আদিৰ পাহাৰসমূহৰ কাষে কাষে কিছুমান বেদিকা দেখিবলৈ পোৱা যায়। এইসমূহ চাহ বাগিচাৰ বাবে বৰ উপযোগী। কিন্ত নামনি অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, গোৱালপাৰা জিলাৰ গিৰিপদ অঞ্চলত অৱশ্যে বিল, জলাহভূমিহে দেখা যায়। উত্তৰপাৰৰ নিচিনাকৈ দক্ষিণ পাৰতো প্লাৱনভূমিৰ দক্ষিণফালে পুৰণা পলসেৰে গঠিত বসবাসৰ উপযোগী উচ্চ অঞ্চল দেখা যায় যদিও ই একেধাৰে নাই।

    (খ) বৰাক উপত্যকাঃ অসমৰ দ্বিতীয় প্ৰধান নদী উপত্যকাটো হল ৰাজ্যৰ একেবাৰে দক্ষিণ দিশত থকা বৰাক উপত্যকা। ই প্ৰকৃততে সুৰমা - কুশিয়াৰা - বৰাক উপত্যকাৰ শীৰ্ষাংশ। এই উপত্যকা তিনিওফালে পাহাৰেৰে আবৃত, মাত্ৰ পশ্চিমলৈহে মুকলি। এই উপত্যকা উত্তৰ - দক্ষিণাকৈ গড়ে ৭০ কিলোমিটাৰ বহল, পূবা - পশ্চিমাকৈ ৮৫ কিলোমিটাৰ দীঘল আৰু ইয়াৰ আয়তন হল ৬৯৬২ বৰ্গ কিলোমিটাৰ। ই বৰাক আৰু ইয়াৰ উপনৈসমূহৰ খনন আৰু অৱক্ষেপণৰ দ্বাৰা গঠিত। বৰাক নদী মণিপুৰৰ পৰা ওলাই কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ মাজেদি বৈ গৈছে। বদৰপুৰৰ উত্তৰ - পশ্চিমত এই নদী দুটা শাখাত বিভক্ত হৈ এটা শাখা সুৰমা নদীত লগ লাগিছে আৰু আনটো কুছিয়াৰো নামেৰে বাংলাদেশৰ মাজেদি বৈ গৈছে। বৰাক উপত্যকাৰ ঢাল পূবৰ পৰা পশ্চিমলৈ। এই ঢাল অতি মৃদু হোৱাৰ উপৰি নদীখনৰ গতিপথ অঁকোৱা - পকোৱা হোৱাত ইয়াত বহুতো অশ্বখুৰা হ্ৰদ আছে। এই উপত্যকাৰ পৰিসীমাত বহুতো সৰু সৰু পাহাৰ আৰু টিলা আছে। এইবিলাকৰ ঢালসমূহত বহুতো চাহ বাগান আছে। 

    নদ - নদীঃ

    অসমৰ নদীসমূহৰ ভিতৰত ব্ৰক্ষপুত্ৰই হল প্ৰধান। এই নদী তিব্বতৰ মানস সৰোবৰৰ দক্ষিণ - পূবত অৱস্থিত চেমায়ুংদুং হিমবাহৰ পৰা টামছাক - খামবাব নামেৰে উৎপত্তি হৈ তিব্বত মালভূমিৰ মাজেদি ১৭০০ কিলোমিটাৰ পূবলৈ বৈ গৈছে। ব্ৰক্ষপুত্ৰৰ এই অংশ তিব্বতত চাংপো নামেৰে জনা যায়। ইয়াৰ পাছত নদীখনে ছুলিৰ কাটাৰ দৰে ভাঁজ লৈ ইয়ংগেপ গিৰিখাটৰ মাজেদি দক্ষিণ আৰু দক্ষিণ - পশ্চিম দিশলৈ গতি কৰি অৰুণাচলত সোমাওতে এই নদী চিয়াং নামেৰে জনাজাত হয়। দক্ষিণলৈ এই অহা দিবং বুলি জনা যায়। হিমালয়ৰ গিৰিপদ অঞ্চলত পাছিঘাট পাৰ হৈ এই নদীয়ে ভৈয়ামত প্ৰৱেশ কৰে আৰু উত্তৰ - পূবৰ পৰা অহা দিবং নদী আৰু পূবৰ পৰা অহা লোহিতৰ লগ লাগে। ইয়াৰ পৰা এই মিলিত জলধাৰাই ব্ৰক্ষপুত্ৰ নামেৰে পশ্চিমলৈ গতি কৰি অসম উপত্যকাৰ মাজেৰে বৈ গৈ গাৰোপাহাৰ অতিত্ৰুম কৰি বাংলাদেশ আৰু অসমৰ সীমাইদি হৈ যমুনা নাম লৈ বাংলাদেশত প্ৰৱেশ কৰে। তাৰ পিচত গোৱালাণ্ডোৰ ওচৰত গংগা নদীৰ লগ লাগি মেঘনা নাম লৈ বংগোপসাগৰত পৰে।

    ব্ৰক্ষপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা বৈ অহা প্ৰায় ১০০ খন ুপনদী আছে। তাৰে উত্তৰপাৰৰ ১৫ খন আৰু দক্ষিণপাৰৰ ১০ খন তুলনামূলকভাৱে ডাঙৰ। ব্ৰক্ষপুত্ৰৰ উপনদীসমূহৰ ভিতৰত লোহিত, দিবং, সোৱণশিৰি, ৰঙানদী, দিত্ৰুং, বুৰৈ, জীয়াধল, নদিহিং, জীয়াভৰলী, পুথিমাৰী, পাচনৈ, পাগলাদিয়া, বহুমৰা, বেঁকী, মানস, চম্পামতী, সৰলবাংগা, গদাধৰ, গংগাধৰ, সোণকোষ, নদিহিং, ডিব্ৰু, বুঢ়ীদিবিং, দিচাং, দিখৌ, জাঁজী, টীয়ক, ধনশিৰি, কলং, কপিললী, ডিগাৰু, কুলশী, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম লেখত লবলগীয়া।

    ব্ৰক্ষপুত্ৰৰ পাছতে অসমৰ আনখন প্ৰধান নদী বৰাকৰ উৎস হল মণিপুৰৰ পাৰ্বত্য অঞ্চল। বৰাকৰ ুপনদীসমূহৰ ভিতৰত ধলেশ্বৰী, লংগাই, শিংৰা, সোণাই, চিৰি, মাধুৰা আৰু জাতিংগা প্ৰধান।




Type - Boby Bora